চাহনগৰী ডিব্রুগডৰ পর্যটনৰ স্থান

কাঞ্চনজ্যোতি গোহাঁহ

প্রাকৃতিক সম্পদেৰে ভৰপূৰ উজনি অসমৰ এখন জিলা হৈছে ডিব্ৰূগড় জিলা ৷ ডিব্ৰূগড় নামটো ডিব্ৰূমুখ বা ডিব্ৰূ নৈৰ পৰা উৎপত্তি হোৱা বুলি বহুজনে মত পোষণ কৰে ৷ ডিব্ৰূগড় জিলাখন অসমৰ এনেকুৱা এখন জিলা, যিখনে পর্যটকৰ আকর্ষণৰ আটাহতকৈ অনন্য মিশ্রণ আগবঢ়াইছে বুলি কব পাৰি ৷ চাহ পর্যটন, বন্যপ্রাণী পর্যটন, নদী পর্যটনে জিলাখনৰ পর্যটন ক্ষেত্রখনলৈ আগবেোৱা অৱদানৰ কথাই সুকীয়া বুলিব পাৰি ৷

বগীবিল দলংঃ 

পর্যটকসকলৰ আটাহতকৈ মূল আকর্ষণ এতিয়া বগীবিল দলং ৷ নৱম পঞ্চবার্ষিক পৰিকল্পনা অনুসৰি অনুমোদন লাভ কৰা বগীবিল দলংখন ১৯৯৭ চনত এইচ ডি দেৱগৌড়াই বগীবিল দলঙৰ ভেটি স্থাপন কৰিছিল যদিও ২০০২ চনত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে বগীবিল দলঙৰ কাম শুভাৰম্ভণি কৰে৷ প্রায় ২১ বছৰৰ পিছত ভাৰতৰ ভিতৰতে আটাইতকৈ দীর্ঘতম ৰেলৱে দলং হিচাপে পৰিগণিত হোৱা বগীবিল দলংখন বর্তমানৰ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দলংখনৰ শুভ উদ্বোধন কৰে ৷ ডিব্ৰূগড় আৰু ধেমাজি জিলা সংযোগী বগীবিল দলংখনে নদী পর্যটনৰ দিশত ডিব্ৰূগড় এক সুকীয়া মাত্রা প্রদান কৰিছে ৷  এই বগীবিল দলংখন চাবলৈ এতিয়া কেৱল উত্তৰপূবৰে নহয় দেশৰ ভিন্ন ৰাজ্যৰ লগতে বিদেশী পর্যটকসকলো এতিয়া ডিব্ৰূগড়লৈ আহে ৷

কাঞ্চনজংঘা ভ্রাম্যমাণ ৰেষ্টুৰেণ্ট 

ডিব্ৰূগড়ৰ বগীবিল দলঙৰ সমীপতে ব্রহ্মপুত্রৰ পাৰত আছে কাঞ্চনজংঘা ভ্রাম্যমাণ ৰেষ্টুৰেণ্ট ৷ ডিব্ৰূগড় প্রতিষ্ঠিত ব্যৱসায়ী গৌতম বৰদলৈয়ে কাঞ্চনজংঘা ভ্রাম্যমাণ ৰেষ্টুৰেণ্ঢখনৰ জৰিয়তে বগীবিল দলঙৰ সমীপৰ ঠাহখিনি পর্যটনৰ আন এক কেন্দ্রবিন্দুলৈ ৰূপান্তৰিত কৰাৰ লগতে ব্যৱসায়িক দিশৰ পৰাও ঠাইখিনি উন্নয়নলৈ গতি কৰাত সহায় কৰিছে ৷ কাঞ্চনজংঘা ৰেষ্টুৰেণ্ঢখন চাবলৈও এতিয়া বাৰ মাহেই ভিন্ন ঠাইৰ পর্যটকৰ সমাগম ঘটে ৷ কিয়নো কাঞ্চনজংঘাত উঠি পর্যটকসকলে ব্রহ্মপুত্রৰ মাজৰ পৰা আবেলি ৰান্ধনিবেলিৰ সোণালী কিৰণত জিলিকি উঠা ব্রহ্মপুত্রৰ দুয়োপাৰৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰাৰ মাদকতাই সুকীয়া বুলি পর্যটকসকলে কব খোজে ৷

