অবাস্তৱ

সুৰঞ্জনা শইকীয়া কোঁৱৰ

অফিচৰ পৰা আহি ফ্রেচ হৈ কফীৰ কাপটো হাতত লৈ টিভিটো অন কৰি সন্মুখৰ ছোফাখনত সুনয়না বহিল ৷ তেনেতে মবাইলটো বাজিল সুনয়নাৰ৷ সুৰজিতৰ ফোন ৷ ফোনটো ৰিচিভ কৰি তাই তাই লাহেকৈ কলে

উম কোৱা ৷ আহিছানে ঘৰ

মই তলতে আছোঁ গেটৰ ওচৰত ৷

নয়না ডাঙৰ ঘটনা এটা হল ৷

কি হল সুৰজ তুমি ঠিকে আছাতো

  •  মই ঠিকে আছোঁ নয়না ৷

নয়না আকাশে ছুইচাইড কৰিলে৷ নন্দিনী, সাৰংগ, সুকন্যাহঁত গৈ আছে, তুমি আহা ৷

কথাটো শুনাৰ লগে লগে থানবান হৈ গল সুনয়নাৰ বুকুৰ ভিতৰখন ৷ তাই যেন বাক্শক্তি হেৰুৱাই পেলালে ৷

  •  হেল্ল নয়না শুনিছানে

তাই থতমত খাই থোকাথুকি মাতেৰে কলে মই গৈ আছোঁ সুৰজ ৷

ফোনটো কাটি টিভিটো অফ কৰি দর্জাখন লক কৰিব লৈ থৰথৰকৈ কঁপিব ধৰিলে সুনয়নাৰ হাতখন ৷ দৌৰাদৌৰিকৈ গৈ গাড়ীত বহিল ৷

এইবোৰ কেনেকৈ হল সুৰজ

  •  ময়ো নাজানো অ৷ মোক সাৰংগই ফোন কৰি কলে ৷ ঠিক মই অফিচৰ পৰা ওলাইছোঁ আৰু ৷ তোমাক কলে তুমি বেছি উত্তেজিত হৈ যোৱা বুলি ঘৰ পায়ে ফোন কৰিলোঁ ৷
  • সি কিয় এনেকুৱা এটা কাম কৰিলে সুৰজ মই কালিও তাৰ লগত কথা পাতিছোঁ ৷ ইমান ভালকৈ কথা পাতিছিল সি ৷ হঠাতে তাৰ কি হল ৷
  •  তাকেতো ময়ো ভাবিছোঁ নয়না ৷ কি হল তাৰ ৷

সুনয়নাৰ দুচকুৰে নামি আহিছিল বাৰিষাৰ ধল৷ আকাশৰ ঘৰ পোৱালৈকে কোনেও আৰু একো কথা কোৱা নাছিল ৷

বাটত প্রচণ্ড ট্ৰেফিক জাম ৷ হবই দেৱালী সমাগত ৷ যিমান সোনকালে তাইৰ আকাশৰ ঘৰ পাবলৈ মন গৈছে, সিমানেই দেৰি হৈ গৈ আছে ৷ সুকন্যাহঁত পালেগৈ নে নাই বা ৷ ফোন কৰিবলৈও বেয়া লাগে ৷ কি পৰিস্থিতি আকাশৰ ঘৰত ৷

সুকন্যা, নন্দিনী, সাৰংগ, আকাশ বহুত ভাল বন্ধু ৷ সুৰজিৎ ছিনিয়ৰ আছিল কলেজত ৷ তথাপি সিয়ো বহুত ক্লজ আছিল সিহঁতৰ ৷ অৱশ্যে সুনয়নাৰ লগত প্রেমৰ সম্পর্ক হোৱাৰ পিছত বেছি ক্লজ হৈছিল সকলোৰে ৷

সুনয়নাৰ মনটো বহুত কথাৰে ভাৰাক্রান্ত হৈ পৰিল ৷

কি হল আকাশৰ তাৰ দৰে ইমান স্ফূর্তিবাজ লৰা এটাই এনেকুৱা কাম কৰিব পাৰেনে কি বিষাদ আছিল তাৰ জীৱনত আছিল নেকি গোপন ৰহস্য কিবা তাৰ জীৱনত সি মোৰ বহুত ওচৰৰ বন্ধু আছিল ৷ চব কথাই মোক কৈছিল ৷ ইমান ডাঙৰ ঘটনাৰ আঁৰত কি সোমাই আছিল তাৰ মনত ৷ কি মানসিক অশান্তি আছিল মোক এবাৰ যদি কলি হয় তই ৷

