তুমি আহিবা বুলি

তুলিকা দেৱী নাথ

অৱশেষত বহু আকাংক্ষিত বাতৰিটো জোনালীয়ে পালে ৷

সমীৰণে আত্মসমর্পণ কৰিব ৷

সশস্ত্র সংগ্রামত যোগ দিয়া তাইৰ উগ্রপন্থী প্রেমিকে অস্ত্র ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিব মনৰ আনন্দত মৰাচৰাইৰ দৰে যেন পেখম মেলি নাচিব তাই ৷ সুখবোৰ  জুৰিৰ ৰূপ লৈ সশব্দে বৈছে মনৰ মাজত, সেই সুখৰ জুৰিটোত সাঁতুৰি–নাদুৰি চঞ্চলা হৈছে জোনালীৰ কোমল মন ৷

সুখী নহবনো কিয়

এক দীঘলীয়া অপেক্ষাৰ যে অন্ত পৰিব ৷ তাইৰ প্রিয়জন যে ঘূৰি আহিব ৷ সুদীর্ঘ পঁচিশ বছৰৰ পিছত জোনালীয়ে লগ পাব তাইৰ মনৰ মানুহজনক ৷

সমীৰণৰ অপেক্ষাত কেইবাটাও বসন্ত জোনালীয়ে পাৰ কৰিলে ৷ উগ্রপন্থী প্রেমিকৰ খবৰ লবলৈও যে জোনালীৰ একো উপায় নাছিল ৷  আর্মীৰ শেনচকু সদায় সিহঁতৰ গাঁওখনত পৰিছিল ৷ সমীৰণৰ প্রেমিকা বুলি দুই এবাৰ সিহঁতৰ ঘৰলৈও আর্মীৰ আগমনো হৈছিল৷ নাই, এতিয়া এইসকলো চিন্তা, সংশয় আৰু অপেক্ষাৰ অৱসান ঘটিব ৷ সমীৰণ যে ঘূৰি আহিব ৷

সমীৰণ

ৰাধাৰূপী জোনালীৰ লগত ৰাসত কৃষৰ ভাও কৰা সমীৰণকনো কোনে পাহৰিব পাৰে সমীৰণ আৰু জোনালীৰ নিচিনা দুর্দান্ত অভিনয় কৰিব পৰা ৰাধা–কৃষ আজিলৈকে নোলাল সিহঁতৰ গাঁওখনত ৷ প্রতিটো ৰাসতে কৃষৰূপী সমীৰণৰ বাঁহীৰ সুৰত তাই আপোন পাহৰা হৈ নাচিছিল ৷ তাই যেন বৃন্দাবনত কৃষৰ প্রেমত বাউলী হোৱা সঁচা ৰাধাজনীহে ৷ জোনালীৰ নৃত্যত বিমুগ্ধ হৈ পুৱালৈকে ৰাস চাহছিল দর্শকে ৷ তিনি দিনকৈ পতাৰ ৰাসৰ মাজৰ দিনটোত জোনালী আৰু সমীৰণৰ ভাও থাকেই ৷ সেইদিনা দর্শকৰ সংখ্যাও বেছি হয় ৷ এৰা, এতিয়াও কোনেও পাহৰিব পৰা নাই জোনালী আৰু সমীৰণৰ সেই হূদয়পৰশা অভিনয় ৷ এতিয়াও গাঁওখনৰ পুৰণি মানুহখিনিৰ মনত ৰাধা–কৃষ বুলি কলে সিহঁত দুয়োটাৰ ছবিখন যাউতিযুগীয়া হৈ নিগাজীকৈ বহি আছে ৷

সেহ প্রতিভাশালী লৰাটো যে এদিন নিৰুদ্দেশ হৈছিল গাঁওখনৰ পৰা ৷ সমীৰণ হঠাতে নাইকিয়া হোৱাটো গাঁওখনৰ বাবে ডাঙৰ কথা হৈ পৰিছিল ৷ এক অচিনাকি বতাহ বলিছিল গাঁওখনত ৷ মানুহৰ মুখে মুখে কথাবোৰ ওলাইছিল, হাতত অস্ত্র লোৱা কোনোবা সংগঠনৰ লৰাই গোপনে আশ্রয় লৈছিল গাঁওখনত৷ ওচৰ–পাঁজৰৰ বহু লৰাই যোগদান কৰিছিল সেই সশস্ত্র সংগঠনত ৷ গাঁৱৰ মেধাৱী লৰা সমীৰণ নাইকিয়া হোৱা কথাটোৱে সকলোৰে কৌতূহলৰ সৃষ্টি কৰিছিল ৷ অৱশেষত সমীৰণো সেই সংগঠনত যোগ হোৱাৰ খবৰটো গাঁৱৰ ৰাইজে পাইছিল ৷ সকলো যে নির্বাক আৰু নিস্তব্ধ হৈ পৰিছিল ৷ এটা সংশয়ে এঙামূৰি দি উঠিছিল মানুহবোৰৰ মনত ৷ কিজানি নিজৰ লৰা–ছোৱালীবোৰকো প্রভাৱিত কৰে সেই অচিনা বতাহছাটিয়ে ৷ লাহে লাহে সমীৰণক বিচৰাৰ নামত গাঁৱলৈ জাকে জাকে আর্মীৰ অহা–যোৱা চলিছিল ৷ অত্যাচাৰ আৰু উৎপীড়নৰ এক অধ্যায় আৰম্ভ হৈছিল ৷

