ভিয়েটনামঃ হো–চি–মিন চহৰ

মনোজ কুমাৰ শ্রুতিকৰ

আমি ডানাং বিমানবন্দৰৰ পৰা ভিয়েটনাম এয়াৰৰ বিমানেৰে প্রায় ডেৰ ঘণ্টাৰ যাত্রাৰ পিছত হো–চি–মিন আন্তর্জাতিক বিমান বন্দৰত অৱতৰন কৰিলো ৷ ভিয়েটনাম যুদ্ধৰ আগলৈকে হো–চি–মিন চহৰৰ নাম চাইগন বুলি জনা গৈছিল ৷ এতিয়াৰ প্রজন্মই কিন্তু চাইগন নামটোহে বেছি ভাল পায় যেন লাগিল ৷

মোৰ এই লেখাটো যিহেতু ভ্রমণমূলকহে মাত্র, গতিকে ভিয়েটনামৰ বুৰঞ্জী বা ভিয়েটনাম যুদ্ধৰ বিষয়ে বিতংকলৈ লিখাটো সম্ভৱ নহব ৷ কিন্তু থূলমূলকৈ হলেও ভিয়েটনামৰ বিষয়ে নিলিখিলে ভ্রমণ কাহিনীটো আধৰুৱা হৈ ৰব যেন লাগিল ৷

দ্বিতীয় মহাযুদ্ধৰ বহু আগেয়ে অর্থাৎ ১৮৮৪ চনত ফ্রান্সৰ চীন দেশৰ লগত হোৱা যুদ্ধৰ পৰিণতিত ১৮৮৭ চনৰ ১৭ অক্টোবৰত আন্নান, টংকিন, ককচাইনাক লৈ বর্তমানৰ ভিয়েটনাম দেশ৷ পিছত ১৮৯৩ চনত কম্বোদিয়া আৰু লাওচো ফ্রান্সৰ ইণ্ডোচাইনা নামৰ নতুন উপনিৱেশৰ ৰাজ্য হয় ৷ চাইগন আছিল ইণ্ডোচাইনাৰ ৰাজধানী চহৰ ৷ কিন্তু ১৯৪৯ চনত লাওচ আৰু ১৯৫৩ চনত কম্বোদিয়াই স্বাধীনতা লাভ কৰে ৷ দ্বিতীয় মহাযুদ্ধত ১৯৪৫ চনৰ ২ ছেপ্টেম্বৰত জাপানে আত্মসমর্পণ কৰাৰ পিছত, ভিয়েটমিনসকলৰ নেতৃত্বত, একেদিনাই নুগুৱেন শাসকসকলক আঁতৰাই, হানয়ত ভিয়েটনাম গণতান্ত্রিক প্রজাতন্ত্রৰ জন্ম হয়৷  ১৯৫৪ চনত হোৱা জেনেভা চুক্তিৰ দ্বাৰা, ফ্রান্সে বিষুৱ ৰেখাৰ ১৭ ডিগ্রী অক্ষাংশৰ সমান্তৰালকৈ দেশখনক বিভক্ত কৰি, উত্তৰে হানয়ক ৰাজধানী হিচাপে কেন্দ্র কৰি উত্তৰ ভিয়েটনাম আৰু চাইগন চহৰক ৰাজধানী হিচাপে কেন্দ্র কৰি দক্ষিণ ভিয়েটনামৰ সৃষ্টি কৰে ৷ কিন্তু দক্ষিণ ভিয়েটনামৰ একছত্রী শাসক নগডিন ডিয়েমৰ Ngo Dinh Diem দুর্নীতি আৰু অত্যাচাৰত সাধাৰণ প্রজাৰ মাজত অসন্তোষ বাঢ়িল ৷ উত্তৰ ভিয়েটনামৰ সাম্যবাদী নেতা হো চি মিনৰ প্রভাৱত আৰু নেতৃত্বত দক্ষিণ ভিয়েটনামত শাসক গোষ্ঠীৰ বিপক্ষে প্রতিবাদ দিনকদিনে বাঢ়িবলৈ ধৰিলে ৷ ইয়াৰ ফলস্বৰূপে দক্ষিণ ভিয়েটনামত ভিয়েটকং নামৰ এক সার্মাৰক গেৰিলা বাহিনীৰ জন্ম হয় ৷

