হাঁপানি কি

ডাঃ দুলুমণি কলিতা

হাঁপানি হৈছে শিশু আৰু প্রাপ্তবয়স্ক্সকলক প্রভাৱিত কৰা এক দীর্ঘম্যাদী স্থিতি ৷ বায়ুপথৰ চাৰিওফালে থকা পেশীবোৰ প্রদাহযুক্ত আৰু টান হোৱাৰ ফলত হাঁওফাঁওৰ বায়ুপথবোৰ সংকীর্ণ হৈ পৰে ৷ ইয়াৰ ফলত হাঁপানিৰ লক্ষণ যেনে– কাহ, হুইজিং, উশাহ চুটি হোৱা আৰু বুকু টান হোৱা আদিবোৰ হোৱা দেখা যায় ৷ এই লক্ষণবোৰ মাজে মাজে হয় আৰু প্রায়ে নিশা বা ব্যায়ামৰ সময়ত অত্যধিক হয় ৷ অন্যান্য সচৰাচৰ ড্রিগাৰে হাঁপানিৰ লক্ষণবোৰ বৃদ্ধি কৰিব পাৰে ৷ ড্রিগাৰবোৰ ব্যক্তি ভেদে পৃথক হয়, কিন্তু ইয়াত অন্তর্ভুক্ত থাকিব পাৰে ভাইৰেল সংক্রমণ চর্দি, ধূলি, ধোঁৱা, বতৰৰ পৰিৱর্তন, ঘাঁহ আৰু গছ বা ফুলৰ পৰাগৰেণু, পশুৰ পশম আৰু পালক, শক্তিশালী চাবোন আৰু সুগন্ধি আদি ৷

হাপানিয়ে ২০২০ চনত আনুমানিক ২৬২ নিযুত লোকক প্রভাৱিত কৰিছিল আৰু ৪৫৫০০০ লোকৰ মৃত্যু হৈছিল ৷ পৰিসংখ্যাৰ তথ্য অনুসাৰে পুৰুষতকৈ মহিলাৰ হাপানি হোৱাৰ প্রৱণতা অধিক হয় ৷

হাঁপানিৰ আক্রমণ কি

যেতিয়া আপুনি স্বাভাৱিকভাৱে উশাহ লয়, আপোনাৰ বায়ুপথৰ চাৰিওফালে থকা পেশীবোৰ শিথিল হয়, যাৰ ফলত বায়ু সহজে আৰু শান্তভাৱে চলাচল কৰিব পাৰে ৷ হাঁপানিৰ আক্রমণৰ সময়ত তিনিটা ঘটনা ঘটিব পাৰেঃ

ব্রংকোস্পাজমঃ বায়ুপথৰ চাৰিওফালৰ পেশীবোৰ সংকুচিত হয় টান হয় ৷ যেতিয়া সেইবোৰ টান হয়, ই আপোনাৰ বায়ুপথ সংকীর্ণ কৰে ৷ সংকুচিত বায়ুপথৰ মাজেৰে বায়ু মুক্তভাৱে সহজে প্রৱাহিত হব নোৱাৰে ৷

প্রদাহঃ আপোনাৰ বায়ুপথৰ আৱৰণ ফুলি যায় ৷ ফুলা বায়ুপথবোৰে আপোনাৰ হাঁওফাঁওৰ ভিতৰত বা বাহিৰলৈ সিমান বায়ু প্রৱেশ কৰিব নিদিয়ে ৷

শ্লেষ্মা উৎপাদনঃ  আক্রমণৰ সময়ত আপোনাৰ শৰীৰে অধিক শ্লেষ্মা সৃষ্টি কৰে ৷ এই ডাঠ শ্লেষ্মাটোৱে বায়ুপথ বন্ধ কৰে ৷

উপৰিউক্ত তিনিটা কাৰণ মিলিত হৈ হাঁওফাঁওৰ মাজেৰে বায়ুৰ পৰিবহণৰ ব্যাঘাত জন্মে আৰু এই পৰিস্থিতিকেই হাপানি ৰোগ বোলা হয় ৷