এৰা, সমীৰণে ঘৰ এৰা পিছৰ বছৰৰ পৰাই জোনালীয়েও ৰাসত ভাও লবলৈ এৰি দিছিল ৷ কোনেও তাইক ভাও লবলৈ সৈমান কৰিব পৰা নাছিল ৷ সকলোৱে যেন বুজি উঠিছিল জোনালীৰ দুখটোৰ কথা ৷ সখীয়েক  মাধৱীয়েও জোনালীৰ সমীৰণৰ প্রতি থকা কোমল মনটোৰ কথা অলপ বুজি পাহছিল ৷ সমীৰণৰ কথা কলেই জোনালীজনীৰ মুখখন পূর্ণিমাৰ জোনটোৰ দৰেই যে উজলি উঠে ৷ সমীৰণ আৰু জোনালীৰ সম্পর্কৰ বিষয়ে মাজে মাজে গাঁওখনৰ মানুহবোৰৰ মাজত সৰৱ আলোচনাৰ গুঞ্জন এটাহ  ঢৌ খেলাই যায় ৷ অৱশ্যে কাৰো কথা আৰু প্রতিক্রিয়াই জোনালীক প্রভাৱিত কৰিব নোৱাৰিছিল ৷ হয়, তাই ভাল পাইছিল সমীৰণক ৷ জোনালী তাইৰ সিদ্ধান্তত অটল হৈ ৰৈছিল ৷ তাই ৰাধাৰ অভিনয় কৰিবলৈ এৰি পেলাইছিল ৷  সমীৰণবিহীন ৰাসত তাহ ৰাধা ভাও গাবলৈ নিজকে সাজু কৰিব নোৱাৰিছিল ৷

সমীৰণ গাঁও এৰি যোৱাৰ দুখত জোনালী প্রথমে ভাগি পৰিছিল ৷ প্রেমৰ অনুভূতিৰে হূদয়খন ভৰুণ হবলৈ লওঁতেহ সমীৰণ যে যাত্রা কৰিছিল কাঁহটেৰে আগুৰা এক দুর্গম পথত৷ অনিষ্চয়তা আৰু সংঘর্ষৰে উত্তপ্ত এক ভয়াৱহ জীৱন সমীৰণে আঁকোৱালি লৈছিল ৷ কত হাবিয়ে–জংঘলে আছেগৈ সি, ভাবিয়েহ তাইৰ দুইচকু সেমেকি পৰিছিল ৷ কিন্তু জোনালীয়ে নিজকে বুজাইছিল সি তাইক ঘূৰি আহিম বুলি কথা দি গৈছে ৷  গতিকে এদিন সমীৰণ ঘূৰি আহিবই ৷ জোনালীৰ নিজৰ প্রেমৰ ওপৰত বিশ্বাস আছে ৷ তাই অপেক্ষা কৰিব সমীৰণ ঘূৰি অহালৈ ৷ কেইটানো বছৰ চাগৈ

তাই বাট চাব সমীৰণ ঘূৰি অহালৈ ৷

সমীৰণৰ অপেক্ষাত জোনালীয়ে চল্লিশৰ ডেওনা পাৰ কৰিলে ৷ কঁকাললৈকে পৰা কলা চুলিটাৰি, ধেনুভিৰীয়া চেলাউৰি যোৰৰ সৈতে পদুম ফুলৰ পাহি হেন চকুযুৰি দেখিলে যিকোনো মানুহেই জোনালীৰ ৰূপৰ প্রেমত পৰে ৷ তাই যেন ইন্দ্রপুৰীৰ লাৱণ্যময়ী মেনকাজনীহে ৷ ৰূপহী জোনালীৰ বাবে দৰাৰ আকালটো কেতিয়াও নাছিল ৷ মানুহে সদায় ধুনীয়া ফুলপাহ ছিঙিবলৈ মন মেলাৰ দৰে বহু লৰাই জোনালী নামৰ ফুলপাহ ছিঙি নিজৰ কৰিবলৈ চেষ্টা কৰিলে ৷ পিছে তাইৰ মনটো কোনেও নাপালে ৷ শামুকৰ খোলাৰ দৰে কিবা এক টান আৱৰণৰ ভিতৰত তাই গোপনে সামৰি থলে তাইৰ কোমল মন ৷ তাইৰ সৈতে সংসাৰ কৰিবলৈ মন কৰাকেহটাও কেতিয়াবাই বাপেকী হল ৷ পিছে সেই ৰূপহী জোনালী আজিও অবিবাহিত হৈ ৰল ৷

জোনালী যে ৰৈ আছে এতিয়াও কাৰোবাৰ বাবে ৷ হয়তো সেই কঠিন খোলাৰ ভিতৰত সামৰি থোৱা কোমল মনটোত সংগোপনে লৈ ফুৰিছে তাইৰ মনৰ মানুহজনৰ নাম

তাইৰ প্রিয়তমৰ নাম

জোনালীৰ হূদয়ত খোদিত হৈ আছে মাথোঁ সমীৰণৰ নাম ৷

জোনালীক লৈ লাহে লাহে তাইৰ ঘৰখনটো অশান্তি হবলৈ ধৰিছিল ৷  তাইক বিয়া পাতিবলৈ বিচৰা সকলোৰে প্রস্তাৱ তাই অগ্রাহ্য কৰিছিল ৷ মাকে খঙতে এদিন সুধি পেলাহছিল ৷

 ঃ কোনোবা আছে যদি কবি আকৌ৷ আমি বিয়া পাতি দিম ৷ পেটত এনেকৈ কথা লুকুৱাই থলে কি হব ।

তাই মাকক সেহদিনা স্পষ্ট উত্তৰ দিছিল,

 ঃমই বিয়াত নবহোঁ ৷ তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে ৷

 ঃবাপেৰটো দিনে দিনে বেমাৰী হৈ আহিছে পিছত ভায়েৰটোও আছে ৷ তই নিজৰ মতত এনেকৈ আঁকোৰগোজ হৈ থাকিলে নহব নহয় ৷

 ঃমোৰ কাৰণে ভাইটিক ৰখাই থব নালাগে ৷ তাৰ বিয়া সময়ত পাতি দিবি ৷ মোৰ একো আপত্তি নাই ৷

