T3, T4, TSH আৰু খাদ্য

বিপ্লৱ ওজা 

সাধাৰণতে যেতিয়া আমি থাইৰয়ড সম্পর্কীয় বিকাৰৰ সন্মুখীন হওঁ, চিকিৎসকে আমাক তেজৰ T3, T4 আৰু TSH প্রাচলৰ পৰীক্ষা কৰিবলৈ পৰামর্শ দিয়ে ৷ সর্বাধিক ক্ষেত্রত তেজ পৰীক্ষাৰ প্রতিবেদন প্রাপ্ত কৰাৰ পিছত TSH প্রাচলটো অধিক হোৱা দেখা যায় আৰু আমি ধৰি লওঁ যে আমাৰ তেজত থাইৰয়ডৰ মাত্রা উচ্চগামী হৈছে ৷ সঁচাকৈয়ে থাইৰয়ডৰ মাত্রা উচ্চ নেকি তেন্তে T3 আৰু T 4 ৰ বাবে পৰীক্ষাৰ কিয় প্রয়োজন T3, T4 আৰু TSH কি আৰু থাইৰয়ডৰ এই মাপকাঠীবোৰ কিয় উচ্চ বা নিম্নগামী হয় ইয়াত আহাৰৰ ভূমিকা কি আমি এটা এটাকৈ স্পষ্ট কৰোঁ আহক ৷

থাইৰয়ড গ্রন্থি

থাইৰয়ড গ্রন্থি হৈছে আমাৰ ডিঙিৰ আধাৰত অৱস্থিত এক পখিলা আকৃতিৰ অংগ ৷  আমাৰ শৰীৰে খাদ্যৰ পৰা শক্তি ব্যৱহাৰ কৰাৰ ধৰণেই এই গ্রন্থিয়ে বিপাক নিয়ন্ত্রণ কৰা হৰমন মুকলি কৰে ৷  থাইৰয়ড হৰমনবোৰে শৰীৰৰ গুৰুত্বপূর্ণ কার্যবোৰ নিয়ন্ত্রণ কৰে, যাৰ ভিতৰত আছে

¨শ্বাসক্রিয়া

¨হূদস্পন্দনৰ হাৰ

¨কেন্দ্রীয় আৰু প্রান্তীয় স্নায়ুতন্ত্র

¨শৰীৰৰ ওজন

¨পেশীৰ শক্তি

¨ঋতুস্রাৱ

¨শৰীৰৰ উষতা

¨কলেষ্টৰেলৰ স্তৰ ইত্যাদি ৷

T3, T4 আৰুTSH

থাইৰয়ড হৈছে অন্তঃস্রাৱী প্রণালীৰ এক অংশ, যি তেজৰ প্রবাহত হৰমন প্রস্তুত, সংৰক্ষণ আৰু মুকলি কৰে, যাতে হৰমনবোৰ শৰীৰৰ কোষবোৰলৈ যাব পাৰে৷ থাইৰয়ড গ্রন্থিয়ে আমি খোৱা খাদ্যৰ পৰা দুটা মুখ্য হৰমন তৈয়াৰ কৰিবলৈ আয়ডিন ব্যৱহাৰ কৰে –

¨ড্রাইডোথাইৰোনিন (T3)

¨থাহৰক্সিন(T4)

হাইপোথেলামাছে TSH ৰিলিজিং হৰমন (TRH) প্রস্তুত কৰে যি পিটুইটাৰীৰ যোগেদি থাইৰয়ড গ্রন্থিক থাইৰইড ষ্টিমুলেটিং হৰমন (TSH) ৰ বৃদ্ধি বা হ্রাস কৰি কম–বেছি পৰিমাণে T3 আৰু T4 উৎপাদন কৰিবলৈ সংকেত দিয়ে ৷

যেতিয়া তেজত T3 আৰু T4–ৰ স্তৰ কম হয়, পিটুইটাৰী গ্রন্থিয়ে থাইৰয়ড গ্রন্থিক অধিক থাইৰয়ড হৰমন প্রস্তুত কৰিবলৈ অধিক পৰিমাণৰ TSH মুকলি কৰে ৷

যদি তেজত T3 আৰু T4–ৰ স্তৰ উচ্চ হয়, পিটুইটাৰী গ্রন্থিয়ে এই হৰমনবোৰৰ উৎপাদন লেহেম কৰিবলৈ থাইৰয়ড গ্রন্থিলৈ কম পৰিমাণৰ TSH মুকলি কৰে ৷

