প্রত্যাৱর্তন

চিত্তৰঞ্জন ওজা

বিৰজুক লগ পাবলৈ আহিছো আজি ৷

ৰূপমৰ সৈতে মোৰ কথা–বতৰা হলে এবাৰ হলেও বিৰজুৰ নাম ওলায় ৷ চাওঁতে চাওঁতে ত্রিশটা বছৰ পাৰ হল বিৰজুক লগ নোপোৱা ৷ অথচ এটা দিন তাক লগ নোপোৱাকৈ পাৰ হলে আমাৰ হাহাকাৰ লাগিছিল ৷  আমিকেইজন ইমান বন্ধু আছিলোঁনে যে ত্রিশটা বছৰ পাছত তাকেই বিচাৰি আহিছোঁ, নিজৰ সকলো কাম–বন বাদ দি পেলাই কথাটো ঠিক তেনে নহয় ৷ চাকৰিত যোগদান কৰা প্রায় ২৮ বছৰ হল আৰু অলপতে এটা প্রমোচনো পালোঁ ৷ আমি পঢ়া দিনৰ এটা লুক্রেটিভ জব, যাৰ আশাত চাৰি বছৰে কষ্ট কৰি অভিযান্ত্রিক মহাবিদ্যালয়ত পঢ়িলোঁ ৷ কার্যবাহী অভিযন্তাৰ চাকৰি ৷ দুটা দশক আগতে চাকৰিত যোগদান কৰাৰ আঠ বা দহ বছৰত পদোন্নতিৰে কার্যবাহী অভিযন্তা হব পাৰিছিল ৷ আৰু আজি মোৰ ২৮ বছৰ লাগিল ৷ এতিয়া এইটো তেনে লুক্রেটিভ চাকৰি বুলিও ধৰা নহয় ৷  বাহিৰা উপার্জনো কমি আহিল ৷ দায়িত্ব বহুত বাঢ়িল ৷ সকলোকে মেনেজ কৰা কম কথা নহয় ঠিকাদাৰৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজ, সাংবাদিক, এম এল এ, বিভাগীয় মন্ত্রী,  নতুনকৈ জাপি দিয়া গার্জেন মিনিষ্টাৰ আৰু বহুতকে ৷ এটা সময় আছিল যেতিয়া ঠিকাদাৰে টকা দিবলৈ কার্যবাহী অভিযন্তাৰ ঘৰৰ আগত ঘণ্ঢাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিব লাগিছিল ৷ আৰু এতিয়া, বিলৰ টকা পোৱাৰ পিছত ঠিকাদাৰক বিচাৰি দৌৰি থাকক, দেখা নিদিয়ে ৷ কমিছনৰ অংক কৰি কৰি আশাপালি বহি থাকি, শেষত গৈ আশাত চেঁচাপানী পৰিব ৷ কিছুমান ঠিকাদাৰক যে টকাৰ কথা কবই নোৱাৰি, ওপৰ মহলত কি লিংক আছে কোনে জানে ৷ এণ্ঢি কৰাপচন স্কোৱাডৰ নাম নোলোৱাই ভাল ৷ সাংবাদিকবোৰেও মাজে মাজে যিহে ভয় খুৱাবলৈ আহে ৷ প্রত্যেককে নতুন বছৰ, বিহু, পূজা বুলি বটল এটা লগতে নাস্তাৰ বাবে হাজাৰকৈ টকা দি সন্তুষ্ট কৰিছিলোঁ এটা সময়ত ৷ আজি সেইবোৰৰ পৰাও দূৰত থাকোঁ ৷ নিজেও নাখাওঁ, আনকো নুখুৱাওঁ ৷