এৰা জোনালীয়ে মুখ খুলি কাকো কব নোৱাৰিছিল সমীৰণৰ বাবে কৰা অপেক্ষাৰ কথা

সি যে উগ্রপন্থী আছিল ৷

সময় পাখিলগা কাঁড়ৰ দৰে গতি কৰে ৷  এই সময়ে একোৰে স্থায়িত্ব নাৰাখে ৷ সময়ে মাথোঁ সকলোতে আঁকি যায় পৰিৱর্তন ৷ গাঁওখনলৈও পৰিৱর্তন আহিছিল ৷ সকলোৰে ঘৰবোৰত বোৱাৰী আৰু নাতি–পুতিৰ সমাগম ঘটিছিল ৷ জীয়ৰীবোৰ বিয়া হৈ কোনো গাঁৱত, কোনো চহৰত স্বামীৰ লগত  সংসাৰ পাতিছিল ৷ জোনালীহঁতৰ ঘৰখনৰো এই পৰিৱর্তন নোহোৱাকৈ থকা নাছিল ৷ ভায়েকেও গাঁৱৰে চম্পাক বিয়া পাতি সংসাৰ ধর্ম পালন কৰিলে ৷ সিহঁতৰো চাৰিজনীয়া পৰিয়ালটো পাঁচজনীয়া হল ৷ কেতিয়াবা জোনালীৰ মনটো উদাস হয় ৷ গাঁওখনত তাইৰ নলেগলে লগা গোটেইকেহজনীৰে বিয়া হৈ গল ৷ আনকি সখীয়েক মাধৱীও বিয়া হয় কমলাবাৰীৰে এজন যুৱকৰ সৈতে ৷ নিঃসংগতাই কালসর্পৰ দৰে মেৰিয়াই  তাইক কেতিয়াবা দুর্বল কৰে৷ বহুতে তাইলৈ কৌতূহলজনক দৃষ্টিৰে চায় ৷ ইমান ৰূপ–লাৱণ্য থকাৰ পিছতো জোনালী কিয় অবিবাহিত হৈ ৰল ।

এই অপেক্ষা সমীৰণৰ বাবেইনে

মাকজনী অসহায় হৈ পৰিছিল ৷ চিন্তা নহবনো কিয় ৷ ঘৰত আছে অবিবাহিত কুমাৰী জীয়ৰী ৷ কি হব তাইৰ ভৱিষ্যৎ এই কথাবোৰ ভাবি মাকজনী কেতিয়াবা অস্থিৰ হয় ৷

 এৰা, কোনেও বুজি নাপায় জোনালীৰ মন সমুদ্রত চলি থকা জোৱাৰভাতাবোৰৰ কথা ৷

কিয় জোনালীয়ে কোনো পুৰুষৰ প্রেম প্রস্তাৱ গ্রহণ নকৰে

কাৰ বাবে এই অপেক্ষা

মানুহৰ মাজত বু বু বা বা চলি থাকে ৷ তাইৰ আৰু সমীৰণৰ প্রেম কাহিনী ন ন ৰূপত গাঁৱৰ মানুহৰ মুখে মুখে বাগৰে ৷

মাকেও কেতিয়াবা সেই বু বু বা বাবোৰৰ খবৰ পাই জোনালীক বুজাবলৈ যত্ন কৰে ৷

 ঃ সমীৰণৰ লগত তোৰ কিবা সম্বন্ধ আছিল যদি পাহৰি যা তাক৷ জীয়াই আছে নে নাই তাকো ঠিক নাই ৷ ইমান বছৰে নাহিল যেতিয়া কেতিয়া আহিব মিছা আশাৰে জীৱন ধবংস নকৰিবি ৷

জোনালী নীৰৱ হৈ ৰয় ৷ তাইৰ ওচৰত প্রতিবাদ কৰিবলৈ শব্দৰ অভাৱ ৷ কেতিয়াবা মাকে কোৱা কথাবোৰ ভাবি ভাবিয়ে মনৰ কোণত অভিমান এটাই মূৰ দাঙি উঠে৷ এৰা, এবাৰো বাৰু তেওঁ ভাবিব নাপায়নে মূলসুঁতিলৈ ঘূৰি অহাৰ কথা ৷ ইমান বছৰে দেশৰ বাবে জীৱনৰ বহুমূলীয়া সময় দিলে ৷ অলপ সময় তাইক দিবলৈ মন নাযায়নে

অৱশেষত আকাংক্ষিত খবৰটো তাই পাইছে ৷ খবৰটো ওলাইছে কাকতে–পত্রই ৷ সেহ অঞ্চলৰ দহজন যুৱক মূলসুঁতিলৈ ঘূৰি আহিব ৷ ৰঙালী বিহুৰ আগে আগে হাতৰ অস্ত্র চৰকাৰক সমর্পণ কৰি সিহঁতে সশস্ত্র সংগ্রামৰ পৰা বিদায় লব ৷ এৰা, ঘৰৰ লৰা ঘৰলৈ ঘূৰি অহাৰ আনন্দত বহু বছৰৰ মূৰত বহু লোকৰ ঘৰত এইবাৰ অতি হেঁপাহেৰে বাপতিসাহোন বিহুটো পাতিব৷ বাতৰিত পোৱা মতে আত্মসমর্পণকাৰীসক্ মাজত জোনালীহঁতৰ গাঁৱৰ ৰুবুল দত্ত নামৰ লৰা এজনৰ নাম আছে ৷ কিন্তু সিহঁতৰ গাঁৱত যে সমীৰণৰ বাহিৰে কোনো ৰুবুল নামৰ লৰাই উগ্রপন্থী সংগঠনত যোগ দিয়া নাছিল ৷ গতিকে সি সমীৰণেই হব ৷ জোনালীৰ দৃবিশ্বাস সমীৰণ এদিন ঘূৰি আহিবই ৷ সেই বিশ্বাসে তাইক ভাবিবলৈ বাধ্য কৰিছে ৰুবুল দত্ত আন কোনো নহয় সমীৰণ দত্তই হব৷ তাই শুনিছিল লৰাবোৰে হাতত অস্ত্র তুলি লোৱাৰ পিছত নিজৰ নাম সলাই নতুন নাম লয় ৷ সমীৰণেও চাগৈ ৰুবুল নামটো লৈছিল ৷ কিন্তু ৰুবুল নামটো দেখি গাঁৱৰ কোনো মানুহে ভবা নাই সমীৰণ আহিব বুলি ৷  জোনালী কিন্তু ব্যতিক্রম ৷ তাই সাজু হৈছে সমীৰণক আদৰিবলৈ ৷