জগন্নাথ মন্দিৰঃ

ডিব্ৰূগড়ৰ খনিকৰস্থিত মহাত্মা গান্ধী উদ্যানৰ সমীপত জগন্নাথ মন্দিৰ অৱস্থিত ৷ প্রায় ওডিশাৰ পুৰীত থকা জগন্নাথ মন্দিৰৰ দৰেই ৷ ইয়াৰ স্থাপত্যৰ ভাস্ক্র্য অনুসৰি এই জগন্নাথ মন্দিৰটো পুৰীৰ জগন্নাথ মন্দিৰৰ পিছত ভাৰতৰ দ্বিতীয় মূল মন্দিৰ ৷ ইয়াৰ উচ্চতা প্রায় ৮৫ ফুট ৷ ২০১৩ চনতে নির্মাণৰ কাম আৰম্ভ হোৱা জগন্নাথ মন্দিৰটো ২০১৮ চনত তেতিয়াৰ ৰাজ্যপাল জে বি পাটনায়কে শুভ উদ্বোধন কৰিছিল ৷ প্রতিবছৰে ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা বহু দর্শনার্থী ইয়ালৈ আহে আৰু ইয়াক ওডিশাৰ পুৰীত থকা জগন্নাথ মন্দিৰৰ প্রতিৰূপ হিচাপে দেখে ৷ এই মন্দিৰটো চাবলৈ এতিয়া প্রতিটো দিনেই বিভিন্ন দর্শনার্থীৰ লগতে ভক্তিপ্রাণ লোকৰ আগমন ঘটে ৷

জয়পুৰ বর্ষাৰণ্যঃ

ডিব্ৰূগড়ৰ নামৰূপৰ জয়পুৰত আছে জয়পুৰ বর্ষাৰণ্য ৷ এই জয়পুৰ বর্ষাৰণ্যখন প্রায় ১০৮ কিলোমিটাৰৰ বিস্তৃত এলেকা ধৰি আগুৰি আছে ৷ জয়পুৰ বর্ষাৰণ্যত ১০২বিধ ভিন্ন প্রজাতিৰ অর্কিড থকাৰ উপৰি বহু বনৰীয়া জীৱজন্তু আৰু উদ্ভিদ পোৱা যায় ৷ বন্যপ্রাণী ভালপোৱা লোকসকলৰ বাবে জয়পুৰ বর্ষাৰণ্য অতি গুৰুত্বপূর্ণ পর্যটন স্থান বুলিব পাৰি ৷ এই বনাঞ্চলত থকা ভিন্ন গছগছনিৰ ভিতৰত হোলোং হৈছে প্রধান ৷ যি গছ ৫০ মিটাৰ পর্যন্ত ওখ হয় বুলি বনৰক্ষকসকলৰ পৰা জানিবলৈ পোৱা গৈছে ৷

জকাই উদ্ভিদ উদ্যানঃ

ডিব্ৰূগড় চহৰৰ পৰা প্রায় ১২১৩ কিলোমিটাৰ নিলগত আছে জকাই উদ্ভিদ উদ্যান আৰু জার্মপ্লাজম কেন্দ্র ৷ এই উদ্ভিদ উদ্যানখনো হৈছে পর্যটনৰ আন এক গুৰুত্বপূর্ণ পর্যটন স্থান ৷ এই উদ্ভিদ উদ্যানখনক কিছুমান মূল্যৱান আৰু বিলুপ্তপ্রায় প্রজাতি উদ্ভিদৰ ভঁৰাল বুলিব পাৰি ৷ ঔষধি গুণযুক্ত আৰু সুগন্ধি কিছুমান উদ্ভিদেৰে ভৰপূৰ জকাই উদ্ভিদ উদ্যানত বিভিন্ন বনৰীয়া জীৱজন্তুৰ লগতে প্রচুৰ পৰিমাণে অজগৰ সাপো পোৱা যায় বুলি জানিবলৈ পোৱা গৈছে ৷

