উপহাৰ

ডঃ  লীনা ডেকা

উপহাৰ এটি সুখশ্রুত শব্দ ৷ মৰম–চেনেহ–আদৰ বা সন্মানত দিয়া যিকোনো বস্তুকেই উপহাৰ বুলি কোৱা হয় ৷  উপহাৰ শব্দটি গঠিত হৈছে এনেদৰে

সং উপ- উপস্+ হৃ আন= উপহাৰ

উপ উপসর্গৰ যোগত হৃ ধাতুৰ পৰা উপহাৰ শব্দটি সাধিত হৈছে ৷ দেৱতাক দিয়া নৈবেদ্যকো উপহাৰ শব্দটোৱে সামৰি লয় a present to a superior; an offering to a god

উপহাৰৰ বাবে কোনো নির্দিষ্ট সামগ্রী বা নির্দিষ্ট দিনৰ কথা কব নোৱাৰি ৷ যেতিয়াই তেতিয়াই যিকোনো বস্তুকেই উপহাৰ হিচাপে দিব পাৰি ৷ এষাৰি মৰমৰ মাত, এপাহি কপৌ অথবা গোলাপ বা যিকোনো ফুল ইজনে আনজনক  দিয়া বিশ্বাস, ভালপোৱা, এটি মিঠা হাঁহি, চকুৰ কটাক্ষ চাৱনি এই সকলোবোৰেই বিভিন্ন পৰিৱেশত উপযুক্ত উপহাৰ হিচাপে বিবেচিত হব পাৰে ৷ প্রেমিকে যদি প্রেয়সীক আমুৱাই যোৱা চহৰৰ যান্ত্রিকতাৰ পৰা পাহাৰৰ সতেজ পৰিৱেশ, প্রকৃতিৰ এছাটি সুন্দৰ বতাহৰ মাজলৈ লৈ গৈ সুখ–আনন্দ দিব পাৰে, তেন্তে সেই সেউজ পাহাৰখন, নৈ–জান–জুৰিৰ নয়নাভিৰাম দৃশ্য, সতেজ বতাহজাকিও প্রেয়সীৰ বাবে হব পাৰে উৎকৃষ্টতম উপহাৰ ৷ উপহাৰক কোনো মূল্যৰে জুখিব নোৱাৰি ৷ পাত্রভেদে আন্তৰিকতা, বিশ্বাস, ভালপোৱা, শ্রদ্ধা, ভক্তি আদি অনুভূতিবোৰে উপহাৰৰ আঁৰত ক্রিয়া কৰে ৷ প্রিয়জনৰ বাবে এটি চুম্বনো হব পাৰে মধুৰতম উপহাৰ ৷ উপহাৰ যাতে নষ্ট নহয়, উপহাৰ লওঁতাজনে যাতে তাক অনাদৰ নকৰে, এনে বিশ্বাস অন্তৰত ৰাখিহে উপহাৰ আগবেোৱা হয় ৷ কবিৰ ভাষাৰে

তোমাৰ হাতত দিছিলোঁ সিদিনা

কেতেকী পাহিটি গুঁজি

উপহাৰ বুলি নহয়, খোপাত

মৰহি নাযায় বুজি ৷

বিভিন্ন সময়ত, বিভিন্ন উপলক্ষত এজনে আনজনলৈ উপহাৰ আগববায় ৷ উপহাৰ সকলোৰে প্রিয় ৷ উপহাৰৰ নেপথ্যত থাকে উপহাৰ দিওঁতাজনৰ মৰম–চেনেহ–আন্তৰিকতা ৷ মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন ক্রিয়া–কর্ম জড়িত হৈ থাকে ৷ যেনে জন্ম উৎসৱ, নামকৰণ, অন্নপ্রাসন, চূড়াকৰণ, উপনয়ন, তোলনি বিয়া, বিবাহ আদি ৷ সেইদৰে বিহু, দুর্গা পূজা আদি উৎসৱৰ কথাও উল্লেখ কৰিব পাৰি ৷ ধর্ম অনুসাৰে আকৌ উৎসৱসমূহো ভিন্ন হয় ৷ মুছলমানে ঈদ পালন কৰে ৷ খ্রীষ্টিয়ানসকলে পালন কৰে বৰদিন ৷ এনে বিভিন্ন উৎসৱ উপলক্ষে উপহাৰৰ আদান–প্রদান হোৱাটো এটা চিৰাচৰিত প্রথা হৈ পৰিছে ৷ উৎসৱৰ ভিন্নতা অনুসৰি উপহাৰো ভিন্ন হয় ৷