খবৰটো পোৱাৰ পিছত কেইবাদিনো ধৰি জোনালীয়ে তাঁতশালখনত তাঁত জুটিতে লাগি আছে ৷ প্রতিবছৰৰ দৰে এইবাৰো তাই বিহু বুলি গামোচা এজুটি লগাইছিল ৷ আনবাৰৰ দৰে এইবাৰো তাই সমীৰণৰ বাবেও এখন ভমকাফুলীয়া গামোচা বৈছে ৷ এৰা, এইবাৰ যে তাইৰ বহুদিনীয়া আশা এটা পূর্ণ হব ৷ কিবা এক মিঠা আৱেশে তাহক আনমনা কৰিলে ৷ আজিও মনৰ আনন্দতে জোনালীৰ মাকো খৰকৈ চলিছে ৷ গামোচা জুটিৰ এইখন শেষৰখন গামোচা৷ এইখন গামোচা বৈ শেষ হলেই তাইৰ তাঁতখন কাটিব পৰা হব ৷ আজি তাই গামোচা তাঁতৰ পৰা কাটিবই লাগিব ৷ পিছদিনা যে সেই বিশেষ দিনটো আছে ৷ সেই দিনটো জোনালীৰ বাবে সঁচাই জীৱনৰ উল্লেখনীয় দিন হব ৷ সমীৰণে আত্মসমর্পণ কৰি সশস্ত্র সংগ্রাম ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিব ৷ তাৰ আত্মসমর্পণৰ মুহূর্তত জোনালী উপস্থিত থাকিলে সি যে কিমান সুখী হব ৷  কমলাবাৰীতে হব আত্মসমর্পণৰ অনুষ্ঠানটো ৷ সিহঁতৰ গাঁৱৰ পৰা দহ কিলোমিটাৰমান দূৰত্ব কমলাবাৰীলৈ ৷ তাই পিছদিনা কমলাবাৰীলৈ যাব ৷ জোনালীয়ে যে এইবাৰ তাইৰ চেনাইধনলৈ বুলি বোৱা গামোচাখন নিজ হাতে দিব৷ মিঠা আৱেগৰ বতাহছাটিয়ে তাইক কোৱাই গল ৷ সেই বতাহছাটিৰ পৰশত ৰঙীন হৈ পৰিল জোনালীৰ দেহ–মন ৷

কিন্তু মাকক কি কব  ?

কিয় যাব তাই কমলাবাৰীলৈ ?

কাৰণ এটাতো দিব লাগিব ৷

শেষত জোনালীয়ে উত্তৰ বিচাৰি পালে ৷

তাই সখীৰ ঘৰলৈ যোৱাৰ কথা কব৷ কমলাবাৰীলৈ বিয়া হৈছে তাইৰ সখী মাধৱী ৷ তাতে এইবাৰ গামোচা জুটিৰ বাবে ফুল বাছিবলৈ সখীয়েকৰ পৰা চানেকিখনো আনিছিল জোনালীয়ে ৷ প্রতিবছৰেই সমীৰণলৈ বুলি বোৱা গামোচাখনত জোনালীয়ে ভমকাফুলীয়া ফুল এটা বাছেই ৷ বিহুৰ দিনা দিবলৈ নাপালেও তাই আলফুলে জাপি গামোচাখন বাকচত ভৰাই থয় ৷ মনটোক সান্তনা দি নিজকে কয়,

 ঃযেতিয়া সি আহিব তেতিয়া সকলো গামোচা একেলগে দিম ৷

কিন্তু এইবাৰৰ কথাবোৰ বেলেগ ৷

এইবাৰ যে সমীৰণ আহিবই ৷

তাই বুদ্ধিটো পালেগৈ ৷

এৰা, জোনালীয়ে মাকক কব সখীয়েকৰ চানেকিখন ঘূৰাবলৈ তাই সখীৰ ঘৰলৈ যাব ৷

মাকে দেশৰ খবৰ নাৰাখে গতিকে তাই যোৱাৰ উদ্দেশ্য বুজি নাপায় ৷

ভাব সাগৰত ঢৌত উটি–ভাহি ফুৰোঁতেই জোনালীৰ গামোচা বৈ শেষ হল ৷ তাঁতখন কাটিবৰে হল ৷ জোনালীয়ে মাকক চিঞৰ এটা মাৰিলে ৷

 ঃমা আহচোন৷ গামোচা কাটিবৰ হল ৷

তাহ ব্লেড এখন লৈয়ে গামোচাবোৰ টোলোঠাৰ পৰা কাটি গল ৷ মাকে গামোচাবোৰ এখন এখনকৈ চোতালৰ দাংডালতে মেলি দিলে ৷ গামোচাৰ পৰা এক ফুৰফুৰীয়া গোন্ধ ওলাই বিয়পি পৰিল ৷

নতুন কাপোৰৰ গোন্ধ ৷

মাকজনী সুখী হয় ৷

নিজে বোৱা কাপোৰ বিক্রীয়ে জীয়েকে নিজৰ হাতখৰচ উলিয়ায় ৷  জীয়েকৰ নিখুঁত কামবোৰ চাহ মাকে গৌৰৱ অনুভৱ কৰে ৷  ৰূপে গুণে যে তাই অপৰূপা ৷ একে সময়তে মাকক দুখ এটায়ো মেৰিয়াই ধৰে ৷  ইমান গুণী জীজনীক ভাল লৰা এটাৰ হাতত গতাব নোৱাৰিলে ৷

 ঃমা, মই কাইলৈ সখীৰ ঘৰলৈ যাম৷ ঘৰতে সোমাই সোমাই আমনি লাগিছে ৷ তাতে চানেকিখনো দিবলৈ আছে ৷

টোলোঠাটো মেৰিয়াই মেৰিয়ায়ে জোনালীয়ে মাকক কলে ৷ জোনালীৰ মাতত মাকৰ ভাৱনাৰ যতি পৰিল ৷

 ঃবিহুৰ পিছত যাবি নহলে ৷ বিহুলৈ এতিয়াও কেহবাদিনো বাকী আছে ৷ পিঠাপনা এটাও বনোৱা নাহ লৈ যাবলৈও ৷

 ঃ নাই নাই মই এইবোৰ বস্তু কঢ়িয়াই নিব নোৱাৰোঁ ৷ কমলাবাৰীতে কিবা মিঠাই–চিঠাই এটা কিনি দিম ৷

 ঃযাবি তেতিয়াহলে ৷

মাকে গামোচাবোৰ মেলি দি বাঁহনিডাল লৈ পদূলিটো সৰাত লাগিল ৷ জোনালীয়ে লাহে লাহে টোলোঠাটো মেৰিয়াই উঘা, চেৰেকি, মাকো আৰু মহুৰাবোৰ সামৰাত লাগিছে ৷