প্রমোচনৰ লগে লগে ভাল ডিভিজন এটাত মোৰ চাকৰিও হল ৷ কিছু বছৰ আগত হলে বেচ কিছু খৰচ কৰিবলগীয়া হলহেঁতেন ৷ আজি পিছে সেই দিন নাই, যতে পোষ্টিং দিছে তাতেই কামত যোগদান কৰক ৷ দিন সলনি হল ৷ প্রমোচন হল যেতিয়া বৰ চাহাবসকলক লগ ধৰি কিছু উপদেশ, পৰামর্শ লবলৈ ৰাজধানীলৈ যাত্রা আৰম্ভ কৰিছোঁ ৷ এটা সময়ত  ভাব হৈছিল ধিক্ এই জীৱন ৷  গোলামিৰো এটা সীমা আছে ৷ উশাহ–নিশাহ বন্ধ হৈ যাব খোজে ৷ এনে এক চাকৰিৰ বাবেই নেকি ইমান পঢ়া–শুনা কৰিলোঁ কেৱল যেন এক প্রতিযোগিতা, টকা খোৱাৰ প্রতিযোগিতা ৷ সততা, ধর্ম, ন্যায়, সত্য এইবোৰ নাইকিয়া হৈ গল ৷ দুই–এজন সহাসী, সোঁতৰ বিপৰীতে চলা চাকৰিয়াল দেখিবলৈ পাওঁ ৷  তেনে মানুহ পালেই কৈ থওঁ, আপোনালোকে জীৱনত পদে পদে বিপদৰ সন্মুখীন হব ৷ সকলো মানুহ কচাই হৈ পৰিছে, ৰেপি ৰেপি মাংস কাটি খাব ৷  পঞ্চাছ বছৰৰ আগত জন্মলাভ কৰাহেঁতেন বেলেগ কথা আছিল ৷

এজন শিক্ষকে মোক কৈছিল, টেট পৰীক্ষা দি শিক্ষকৰ চাকৰিটো পালোঁ, এটকাও ভেঁটী নিদিয়াকৈ ৷ চাকৰিত যোগদান কৰিবলৈ গৈ জানিব পাৰিলোঁ ছার্ভিচ বুকত এটা চহী কৰিব লাগে ৷  অফিচাৰক হেনো দুহাজাৰ টকা লাগে, নহলে চহী কৰিবলৈ নিদিয়ে৷ বুুা আঙুলি দেখুৱাহ থৈ আহিলোঁ বাপ্পেকে ৷ চহী লবলৈ মোক মাতি নিব লাগিব৷ সঁচাকৈ এমাহ পিছত হেডমাষ্টৰৰ হতুৱাই মাতি মোৰ চহীটো ললে ৷

সেই শিক্ষকজনক মই সেৱা কৰিবলৈ বাকী ৰাখিলোঁ ৷

তাৰ লগত চাকৰি পোৱাসকলে তাক হেনো কৈছিল, যা যা এইহেন কলিকালত যুধিষ্ঠিৰ হৈ নেদেখুৱাবি ৷

চৰকাৰৰ আটাইতকৈ দুর্নীতিগ্রস্ত বিভাগটো হৈছে শিক্ষা বিভাগ ৷ শিক্ষকসকলে প্রতিটো কামত উৎকোচ দিব লাগে ৷ সেই শিক্ষকসকলে ছাত্রক কি বুলি নীতি শিক্ষাৰ জ্ঞান দিব