T3 আৰু T4ৰে তেজৰ প্রবাহত শৰীৰৰ প্রায় প্রতিটো কোষত উপনীত হবলৈ ভ্রমণ কৰে ৷  হৰমনবোৰে কোষ/বিপাক ক্রিয়াৰ গতি নিয়ন্ত্রণ কৰে ৷ উদাহৰণস্বৰূপে,T3 আৰুT4–য়ে হূদস্পন্দনৰ হাৰ আৰু ক্ষুদ্রান্ত্রহ খাদ্য কিমান দ্রুতগতিত প্রক্রিয়া কৰে, সেয়া নিয়ন্ত্রণ কৰে ৷ যদি T3 আৰু T4ৰ স্তৰ নিম্নগামী হয়, তেন্তে হূদস্পন্দনৰ হাৰ স্বাভাৱিকতকৈ লেহেম হব পাৰে, আৰু কোষ্ঠকাঠিন/ওজন বৃদ্ধি হব পাৰে ৷ ঠিক তেনেদৰে, যদি T3 আৰু T4ৰ স্তৰ উচ্চগামী হয়, তেন্তে হূদস্পন্দনৰ হাৰ দ্রুত আৰু ডায়েৰীয়/ওজন হ্রাস হব পাৰে ৷

উচ্চ T3 আৰু T4 বা নিম্ন TSH অর্থাৎ হাইপাৰথাইৰয়ডিজ অন্যান্য লক্ষণঃ

¨বিৰক্তি মনোভাৱ

¨উদ্বিগ্ণতা, অতিসক্রিয়তা

¨ঘাম বা উচ্চ তাপমাত্রাৰ প্রতি সংবেদনশীলতা

¨হাত কঁপনি

¨চুলি সৰা

¨ঋতুস্রাৱ বাদ পৰা

নিম্নT3 আৰুT4 বা উচ্চTSH অর্থাৎ হাহপোথাহৰয়ডিজম অন্যান্য লক্ষণঃ

¨টোপনি যোৱাত সমস্যা

¨ভাগৰ

¨মনোযোগ দিয়াত অসুবিধা

¨শুকান ছাল আৰু চুলি

¨হতাশা

¨ঠাণ্ডা বা কম উষতাৰ প্রতি সংবেদনশীলতা

¨সঘনাই/গধুৰ ঋতুস্রাৱ

¨গাঁঠি আৰু পেশীৰ বিষ

থাইৰয়ডৰ স্তৰ পৰীক্ষা

আমেৰিকান থাইৰয়ড এছচিয়েচনৰ মতে, বিভিন্ন প্রকাৰৰ থাইৰয়ড পৰীক্ষা আছে ৷ কিন্তু যদি আপুনি থাইৰয়ডৰ সমস্যাৰ বিষয়ে চিন্তিত, বা আপোনাৰ হৰমনবোৰ ভাৰসাম্যহীন হয়, আপোনাৰ চিকিৎসকে প্রাৰম্ভিক TSH স্তৰৰ তেজ পৰীক্ষাৰ পৰামর্শ প্রদান কৰিব পাৰে ৷ ইয়াৰ কাৰণ হৈছে TSHৰ স্তৰে অধিক নির্দিষ্ট সমস্যাৰ বাবে এক সংকেত হিচাপে কাম কৰিব পাৰে ৷

মন কৰিবলগীয়া যে বিভিন্ন পৰীক্ষাগাৰ আৰু চিকিৎসকৰ থাইৰয়ড মাত্রাৰ স্বাভাৱিক পৰিসৰ বেলেগ বেলেগ হব পাৰে ৷ এক স্বাভাৱিক T3ৰ স্তৰ প্রতি ডেচিলিটাৰত ১০০ৰ পৰা ২০০ নেনোগ্রামৰ (ng/dL) মাজত হব পাৰে, আনহাতে সাধাৰণT4ৰ স্তৰ প্রতি ডেচিলিটাৰত ৫.০ৰ পৰা ১২.০ মাইক্রগ্রামৰ ভিতৰত হ্রাস হয় (µg/dL)৷ মুক্তT4, যি শৰীৰত উপলব্ধ  বা T4 ৰ পৰিমাণৰ বাবে পৰীক্ষা কৰে তেন্তে প্রতি ডেচিলিটাৰত ০.৮ৰ পৰা ১.৮ নেনোগ্রামৰ ভিতৰত হব লাগে ৷