মনটো তাইৰ থৌকিবাথৌ ৷

কি বা হয় কাইলৈৰ পৰা

হয়তো, তাইৰ জীৱনেই সলনি হৈ যাব ৷

হয়তো, তাই সোনকালে এই ঘৰ এৰি সমীৰণৰ ঘৰখন চম্ভালিবগৈ লাগিব৷ এৰা, সমীৰণৰ ঘৰখনৰ কথা ভাবিলে তাইৰ বেয়াই লাগে ৷

ৰুগীয়া মাকজনী আৰু ৰুগীয়া ককায়েকটো

কি যে দিন কটাইছে দুয়ো ৷

উগ্রপন্থী ভায়েকক বিচাৰি আহি নাপাই কিমানবাৰ আর্মীয়ে ককায়েকটোক ধৰি নি কঠোৰ শাস্তি দিলে ৷ নির্দোষী মানুহটো আর্মীৰ অত্যাচাৰতে অকালতে বেমাৰী হল ৷ ভৰি এখনো নিষ্কৰ্মা  হল ৷

বিয়া–বাৰু নকৰিলে তেওঁ ৷ মাকজনীৰ ভৰসাতে যেন ককায়েকটোও জীয়াই আছে ৷ এদিন যে ভায়েকটো ঘূৰি আহিব সেই আশা সি কেতিয়াবাই এৰি দিলে ৷ সিহঁতে হয়তো গমেই নাপায় সমীৰণ কাইলৈ আহিব বুলি ৷ এৰা, গম পালেও কোননো যাব ।

অজানিতে জোনালীৰ হুমুনিয়াহ এটা সৰি পৰিল ৷ জোনালীয়ে মনতে ভাবে জানেনে বাৰু সমীৰণে তাৰ ঘৰৰ এই দুৰৱস্থাৰ কথা ।

নাজানে চাগৈ জনা হলে সি হমানদিনে মূলসুঁতিলৈ ঘূৰি আহিলেহেঁতেন ৷

 ঃগামোচাবোৰ বেছি সময় মেলি নথবি৷ বগা কাপোৰ কিবা পৰিলেই লেতেৰা হব ৷ ভিতৰলৈ সামৰি আন ৷

মাকৰ মাতত জোনালীৰ তন্ময়তা ভাগিল ৷ লৰালৰিকৈ দাংডালৰ পৰা গামোচাবোৰ আনি জাপিবলৈ লাগিল ৷

বিশখন গামোচা

তাৰে এখন তাই সমীৰণলৈ দুখন বাপেক আৰু ভায়েকলৈ বৈছে ৷  বাকীখিনি তাই বেচিব ৷ গ্রাহক ঠিক হৈয়ে আছে ৷ সমীৰণলৈ বুলি বোৱা গামোচাখন টানি আনি আলফুলকৈ জাপিলে ৷ এবাৰ ফুলটো চাই তাই সন্তুষ্টিৰ হাঁহি মাৰিলে ৷ প্রায় তিনিশ কাঠিৰ জাপি ফুলটো সঁচাকৈ বৰ ধুনীয়া হৈছে ৷ গামোচাবোৰ সামৰি ভিতৰলৈ আনি ভাগে ভাগে ৰাখিলে ৷  কোনেও নেদেখাকৈ সমীৰণৰ গামোচাখন পেকিং কৰি তাই ফুৰিবলৈ লৈ যোৱা বেগটোত ভৰাই থলে ৷

গধূলি লাগি আহিল ৷ আজি জোনালী নিজৰ কামতে ব্যস্ত৷ মাকক ঘৰৰ কামটো সহায় কৰা নাই ৷ মাকেও গোসাঁই ঘৰত ধূপ চাকি লগাই আজৰি হৈছে ৷ বোৱাৰীয়েকে চাহৰ কেটলিটো জুহালত তুলি জোনালীক কলে,

 ঃবাইদেউ চাহ তুলিছোঁ ৷

 ঃখাম ৰবা, মই হাত–মুখবোৰ ধুই আহো ৷

বোৱাৰীয়েকে এই সময়ত সদায় লালচাহ অকণমান দিয়ে সকলোকে ৷  ভায়েকো কামৰ পৰা আহি সোমাইছে ৷

হাত–মুখকেহটা ধুই জোনালীয়ে বোৱাৰীয়েকে দিয়া চাহকণ খাই ললে ৷ চাহ খাই মাকো পাকঘৰত সোমাল ৷ সিহঁতৰ ভাত খোৱা সোনকাল৷ আজিও সোনকালেই ভাতকেইটা খাই জোনালী নিজৰ কোঠালৈ গল ৷

মনটো তাইৰ উগুল–থুগুল ৷ একো কামতে মন দিব পৰা নাই ৷ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি ললে জোনালীয়ে ৷ তাই ৰেক ডালত থকা   ট্ৰাংটো নমাই আনিলে ৷ সেই বাকচটো তাইৰ ব্যক্তিগত ৷ তাত আছে সমীৰণলৈ বৈ থোৱা গামোচাবোৰ আৰু তাইৰ নতুন সাজবোৰ ৷ আজি তাই ট্ৰাংটো খুলি প্রথমে নতুন কাপোৰ এসাজ উলিয়ালে ৷  যোৱাবাৰ বহাগ বিহুতে বোৱা গুলপীয়া ৰংৰ নুনী পাটৰ কাপোৰযোৰ ৷ তাই পিন্ধাই নাই সেইযোৰ আজিলৈকে ৷

কাইলৈ তাই সেইযোৰকে পিন্ধিব ৷ কাপোৰযোৰ উলিয়াই তাৰ লগত মিলাকৈ ব্লাউজ এটা বিচাৰিলে ৷ একে ৰঙৰ এটা ব্লাউজ পাই সেহটোকে কাপোৰযোৰৰ লগত পিন্ধিবলৈ আলনাডালতে  উলিয়াই জোনালী বিছনাত শুই পৰিল ৷ আহিবলগা দিনটোৰ মধুৰ কল্পনাই তাইৰ মুখত এটা উজ্জ্বল হাঁহি বিৰিঙাই তুলিলে ৷