দ্বিতীয় মহাযুদ্ধৰ পিছত এফালে ছোভিয়েট ৰাছিয়া, চীনদেশ আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্র, ফ্রান্স, ইংলেণ্ড আদি মিত্রপক্ষৰ দেশসমূহৰ মাজত আৰম্ভ হল শীতল যুদ্ধ ৷ আমেৰিকা যুক্তৰাষ্ট্রই আশংকা কৰিছিল, হয়তো চীন আৰু ৰাছিয়াৰ সহযোগত হো চি মিনৰ উত্তৰ ভিয়েটনামে সমগ্র দক্ষিণ–পূব এছিয়াত সাম্যবাদী ভাবধাৰা বিস্তাৰ কৰি দখল কৰিব ৷ সেই আশংকাৰ আধাৰত আমেৰিকাই ১৯৬৫ চনৰ ৮ মার্চত ডানাং বন্দৰত ৩৫০০ সৈন্যক অৱতৰণ কৰায় ৷ সেয়ে ভিয়েটনাম যুদ্ধৰ আৰম্ভণি আৰু আঠ বছৰৰ অন্তত ১৯৭৩ চনৰ জানুৱাৰীত উত্তৰ ভিয়েটনাম, দক্ষিণ ভিয়েটনাম, আমেৰিকা যুক্তৰাষ্ট্র আৰু ভিয়েটকংসকলৰ মাজত পেৰিছত হোৱা শান্তি আৰু যুদ্ধবিৰতিৰ চুক্তিৰ দ্বাৰা এই যুদ্ধৰ সামৰণি পৰে৷ আমেৰিকাই নিজৰ দেশত হোৱা প্রবল প্রতিবাদ আৰু জনমতক সন্মান জনাই ভিয়েটনাম ত্যাগ কৰে ৷ হো চি মিনৰ নেতৃত্বত উত্তৰ ভিয়েটনামে, দক্ষিণ ভিয়েটনাম অধিকাৰ কৰি এখন পূর্ণ স্বাধীন সাম্যবাদী ভিয়েটনামৰ জন্ম দিয়ে ৷ ১৯৭৫ চনৰ ৩০ এপ্রিলত চাইগন চহৰৰ পতন হোৱাৰ পিছত ইয়াৰ নাম সাম্যবাদী নেতা হো চি মিনৰ নামত হো–চি–মিন চহৰ কৰা হয় ৷