এতিয়া আহোঁ বিৰজু আৰু ৰূপমৰ কথালৈ ৷ সেয়া আছিল আশীৰ দশকৰ কথা৷ অসম চুক্তি ৰূপায়ণৰ পিছত চৰকাৰ গঠনৰ সময়ৰ কথা ৷  সেই বছৰতে অভিযান্ত্রিক মহাবিদ্যালয়ত নামভর্তি কৰিলোঁ ৷  অসম চৰকাৰৰ বিভাগ এটাত অভিযন্তা হোৱাৰ ইচ্ছা ৷ সেই সময়ত কেৱল টিভি, ইণ্ঢাৰনেট, স্মার্ট মবাইল ফোন, শ্বপিং মল আদি নাছিল ৷ গার্লফ্রেইণ্ডো নাছিল সময় কটাবলৈ ৷ আজৰি সময় পালেই চিনেমা চাবলৈ যাওঁ ৷ প্রথম ছেমিষ্টাৰত ছিৰিয়াছ ধৰণৰ আছিলোঁ ৷ লাহে লাহে পঢ়া–শুনা কমাই দিলোঁ ৷ বাকীবোৰ কাম মানে আড্ডা মাৰা, ছোৱালী চাব যোৱা, খেলা–ধূলা কৰা, তাচখেল, এইবোৰত বেছি সময় দিবলৈ আৰম্ভ কৰিলোঁ ৷  তাৰ লগে লগে বদ অভ্যাসবোৰ লগ লাগিল ৷ এটা–দুটা চিগাৰেট হোঁপা, মিঠাপাণ–চোবাবলৈ নতুনকৈ শিকিলোঁ ৷ পাণখন মুখত ললে বা চিগাৰেট হাতত লৈ কলেজৰ আগত খোজ কাঢ়িলে নিজকে পুৰুষ পুৰুষ লাগিবলৈ ধৰিলে ৷ এই গোটেই চব ৰূপমৰ পাল্লাত পৰিহে আৰম্ভ হল ৷ সি মোৰ ৰুমমেট আছিল প্রথমৰ পৰা৷ লগ পোৱাৰ দুদিনৰ পিছতে নলে–গলে লগা বন্ধু হৈ পৰিলোঁ ৷  কোনোবাই আমাক নাম দিলে আন কোনোবাই কাপ–প্লেট ৷  কলেজ এৰাৰ পিছতো সেই বন্ধুত্ব অটুট থাকিল ৷

আমাৰ মহাবিদ্যালয়ৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত নতুনকৈ এটা চিনেমা হল খুলিলে ৷ ছেকেণ্ড শ্ব চাহ খোজ কাঢ়ি আহিব পৰা দূৰত্বত ৷ চিনেমা হলৰ সমান্তৰালকৈ ঠাইখনত সৰু সৰু দোকান গঢ় লৈ উঠিল ৷ কেইজনমান ব্লেকাৰ আৱির্ভাৱ হল ৷ আমাৰ কেইজনমানে ব্লেকাৰক পিটাতো এটা অভ্যাসত পৰিণত কৰিলে ৷ প্রথম দিনা ৰূপমৰ লগত চিনেমা শেষ কৰি বাহিৰ ওলাই তামোল–পাণৰ অকণমানি দোকান এখনত মিঠাপাণ– বনাবলৈ দিলোঁ ৷ দোকানীজন ডেকা লৰা ৷  দুই–এটা কথা পাতিলোঁ ৷ বিৰজু তাৰ নাম ৷ হিন্দীতহে কথা কয় ৷ বিহাৰৰ পৰা অসমলৈ অহা বেছি দিন হোৱা নাই ৷ পাণখন খাই এটা বেলেগ সোৱাদ পালোঁ ৷ দুখন পাণ হোষ্টেললৈ বান্ধি ললোঁ ৷ মুখত দিয়াৰ লগে লগে পমিহে গল যেন, এটা বুজাব নোৱৰা সোৱাদ পালোঁ ৷ চুপাৰিকেইডোখৰ কোমল ৷ ৰঙা ৰঙৰ কাথা, সোৱাদে সুকীয়া ৷ সি নিজে তৈয়াৰ কৰা হেনা ৷ দুখন পাণ হোষ্টেললৈ বান্ধি ললোঁ ৷