অসমীয়া সমাজত বিবাহিত মহিলা প্রথমবাৰ গর্ভধাৰণ কৰাৰ পিছত পুংসৱন বা পুহন বিয়া পতাৰ নিয়ম আছে ৷ যথাবিহিত নিয়মৰ উপৰি এনে মহিলাক আত্মীয়–কুটুম্ব বা বন্ধু–বান্ধৱসকলে উপহাৰ আগবঢ়ায় ৷ অৱশ্যে এনে নিয়মবোৰ সাম্প্রতিক সময়ত কমি আহিছে ৷ নৱজাত সন্তানক দর্শন কৰিবৰ সময়তো উপহাৰ দিয়াৰ নিয়ম আছে ৷ লোক–সমাজত নিয়ম আছে  যে এনে নৱজাত সন্তানক একো এটা নিদিয়াকৈ চাবলৈ নাপায় ৷ পাঁচটা সিকি পাঁচসিকি দিহে নৱজাতক চাব পাৰি ৷ অৱশ্যে আধুনিক সময়ত এনে নিয়মৰ পৰিৱর্তন ঘটিছে ৷ তাৰ সলনি নৱজাতকৰ প্রয়োজনীয় সামগ্রীহে যেনে সাজ–পোছাক, টাৱেল, বেবী পাউডাৰ, চাবোন আদি আজিকালি উপহাৰ হিচাপে দিয়া হয় ৷

সন্তানৰ নামকৰণৰ সময়তো উপহাৰ দিয়াৰ নিয়ম সমাজত প্রচলিত আছে ৷ লোক–সমাজত নামকৰণ অনুষ্ঠানলৈ অহা লোকসকলক মাছ উপহাৰ দিয়াৰ নিয়ম আজিও আছে ৷ সেইদৰে অন্নপ্রাসন, চূডাকৰণ, উপনয়ন, তোলনি বিয়া আদিতো উপহাৰ দিয়া হয় ৷

বিবাহ মানুহৰ জীৱনৰ এটি স্মৰণীয় আৰু উল্লেখযোগ্য উৎসৱ ৷ বিবাহৰ পাত্র–পাত্রী, আত্মীয়–কুটুম্ব, বন্বুূ–বান্ধৱ, জ্যেষ্ঠজন, গুৰুজন আদিয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপহাৰো আগববায় ৷ এই সকলো উপহাৰৰ  সৈতে জড়িত হৈ থাকে যাক উপহাৰ দিব, তেওঁৰ প্রতি উপহাৰ দিওঁতাজনৰ সীমাহীন মৰম, আন্তৰিকতা, আশীর্বাদ ৷ অসমীয়া সমাজত বিবাহ উৎসৱত ৰাতি হোমৰ গুৰিত কন্যাৰ দেউতাকে কন্যাক বিভিন্ন বাচন–বর্তন দিয়াৰ উপৰি দৰাকো সাজ–পোছাক আদি উপহাৰ দিয়ে ৷ প্রথমে মোমায়েকে উপহাৰ দিয়াৰ নিয়ম ৷ তাৰ পিছতহে আন লোকসকলে উপহাৰ আগবঢ়াব পাৰে ৷ ৰভাতলীত কোনে কি উপহাৰ দিলে, এজন ব্যক্তিয়ে সেইবোৰ লিপিবদ্ধ কৰি ৰাখে ৷ অৱশ্যে বর্তমান সময়ত এনে নিয়মবোৰৰ সলনি হৈছে ৷ লোক–সমাজত ইয়াক উপহাৰ উছর্গা শব্দই সামৰি লয় ৷