সেইদিনা আমি দুপৰীয়া আহি চহৰৰ মাজমজিয়াত থকা আমাৰ হোটেলত জিৰণি লৈ আবেলি খোজেৰেই ওলালোঁ ৷ হো–চি–মিন চহৰত আকাশচুম্বী অট্টালিকাৰ প্রথমটো হল ৮১ মহলীয়া লেণ্ডমার্ক টাৱাৰ আৰু দ্বিতীয়টো ৬৮ মহলীয়া বাইটেক্সকো টাৱাৰ ৷ দ্বিতীয়টো আমাৰ ওচৰত হোৱা বাবে তালৈ যোৱাটোকেই সিদ্ধান্ত কৰা হল ৷  এই বাইটেক্সকো টাৱাৰক স্কাইডেক টাৱাৰ বুলিও জনা যায় ৷ আমি টিকট আদি ক্রয় কৰি ৬৮ মহলালৈ যাবৰ বাবে সাজু হওঁতেই তাতে থকা ফটোগ্রাফাৰ এজনে আমাৰ গ্রুপ ফটো এখন তুলি ললে ৷ প্রায় এক মিনিটতকৈও কম সময়ত আমি ৬৮ মহলা পালোঁহি ৷ সেই মহলাত দর্শকসকলে চাব পৰাকৈ চাৰিওফালে ডাঠ আইনাৰ বেৰ, যৰ পৰা চহৰখনৰ চাৰিওটা দিশ সুন্দৰভাৱে চাব পাৰি ৷ তাতে ভিয়েটনামীসকলে যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰা ৰিক্সা এখন আৰু কেইবাটাও আধুনিক দূৰবীণ যন্ত্র থোৱা আছে ৷ ভিয়েটনামী ৰিক্সাখনত আমাৰ বোৱাৰী আৰু নাতিহঁতে উঠি ফটো তুলিলে ৷ ৰাতিৰ অতুলনীয় দৃশ্য উপভোগ কৰাৰ পিছত আমি লিফটেৰে আহি বেছমেণ্ট পোৱাত ফটোগ্রাফাৰজনে আমাৰ গ্রুপ ফটোখনক এনে অভিনৱ ধৰণেৰে সজাই পেলালে যেন, আমি স্কাইডেক টাৱাৰৰ লগতহে আছিলোঁ ৷ আমি আমাৰ ফটোখন তেওঁৰ পৰা নিকিনাকৈ থাকিব নোৱাৰিলোঁ ৷

ঘূৰি আহোতে আমি হো–চি–মিন চহৰৰ বান থাহ Ban Thah নামৰ বজাৰখনত সোমালোঁ ৷ এই বজাৰখনৰ বিশেষত্ব এই যে ইয়াত এঘণ্টাৰ ভিতৰতে এটা কামিজ বা এটা পেন্ট চিলাই কৰি দিব পাৰে ৷ একেদিনাই এযোৰ চ্যুট চিলাই কৰিব পৰা দোকানো দেখিলো ৷  গধূলি ৭বজাত বজাৰ বন্ধ হোৱাৰ পিছত  বাহিৰত অস্থায়ীভাৱে আন এখন বিশাল বজাৰ আৰম্ভ হয় ৷ মাজনিশাও এই বজাৰ খোলা থাকে বুলি তাৰ দোকানীবোৰে আমাক কলে ৷

পিছদিনা পুৱা আমি বাছেৰে চাবলৈ গলো,Independence বাNarodam Palace বাRe-unification Palace৷ একেটা ৰাজপ্রাসাদৰ ইমানবোৰ নাম আমাৰ গাইড নামে আমাক বিতংকৈ বুজাই কলে ৷ ফ্রান্সে ১৮৬৩ চনত কম্বোদিয়াৰ ৰাজকুমাৰ নৰোদম চিহানুকৰ নামেৰে নামকৰণ কৰি ফৰাচী শাসকসকলৰ মুখ্য কার্যালয় স্থাপন কৰে ৷ সেইবাবে এই প্রাসাদক নৰোদম পেলেচ বোলা হৈছিল ৷ ১৯৫৪ চনৰ ৭ মেত ডিয়েন বিন ফুৰ যুদ্ধত ফ্রান্সৰ পৰাজয়ৰ পিছত ৭ ছেপ্টেম্বৰত দক্ষিণ ভিয়েটনামৰ প্রধানমন্ত্রী নগো ডিন ডিয়েমক Ngo Dinh Diem গতাই দিয়ে ৷ ১৯৫৫ চনত ডিয়েমে সম্রাট বাও দাইক পৰাস্ত কৰি নিজকে ৰাষ্ট্রপতি ঘোষণা কৰে৷ নৰোদম প্রাসাদটো ১৯৬৬ চনত ভাঙি পুমৰ নির্মাণ কৰা হয়৷ প্রায় ১২ একৰ মাটিত নির্মাণ কৰা নতুন প্রাসাদটোৰ নাম দিয়া হয়Independence Palace ইণ্ডিপেণ্ডেচ্ পেলেচ ৷ ১৯৭৫ চনৰ নৱেম্বৰ মাহত যেতিয়া উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম মিলি এখন দেশ হয়, তেতিয়া এই প্রাসাদৰ নামReunification Palace ৰখা হয় ৷ মাটিৰ তলত থকা সুৰক্ষিত মহলৰ উপৰি ইয়াত মুঠ তিনিটা মহল আছে ৷ বর্তমান এই পেলেচটো পর্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ বর্তমানে ইয়াত কোনো চৰকাৰী অফিচ আদি নাই ৷