এনেকৈয়ে মোৰ আৰু ৰূপমৰ তাৰ দোকানৰ পাণ খোৱাটো অভ্যাসত পৰিণত হল ৷  আমাক সি অলপ কম দামত দিয়ে ৷ তাৰ লগত লাহে লাহে বন্ধুত্ব গঢ় লৈ উঠিল ৷ মাজে মাজে সি ভিৰৰ মাজতো ছুপাৰহিট চিনেমাৰ টিকটটো মেনেজ কৰি দিয়ে ৷ এদিন সি আমাক তাৰ মনৰ আশা ব্যক্ত কৰিছিল ৷

ভাহয়া, মেৰা এক হি ইচ্ছা হ্যা, চিনেমা হল কি বগল পে এক ছোটাচা কমডা লেনেকা ৷  চিনেমা হলৰ কাষত শাৰী পাতি নির্মাণ কৰা সৰু সৰু দোকানৰ এখন তাৰ লবৰ মন ৷

লে লো, তুমহাৰা বিজনেছ বেেগা ৷

লেকিন ছিকিউৰিটী কে লিয়ে দছ হাজাৰ ৰুপিয়া চাহিয়ে ৷ মেৰে পাচ নেহি হ্যা ৷

ৰুপিয়া দেনেচে বদলে মে হামে ক্যা মিলেগা

আপকো আধা দাম পে পাণ মিলেগা ৷

প্রপজেলটো মোৰ ভালেঈ লাগিল৷ দুটকাৰ পাণ এটকাত পাম ৷ কি বেয়া

ৰুমমেট ৰূপমক সুধিলোঁ, দিবি নেকি দহ হাজাৰ ৷

সি খঙেৰে কলে, কৰ পৰা দিবি ঘৰৰ পৰা পঠিওৱা পইচাকেহটাৰে মাইটোৱে নোজোৰে ৷

কিয় স্ক্লাৰশ্বিপ পাবি নহয় ডেৰ বছৰৰ একেলগে ১৮ মাহত পূৰা পাঁচ হাজাৰ চাৰিশ টকা ৷ কোনদিনা তিনিপাট্টি খেলত টকাখিনি উৰি যায় ঠিকনা নাই ৷ তাতকৈ এই বিহাৰীটোকে ধাৰ দিয়া ভাল ৷ সময়ত লাগিলে লৈ লম৷ দিনৰ পাণকেইখন আধা দামত পাম ৷

হয়, প্রপজেল বেয়া নহয় ৷ অন্ততঃ পাণৰ খৰচ কমিব ৷

এমাহ পিছতে তাক আমি দুয়ো লগ হৈ টকা দহ হাজাৰ দি দিওঁ ৷ সি কোঠালিটো অলপ চাফ–চিকুণ কৰি পাণৰ দোকান দিলে ৷  এখন কাঠৰ বর্ডত ময়ে লিখিলোঁ দোকানখনৰ নাম পণ্ডিতৰ দোকান ৷ আমাৰ চহৰখনৰ যিমানকেইখন পাণ দোকানৰ বিক্রী ভাল সকলোৰে নাম দেখোন পণ্ডিতৰ দোকান ৷ সঁচাকৈয়ে দোকানৰ নামটোৰ বাবেই নে তাৰ পাণৰ গুণাগুণৰ বাবে কিছুদিনৰ ভিতৰতে অঞ্চলটোত পণ্ডিতৰ পাণ বেচ জনপ্রিয় হৈ পৰিল ৷ দিনে পাঁচশৰ ওপৰত পাণ বিক্রী কৰে সি ৷ দূৰণিৰ পৰা মানুহে নিজৰ গাড়ী লৈ আহি তাৰ পৰা পাণ কিনি লৈ যোৱা কৰিলে ৷ এতিয়া তাৰ লগত কথা পাতিবলৈ ৰবলগীয়া অৱস্থা ৷ তাৰ ড্রেছ–পাতি সলনি হৈ পৰিল ৷ দুয়োখন হাতেৰে মোচটো পকাই যি ভাবত সি কথা পাতে খঙেই উঠি যায় ৷ কেতিয়াবা ভাব হয় চালা পঢ়া–শুনা বাদ দি পাণৰ দোকান দিয়াই ভাল নেকি ৷

