ছবিগৃহত ডক্তৰ বেজবৰুৱা–২ চমক

দর্শনা বৰুৱা

মনোৰঞ্জনে মানুহৰ মন মগজু আলোড়িত কৰে ৷ প্রাত্যহিক ব্যস্ততাৰ পৰা কিছু সময় আঁতৰি মানসিক অৱসাদ দূৰ কৰিবলৈ প্রতিগৰাকী ব্যক্তিয়েই বিচাৰে ৷ চিনেমা বা চলচিচত্র, নাটক, নৃত্য–গীতৰ সমাদৰ যুগে যুগে চলি আহিছে ৷ মনোৰঞ্জনৰ উপাদানসমূহৰ হেনো স্বর্গতো সমাদৰ আছিল ৷ গতিকে মনোৰঞ্জন আৰু মানৱ জীৱনৰ অভিন্ন সম্পর্ক আছে ৷ কিছুদিনৰ স্থবিৰতা ভাঙি অসমীয়া ছবি উদ্যোগলৈ কেহখনমান দর্শকে আদৰা চিনেমাহ সুদিন কঢ়িয়াই আনিছে ৷ নানা মুনিৰ নানা মত বা ধানটোৱ প্রতি কণটো, মানুহে প্রতি মনটো বুলি আপ্তবাক্যকেহটি মনত ৰাখিহে এই লেখা যুগুত কৰা হৈছে ৷ বিগত ৩ ফেব্রুৱাৰীত সমগ্র অসমৰ চিনেমাহলত মুক্তি লাভ কৰা ডক্তৰ বেজবৰুৱা–২ চিনেমাখনে অভিলেখৰ পাছত অভিলেখ ৰচনা কৰে ৷ ৩ ফেব্রুৱাৰীত অসমৰ সমূহ চিনেমাহলৰ লগতে ১০ ফেব্রুৱাৰীত ভাৰতৰ ১২খন বিভিন্ন ৰাজ্যৰ ১৯টা চিত্রগৃহত মুক্তি দিয়া হয় ডক্তৰ বেজবৰুৱা–২ ৷ সদ্যপ্রয়াত অসমৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ পৰিচালনাত  ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডঃ অক্ষতা নাৰায়ণে এ এম টেলিভিছনৰ বেনাৰত প্রযোজনা কৰা চিনেমাখন প্রয়াত নিপন গোস্বামীয়ে চিনেমাহলৰ আসনত বহি চাবলৈ নাপালে যদিও ছবিখনৰ প্রিমিয়াৰৰ দিনা তেওঁৰ নামত এখন আসন নির্ধাৰণ কৰি ৰাখি প্রয়াত অভিনেতাগৰাকীলৈ সন্মান জনোৱা হৈছিল ৷

সমগ্র অসমৰ বহু ঠাইত দুই লাখৰো অধিক পোষ্টাৰ, বেনাৰ–হর্ডিং, ৰোড শ্ব আদিৰে ব্যাপক প্রমোচন–প্রচাৰৰ লগতে ছচিয়েল মিডিয়াৰ যোগেদিয়েও ডক্তৰ বেজবৰুৱা–২ ছবিখনৰ বিষয়ে সকলোকে জনোৱা হৈছিল ৷ সকলোৰে কাষ চাপিব পৰাকৈ মুকলি কৰা হৈছিল চিনেমাৰ ট্ৰেইলৰ ৷ সু–নিয়ন্ত্রিত আৰু সুচিন্তিত প্রচাৰৰ ফলত ডক্তৰ বেজবৰুৱা–২ ৰাইজৰ ওচৰ চপাত সহায় হল ৷