এক স্বাস্থ্যকৰ থাইৰয়ডৰ ৰক্ষণাবেক্ষণ

¨মানসিক চাপ নিয়ন্ত্রণঃ  এড্রেনেল স্বাস্থ্য আৰু থাইৰয়ড স্বাস্থ্যৰ মাজত সম্পর্ক আছে ৷ চাপৰ স্তৰ নিয়ন্ত্রণ কৰি ৰখাটো বুদ্ধিমত্তাৰ কাম ৷ যেতিয়া আপুনি দীর্ঘম্যাদীভাৱে চাপত থাকে, তেতিয়া এড্রেনেল প্রণালীৰ অত্যধিক চাপৰ ফলত শৰীৰে মোকাবিলা কৰাৰ উপায় হিচাপে হৰমন মুকলি কৰিব পাৰে ৷ এই দীর্ঘম্যাদী চাপৰ ফলত থাইৰয়ডৰ সমস্যা অধিক অৱনতি হব পাৰে, যাৰ ফলত হৰমনৰ স্তৰ ভাৰসাম্যহীন হয় ৷

¨উত্তম খাদ্যাভ্যাসঃ  থাইৰয়ড উপযোগী আহাৰ বুলিবলৈ বিশেষ একো নাই, কিন্তু এনে কিছুমান খাদ্য আছে যি আমাৰ সামগ্রিক স্বাস্থ্যক সমর্থন কৰাত সহায় কৰিব পাৰে ৷ সেয়েহে সদায় পুষ্টিকৰ খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত৷ অর্থাৎ ফল, শাক–পাচলি, চর্বিযুক্ত মাছ, বীন, সম্পূর্ণ শস্য, আৰু চর্বিহীন প্রটিন ইত্যাদি ৷ স্বাস্থ্যকৰ চর্বি যেনে– নাচপতি(avocado) আৰু জলফাই(olive) তেল খোৱাটো খুবেই দৰকাৰী ৷ সমৃদ্ধ–আঁহযুক্ত খাদ্য যেনে– গাজৰ, মচুৰ দাহল আৰু কলো সিমানেই প্রয়োজনীয় ৷ অপুষ্টিকৰ খাদ্য পৰিহাৰ কৰা উচিত, কিয়নো এইবোৰে থাইৰয়ডৰ সমস্যাৰ ফলত হোৱা ভাগৰ বা অলসতাৰ যিকোনো অনুভূতিক আগববাব পাৰে ৷ সংসাধিত খাদ্য, কেণ্ডি, ছডা আৰু জাংক ফুড বাদ দিলে বা হ্রাস কৰিলে এইক্ষেত্রত ভাল ফল পোৱা যায় ৷ যেতিয়া পৰিপূৰক(supplementation) ব্যৱহাৰৰ কথা আহে, তেন্তে খাদ্যত লুপ্ত বা নিহিতT3ৰ পৰা সাৱধান হব লাগে ৷ যিকোনো পৰিপূৰক গ্রহণ কৰাৰ আগতে চিকিৎসকৰ সৈতে দিহা–পৰামর্শ লোৱাটো বাঞ্ছনীয় ৷

¨চলাচলটো গুৰুত্বপূর্ণঃ  বিশেষকৈ হাহপোথাইৰয়ড ৰোগীৰ বাবে, যাৰ বিপাক হ্রাস হৈছে তেনে লোকৰ বাবে ব্যায়াম গুৰুত্বপূর্ণ ৷

খাদ্য ব্যৱস্থাপনা

হিমালয়ৰ পাদদেশত থকা অঞ্চলৰ মাটি আৰু পানীত আয়ডিনৰ পৰিমাণ অতি কম ৷ ভাৰতৰ উত্তৰ–পূব অংশ উপ–হিমালয় গইড্রোজেনিক বেচ্টত পৰে ৷ সেয়েহে ইয়াত হাইপাৰথাইৰয়ডিজ তুলনাত হাইপোথাইৰয়ডিজম হোৱাৰ প্রৱণতা যথেষ্ট বেছি ৷

হাইপাৰথাইৰইডিজ

কি কি খাব

¨থাহৰয়ডৰ দমনমূলক খাদ্য যেনে– ব্রকলি, বন্ধাকবি হত্যাদি

¨উচ্চ কেলৰি আৰু পুষ্টিকৰ খাদ্য

কি কি পৰিহাৰ কৰিব

¨আয়ডিনসমৃদ্ধ খাদ্য

¨কম কেলৰিযুক্ত খাদ্য যেনে– চালাড আৰু পাচলি

হাইপোথাইৰয়ডিজম

কি কি খাব

¨আয়ডিনসমৃদ্ধ খাদ্য

আয়ডিন মাটি আৰু সাগৰত পোৱা যায়৷ সেয়েহে খাদ্যত কিমান পৰিমাণৰ আয়ডিন খনিজ থাকে তাক প্রভাৱিত কৰে ৷ আয়ডিন মুখ্যতঃ পশুপ্রটিন খাদ্য আৰু সাগৰীয় পাচলিত পোৱা যায় আৰু কিছু পৰিমাণে সুৰক্ষিত খাদ্য যেনে– ব্রেড, খাদ্যশস্য আৰু গাখীৰত পোৱা যায় ৷ কিছুমান খাদ্য নিম্নলিখিত ধৰণৰ