হাঁপানিৰ কাৰণ কি

হাঁপানি হোৱাৰ বর্ধিত বিপদাশংকাৰ সৈতে বহুতো কাৰক সম্পর্কিত, অৱশ্যে প্রায়ে একক, পোনপটীয়া কাৰণ বিচাৰি পোৱাটো কঠিন ৷

আনুবংশিকঃ যদি পৰিয়ালৰ আন সদস্যৰো হাঁপানি হয় – বিশেষকৈ নিকট আত্মীয়, যেনে পিতৃ–মাতৃ বা সহোদৰ, তেতিয়া হাপানি হোৱাৰ সম্ভাৱনা অধিক ৷

অটহমিউন কাৰণঃ  এলার্জীক স্থিতি থকা লোকৰ শৰীৰত I gEৰ পৰিমাণ বাঢ়ি  থাকে, তেনে লোকৰ হাঁপানি হোৱাৰ সম্ভাৱনা অধিক, যেনে একজিমা আৰু ৰাহনাইটিছ ৷

জীৱনশৈলীৰ পৰিৱর্তনঃ  নগৰায়ণ বর্ধিত হাঁপানিৰ সৈতে সম্পর্কিত ৷ সম্ভৱতঃ ইয়াৰ এক প্রধানতঃ কাৰণ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱর্তন ৷

জন্মসংলগ্ণ কাৰণঃ  প্রাৰম্ভিক জীৱনৰ ঘটনাই বিকাশশীল হাঁওফাঁওক প্রভাৱিত কৰে আৰু হাঁপানিৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷ ইয়াত অন্তর্ভুক্ত আছে জন্মৰ সময়ত কম ওজন, অপৰিপক্বতা, ধঁপাতৰ ধোঁৱাৰ সংস্পর্শলৈ অহা আৰু বায়ু প্রদূষণৰ অন্যান্য উৎস, লগতে ভাইৰেল শ্বাসতন্ত্রৰ সংক্রমণ ৷

এলার্জীঃ  বিভিন্ন পৰিৱেশগত এলার্জেন আৰু খজুৱতিৰ সংস্পর্শলৈ অহাৰ ফলত হাঁপানিৰ আশংকা বৃদ্ধি হয় বুলি ধাৰণা কৰা হয়, যাৰ ভিতৰত আছে ভিতৰৰ আৰু বাহিৰৰ বায়ু প্রদূষণ, ঘৰৰ ধূলিৰ ঘুণ, ছাঁচ আৰু ৰাসায়নিক পদার্থ, ধোঁৱা বা ধূলিৰ বৃত্তিগত সংস্পর্শ ৷

অধিক ওজনৰ বা মেদবহুল শিশু আৰু প্রাপ্তবয়স্ক্ লোকৰ হাঁপানিৰ আশংকা অধিক ৷

সাধাৰণ হাঁপানিৰ আক্রমণৰ ড্রিগাৰবোৰ কি

হাপানি ৰোগত ভোগা ব্যক্তিসকলে কিছুমান বিৰক্তকৰ পদার্থৰ সংস্পর্শলৈ আহিলে হাঁপানিৰ লক্ষণ বৃদ্ধি হব পাৰে ৷ স্বাস্থ্যসেৱা প্রদানকাৰীসকলে এই পদার্থবোৰক ট্ৰিগাৰ বুলি কয় ৷

এহ ট্ৰিগাৰবোৰ প্রতিজন ব্যক্তিৰ বাবে পৃথক হব পাৰে ৷ কিন্তু কিছুমান সচৰাচৰ ট্ৰিগাৰৰ ভিতৰত আছেঃ

বায়ু প্রদূষণঃ  কাৰখানাৰ নির্গমন, গাড়ীৰ নিষ্কাশন, দাবানলৰ ধোঁৱা আৰু জুহালৰ ধোঁৱা আদি ৷

তীব্র আৱেগঃ  অত্যধিক হাঁহি–কান্দোন, আৱেগ আদি ৷

ধূলিৰ ঘুণঃ  ধূলিকণাবোৰ দেখা নাপায়, কিন্তু সেইবোৰ আমাৰ ঘৰত আছে ৷ যদি আপোনাৰ ডাষ্ট মাইট এলার্জী আছে, ইয়াৰ ফলত হাঁপানিৰ আক্রমণ হব পাৰে ৷