দৌৰি দৌৰি যাম, ডক্তৰ বেজবৰুৱা চাম শ্লোগানৰ সত্যতা পৰিগণিত হল যেতিয়া চিনেমাখনে মুক্তিৰ কেইদিনমানৰ পাছতে বক্স অফিচত ৫ কোটিৰ ক্লাৱত প্রৱেশ কৰিলে ৷ এই লেখা যুগুত কৰাৰ সময়লৈকে ডক্তৰ বেজবৰুৱা–চ্য়ে চিত্রগৃহত তৃতীয়টো সপ্তাহত ভৰি দিলে ৷  এই সময়লৈকে চিনেমাখনে বক্স অফিচত উপার্জন কৰিছে ৫.৫ কোটি টকা ৷ এই উপার্জনৰ পৰিমাণ যে বৃদ্ধি হব সেয়া নিশ্চিত ৷ মুক্তিৰ পূর্বেই চিনেমাহলত প্রি–বুকিং আৰম্ভ হোৱা এহখনেই হয়তো প্রথম অসমীয়া চিনেমা ৷ বাংগালুৰু, নতুন দিল্লী, গুৰগাঁও, নয়দা, হায়দৰাবাদ, মুম্বাই, চেন্নাই, পুনে, গোৱা, আহমেদাবাদ, কলকাতাৰ চিনেমাহলত ডক্তৰ বেজবৰুৱা–২ চাবলৈ ভিৰ কৰিলেহি অসমীয়া দর্শকে ৷ আন ভাষিক চলচিচত্র প্রেমী দর্শকে বুজিব পৰাকৈ চিনেমাখনৰ হিন্দী ভাষাত ডাবিঙৰ কথাও প্রযোজকৰ মনলৈ আহিল ৷ কিয়নো চিনেমাখন চাবলৈ দর্শকৰ পাৰভগা উছাহে সেয়া জৰুৰী যেন অনুভৱ কৰালে ৷

চিনেমাহল কর্তৃপক্ষই দর্শকৰ বাবে হলৰ ভিতৰত প্লাষ্টিকৰ চকীৰ ব্যৱস্থা কৰি হলেও চিনেমাখন উপভোগ কৰিবলৈ সুবিধা দিবলগীয়া পৰিস্থিতি আগতে উদ্ভৱ হোৱা নাছিল ৷ ৰাজদ্বীপৰ কাহিনী, নিপন গোস্বামী–ৰাজদ্বীপৰ চিত্রনাট্য, জুবিন গার্গৰ সংগীত–কণ্ঠ, আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন অসম সন্তান তথা অস্কাৰ বঁটা নির্বাচন কমিটীৰ সদস্য দেৱজিৎ চাংমাই আৰু অমৃত প্রীতমৰ ছাউণ্ড ডিজাইন–কাৰিকৰী দক্ষতা, হূদয় গগৈৰ চিনেমাটোগ্রাফীয়ে আমাক দিলে এখন উন্নতমানৰ চিনেমা ৷ কিছুসংখ্যক দর্শকে চিনেমাখন চাই আহি  খুবেই ভাল পোৱাৰ বিপৰীতে আন কিছু দর্শকে চিনেমাখনৰ সন্দর্ভত যি কথা বেকত কৰিছে সেয়া উলাহ কৰিব পৰাবিধৰো নহয় ৷

অসমৰ বর্তমান ৪৭টা চিত্রগৃহহে কার্যক্ষম ৷ গতিকে বহু ঠাইত দর্শকে বিচাৰিলেও চিনেমাখন চাবলৈ সুযোগ পোৱা নাছিল ৷ কিন্তু এই অসুবিধা দূৰ কৰি  চিনেমাখনৰ প্রযোজকে বিনামূলীয়া গাড়ীৰ ব্যৱস্থা কৰি কোনো কোনো ঠাহৰ আগ্রহী দর্শকৰ একোটা গোটক সেই ঠাইৰ ওচৰৰ চিনেমাহললৈকে অনা–নিয়াৰ ব্যৱস্থাও কৰা আমাৰ চকুত পৰিছে ৷