ভাইয়া আগলে মহিনে মেৰা চাদি হ্যা, আপলোগ আনা পৰেগা ৷

ছমাহতে সি ইমান আর্জিলে নে যে বিয়া পাতিব পৰা হল সি তাৰ হবলগীয়া পত্নীৰ ফটো দেখুৱালে ৷ কম বয়সীয়া ধুনীয়া ছোৱালী এজনী ৷

ৰূপমে তাক সুধিলে, দেহেজত কিবা লবি নে

লাজ লাজ কৈ সি কলে য়ামাহা আৰ এক্স–১০০ এক লেগা ৷

বাহ বিৰজ! তই মানুহ বনি গলি দে ৷ গুলি ছোৱালী এজনীক বিয়া কৰাবি, ইপিনে মটৰচাইকেল এখনো লবি দেহেজত ৷ কি ভাগ্য লৈ আহিছিলি  এই পৃথিৱীত !

সি মুখ টিপি হাঁহে ৷ মনে মনে হয়তো ভাবিছে, তহঁত চালা বুর্বক সোপাই পঢ়ি পঢ়ি ৰাতি নুশুৱাকৈ থাক আৰু মই টকা কামাই কৰি মস্তি মাৰি থাকিম ৷

বিয়াখন ভালে ভালে হৈ গল ৷ আমিও বিয়াখন খাবলৈ গৈছিলোঁ ৷  চিকেন, মাটন, মিঠাই উদৰ পূৰাই খালোঁ ৷  মাজে মাজে সি ন–কইনাক লগত লৈ আনে ৷ তাৰ দোকানত বহাই থয় ৷ আমি তাইৰ পিনে ৰ লাগি চাই থাকোঁ ৷  সঁচাই সি ভাগ্যৱান ৷ বেপাৰ ভাল হৈছে, ইপিনে জাকতজিলিকা সুন্দৰী পত্নীয়ে তাক বিচনীৰে বিচি থাকে ৷ ৰূপম তাৰ পত্নীৰ প্রেমত পৰিল ৷ দুটামান কবিতাও লিখিলে সি ৷ দুদিনমান পিছতে দেখোন বিৰজুৱে এখন টেবুল ফেন কিনিলে, লগতে এটা টেপ ৰেকর্ডাৰো ৷ চিনেমা হলত যি চিনেমা দেখুৱায় সেই চিনেমাৰ গান সি বজায় ৷  কি ছাউণ্ড সেই টেপ ৰেকর্ডাৰ ! সি বাইকত উঠি ভুৰুংকৈ আহে, ভুৰুংকৈ গুচি যায় ৷ আমি বাইকৰ পৰা ওলোৱা ধোঁৱা চাই থাকোঁ ৷ দোকানত এজন সহায়কাৰীও ৰাখিলে সি ৷