ব্যায়ামঃ  কিছুমান লোকৰ বাবে ব্যায়াম কৰিলে হাঁপানিৰ আক্রমণ হব পাৰে ৷

কফবর্ধক আহাৰঃ  আইচক্রীম, কল্ডড্রিং, মাটিমাহ আদি ঠাণ্ডা আৰু কফবর্ধক আহাৰেও হাঁপানিৰ উৎপন্ন কৰিব পাৰে ৷

বতৰঃ  ডাৱৰীয়া আৰু সেমেকা বতৰ ৷

ছাঁচ  ঃ সেমেকা ঠাইবোৰে ছাঁচ সৃষ্টি কৰিব পাৰে, যি আপোনাৰ হাপানি থাকিলে সমস্যা সৃষ্টি কৰিব পাৰে ৷

ঔষধঃ  খাদ্যবস্তু আৰু ঔষধ আদিৰ পৰা এলার্জী ৷

কীটঃ  পঁইতাচোৰা, নিগনি আৰু অন্যান্য ঘৰুৱা কীটৰ ফলত হাঁপানিৰ আক্রমণ হব পাৰে ৷

পোহনীয়া জন্তুঃ  যদি আপোনাৰ পোহনীয়া ডেণ্ডাৰৰ শুকান ছালৰ ফ্লেক্স বা নোমৰ প্রতি এলার্জী আছে, উশাহত এইবোৰ গৈ হাপানিৰ সৃষ্টি কৰিব পাৰে ৷

ধঁপাতৰ ধোঁৱাঃ  যদি আপুনি বা আপোনাৰ ঘৰৰ কোনোবাই ধূমপান কৰে, আপোনাৰ হাপানি হোৱাৰ আশংকা অধিক ৷

গোন্ধঃ  শক্তিশালী ৰাসায়নিক পদার্থ বা গোন্ধ, পাৰফিউমৰ উগ্র গোন্ধ আদি ৷

যদি আপোনাৰ হাঁপানি আছে, আপুনি কিহৰ ফলত আক্রমণ আৰম্ভ হয় জানিব লাগিব ৷ ট্ৰিগাৰবোৰ পৰিহাৰ কৰিলে আপুনি হাপানিৰ আক্রমণ এৰাই চলিবলৈ সহায়ক হোৱাৰ সম্ভাৱনা থাকে ৷

হাঁপানিৰ লক্ষণবোৰ কি

হাঁপানিৰ লক্ষণবোৰ ব্যক্তি ভেদে পৃথক হয় ৷ আপোনাৰ সঘনাই হাঁপানিৰ আক্রমণ হব পাৰে বা কেৱল নির্দিষ্ট সময়ত লক্ষণ থাকিব পাৰে – যেনে ব্যায়াম কৰোঁতে বা সকলো সময়তে লক্ষণ থাকিব পাৰে ৷

হাঁপানিৰ লক্ষণবোৰৰ ভিতৰত আছেঃ

¨বুকু টান হোৱা, বিষ বা চাপ ৷

¨কাহ বিশেষকৈ ৰাতি ৷

¨শুই থকা অৱস্থাত লক্ষণ বৃদ্ধি হয় আৰু তেনেকুৱা ক্ষেত্রত বহি দিলে আৰাম পায় ৷

¨উশাহ লোৱাৰ সময়ত হুইজিং শব্দৰ সৃষ্টি, যি শিশুৰ হাঁপানিৰ এক সাধাৰণ লক্ষণ ৷

¨উশাহ চুটি হোৱা, কাহ বা হুহজিঙৰ ফলত টোপনি যোৱাত সমস্যা ৷

¨সামান্য পৰিশ্রম বা খোজ কাঢ়িলেই ভাগৰুৱা অনুভৱ কৰা ৷

¨মনোযোগহীনতা ৷

হাঁপানিৰ সৈতে, আপোনাৰ প্রতিটো ফ্লেয়াৰৰ সৈতে এই সকলো লক্ষণ নাথাকিব পাৰে ৷ দীর্ঘম্যাদী হাঁপানিৰ সৈতে বিভিন্ন সময়ত আপোনাৰ বিভিন্ন লক্ষণ আৰু চিহ্ণ থাকিব পাৰে ৷ লগতে হাঁপানিৰ আক্রমণৰ মাজত লক্ষণবোৰ সলনি হব পাৰে ৷ যদি লক্ষণবোৰ গুৰুতৰ হয়, হাপানি থকা লোকসকলে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ প্রয়োজন হয় ৷ অতি গুৰুতৰ অৱস্থাত হাঁপানিৰ ফলত মৃত্যুও হব পাৰে ৷