পিছদিনা জোনালী কুকুৰাৰ প্রথম ডাকতে শুহ উঠিলে ৷ বাহীঘৰ সাৰিপুচি তাই গাটো ধুই আহিল ৷ মনটো যে তাইৰ কমুৱা তুলাৰ দৰে উৰিছে ৷ কামবোৰৰ মাজে মাজে অন্যমনস্ক্ হৈ পৰিছে জোনালী৷ স্মৃতিবোৰে মনৰ মাজত পেণ্ডুলাম এটাৰ দৰেহ অগা–দেৱা কৰি আছে ৷ ঘৰৰ সকলোকে চাহকণ দি তাই ওলাবলৈ বুলি সাজু হল ৷ তাই চাৰে আঠ বজাত কমলাবাৰীলৈ যোৱা বাছখনতে যাব৷ মাকেও গাটো ধুই লৰালৰিকৈ পাকঘৰত সোমাবলৈ লৈছে ৷ তাই মাকক কলে,

 ঃ মোৰ কাৰণে ভাতৰ যোগাৰ নকৰিবি ৷ খাবলৈ মন নাই ৷

 ঃ ভাত কেহটামান খাই যা৷ খালী পেটে যাব নাপায় ৷

 ঃ সখীৰ ঘৰত খাম মা ৷

 ঃ সখীৰ ঘৰত খাবিগৈ বাৰু ঘৰতো জলপানৰ দৰে কেহটামান খাই যা ৷

মাকে লৰালৰিকৈ ভাত বনোৱাত লাগিল ৷ তায়ো কাপোৰযোৰ পিন্ধি ললে ৷ আঁঠুমূৰলৈকে পৰা দীঘল চুলিটাৰি ধুনীয়াকৈ গুঁঠিলে ৷ কপালত সৰুকৈ ৰঙা ফোঁট এটা লৈ আহনাত মুখখনি চালে ৷ আত্মসন্তুষ্টিত তাইৰ দুচকু জিলিকি পৰিল ৷ মাকে বাঢ়ি দিয়া ভাতকেইটা লৰালৰিকৈ খাই জোনালীয়ে বেগটো লৈ ওলাল যাবলৈ ৷

 ঃ মা যাওঁ ৷

 ঃ যা যা ৷ আবেলিৰ বাছতে ঘূৰিবি৷ থাকিব নালাগে ৷

 ঃ নাথাকোঁ মা ৷

তাইৰ মুখত হাঁহি এটা বিয়পি পৰিল ৷ তাই জানে মাকে যে এনেকৈ কব ৷

তাই কৰবাত থকাকৈ গলে মাকে বেয়া পায় ৷

 গাঁৱৰ আলিমূৰতে জোনালী বাছখনত উঠিল ৷ খিৰিকী কাষৰ ছীট এটাতে তাই বহিলগৈ ৷

বতৰটো ফৰকাল ৷

মাজে মাজে বতাহ এছাটিও মাৰি আছে ৷ বতাহছাটিয়ে যেন তাইৰ মনটোও উৰুৱাহ নিছে এৰি অহা দিনবোৰলৈ ৷ স্মৃতিবোৰ ফল্গুধাৰাৰ দৰে যেন ববলৈ ধৰিলে তাইৰ মন গহনত৷ কিমান বছৰ দেখা নাই তেওঁক ।

প্রায় পঁচিশ বছৰ ৷

সলনি হল চাগৈ তেওঁ ৷ দেশ উদ্ধাৰ কৰিবলৈ হাবিয়ে–বননিয়ে ঘূৰি ফুৰোঁতে কিমান যে কষ্ট পালে চাগৈ ৷ সমীৰণৰ বাৰু তাইক কোৱা কথাবোৰ মনত আছেনে সমীৰণৰ মনত আছেনে বাৰু অতীতৰ সেই বিশেষ দিনটো  যিদিনা সমীৰণে বকুলজোপাৰ তলত জোনাকৰ বৰষুণত তিতি তাহৰ পৰা বিদায় লৈছিল ৷

যৌৱনৰ মধুময় দিনবোৰৰ স্মৃতিৰ নৈখনি জোনালীৰ মনগহনত যেন ববলৈ ধৰিছে মধুৰ সুৰেৰে ৷ হয় যৌৱনৰ  সুবাসিত ক্ষণবোৰ জোনালীৰ মনলৈ আহিছে ৷

আনকেহবাৰৰ দৰে সেইবাৰো জোনালীয়ে ৰাধা লৈছিল আৰু সমীৰণ কৃষ ৷ এযুৰি উজ্জ্বল চকুৰে সৈতে সমীৰণ আছিল এক গহীন ব্যক্তিত্বৰ গৰাকী ৷ স্বাভাৱিকতে ৰাধা ৰূপী জোনালী লাহে লাহে আকর্ষিত হৈছিল কৃষৰূপী সমীৰণলৈ ৷ ৰিহার্চেল কৰিবলৈ যাওঁতে সকলো সময়তে যেন জোনালীয়ে অনুভৱ কৰে এযুৰি উজ্জ্বল চকুৱে তাইক একেৰাহে অনুসৰণ কৰে৷ মাজে মাজে চকুৱে চকুৱে পৰিলে গা মূৰ গৰম হয় জোনালীৰ, শৰীৰৰ মাজেৰে এক শিহৰণ অনুভৱ কৰে ৷ সকলো সময়ত তাইক সেই চকুযুৰিয়ে খেদি ফুৰে ৷ তেওঁক তাইৰ কাষত পাবলৈ মন যায় ৷ এনেকুৱা অনুভৱ জোনালীৰ আগতে কেতিয়াও হোৱা নাছিল  ৷ তাই নিজকে সোধে কিয় তাইৰ মনটোৱে অহৰহ সমীৰণৰ সন্ধানত থাকে ।

 এয়াই হয়তো প্রেম ৷ সমীৰণ প্রায়ে ৰিহার্চেললৈ দেৰিকৈ আহে ৷  সমীৰণ নহালৈকে জোনালীৰ চকু দুৱাৰৰ ফালেই থাকে ৷