বাঙালী আৰু গুজৰাটৰ লোক–সমাজতো এনে উদাহৰণ পোৱা যায়৷ বাঙালী লোক–সমাজত বিয়াত দৰা বা কইনাক দিয়া উপহাৰবোৰ লগে লগেই খুলি এজন ঘোষকে উপহাৰ দিওঁতাৰ নাম–পৰিচয় আৰু উপহাৰটো কি, সেই কথাও কৈ দিয়ে৷ গুজৰাটৰ কোনো কোনো লোক–সমাজতো এনে প্রথা প্রচলিত আছে ৷ খাচিয়াসকলৰ সমাজতো বিবাহত এনেদৰে উপহাৰ দিয়াৰ নিয়ম আছে ৷ তেওঁলোকৰ সমাজত আকৌ যিসকলে দৰা–কইনাক বিয়াত উপহাৰ দিয়ে, গৃহস্থৰ ফালৰ পৰাও উপহাৰ দিওঁতাজনকো প্রতি–উপহাৰ প্রীতি–উপহাৰ টোপোলা এটি দিয়া হয় ৷ এনে প্রীতি–উপহাৰৰ টোপোলাবোৰ ভালদৰে উপহাৰ মেৰিওৱা সুন্দৰ কাগজেৰে বান্ধি ৰভাতলীৰ এটি নির্দিষ্ট স্থানত থৈ দিয়ে ৷ বিয়ালৈ উপহাৰ লৈ অহা প্রত্যেক ব্যক্তিলৈ ওভতাই প্রীতি–উপহাৰ দিয়া নিয়মটো সঁচাকৈয়ে বৰ আকর্ষণীয় ৷ এনে প্রথা অন্য সমাজত আছে নে নাই, সেয়া অৱশ্যে আমাৰ অৱগত নহয় ৷

তাহানি কালত বিবাহৰ উপহাৰসমূহ বৰ আকর্ষণীয় আছিল ৷ সুন্দৰ সুন্দৰ ছবি, প্রাকৃতিক দৃশ্য আদি আইনাৰ ফ্রেমত বান্ধি বিয়াত দৰা–কইনাক উপহাৰ দিয়া হৈছিল ৷ এনে প্রীতি–উপহাৰসমূহ আজিও কোনো কোনোৰ ঘৰত দেখা যায় ৷ কোনো কোনোৱে আকৌ নিজে কবিতা লিখিও ফ্রেমত বন্ধাই বিয়াত উপহাৰ দিছিল ৷ পদ্মশ্রী নলিনীবালা দেৱীয়ে তেওঁৰ প্রিয় সখী সুভদ্রা বৰুৱাৰ বিয়াত এটি সুন্দৰ কবিতা লিখি, কবিতাটোৰ ওপৰত ধুনীয়া লতা এডাল নিজহাতে আঁকি কবিতাটো ফ্রেমত বন্ধাই উপহাৰ দিছিল ৷ কবিতাটো আছিল ।

আজি শুভদিন অতি সযতনে

                  প্রিয় সখী তোমালৈ

গাঁথি আনিছিলোঁ প্রীতি মালাধাৰি

                  লবানে আদৰকৈ ৷

সৰুকালৰ পৰা উমলি জামলি

                  এতিয়া হলোঁহি বৰ

একেটি হূদয় আছিল দুয়োৰো

                  এতিয়া হবনে পৰ ৷

যিজন ঈশ্বৰ পিতা ই বিশ্বৰ

                  মাগো তেওঁক এই বৰ,

চিৰকাল যেন অটুট ভাৱেৰে

                  থাকে প্রেম অন্তৰৰ ৷

সখী পুৰণি সখীক নেপাহৰা যেন

                  চকুৰ আঁতৰ হৈ

সংসাৰ ক্ষেত্রৰ গধুৰ কর্তব্য

                  বোজাটি শিৰত লৈ ৷

জীৱনৰ গুৰু দেৱতা তোমাৰ

                  পতিৰ সুৱাগী হৈ

সাধাগৈ সতী স্বামী সেৱা ব্রত

                  আনন্দে দিলো বিদায় ৷

নলিনীবালা দেৱীয়ে বাৰ বছৰ বয়সতে ১৯০৯ চনত এই কবিতাটো লিখিছিল ৷ সখীয়েকে কবিতাটো অতি যতনেৰে নিজৰ বহা কোঠাত আঁৰি থৈছিল ৷ শৈশৱৰ বন্ধুৰ  স্মৃতিত লিখা কবিতাটোৰ শিৰোনাম সখীলৈ উপহাৰ এৰি অহা দিনবোৰ ।

এনেবোৰ উপহাৰে দিওঁতা আৰু লওঁতাজনৰ প্রীতিৰ বান্ধোন যুগমীয়া কৰি ৰাখে ৷ একেদৰে কবি নৱকান্ত বৰুৱাই শিল্পী বীৰেন্দ্র নাথ দত্তৰ বিয়াত এটি সুন্দৰ কবিতা এখন মুগাৰ কাপোৰত ছবি আঁকি লিখি দিছিল, যিটো পিছত বীৰেন্দ্র নাথ দত্তই সুৰ দিছিল আৰু পৰিৱেশনো কৰিছিল ।