টিপামঃ

ডিব্ৰূগড়ৰ নাহৰকটীয়া জয়পুৰৰ টিপামেও এতিয়া যেন দেশীবিদেশী পর্যটকসকলক হাতবাউল দি মাতিব ধৰিছে ৷ বুৰঞ্জীপ্রসিদ্ধ এই টিপাম পাহাৰতে স্বর্গদেউ চাওলুং চুকাফাই প্রথম পদার্পণ কৰি কিছুদিন আশ্রয় লৈছিল বুলি বুৰঞ্জীত লিপিবদ্ধ আছে ৷ এই টিপামত বিশেষ বুৰঞ্জীপ্রসিদ্ধ মঠমন্দিৰ নাহ যদিও দেওশালী চাহ বাগিচাৰ পাহাৰৰ মাজেৰে থকা ঐতিহাসিক পকী সাধাৰণ ভাষাত কবলৈ গলে খটখটী বা চিৰি চাবলৈকে এতিয়া বিভিন্ন পর্যটকৰ সমাগম ঘটে৷ তদুপৰি এই টিপাম পাহাৰৰ ওপৰৰ পৰা বৈ অহা জুৰিৰ দৃশ্য চাবলৈও যেন অসমৰ ভিন্ন ঠাইৰ লোকে টিপামত ভিৰ কৰেহি ৷ উল্লেখ্য যে এই টিপামৰ সৌন্দর্য চাবলৈ শীতকালতকৈ গ্রীষ্মকালত আহিলেহে পর্যটকসকলে নয়নাভিৰাম প্রাকৃতিক সৌন্দর্যখিনি উপভোগ কৰিব পাৰে বুলি স্থানীয় ৰাইজ আৰু পর্যটকসকলৰ মুখৰ পৰা শুনিবলৈ পোৱা গৈছে ৷

মেৰবিলঃ

ডিব্ৰূগড়ৰ নাহৰকটীয়াৰ চাচনিত থকা মেৰবিলখনেও জিলাখনৰ পর্যটনৰ ক্ষেত্রখনত এক সুকীয়া মাত্রা বহন কৰিছে, কিয়নো এই মেৰবিলখনলৈ ভিন্ন প্রজাতিৰ চৰাইচিৰিকটি আৰু পৰিভ্রমী পক্ষীৰ আগমন ঘটে ৷ পক্ষীপ্রেমী পর্যটকসকলে এই পৰিভ্রমী পক্ষীবিলাক চোৱাৰ লগতে মেৰবিলৰ সৌন্দর্য উপভোগ কৰিবলৈ বাটকুৰি বাহ ডিব্রুগডৰ নাহৰকটীয়া চাচনিলৈ আহে ৷

নামফাকে গাঁওঃ 

ডিব্ৰূগড়ৰ নাহৰকটীয়াৰ পৰা কিছু নিলগত আছে বৌদ্ধ ধর্মাৱলম্বীসকলৰ বাসস্থান নামফাকে গাঁও ৷ গাঁওখনৰ নৈসর্গিক দৃশ্যই তথা বৌদ্ধ মন্দিৰটোৱে পর্যটকক হাতবাউল দি মাতে ৷ এই নামফাকে গাঁওখন চোৱাৰ লগতে বৌদ্ধ মন্দিৰটো দর্শন কৰিবলৈ ভিন্ন ঠাহৰ পৰা ভিন্ন ধর্মাৱলম্বী লোকৰ আগমন ঘটা পৰিলক্ষিত হয় ৷