হাপানি আৰু আয়ুর্বেদিক চিকিৎসাঃ

আয়ুর্বেদিক বিজ্ঞানত হাপানিক তমক–শ্বাস বুলি কোৱা হয় ৷ তমক–শ্বাস প্রাণৱই স্রোতৰ (respiratory system)  অৱৰোধৰ লগত জড়িত এক ব্যাধি ৷ আয়ুর্বেদ বিজ্ঞানত উল্লিখিত এই তমকশ্বাস ৰোগৰ কাৰণ, লক্ষণ সম্পূর্ণভাৱে হাঁপানি ৰোগৰ লগত সামঞ্জস্য দেখিবলৈ পোৱা যায় ৷

আয়ুর্বেদ চিকিৎসাৰ মূল উদ্দেশ্যঃ

নিদান পৰিবর্জনঃ  আপোনাৰ ক্ষেত্রত হাঁপানি কিহৰ ফলত হয় জনাটোৱে হাঁপানিৰ আক্রমণ পৰিহাৰ কৰা সহজ কৰি তোলে ৷ এই পৰিহাৰ হাঁপানি ৰোগৰ চিকিৎসাৰ প্রথম পদক্ষেপ ৷

শোধনঃ  শ্বাসতন্ত্রত কফ বৃদ্ধিৰ ফলত হোৱা এই হাঁপানি ৰোগৰ পৰা নিৰাময় পাবলৈ আয়ুর্বেদ পঞ্চকর্মত স্নেহন, স্বেদন, বমন আৰু বিৰেচন কর্ম কৰা হয়, যিয়ে শৰীৰৰ অতিৰিক্ত কফভাগ নিঃসৰণত সহায় কৰে ৷

সমন চিকিৎসা

¨ব্রংকোস্পাজম, প্রদাহ আৰু শ্লেষ্মাৰ পৰিমাণ হ্রাস কৰা ৷

¨এলার্জীজনিত কাৰণ নিয়ন্ত্রণ কৰা ৷

¨শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা ৷

হাপানি নিৰাময়ৰ বাবে আয়ুর্বেদত ব্যৱহূত অতি ফলপ্রসূ বনৌষধিঃ

¨হালধি

¨ বাহক তিতা

¨তুলসী

¨শুকান আদা

¨পিপ্পলি

¨জালুক

¨ডালচিনি

¨তেজপাত

¨হলাচী

¨য়ষ্টিমধু

¨গুডুচি

¨মৌ জোল

হাপানি ৰোগ উপশমৰ ঘৰুৱা বিধানঃ

¨হালধি ১ চাহ চামুচ+ পুৰণি গুড় আধা চামুচ+ মৌজোল ১ চাহ চামুচ ৷

¨তুলসী ১০-১৫টা পাতৰ ৰস+ মৌজোল ২ চামুচ ৷

¨বাইক তিতাৰ পাত ৫-৬টা মান অলপ গৰম কৰি লৈ কোমল হৈ গলে তাৰ পৰা ৰস উলিয়াই ২ চামুচ মৌৰ লগত মিহলাই খাব লাগে ৷

¨আধা চামুচ ত্রিকতু চূর্ণ মৌজোল ১ চামুচৰ লগত মিহলাহ খাব লাগে ৷

¨শিৰীষ গছৰ গা–গছৰ বাকলি শুকাহ ৰাখি তাৰ চাহ তৈয়াৰ কৰি খালে বহু আৰাম পোৱা যায় ৷

¨দৈনিক এক চামুচকৈ চৱনপ্রাচৰ খালে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