ইয়াৰ পিছতে আমি গলো চহৰৰ মাজতে থকা ১৮৮৬ৰ পৰা ১৮৯১ চনলৈ নির্মাণ হোৱা কেন্দ্রীয় পোষ্ট অফিচটো চাবলৈ ৷ ফৰাচী স্থাপত্যবিদ আলফ্রেডফাউলহাক্সেৰ নির্দেশনত স্থাপন হোৱা এই ভৱনটোৰ বাহিৰটো উজ্জ্বল হালধীয়া আৰু দর্জা–খিৰিকীবোৰত ফৰাচী স্থাপত্যৰ নিদর্শন বিৰাজমান ৷ ভৱনটোলৈ সোমোৱা প্রধান প্রৱেশদ্বাৰৰ ওপৰত এটা ডাঙৰ ঘড়ী আৰু ভিতৰত দুখন ডাঙৰ পেইণ্ঢিং ৷ বাঁওহাতৰ খনত ভিয়েটনাম আৰু কম্বোদিয়াৰ মাজৰ পোষ্টেল যোগাযোগ ব্যৱস্থা আৰু সোঁহাতৰ খনত চাইগন চহৰৰ এখন ডাঙৰ মেপ ৷ এই পোষ্ট অফিচটো এতিয়াও কার্যক্ষম যদিও অধিকাংশ ঠাই Souvenir ছোভেনীৰ আৰু আন আন বস্তু বেচা সৰু সৰু দোকানেৰে সমৃদ্ধ ৷ পোষ্ট অফিচৰ শেষৰ টেবুলখনত বাহি থকা ৮৭ বছৰীয়া লোকজন হল, ডুবান ভেন নগো৷ তেওঁ যোৱা ২৭ বছৰ ধৰি যিসকল লোকে লিখিব নাজানে, তেওঁলোকৰ হৈ পুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈকে চিঠি লিখি, গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিছে৷ এই পোষ্ট অফিচৰ পৰা পৃথিৱীৰ যিকোনো দেশলৈ চিঠি পোষ্ট কৰিব পাৰে বুলি জানি আমাৰ নাতি লৰা বেদান্তৰ হতুৱাই চিঠি এখন লিখাই পোষ্টকার্ডটো তাৰ হতুৱাই পোষ্ট কৰালোঁ৷

ইয়াৰ পিছত আমাৰ গাইডে আমাকWar Remants Museum দেখুৱাবলৈ লৈ গল৷ ১৯৭৫ চনত নির্মিত তিনি মহলীয়া এই ভৱনটো প্রায় দুই একৰ ভূমিত বিস্তৃত৷ প্রথমতে এই ভৱনটোৰ নাম আছিলExhibition House for US and Puppet Crimes, কিন্তু ১৯৯০ চনত ইয়াৰ নাম সলনি কৰি,Exhibition House for Crimes of War and Aggression নাম দিয়া হয়৷ ১৯৯৫ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ অনুৰোধত ইয়াৰ নামWar Remants Museum দিয়া হয়৷