সুপৰিকল্পিত প্রচাৰ আৰু চিনেমাখন চাই আহি দর্শকে দিয়া ৰিভিউৰে ডক্তৰ বেজবৰুৱা–২ সফলতাত বহুখিনি অৰিহণা আগববালে ৷ ভাৰতৰ বাহিৰে বিদেশতো ডক্তৰ বেজবৰুৱা–২ উপভোগ কৰিবলৈ দর্শকৰ আগ্রহ এখন অসমীয়া চিনেমাৰ বাবে ভাল লগা কথা৷ স্বনামপ্রসিদ্ধ অভিনতা নিপন গোস্বামী অভিনীত ডক্তৰ বেজবৰুৱা নামৰ চিনেমাখন মুক্তি পাইছিল আজিৰ পৰা ৫৪ বছৰৰ আগতে ৷ সেই চিনেমাখনৰ অভিনেতা নিপন গোস্বামীয়ে দেখা সপোনটোক সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰি প্রযোজকে ডক্তৰ বেজবৰুৱা–২ নির্মাণ কৰিলে ৷

যিহেতু এইখন বিনোদনধর্মী বুলিয়েই প্রচাৰ চলোৱা হৈছিল, গতিকে তাত সমান্তৰাল ধাৰাৰ ছবিৰ সমল বিচাৰি যোৱা দর্শক নিৰাশ হোৱাটো স্বাভাৱিক ৷  কাহিনী বিন্যাস উন্নত, চিনেমাখনৰ সাজসজ্জা, গান, চিত্রনাট্য সকলোবোৰেই দর্শকক আকর্ষিত কৰি তুলিলে ৷ যদিও গানকেইটাক লৈ এক বিতর্কৰ সূত্রপাত হৈছিল তথাপিও অনুভৱ হল এই সময়ৰ এনে কাহিনীৰ এইখন চিনেমাৰ বাবে গান ঠিকেই আছে ৷ জুবিন গার্গৰ অভিনয় ভাল লাগিল ৷ উচ্চপদস্থ আৰক্ষী বিষয়া মহাদেৱ বৰুৱা ৰূপী জুবিন গার্গৰ অভিনয়ত ছিৰিয়াছ বিষয় এটিক হাস্যৰসৰ মাজেৰে লৈ যোৱাৰ নির্দেশনা সফল হৈছে ৷

কিন্তু অভিনয় শিল্পীগৰাকীৰ অভিনীত চৰিত্রই দাবী কৰা ধৰণে কষ্টিউমত কিছু ধ্যান দিয়াৰ প্রয়োজন আছিল ৷ আদিল হুছেইনৰ অভিনয়ৰ কথা  ৰাইজৰ মুখে মুখে৷ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ এগৰাকী অভিনেতাৰ পৰা যিখিনি আশা কৰা যায় সেয়া পূৰামাত্রাই পোৱা গল ৷ এক্সন, থ্রিলাৰ, ৰোমাঞ্চ, কমেডীৰে ভৰপূৰ ডক্তৰ বেজবৰুৱা–২ চিনেমাখনৰ আৰম্ভণিৰ পৰা শেষলৈকে দর্শকৰ উৎকণ্ঠা বর্তাই ৰাখিবলৈ সক্ষম হোৱাৰ বাবেই আমনিদায়ক হৈ নুঠিল ৷ সিদ্ধার্থ নিপন গোস্বামীৰ অভিনয় ভালেই ৷ কিন্তু এগৰাকী সুদর্শন নায়ক হোৱাৰ লগতে অভিনয়ৰ দক্ষতা তেওঁ আহৰণ কৰিব লাগিব ৷ এগৰাকী জনপ্রিয় আৰু দক্ষ অভিনেতাৰ পুত্র হোৱাৰ সুবাদতে সিদ্ধার্থ গোস্বামীৰ প্রতি দর্শকৰ আশা থকাটো স্বাভাৱিক ৷ কিংকিনী ভট্টাচার্য গোস্বামীৰ অভিনয় একেবাৰেই চকুত নলগা বুলিও কব নোৱাৰি ৷ তথাপি বহু কথা থাকে এগৰাকী সু–ভিনেত্রী হিচাপে নিজক গঢ়ি তুলিবলৈ ৷ চিনেমাখনৰ নৃত্যাংশ ভাল লাগিল ৷ চিনেমাখনৰ এটি গীতত আছে পৰম্পৰাগত অসমীয়া বিয়াৰ কিছু চিত্রণো দেখিবলৈ পোৱা গল ৷