এৰা, কত যায় সদায় সমীৰণ

তাইৰ জানিবলৈ মন যায় ৷

কেতিয়াবা জোনালীৰ বুকুখন এক অজান আংশকাত কঁপি উঠিছিল ৷

তাইৰ সখীয়েকে কৈছিল সমীৰণহঁতৰ ঘৰতো উগ্রপন্থী আছে ৷  সেইবোৰ ঘৰ এৰি সশস্ত্র সংগ্রামত যোগ দিয়া লৰা ৷  ওচৰ–পাঁজৰৰ কেইবাখনো গাঁৱৰ লৰা এইদৰে ঘৰ এৰি সংগ্রামত যোগ দিছে ৷

এৰা, সমীৰণ সিহঁতৰ লগত পৰি দেশ উদ্ধাৰৰ বাবে সশস্ত্র আন্দোলনত যোগ নিদিয়েতো

নাই নাই সমীৰণ নাযায় ৷ তাৰ পঢ়াৰ প্রতি বহু ধাউতি ৷ পঢ়াটো আধাখনীয়া কৰি সি নাযায় ৷ কিন্তু তাইৰ সংশয়টোৱে এদিন বাস্তৱত সঁচা ঘটনাৰ ৰূপ লৈছিল ৷

হয়, তাইৰ স্পষ্ট মনত আছে সেহদিনা ৰাসৰ দ্বিতীয় দিন আছিল ৷ গ্রীনৰুমত দুয়ো ৰাধা আৰু কৃষ ৰূপত সাজিকাচি ৰৈ আছিল ৷ মহাৰাস  আৰম্ভ হোৱালৈ সময় আছিল ৷ সমীৰণে তাইক ইংগিতেৰে মাতি ৰংগমঞ্চৰ কাষতে থকা বকুলজোপাৰ তললৈ লৈ গল ৷ সেই ঠাইকণ অলপ আওহতীয়া বাবে জনসমাগম কম ৷ পূর্ণিমাৰ ৰূপালী জোনটোৱে মুঠি মুঠি জোনাক সিঁচিছে ধৰালৈ ৷ জোনাকৰ বৰষুণত তিতি দুয়ো থিয় হল বকুল জোপাৰ তলত ৷

 ঃ বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁঃ

 ঃ কি কথা কোৱাঃ

জোনালী উত্তেজনাত কঁপি উঠিছিল ৷ তাই যে সমীৰণৰ চকুৰ ভাষা কেতিয়াবাই বুজি উঠিছিল ৷

 ঃমই যে তোক ভাল পাওঁ জোনালী ৷

কাষৰ ৰংগমঞ্চত চলি থকা ৰাসৰ ভাওৰীয়াৰ সংলাপৰ হুলস্থূলৰ মাজতো জোনালীয়ে সমীৰণৰ কথাবোৰ ঠিকেই শুনিছিল ৷ অলপ সময়ৰ বাবে তাই নীৰৱে ৰল ৷ লাজ লাজ অনুভৱ এটাই তাইক চুই গৈছিল ৷ তললৈ মূৰ কৰিয়ে তাই বহুদিনৰ পৰাই হূদয়ত অনুৰণিত হৈ থকা কথাটো কৈ পেলাইছিল ৷

 ঃ ময়ো তোমাক ভাল পাওঁ সমীৰণদা ৷

এৰা, ৰাতিৰ আকাশ জিলিকাই ওলমি থকা পূর্ণিমাৰ ৰূপোৱালী জোনটো যেন সেহ মুহূর্তটোৰ সাক্ষী হৈ ৰৈছিল ৷

 ঃ মই দেশ উদ্ধাৰৰ বাবে সশস্ত্র সংগ্রামত ভর্তি হম ৷ আজিয়ে মই পুৱতিনিশালৈ যামগৈ দলটোৰ লগত ৷

তই মোলৈ ৰবিনে

একে সময়তে সুখ আৰু দুখৰ এক মিশ্রিত অনুভৱে তাহক অশান্ত কৰি তুলিছিল ৷

 ঃ নগলে নহয়নে

জোনালীয়ে মূৰ দাঙি সমীৰণলৈ চাহ আকুলতাৰে সুধিছিল,

 ঃ নহব মই যামেই ৷ মহ সংকল্প লৈছোঁ ৷ যেতিয়া মোৰ কাম সমাধান হব ঘূৰি আহি মহ তোক বিয়া পাতিম ৷

 ঃ তুমি অহালৈ মই বাট চাম সমীৰণদা৷ মহ অপেক্ষা কৰিম ৷

দুয়ো দুয়োকে হেঁপাহ পলুৱাই চাই ৰৈ গৈছিল ৷  যেন স্থবিৰ হৈ যাওক এই সময়, এই ধৰা ৷

সখীয়েকৰ মাতত দুয়ো বাস্তৱলৈ আহিছিল ৷ সখীয়েকে জোনালীক বিচাৰি সেইখিনি পোৱাৰ আগতে দুয়ো সেই ঠাই ত্যাগ কৰিছিল ৷ সেয়াই আছিল সিহঁতৰ শেষ দেখা ৷ সেই যে জোনালীয়ে কথা দিছিল তুমি অহালৈ ৰম বুলি সেই কথা তাই ৰাখিলে৷ আজি পঁচিশটা বছৰৰ পিছতো তাই ৰৈ আছে সমীৰণৰ বাবে ৷ তপত চকুলো এধাৰি অজানিতে বৈ গল ৷

 ঃ বাহদেউ ভাৰাটো দিব৷

বাছ কণ্ডাক্টৰজনে মাতত জোনালী অতীতৰ মোহনাৰ পৰা উলটি আহিল ৷ বেগটো উলিয়াই বাছৰ ভাৰাটো কণ্ডাক্টৰজনৰ হাতত দিলে ৷  বাছখন অলপদূৰ গৈ ৰখালে৷ কণ্ডাক্টৰজনে চিঞৰিলে,

 ঃকমলাবাৰী কমলাবাৰী,

জোনালী লাহেকৈ বাছৰ পৰা নামি আহিল ৷

বাছৰ পৰা নামি কর্ট ফিল্ডৰ ফালে জোনালীয়ে খোজ আগবঢ়ালে ৷ তাতে মিটিংখন আছে ৷ নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ৰাখিছে ৷  জোনালীও খৰ খোজেৰে ফিল্ড পালেগৈ৷ কর্ট ফিল্ডৰ সুসজ্জিত মঞ্চত মহকুমাধিপতিকে ধৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল বহি আছে ৷ আৰু সন্মুখৰ প্লাষ্টিকৰ চকীবোৰত বহি আছে ৰিপর্টাৰৰ পৰা আৰম্ভ কৰি অসংখ্য লোক ৷