এই ভৱনটোৰ প্রথম মহলাত ভিয়েটনাম যুদ্ধৰ বাবে আমেৰিকাত হোৱা প্রতিবাদ আৰু জনজাগৰণৰ দৃশ্যৰ ফটোসমূহ৷ আমেৰিকাৰ সৈন্যসকলে কৰা প্রতিবাদ আৰু ধর্মঘটৰ ফটোসমূহেৰে এই মহলাৰ নাম দিয়া হৈছেAmerican Protest and Outcry৷ দ্বিতীয় মহলাত এজেণ্ঢ অৰেঞ্জ, নাপাম, ফচ্ফৰাচ বম আদিৰ পার্শ্বক্রিয়াৰ হূদয়বিদাৰক আৰু ভয়ানক ছবিসমূহ৷ মাই লাই নামৰ গাঁৱত ১৮ মার্চ ১৯৬৮ চনত নিৰীহ  আৰু নিৰস্ত্র জনতাৰ ওপৰত কৰা বর্বৰ আক্রমণৰ ফটোসমূহ৷ কিছুমান ফটো দেখি কঠোৰতম হূদয়ৰ মানুহৰো অন্তৰাত্মাই কান্দি উঠিব৷ প্রদর্শনী চোৱা লোকসকলৰ প্রত্যেকৰ চকুত মই চকুলো বৈ থকা প্রত্যক্ষ কৰিছিলো৷ ৰাসায়নিক গেছৰ দ্বাৰা আক্রান্ত দ্বিতীয় আৰু তৃতীয় প্রজন্মৰ সন্তান–সন্ততিসকল্ বিকৃত চেহেৰাৰ ফটোবোৰে আমাক কন্দুৱাই পেলাইছিল৷ সেই মহলাতে বিভিন্ন ৰাসায়নিক পদার্থ আৰু ৰাসায়নিক অস্ত্র–শস্ত্রসমূহ দেখিলো৷ ওপৰ মহলাত আমেৰিকান সৈন্যসকলে ব্যৱহাৰ কৰা অস্ত্র–শস্ত্রৰ প্রদর্শনী আৰু ফটো৷ ভিয়েটকংসকলে ব্যৱহাৰ কৰা সামৰিক অস্ত্র–শস্ত্রবোৰো প্রদর্শন কৰিছে৷ এই মিউজিয়ামৰ বাহিৰত আমেৰিকাই ব্যৱহাৰ কৰা আর্টিলাৰী বন্দুকসমূহ, টেংক, আৰমাৰড্, বাহনৰ উপৰি কেইবাখনো সামৰিক এৰোপ্লেন সজাই থোৱা দেখিলো৷ ইয়াৰ প্রৱেশ মূল্য ১০০০০ ভিয়েটনাম ডলাৰ আৰু ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৩২ টকা৷

দুপৰীয়াৰ ভাতসাঁজ খোৱাৰ পিছত আমি হো–চি–মিন চহৰৰ পৰা প্রায় ৪৬ কিলোমিটাৰ দূৰৰ Cu-chi কাউ–চি নামৰ গাঁওখনলৈ যাত্রা কৰিলোঁ ৷ গাঁওখনক ভিয়েটকংসকলৰ সুৰংগৰ গাঁও বুলিব পাৰি ৷ প্রৱেশদ্বাৰত সকলোৱে টিকট কাটি ভিতৰলৈ সোমাই গলোঁ ৷ আমেৰিকাৰ বিপুল অস্ত্রভাণ্ডাৰৰ লগত সমুখসমৰত যুঁজ দিব পৰা ক্ষমতা নথকাৰ বাবে তেওঁলোকে লুকাই–চুৰকৈ গেৰিলা যুঁজ আৰম্ভ কৰে ৷ আমেৰিকাই এৰোপ্লেনেৰে ডাঠ হাবিতলীয়া অঞ্চলত এজেণ্ঢ অৰেঞ্জ বর্ষণ কৰি গছ–গছনি নাইকিয়া কৰি তহিলং কৰাৰ পিছত তেওঁলোকে দক্ষিণ ভিয়েটনামত মুঠ ২২০ কিলোমিটাৰ সুৰংগৰ নেটৱর্ক নির্মাণ কৰি আমেৰিকান সৈন্যক অতর্কিতে আক্রমণ কৰি বিস্তৰ ক্ষতি কৰি ব্যতিব্যস্ত কৰি তুলিছিল ৷ আমি সুৰংগবোৰ চাই থকাৰ মাজতে আমাৰ গাইড নামে আমাক ভিয়েটকংসকলে ভিয়েটনাম যুদ্ধৰ সময়ত প্রধান আহাৰ হিচাপে গ্রহণ কৰা টাপিকাৰ পিঠাৰে চাহ খুৱালে ৷