¨হাঁপানি ৰোগৰ লক্ষণ বৃদ্ধিৰ সময়ত তিলতেল আৰু সৈন্ধৱ লৱণ মিহলাই বুকু আৰু পিঠিত মালিচৰ সৈতে গৰম সেক দিলে উশাহৰ কষ্ট বহু পৰিমাণে কমি যায় ৷

হাপানি নিয়ন্ত্রণত যোগ আৰু প্রাণায়ামৰ ভূমিকাঃ

দৈনন্দিন জীৱনত যোগা অভ্যাস আৰু প্রাণায়ামৰ দ্বাৰা শ্বাস–প্রশ্বাসৰ গতি নিয়ন্ত্রণ কৰিব পাৰি লগতে বিশেষ প্রাণায়ামৰ সহায়ত হাঁওফাঁও আৰু তাৰ লগত জড়িত পেশীবোৰ সবল কৰি শ্বাসতন্ত্রৰ ৰোগ প্রতিৰোধ কৰিব ৷ হাপানি ৰোগ নিয়ন্ত্রণৰ ক্ষেত্রতো প্রাণায়ামৰ ভূমিকা বহু, কিন্তু হাপানিৰ লক্ষণ বৃদ্ধি হৈ থকা অৱস্থাত যোগা বা প্রাণায়ামৰ পৰা আঁতৰি থকিব লাগে, তেনে অৱস্থাত উশাহৰ কষ্ট বৃদ্ধি পাব পাৰে ৷

হাপানি ৰোগ নিৰাময়ত সহায়ক কেইটামান যোগ–প্রাণায়ামঃ

¨নাড়ী শোধন প্রাণায়াম

¨কপালভাটি

¨অনুলোম–বিলোম

¨ভষ্টিকা প্রাণায়াম

¨অর্ধ মৎস্যেন্দ্রসন

¨পৱনমুক্তাসন

¨সেতু বান্ধাসন

¨ভুজংগাসন আদি৷

আধুনিক চিকিৎসা বিজ্ঞানত হাঁপানিৰ চিকিৎসাত এণ্ঢি–হিষ্টামিনিক, মিউকোলাইটিক, ষ্টেৰইড, ব্রংকডায়েলটৰ, নাকেৰে শুঙা ইনহেলাৰ হত্যাদিৰ প্রয়োগ কৰা হয় ৷ এই ঔষধিসমূহ হাঁপানিৰ আপাতকালীন পৰিস্থিতিৰ বাবে বহু প্রয়োজনীয় আৰু ফলপ্রসূ ৷ কিন্তু আমি জনো হাপানি এক দীর্ঘম্যাদী স্থিতি, যাক নিয়ন্ত্রণৰ বাবে দীঘলীয়া চিকিৎসাৰ প্রয়োজন ৷ উপৰিউক্ত আধুনিক ঔষধসমূহৰ দীঘলীয়া ব্যৱহাৰে বহুতো পার্শ্বক্রিয়া কৰা দেখা যায় ৷ এইক্ষেত্রত আয়ুর্বেদিক ঔষধিৰ ব্যৱহাৰে আপোনাক পার্শ্বক্রিয়া অবিহনে হাঁপানি নিয়ন্ত্রণৰ এক বিকল্প উপায় দিব পাৰে ৷ আয়ুর্বেদিক ঔষধিসমূহে ৰোগ নির্মূলকৰণৰ লগতে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিতো সমানে গুৰুত্ব দিয়ে৷ ইয়াৰ ফলত এই ৰোগৰ নিয়ন্ত্রণ সম্ভৱ হয় ৷ আয়ুর্বেদ বিজ্ঞানত এই ৰোগৰ মৃদু লক্ষণৰ পৰা প্রবল লক্ষণ ভেদে ভিন্ন ঔষধিৰ উল্লেখ আছে ৷

এহ বিষয়ে অধিক জানিবলৈ আৰু চিকিৎসাৰ বাবে যিকোনো আয়ুর্বেদিক চিকিৎসক বা আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব৷

ফোনঃ  ৮৬৩৮৭-৪৯৪৯৪

You might also like
Leave A Reply

Your email address will not be published.