নিপন গোস্বামী, অৰুণ হাজৰিকা, পার্থসাৰথি মহন্ত, পদ্মৰাগ গোস্বামী, গৌৰৱ বৰা আদি ন–পুৰণি অভিনয় শিল্পীৰ সু–ভিনয়ে নৱপ্রজন্মৰ লগতে সকলো লোককে আকর্ষিত কৰি তুলিলে চিনেমাখন উপভোগ কৰিবলৈ৷ সাংঘাতিক ছিৰিয়াছ ছবি চাই ভাল পোৱাসকলক বাদ দি ডক্তৰ বেজবৰুৱা–২ সকলো দর্শকৰ বাবেই এখন উপভোগ্য চিনেমা ৷

প্রযোজকে জনোৱা মতে ডক্তৰ বেজবৰুৱা–২ চিনেমা হল আৰু ভ্রাম্যমাণ প্রদর্শনীৰ উপৰিPRAGPLAY নামৰOTT প্লেটফর্মতো দর্শকৰ বাবে উপলব্ধ হব৷ ডুবাই, অষ্ট্রেলিয়া, ওমান, কানাডাৰ লগতে বিদেশৰ বহু অসমীয়া দর্শকে চিনেমাখন তাৰ চিনেমাহলত প্রদর্শনৰ ব্যৱস্থা কৰিবলৈ প্রযোজকক কৰা অনুৰোধে ডক্তৰ বেজবৰুৱা–২ জনপ্রিয়তাৰ কথাকেই সূচায় ৷ ছাবটাইটেল আৰু হিন্দী ডাবিঙৰ ব্যৱস্থা কৰিবলগীয়া চিনেমা ডক্তৰ বেজবৰুৱা–২ প্রতিটো দর্শনীতে হাউছফুল ৷ দর্শকে টিকট নাপাি উভতিবলগীয়া অৱস্থা ৷ বুক মাহ শ্ব Book my show)ৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পহণ্ঢ লাভ কৰিছিল এইখন অসমীয়া চিনেমাই ৷

ইমানবোৰ ইতিবাচক সঁহাৰি লাভ কৰা ডক্তৰ বেজবৰুৱা–২ চিনেমাখনে অসমীয়া চিনেমাৰ পূর্বৰ সকলো অভিলেখ ভংগ কৰি সূচনা কৰিলে এক নতুন দিগন্ত৷ সামান্য দুই–এক খুঁত চকুত পৰাৰ বাহিৰে চিনেমাখনে মনোৰঞ্জনৰ  সকলোখিনি দিবলৈ সক্ষম হৈছে ৷

ইয়াৰ বাবে ছবিখনৰ প্রযোজক–পৰিচালক, সমূহ কলা–কুশলীৰ  লগতে চিনেমাখনৰ লগত জড়িত সকলোকে অভিনন্দন৷ বৰেণ্য অভিনেতা প্রয়াত নিপন গোস্বামীৰ সপোনটোৱে তেওঁৰ কায়িক অনুপস্থিতিতো সাকাৰ ৰূপ লাভ কৰিলে ৷ এয়াই আমাৰ বাবে এক ভাল লগা কথা ৷ আশাকৰোঁ অসমীয়া চিনেমাৰ সোণালী দিন এইদৰেই অব্যাহত থাকক ৷ এইক্ষেত্রখনত জড়িত  সকলোলৈকে শুভেচ্ছা

ফোন ঃ ৭০৮৬৫-২১৩০৭

You might also like
Leave A Reply

Your email address will not be published.