যুদ্ধৰ সময়ত আমেৰিকাই প্রায় ৩০০০ গোন্ধ শুঙি চিকাৰ কৰা Sniffer dog কুকুৰ আৰু ভিয়েটনামীসকলৰ দৰে চুটি–চাপৰ প্রশিক্ষণপ্রাপ্ত সৈনিকক Tunnel Rat ব্যৱহাৰ কৰিছিল ৷ কাৰণ ভিয়েটকংসকলে নির্মাণ কৰা সুৰংগবোৰ তেওঁলোকৰ অৱয়বৰ জোখেৰে সাজিছিল ৷ শকত–আৱত আৰু ওখ–পাখ, আমেৰিকান সৈন্য এই সুৰংগত সোমোৱাটো অসম্ভৱ আছিল ৷

আমি কাউ–চি গাঁৱত তিনিবিধ সুৰংগ প্রত্যক্ষ কৰিছিলো ৷ প্রথমবিধ মাটিৰ পৰা ১ মিটাৰৰ পৰা ৩ মিটাৰ তলত, দ্বিতীয়বিধ ৪ মিটাৰৰ পৰা ৬ মিটাৰ আৰু তৃতীয়বিধ ৮ মিটাৰৰ পৰা ৯ মিটাৰ পর্যন্ত গভীৰ ৷ এই সুৰংগবোৰৰ ভিতৰতে ভিয়েটকং সেনাধ্যক্ষসকলৰ আলোচনা কক্ষ, আহত সৈন্যসকলৰ বাবে চিকিৎসালয়, আহাৰ তৈয়াৰ ভোজনালয়, খোৱা–বোৱা সামগ্রী আৰু যুদ্ধৰ আহিলা ৰখাৰ বাবে সুকীয়া কক্ষ ৷

সুৰংগৰ ভিতৰত অনাহাৰে, বেমাৰ–আজাৰত আক্রান্ত হৈ জীৱন কটোৱা বহুতো ভিয়েটকঙৰ সুৰংগতে মৃত্যু হৈছিল ৷ আমেৰিকাই ১৯৬৬ চনৰ জানুৱাৰীত অপাৰেচন ক্রিম্প আৰম্ভ কৰে ৷ B-52 বিমানৰ আক্রমণত চিৰসেউজীয়া বনাঞ্চলসমূহক মৰুভূমিসদৃশ কৰি তুলিলে ৷ আমি নিজেই প্রত্যক্ষ কৰি অহা বুবী ড্রেপ আৰু পাঞ্জি ষ্টিক পিটত পৰি বহু আমেৰিকান সৈন্যৰ মৃত্যু হৈছিল ৷ আমেৰিকাই সুৰংগইদি বিষাক্ত গেছ আৰু পানী সুমুৱাই দিয়ো বিশেষ সাফল্য লাভ নকৰিলে ৷ পিছতB-52 বিমানৰ কাপেট বম্বিঙৰ দ্বাৰাহে কাউ–চিত আমেৰিকাই সাফল্য লাভ কৰে৷ কাউ–চিৰ স্মৃতি বুকুত লৈ আমি আবেলি হোটেললৈ উভতি আহিলোঁ ৷

ফোনঃ  ৯৯৫৪২-৫৯৩৫৭

You might also like
Leave A Reply

Your email address will not be published.