গাভৰু দলংঃ 

নাহৰকটীয়া চাচনিৰ পর্যটনৰ আন এটা কেন্দ্র হৈছে গাভৰু দলং ৷ অইল হণ্ডিয়া লিমিটেডে মাত্র সাতডাল লোহাৰ পাইপৰ ওপৰত ত্রিকোণীয়াকৈ এই দলংখন নির্মাণ কৰি উলিয়াইছিল ৷ বুঞ্জীদিহিং নদীৰ ওপৰত থকা এই দলংখনৰ ওপৰৰে যানবাহন চলাচল কৰিব নোৱাৰে ৷ প্রবাদ অনুসৰি এই দলংখন নির্মাণৰ সময়ত চাচনিৰ যুৱতীসকলে চাবলৈ ভিৰ কৰাৰ বাবেই দলংখনৰ নাম গাভৰু দলং নামেৰে নামকৰণ কৰা হল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে এই গাভৰু দলঙত ইংৰাজী নৱবর্ষৰ প্রথম মাহটোত বনভোজ খাবলৈ ভিন্ন লোকৰ আগমন ঘটে ৷

তামোলবাৰী চাহ বাগিচাঃ  অসমৰ সাহিত্যসাংসৃক্তিক জগতখনলৈ অৱদান আগবঢ়াই যোৱা বৰেণ্য শিল্পীসকলৰ ভিতৰত জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদানৰ কথা নিশ্চয় বহলাই কোৱা বা লিখাৰ অৱকাশ নাহ ৷ এই বৰেণ্য শিল্পীজনেই ডিব্ৰূগড় লাহোৱালৰ তামোলবাৰী চাহ বাগিচাত ১৯০৩ চনৰ ১৭ জানুৱাৰীত জন্ম লাভ কৰিছিল ৷ সেইমর্মে জ্যোতিপ্রসাদৰ বাসগৃহটো চাবলৈ আৰু জ্যোতিপ্রসাদে তেতিয়াৰ দিনত ব্যৱহাৰ কৰা সংৰক্ষিত সামগ্রীসমূহ চাবলৈকো এতিয়া ৰাজ্যৰ সাংসৃক্তিক জগতখনৰ লগত জড়িত ভিন্ন লোক ডিব্ৰূগড় তামোলবাৰী চাহ বাগিচালৈ আহে ৷

ব্লুজম এগ্জটিকাঃ শেহতীয়াকৈ ডিব্ৰূগড় বিশ্ববিদ্যালয়ৰ নিচেই সমীপতে চেতিয়া চুকত এখন ব্যক্তিগত অৱসৰ বিনোদনস্থলী আছে, যাক ব্লুজম এগ্জটিকা নামেৰে জনা যায় ৷ চেতিয়া চুকৰ বাসিন্দা দীপজ্যোতি চেতিয়াৰ নেতৃত্বত এহ উদ্যানখন গঢ় লৈ উঠিছে ৷  চাহ গছৰ ওপৰত এখন ওলোমা দলং, সুন্দৰকৈ নির্মাণ কৰা সুকীয়া ৰূপৰ কটেজবোৰৰ উপৰি উন্নতমানৰ ফুলৰ যি নার্ছাৰী গঢ় দিছে, গ্রীন টী উৎপাদন কৰিছে, মৎস্য উৎপাদন কৰিছে ৷ এই সকলো চালে চকুৰোৱা উদ্যানখন চাবলৈকে এতিয়া ভিন্ন ঠাহৰ লোকসকল আহিবলৈ ধৰাৰ লগতে পুৰণি জনপ্রিয় শিল্পীৰ আড্ডাৰ স্থলী হিচাপেও এই উদ্যানখন এতিয়া পৰিচিত হৈছে ৷

ওপৰত উল্লেখিত ডিব্ৰূগড় পর্যটন ক্ষেত্রসমূহৰ উপৰি ডিব্ৰূগড় ডিটিপি ডাইক, ডিব্ৰূগড় বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, ব্রহ্মপুত্র ক্রেকাৰ পলিমাৰ লিমিটেড, নামৰূপত থকা উত্তৰপূবৰ একমাত্র সাৰ কাৰখানা, নামৰূপ তাপবিদ্যুৎ প্রকল্প, ডিব্ৰূগড় বিমানবন্দৰৰ লগতে চহৰখনৰ মাজমজিয়াত অৱস্থিত উচ্চ শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰিবলৈ অহা ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা ছাত্রছাত্রীসকলেও চহৰখনৰ পর্যটনৰ দিশটোত অন্য এক মাত্রা বহন কৰিছে বুলি কব পাৰি ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.