আমাৰ চাৰি বছৰীয়া পাঠ্যক্রম এদিন শেষ হল ৷ তাৰ পৰা বিদায় লবলৈ আহিলোঁ ৷ সি আমাক পূৰা দহ হাজাৰ টকা ঘূৰাই দি লে৷  সেইদিনা সি খুব স্ফূর্তিত আছিল ৷ তাৰ পত্নী প্রেগনেণ্ঢ হেনো ৷ আমাক মিঠাই খুৱালে ৷ চিনেমা শেষ হোৱাৰ পিছত মানুহবোৰ যোৱালৈ বাট চাবলৈ দিলে ৷ তাৰ পিছত ছেল্ফৰ ভিতৰৰ পৰা এটা মদৰ বটল উলিয়াই ললে৷ ওল্ড মংক ৰাম একেবাৰে ফুল বটল ৷ কেৱল আমাৰ দুজনৰ বাবে খুলিছে বটলটো ৷ বটল শেষ হোৱালৈ আমাৰ খোজবোৰ থৰক–বৰক হৈ পৰিল ৷ ইতিমধ্যে ৰূপমে দুবাৰকৈ বমি কৰিলে ৷ বিৰজুই অৰ–তৰ পৰা পানী আনি তাৰ মুখ–হাত মচি দিলে ৷ নিশা দুপৰত আমাক সি তাৰ বাইকেৰে হোষ্টেলত থৈ আহিল নহলে চিনেমা হলৰ বাৰাণ্ডাত নিশাটো পাৰ কৰিব লাগিলহেঁতেন ৷ আমি তাৰ আহিবলগীয়া সন্তানৰ ভৱিষ্যতৰ বাবে আশীর্বাদ কৰিলোঁ ৷ ৰূপমে বিছনাত শুবলৈ গৈ চিঞৰ–বাখৰ লগালে ৷  চালা জীৱনটো গল, এজনী ছোৱালী পতাব নোৱাৰি লোঁ ৷ চাকৰি কোন দিনা হয় কব নোৱাৰোঁ ৷ আৰু সেই বিহাৰীটোক চা, দুবছৰ আগতে আহি টকা আর্জিলে, ধুনীয়া ছোৱালী বিয়া কৰালে, এতিয়া সন্তান জন্ম দিব৷ ধিক এই জীৱন ৷

ৰূপমে সেইদিনা কৈছিল, চাকৰি পালে আমি এদিন বিৰজুক লগত লৈ মদ খাম ৷ বি এণ্ড ডেত পোৱা সকলোতকৈ দামী মদৰ বটল বিধে কিনিম৷ তাৰ ৱইফৰ নামত ট্ৰেজেডী ফালিম ৷  দুয়ো চাকৰি পালোঁ প্রায় এবছৰৰ অন্তৰত৷ চৰকাৰী চাকৰি, অসমতে৷ পিছে তিনিও লগ হৈ মদ খোৱা নহল আজিলৈ ৷

সেই যে লগ হৈছিলোঁ তাৰ পৰা ত্রিশ বছৰ পাৰ হল ৷ বিৰজুৰ কথা প্রায় পাহৰিয়ে গৈছিলোঁ ৷   ৰূপমৰ কথা ভাবোঁতে তালৈ মনত পৰিল ৷ ৰাজধানীৰ কাম সমাপ্ত কৰি উভতি যোৱাৰ সময়ত সেয়ে চিনেমা হলটোৰ সন্মুখত ৰলো ৷ কেতিয়াবাই চিনেমা হল গৈ শ্বপিংমল হল ৷ সময়ৰ পৰিৱর্তন ৷ সকলো চিনেমা হল কালৰ সোঁতত ধবংস হৈ গল ৷ এতিয়া মানুহে চিনেমা হলত নহয় মাচ্টিপ্লেক্সতহে হাজাৰ টকা খৰচ কৰি চিনেমা চায় ৷

তাৰ সৰু দোকানখন বিচাৰি ফুৰিছোঁ ৷ ঠাইখন সম্পূর্ণ সলনি হৈ পৰিল ৷  চিনেমা হলৰ সন্মুখভাগ ভাঙি নতুনকৈ নির্মাণ কৰিছে ৷ পণ্ডিতৰ পাণ দোকানখনহে দেখা পোৱা নাই ৷ অলপ সময় বিচৰাৰ পিছত ছাইনবর্ডখন চকুত পৰিল ৷ মই ঁকাখনেই ৷ সি বেটাই আজিলৈ সেইখন সলাব পৰা নাহনে ইমান বছৰৰ পিছত উৱলি গৈছে ৷ আখৰকেইটা চিনি পোৱা সহজ নহয় ৷ দোকানৰ কাষ পালোঁ ৷ এয়া কি তামোল–পাণৰ দোকান নহয় দেখোন৷ বুুঢ়া মানুহ এজন বহি আছে দোকানত৷ জাল মুডী, চিপ্ছ, বাদাম, পানীৰ বটল, এইবোৰহে পায় দোকানত ৷