বগলী, বগা ফোঁট দি যা

ৰঙা ফোঁট নেলাগে সেন্দূৰৰ

কলা ফোঁট নেলাগে এন্ধাৰৰ

দি যা শুকুলা ফোঁট

গোসাঁইৰে কপালত চন্দন পোহৰৰ ফোঁট

অ দি যা শুকুলা ফোঁট

পুৱাৰে বেলিয়ে আকাশৰ কপালত

সোণোৱালী ফোঁট দিলে,

ৰাতিৰ হাতীপটি আকাশৰ সেওঁতাত

  ৰূপালী ৰেঘা আঁকিলে ৷

পলাশ মদাৰৰে ৰঙা ফোঁট পিন্ধালে

জাৰণিৰ কুঁৱৰীজনী,

ফুলনিৰ অকণি ভনীয়ে পিন্ধালে

পখৰা চিতৰা মণি ৷

সৰিলে শেৱালি শুকালে কঁহুৱা

তগৰেও বুলিলে যাওঁ,

গোসাঁইৰ কপালখনি উকা থাকিবনে

বগা ফোঁট কতেনো পাওঁ ৷

অ সেয়েহে বগলী বগী ঢকেঢকী আমাৰে

কথাটো শুনি যা

শ্যাম বৰণীয়া কপালখন ধুনীয়া

তাতে তই বগা ফোঁট দি যা ৷

এনে উপহাৰৰ সাহিত্যিক–সাংগীতিক মূল্যও আছে ৷ আন্তৰিকতা–স্নেহৰ বন্ধন ৰূপে এনে উপহাৰ যুগ যুগ ধৰি প্রশংসনীয়–আদৰণী হৈ ৰব ৷

প্রণয়ৰ ক্ষেত্রতো উপহাৰে মহৌষধৰ কাম কৰে৷ প্রেমিকে উপহাৰ হিচাপে দিয়া এপাহি কপৌফুল বা গোলাপে প্রেয়সীৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিব পাৰে ৷ খোপাত গুঁজি লোৱা প্রেমিকৰ ফুলপাহে প্রেয়সীৰ অন্তৰ শাঁত কৰে ৷ তামোল এখনো প্রেমৰ উপহাৰ হব পাৰে ৷ বিহুগীতত উল্লেখ আছে বিৰিণাৰ মাজতে তামোল থৈ আহিছোঁ, হেৰা পালো বুলি খাবা ৷ হাঁচতি, খালৈ আদি মনৰ হেঁপাহেৰে প্রিয়জনক উপহাৰ দিয়াৰ অনেক বর্ণনা বিহুগীতত পোৱা যায় ৷ সেইদৰে চেনেহৰ দীঘ মৰমৰ বাণি আৰু হেঁপাহৰ আচুসূতাৰে ফুল তোলা গামোচাখন প্রিয়জনক উপহাৰ দিবলৈ পালেহে প্রেয়সীৰ মনলৈ শান্তি আহে, আনন্দ আহে ৷

প্রণয়ৰ ক্ষেত্রত ৰুমাল উপহাৰ দিয়াটো এটা চিৰাচৰিত প্রথা ৷ পাটৰ ৰুমাল উপহাৰ দিয়াৰ উল্লেখ অনেক ঠাইতে পোৱা যায় ৷ ৰুমালৰ সৈতে মামৰে ধৰিব নোৱাৰা এটি সৰু পিন মাৰি প্রিয়জনক উপহাৰ দিয়াৰ উল্লেখ আমাৰ কাহিনী কথাসমূহতো পোৱা যায় ৷ পিনটো প্রতীকী অর্থত দিয়া হয় ৷ পিতলৰ পদার্থজাতীয় সৰু পিন, যাতে তাত মাৰে ধৰিব নোৱাৰে ৷ প্রেমৰ গভীৰতা, স্থায়িত্ব এনে উপহাৰে নির্দেশ কৰে ৷

অসমীয়া সমাজত বিহুত গামোচা উপহাৰ দিয়াটো এটা পৰম্পৰা ৰূপে পৰিগণিত হৈ আহিছে ৷ গামোচাখনৰ আঁৰত আছে মৰম–আদৰ–সন্মান উপৰি অসমীয়া জাতিৰ স্বাভিমান ৷ বিহুৰ সময়ত ইজনে আনজনক উপহাৰ দিয়াৰ নিয়মটো আজিও আমাৰ সমাজত বর্তি আছে ৷ বিহুৰ বতৰত ঘৰলৈ অহা আলহী–তিথিক বিহুৱান উপহাৰ দিয়াটো অসমীয়া সমাজত পূর্বৰে পৰা চলি অহা এটি পৰম্পৰা ৷