  • আয়ডাইজড লেবেলযুক্ত লৱণ
  • দুগ্ধজাত সামগ্রী গাখীৰ, পনীৰ, দৈ
  • কণী
  • মুর্গী
  • পুষ্টিসমৃদ্ধ নৱজাতকৰ আহাৰ(commercial formula)

¨সাগৰীয় খাদ্য আৰু মাছ

¨এণ্ঢিক্সিডেণ্ঢসমৃদ্ধ খাদ্য৷ যেনে–

  • আখল
  • বাদাম
  • ৰঙালাউৰ গুটি
  • আপেল
  • ডার্ক চকলেট

¨কম কেলৰিযুক্ত খাদ্য

¨ত্রিফলা

হাইপোথাইৰয়ডিজম উৎপত্তি কাৰকবোৰৰ ভিতৰত মুখ্যতঃ ত্রিদোষ কফ প্রাধান্যৰ সৈতে সম্পর্কিত ৷ ত্রিদোষৰ এই সমস্যাই জাথাৰাগ্ণি পাচন তন্ত্রৰ বিকাৰক আমন্ত্রণ কৰে, যাৰ ফলত অৱশেষত ধাতৱগ্ণি বিপাকীয় প্রণালী বিকাৰগ্রস্ত  হয় আৰু পৰৱর্তী সময়ত আমা আৱির্ভাৱ হয় ৷ সংসৃক্তত, আমা মানে বিষাক্ত পদার্থ বা হজম নোহোৱা বিপাকীয় আৱর্জনা ৷ ই হৈছে শৰীৰত জমা হোৱা সকলো আঠাল, পাতল, উত্তেজক আৰু বিষাক্ত পদার্থৰ বাবে এক ছাতিশব্দ ৷

আয়ুর্বেদৰ অর্থ হৈছে জীৱন বিজ্ঞান ৷ ই তিনিটা মৌলিক প্রকাৰৰ শক্তি নীতি বা দোষ চিনাক্ত কৰে যিবোৰ সকলোৰে ক্ষেত্রত থাকে আৰু এহবোৰ শৰীৰৰ মৌলিক জীৱবিজ্ঞানৰ সৈতে সম্পর্কিত ৷ এইবোৰ হৈছে বাত, কফ আৰু পিত্ত ৷  যিকোনো এটা দোষৰ ভাৰসাম্যহীনতাৰ ফলত মানুহৰ শৰীৰত অস্বাভাৱিকতা, বিকাৰ আৰু ৰোগৰ সৃষ্টি হয় ৷ ত্রিফলাক ত্রিদোষীয় ৰসায়ন হিচাপে শ্রেণীবদ্ধ কৰা হৈছে ৷ মহান চিকিৎসক চৰকৰ চৰকা সংহিতা আয়ুর্বেদৰ এক আধাৰশিলা পাঠ অনুসৰি, ভাৰতত পৰম্পৰাগত ঔষধত ১০০০ বছৰৰো অধিক সময় ধৰি ত্রিফলা ব্যৱহাৰ হৈ আহিছিল ৷ ত্রিফলাই সকলো বয়সৰ ৰোগীৰ দীর্ঘজীৱন আৰু পুনৰুজ্জীৱিতকৰণত্ সহায় কৰে ৷