এ ভাহয়া, এইখন পণ্ডিতৰ দোকান নহয় নে

হয় চাহাব ৷

তেনেহলে কত গল বিৰজু

ময়ে বিৰজু, চাহাব ৷

কি তই বুুা হৈ গলি দেখো! চিনি পাইছনে মোক মেধি, ইঞ্জিনীয়াৰিং কলেজত যে পঢ়িছিলোঁ ৷

মেধি ভায়া, কিমান বছৰ হল লগ নোপোৱা !

তই পিছে অসমীয়া শিকি পেলালি নহয় ৷ ক চোন তোৰ কথা৷

সি দোকানৰ পৰা ওলাই আহিল ৷ কাষতে চাহৰ দোকানত দুকাপ চাহৰ অর্ডাৰ দিলে ৷  থিয় হৈ চাহৰ বাবে ৰৈ থাকোঁতে সি বহু কথাই কলে ৷

ভাই কি কম ৷ জানাই নহয় তোমালোক যোৱাৰ পিছত সন্ত্রাসবাদী সংগঠনৰ উপদ্রব বাঢ়িল ৷ বেছি মানুহ গোট খোৱা ঠাইতে বোমা দিবলৈ আৰম্ভ কৰিলে ৷ লাহে লাহে চিনেমা হললৈ মানুহ নোযোৱা হল ৷ মালিকে কিমান দিন লোকচান ভৰি চিনেমা দেখুৱাব

বুজিলোঁ চিনেমা হল বন্ধ হল, পিছে তোৰ পাণ দোকান কিয় নচলিল

ভাই আজিকালি ডেকাৰ পৰা বুুালৈ সকলোৱে মদ খাবলৈ ললে৷ ড্রাগ্ছ লয় কিছুমানে৷ পাণ খোৱা মানুহৰ সংখ্যা কমি গল ৷ পাণ খাই পিক পেলাই থকাটো হেনো অভদ্রামি ৷ মোৰো বেপাৰ লাহে লাহে মন্দা হৈ পৰিল ৷ জীয়াই থাকিবলৈ কিবা এটা কৰি দুপইচা আর্জিব লাগিব ৷ কাষতে ৱাহন শ্বপ এখন হল ৷ মদৰ লগত প্রয়োজন হোৱা বস্তুৰ চাহিদা বাঢ়িল ৷ তাৰ কাৰণে মই পাণৰ সলনি পানী, গিলাচ, বাদাম, বুট, মগু, মদৰ লগত খোৱা সকলো সামগ্রী বিক্রী কৰিবলৈ আৰম্ভ কৰোঁ ৷

তোৰ পত্নী, সন্তানৰ কথা ক এতিয়া ৷

নকবা আৰু ৱাহফৰ কথা ৷ মোৰ বেপাৰ পৰি আহিল, ইপিনে মন্টূ ব্লেকাৰৰ লগত তাইৰ প্রেম আৰম্ভ হল ৷ শেষত কণমানি ছোৱালীজনীক মোৰ হাতত থৈ তাহ পলাল ৷ মন্টূ ব্লেকাৰে তাইক লৈ আপাৰ আছামত থাকে আজিকালি ৷ ছালফা এজনৰ তলত কাম কৰে৷ নাজানো এতিয়া কি অৱস্থাত আছে ৷

আৰু তোৰ জীয়াৰী কিমান ডাঙৰ হল

মাক পলাই গল, ইপিনে মই দোকানত, চাওঁতা মানুহ কোনো নাই ৷ তাই লাহে লাহে বেয়াৰ পিনে গল ৷ এতিয়া কত আছে, কি কৰিছে  নাজানো ৷