সকলোৰে মনত উৎসুকতা ৷

এক মিঠা অপেক্ষাৰ অনুভূতিৰে ৰৈ আছে ঘৰলৈ ঘূৰি অহা আপোনজনলৈ ৷ তেওঁলোকৰ আলোকিত মুখবোৰ দেখিলেই বুজিব পৰা যায় তেওঁলোক যে আত্মসমর্পণকাৰীসক্ সম্বন্ধীয় লোক ৷ জোনালীও লাহেকৈ গৈ চকী এখনত বহিল ৷ তাই মঞ্চৰ ইফালে সিফালে চাইছে কেনেবাকৈ দেখে নেকি সমীৰণক ৷ কিবা এক শিহৰণে তাইক কঁপাই তুলিছে ৷  মহকুমাধিপতিয়ে ভাষণ দিলে ৷ সমর্পণকাৰীসকলক্ মূলসুঁতিলৈ ঘূৰি অহাৰ কাৰণে প্রশংসা কৰাৰ লগতে তেওঁলোকৰ সংস্থাপনৰ দায়িত্ব লৈছে ৷ জোনালীৰ দুচকু উজলি উঠিছে ৷ হওক তেওঁ সংস্থাপনটো হলে ভৱিষ্যতে একো চিন্তা নাই৷ মহকুমাধিপতিয়ে পুনৰ কৈছে অনাগত দিনত আৰু বহু যুৱক ঘূৰি অহাৰ কথা আছে ৷ এয়া সকলোৰে বাবে ভাল খবৰ ৷ জোনালীয়ে অস্ফোট শব্দৰে নিজকে কৈ উঠিল,

 ঃ সকলো ঘূৰি আহক ৷ আপোনজনৰ অনুপস্থিতিত উৰুঙা হৈ পৰা মনবোৰ ভৰি পৰক সুখৰ আৱেশেৰে ৷

মহকুমাধিপতিৰ ভাষণৰ পিছতে আত্মসমর্পণ আৰম্ভ হয় ৷ জোনালীৰ বুকুৰ ধপধপনিও আৰম্ভ হল ৷ এজন এজনকৈ লৰাবোৰে নিজৰ অস্ত্র ৰাখি আত্মসমর্পণ কৰি গল ৷ জোনালীয়ে অপেক্ষা কৰে হয়াৰ পিছতে নিষ্চয় সমীৰণ আহিব ৷ উত্তেজনাত তাহৰ শৰীৰ কঁপিবলৈ ধৰিলে ৷ মূৰ দাঙি দাঙি মঞ্চলৈ চায় ৷ এজনকৈ এজনকৈ দহজন যুৱকে নিজৰ অস্ত্র সমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ পণ কৰিলে ৷ তাত জোনালীয়ে সমীৰণৰ মুখ দেখা নাপালে,

কিন্তু

কিন্তু এয়া কি

ৰুবুল নামৰ লৰাটো দেখোন সমীৰণ নহয় ৷ কোনোবা বেলেগ গাঁৱৰ লৰাহে ৷  জোনালীয়ে বাৰে বাৰে চাইছে সিহঁতৰ মাজত সমীৰণক দেখে নেকি ইমান বছৰৰ ব্যৱধানত চেহেৰা সলনি হবও পাৰে ৷ কিন্তু তাই চিনি নোপোৱাকৈ চেহেৰাটো সলনি নহয় ৷ নাই, তাই কতো সমীৰণক দেখা নাপালে ৷ বাতৰিত হয়তো ভুলকৈ সিহঁতৰ গাঁৱৰ নামটো আহিল ৷ হতিমধ্যে দহোজনকে নিজৰ নিজৰ পৰিয়ালৰ মানুহে আদৰি ললে ৷ লাহে লাহে  ফুলৰ দৰে প্রস্ফুটিত হৈ থকা জোনালীৰ মুখখন হঠাতে নিস্তেজ হৈ পৰিল, যেন বতাহে বিধবস্ত কৰা এপাহ মৰহা ফুলহে ৷

মানুহবোৰ এজন এজনকৈ ঘৰমুখী হল ৷ শিলপৰা কপৌৰ দৰে অকলে বহি ৰল জোনালী ৷ সুখৰ জুৰিটি যেন হঠাতে গোট মাৰি এটা শিলা হৈ হূদয়ত বহি ৰল ৷ সেই শিলাৰ ভৰত যেন জোনালী অচল হৈ পৰিল ৷ ধাৰাসাৰ বৰষুণৰ দৰে মাথোঁ দুচকুৰে চকুলো ববলৈ ধৰিলে জোনালীৰ ৷

সমীৰণ নাহিল ৷

এইবাৰ তাই লাহেকৈ চকীৰ পৰা উঠিল ৷ এটা বজাৰ বাছখনতে তাই ঘৰলৈ যাব লাগিব৷ তাই যে খোজ আগবঢ়াব পৰা নাই ৷ এটা ধুনীয়া সপোনৰ মৃত্যুত তাহ স্তব্ধ হৈ পৰিছে ৷ এই ধুনীয়া সপোনটো লৈয়ে তাই জীয়াই  আছে ৷  সেই সপোনটোৰ মৃত্যু ঘটিলে তাই কেনেকৈ জীয়াই থাকিব ৷ লাহে লাহে জোনালীয়ে নিজকে সুস্থিৰ কৰিবলৈ চেষ্টা কৰিলে ৷ নাই তাইৰ ধুনীয়া সপোনটো ধবংস হবলৈ নিদিয়ে ৷ মহকুমাধিপতিয়ে ভাষণত কৈছিল আগন্তুক দিনত আৰু যুৱকে আত্মসমর্পণ কৰিব ৷ তাই আকৌ ৰব সমীৰণলৈ৷ তাই অপেক্ষা কৰিব সমীৰণ ঘূৰি অহালৈ ৷ আমৃত্যু তাই কঢ়িয়াই ফুৰিব এটা ধুনীয়া সপোন ৷

You might also like
Leave A Reply

Your email address will not be published.