কালি সি মোক ফোন কৰোঁতে যে কৈছিল ঐ ছোৱালী পৰহিলৈ তোৰ বার্থডে নহয় ৷ তোৰ বাবে মোৰ এটা ডাঙৰ ছাৰপ্রাইজ আছে বান্দৰী৷ তোক মই বৰ ভাল পাওঁ ৷ তই সদায় সুখী থাকিবি ৷ সুখী মানুহৰ দৰে ৷ তেতিয়া  ময়ো সুখী হম৷ যতেই নাথাকোঁ লাগে ৷

মইহে কথাটো ধেমালিত উৰুৱাই দিছিলোঁ ৷ সি কোৱা ছাৰপ্রাইজটো এইটো নহয়তো অণ্ঠ–কণ্ঠ শুকাই গৈছিল তাইৰ কথাবোৰ ভাবি ৷  সি মোক প্রায়ে কৈছিল কোনোবা ছোৱালী এজনী সি ভাল পাইছিল ৷ কিন্তু সি মনৰ কথা কোৱাৰ আগতেই আন কাৰোবাৰ হৈ গৈছিল হেনো তাই ৷ মোৰ দৰেই হেনো তাই চব ফালৰ পৰা ৷ কোন আছিল তাই ময়ে নাছিলোতো সেই অচিনাকি ছোৱালীজনী সেইবাবে বাৰু চিনাকি নিদিলে নেকি তাইৰ

গাড়ীৰ ব্রেকৰ শব্দত উচাপ খাই বাস্তৱলৈ ঘূৰি আহিল সুনয়না ৷

কি হল সুৰজিৎ ৰৈ গলা

আকাশৰ ঘৰ পালোঁ নয়না ৷

আকাশৰ মাক সুস্থ অৱস্থাত নাছিল ৷ একমাত্র ভনীয়েকক সোধা–পোছা কৰি আছিল পুলিচে ৷ টিভি চেনেল, পেপাৰৰ মানুহে ঘৰ ভৰি আছিল ৷ সাৰংগহঁতৰ পৰা গম পালোঁ ছুইচাইড নোটত নিজৰ ইচ্ছাত মৰা বুলি লিখি থৈ গৈছে ৷ ঘৰখনত কেৱল কান্দোনৰ ৰোল৷ ঘৰৰ প্রতিটো কোণৰ সুখ, হাঁহিবোৰ থানবান হৈ পৰিছিল ৷ ইতিমধ্যে বডীটো পোষ্টমর্টেমৰ বাবে নিবলৈ সাজু ৷  সুৰজিৎ, সাৰংগ বডীৰ লগত গল ৷ সুকন্যা, সুনয়নাহঁত আকাশৰ ঘৰত থাকিল ৷ আকাশৰ ভনীয়েকে সুনয়নাক সাবটি ধৰি বহুত কান্দিলে ৷ বা দাদাৰ কি হল বা সুনয়নাৰ দুচকু ভৰি পৰিল পানীৰে ৷ কি বুলিনো সাত্ব্ন্না দিব ৷

সিহঁত সকলো সাজু হল দুখৰ এটা উজাগৰী ৰাতি কটাবলৈ ৷ আকাশৰ নামত ৷ কিন্তু সকলোৰে মনত এটাই প্রশ্ন আকাশে কিয় ছুইচাইড কৰিলে

কলিংবেলৰ শব্দ শুনি সাগৰিকা উঠি গৈ দর্জা খুলি দিলে এটা মিঠা হাঁহিৰে ৷

আহিলা ৷

প্রত্যুত্তৰত সীমান্তৰো এটা মিঠা হাঁহি ৷

সাগৰিকা বহুত মূৰৰ বিষ ৷ তোমাৰ হাতৰ একাপ চাহ স্পেচিয়েল চাহ ৷ ঠিক আছে, তুমি ফ্রেচ হোৱা মই বনাওঁ ৷

সীমান্ত ৷

কোৱা ডার্লিং ৷

মেগাজিনত যে মই গল্প এটা দিম বুলি কৈছিলোঁ জাষ্ট কমপ্লিট হল ৷

বঢ়িয়া ৷ তেন্তে চাহৰ লগত মোৰ ছুইটহার্টৰ গল্প হৈ যাওক আজি ৷

সাগৰিকাৰ মনত স্বস্তিৰ হাঁহি ৷

সীমান্ত চাহ ৷

গৈ আছোঁ এক মিনিট ৷

ফোনঃ  ৮১৩৩৯-৪৬৬৮৪

You might also like
Leave A Reply

Your email address will not be published.