বল আজি তোৰ লগতে দুপেগ খাওঁ ৷ ত্রিশ বছৰ আগতে তোৰ ধাৰ খাই থৈছোঁ ৷

তাক লৈ মই কাষৰ লাউঞ্চ বাৰখনলৈ গলোঁ ৷

গ্লেন ফিডিছ দুটা পেগ লার্জ, লগত চিলি চিকেন চকীত বহিয়ে ৱেটাৰক অর্ডাৰ দিলোঁ ৷ ৰূপমৰ নামত খালী গিলাচ এটা থৈ দিওঁ ৷ সি লগত থাকিলে কিমান যে ভাল লাগিলহেঁতেন আজি ৷

কেতিয়াবা পত্নীলৈ মনত পৰে নে বিৰজুক সুধিলোঁ ৷

মনত পৰিলেনো কি হব বহুত মৰম কৰিছিলোঁ ৷ পিছে মৰমৰ প্রতিদান এয়াহে পালোঁ ৷

বিৰজু, পৰিস্থিতি যিমানে বেয়া নহওক কিয় নিৰাশ হব নালাগে ৷

হয়, ময়ো বুজো নিৰাশ হব নালাগে ৷ কভিডৰ প্রথমটো ঢৌত কণমানি আঠ বছৰীয়া লৰা এটা ঘাতমাউৰা হয় ৷ তাক লৈ আহিলোঁ৷ ভাল শিক্ষা দি মানুহ কৰিম ৷ এতিয়া মোৰ আশা–আকাংক্ষা কণমানিটোৰ ওপৰতে ৷ তাৰ লগতে অসমীয়াত কথা পাতি পাতি সম্পূর্ণ অসমীয়া হৈ গলো এহকেহবছৰত ৷ এতিয়া আৰু নিজৰ দেশলৈ যাব নোৱাৰা হলো ৷ তাৰ মায়াই মোক বান্ধি ৰাখিলে ৷

তোৰ লগত ময়ো আছোঁ দে, পঢ়া–শুনাৰ খৰচ কিছু ময়ো বহন কৰিম ৷

তিনিটা পেগৰ পিছত বিৰজুৰ পৰা বিদায় লৈ ওভতনি যাত্রা আৰম্ভ কৰিলোঁ ৷ গাড়ীৰ স্পীড বাঢ়ি গৈছে, ৰাস্তাৰ কাষৰ গছবোৰ, লাইটৰ পোষ্টবোৰ বেগেৰে পাৰ হৈ আছে আৰু মই অতীতলৈ উভতি গৈছোঁ ৷ ৰূপম আৰু মহ কয়ামৎ চে কয়ামৎ তক চিনেমাখন চাবলৈ গৈছোঁ ৷  বিৰজুই দুটা টিকট ৰাখি থৈছে আমাৰ বাবে ৷ পাণ দুখন আমাৰ হাতত তুলি দিলে, ইণ্ঢাৰভেলত খাবলৈ ৷ বেলকনিত দুয়ো বহি লৈছোঁ ৷ বিজ্ঞাপন আৰম্ভ হৈছে ৷ স্বামী কাপুৰ আৰু অশোক কুমাৰ অভিনীত পাণ পৰাগ পাণ মছলাৰ বিজ্ঞাপন ৷

যাবৰ পৰত বিৰজুই ৰূপমৰ খবৰ লৈছিল ৷ যোৱা বছৰ কভিডত আক্রান্ত হল সি৷ হাস্পতালত থাকিল দুসপ্তাহ ৷ মৃত্যুৰ দুদিন আগত মোক মেছেজ কৰিছিল কথা কব পৰা অৱস্থাত নাছিল সি, বিৰজুৰ ধাৰ মাৰা নহল, তয়ে এদিন তাক পার্টী এটা দিবি ৷

ফোনঃ  ৯৮৬৪০-৩৬১৪৩

You might also like
Leave A Reply

Your email address will not be published.