কি কি পৰিহাৰ কৰিব

ক অত্যধিক নিমখ

খ গইড্রোজেনিক খাদ্য যেনে– বন্ধাকবি, ফুলকবি ইত্যাদি

গ ৰঙা মাংস বিশেষকৈ ছাগল/গাহৰিৰ মাংস

গইড্রোজেনঃ হাইপোথাইৰয়ডিজম নির্ধাৰিত আহাৰৰ এক মাপকাঠী

গইড্রোজেন হৈছে এক যৌগ যি থাইৰয়ড গ্রন্থিৰ স্বাভাৱিক কার্যত বাধা দিয়ে ৷ গইড্রোজেন আৰু থাইৰয়ডৰ কার্যৰ মাজৰ সম্পর্ক পোন প্রথমে ১৯২৮ চনত বর্ণনা কৰা হৈছিল, যেতিয়া বিজ্ঞানীসকলে সতেজ বন্ধাকবি খোৱা  শহাপহুৰ থাইৰয়ড গ্রন্থি বৃদ্ধি হোৱা লক্ষ্য কৰিছিল ৷  থাইৰয়ড গ্রন্থিৰ এই বৃদ্ধিক গইটাৰ বুলিও কোৱা হয়, যত গইড্রোজেন শব্দটো আহে ৷ এই আৱিষ্কাৰৰ ফলত অনুমান কৰা হৈছিল যে পাচলিত থকা কিছুমান পদার্থ অত্যধিক সেৱন কৰিলে থাইৰয়ডৰ কার্যত প্রভাৱ পেলাব পাৰে ৷ তেতিয়াৰে পৰা বিভিন্ন খাদ্যত বহু প্রকাৰৰ গইড্রোজেন চিনাক্ত কৰা হৈছে ৷

গইড্রোজেনৰ প্রকাৰঃ

গইড্রোজেনৰ তিনিটা মুখ্য প্রকাৰ আছে

ক গইড্রিনচ

খ থিচাইনেটচ

গ ফ্লেভোনইড

উদ্ভিদ ক্ষতিগ্রস্ত হলে গইড্রিন আৰু থিচাইনেটচ উৎপন্ন হয়, অর্থাৎ যেতিয়া সেইবোৰ কটা হয় বা চোবাই দিয়া হয় ৷ ফ্লেভোনইডবোৰ প্রাকৃতিকভাৱে বিভিন্ন ধৰণৰ খাদ্যত থাকে ৷ উদাহৰণস্বৰূপে ৰেড ৱাহনত ৰেচভেৰাড্রল আৰু সেউজীয়া চাহত কেটেচিন থাকে ৷ ফ্লেভোনইডক সাধাৰণতে স্বাস্থ্যকৰ এণ্ঢিক্সিডেণ্ঢ বুলি গণ্য কৰা হয়, কিন্তু সেইবোৰৰ কিছুমান আমাৰ ক্ষুদ্রান্ত্রৰ বেক্টেৰিয়াৰ দ্বাৰা গইড্রোজেনিক যৌগলৈ ৰূপান্তৰিত হব পাৰে ৷

গইড্রোজেনৰ ফলত থাইৰয়ডৰ সমস্যা হব পাৰে

থাইৰয়ডৰ সমস্যা থকা লোকসকলৰ বাবে গইড্রোজেনৰ উচ্চ সেৱনে থাইৰয়ডৰ কার্যক্ষমতাৰ অৱনতি কৰিব পাৰে ৷  সেই সমস্যাবোৰ হৈছে

¨আয়ডিন অৱৰোধ কৰাঃ  গইড্রোজেনে থাইৰয়ড হৰমন প্রস্তুত কৰাৰ বাবে প্রয়োজনীয় আয়ডিন থাইৰয়ড গ্রন্থিত প্রৱেশ কৰাত বাধা দিব পাৰে ৷

¨TPOত হস্তক্ষেপঃ  থাইৰয়ড পেৰোক্সিডাইজ (TPO) এনজাইমে এমিনো এচিড টাইৰোচিনৰ সৈতে আয়ডিন সংলগ্ণ কৰে, যি একেলগে থাইৰয়ড হৰমনৰ আধাৰ গঠন কৰে ৷

¨TSH হ্রাস কৰাঃ  গইড্রোজেনবোৰে থাইৰয়ড ষ্টিমুলেটিং হৰমন (TSH)ত হস্তক্ষেপ কৰিব পাৰে, যি থাইৰয়ড গ্রন্থিক হৰমন প্রস্তুত কৰাত সহায় কৰে ৷

কোনবোৰ খাদ্যত আটাইতকৈ বেছি গইড্রোজেন থাকে

¨পাতযুক্ত পাচলি(cruciferous vegetables)ঃ  ব্রকলি, ফুলকবি, বন্ধাকবি, সৰিয়হ শাক, পালেং, চালগোম ইত্যাদি ৷

¨ফল আৰু শ্বেতসাৰযুক্ত উদ্ভিদ ঃ খৰিচা, শিমলু আলু, গোমধান, উৰহী, তিসী বীজ, বাজ্রা, আহোম বগৰী, চিনাবাদাম, নাচপতি, মিঠা আলু, ষ্ট্রবেৰী ইত্যাদি ৷

¨চয়া–আধাৰিত খাদ্যঃ  টফু বা ছয়া পনীৰ, ছয়া কিম্বন সামগ্রী, ছয়া গাখীৰ হত্যাদি ৷

ফোনঃ  ৯৪৩৫০-৬৪১৭৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.