সেইদৰে দুর্গা পূজাত নতুন সাজ–পোছাক, কাপোৰ–কানি আদি উপহাৰ দিয়াৰ উপৰি অন্যান্য সামগ্রীও উপহাৰ আদান–প্রদান কৰা হয় ৷ মুছলমান সমাজত ঈদত নতুন কাপোৰ, বৰদিনত খ্রীষ্টিয়ানসকলে নতুন কাপোৰ উপহাৰ দিয়া–লোৱাৰ নিয়ম আছে ৷

উপহাৰৰ ভিন্নতাৰ কথা পূর্বতে উল্লেখ কৰি অহা হৈছে ৷ তথাপি কিতাপ উপহাৰ দিয়াটো সর্বোকৃষ্ট উপহাৰ বুলি আমি বিবেচনা কৰোঁ ৷ জন্মদিনত, বিয়াত, বিবাহ বার্ষিকীত বা যিকোনো সময়–উপলক্ষতে এখন কিতাপ উপহাৰ হিচাপে পালে মনটো ভৰি পৰে কিতাপেই শ্রেষ্ঠ উপহাৰ, যিয়ে আমাক জীৱনৰ প্রতিটো পদক্ষেপতে সহায় কৰিব পাৰে ৷ সুখ–দুখ, হর্ষ–বিষাদ সকলোতে পৰস্পৰক এষাৰ মাত, সহানুভূতি প্রকাশ সহায়ৰ অগ্রসৰিত দুখনি হাত, অলপ সময় এইবোৰেইতো জীৱনৰ শ্রেষ্ঠ উপহাৰ ৷ তদুপৰি ঈশ্বৰে আমাক সকলোকে দিছে অমূল্য উপহাৰ স্বাধীনতা ৷

আজিকালি উপহাৰ সম্পর্কে বহুত আলোচনা–বিলোচনা হোৱাটো দৃষ্টিগোচৰ হয় ৷ জন্মদিন, বিবাহ আদিত দিয়া উপহাৰেৰে ঘৰ ভৰি পৰে ৷ ৰংচঙীয়া কাগজেৰে সুন্দৰকৈ মেৰিওৱা কাচৰ গ্লাছ–বাটি–খেলনা আদিৰে উপহাৰসমূহে গৃহস্থৰ মনত অনেক সময়ত বিষাদৰো সৃষ্টি কৰে ৷ একো কামত নহা উপহাৰবোৰ লৈ গৃহস্থৰ বিড়ম্বনা হোৱাৰ কথাও বাতৰিকাকততে পঢ়িবলৈ পোৱা যায় ৷ সেইবাবে উপহাৰ কি দিম, কাক দিম অলপ চিন্তা কৰিহে দিয়া উচিত ৷ এটি দৰিদ্র পৰিয়ালৰ বিবাহত সস্তীয়া সামগ্রীৰে ৰং–চঙীয়াকৈ টোপোলা বান্ধি উপহাৰ দিয়াতকৈ সেই টকাখিনিকে দিলে পৰিয়ালটো উপকৃত হয় ৷ সেই কাৰণে উপহাৰ কিনাৰ সময়ত বা দিয়াৰ সময়ত এনেবোৰ আনুষংগিক কথাৰ প্রতি গুৰুত্ব দিয়া ভাল ৷ এটা কথা মনত ৰখা ভাল উপহাৰে যাতে উপহাৰ গ্রহণ কৰোঁতাজনক মনত কষ্ট নিদিয়ে ৷ বৰঞ্চ উপহাৰ গ্রহণকাৰীজনক মনৰ আনন্দকণ দিব পৰা উপহাৰহে আমি দিয়া উচিত ৷ মলবিলাকত আজিকালি উপহাৰ কুপন দি বাণিজ্যিক লাভালাভৰ বিষয়টো বিবেচনা কৰা হয় ৷ উপহাৰ কুপন খেল আদিও অনুষ্ঠিত হয় ৷ কিন্তু উপহাৰ হব লাগে সুখদায়ক মৰম–চেনেহ–আশিস–, বিশ্বাস, এটি মিঠা হাঁহি, অন্তর্স্পর্শা দৃষ্টি এইবোৰ জানো শ্রেষ্ঠ উপহাৰ নহয় জীৱনৰ বাবে ।

You might also like
Leave A Reply

Your email address will not be published.