দিনচর্যা ১ ঃ শুই উঠাৰ নিয়ম

ডাঃ নিতুল বৈশ্য

 আপুনি পুৱা কিমান সময়ত শোৱাপাটী এৰে ৬ বা ৭ বজাত কেতিয়াবা ৮ বজাত

হয় ৷ আমি প্রায় সকলোৰে পুৱা সোনকালে শোৱাপাটী এৰাৰ অভ্যাস নাহকিয়াই হল ৷ কিবা দৰকাৰী কামতেই হওক বা এনেয়েই মবাইল পিটিকি ৰাতি দেৰিলৈ উজাগৰে থাকি পুৱা দেৰিকৈ শোৱাৰ পৰা উঠাটো যেন আমাৰ সকলোৰে বাবে এক অঘোষিত নিয়মত পৰিণত হল ৷  আপোনাকে ধৰি আপোনাৰ চৌপাশে থকা ৯০-৯৫% মানুহে শোৱাৰ পৰা বহুত দেৰিকৈ উঠে ৷ তেওঁলোকৰ শোৱাপাটী এৰাৰ কোনো নির্দিষ্ট সময় নাথাকে ৷ ৰাতি শুবৰ পৰত এলার্ম ছেট কৰি থলেও পুৱা চৰম বিৰক্তিৰে টোপনিৰ আলিজালিতে বাৰে বাৰে সেই এলার্ম বন্ধ কৰি পুনৰ শুই যোৱা হয় ৷ আপোনাৰ এলার্মৰ শব্দত ঘৰৰ সকলো মানুহে সাৰ পায় আৰু নিজ নিজ কামত লাগি যায়, কিন্তু আপোনাৰ চকু মেল নাখায়হে নাখায় এনে ঘটনাও আপোনাৰ জীৱনত নিশ্চয় প্রায়েই হয় ৷ মুঠৰ ওপৰত আমি কোনোৱে পুৱা সোনকালে শুই নুঠো, বা আমাৰ শুই উঠাৰ কোনো নির্দিষ্ট সময় নাই ৷

কিন্তু ই কিমান স্বাস্থ্যসন্মত

এটা সময় আছিল যেতিয়া প্লেগ হৈ লাখ লাখ মানুহ মৰিছিল, সাধাৰণ ফ্লু হৈ কিমান মানুহ মৰিছিল তাৰ কোনো হিচাপ নাছিল, কলেৰা বা হাইজা হৈ এখন এখন গাঁওপর্যন্ত বিনা–চিকিৎসাই উছন গৈছিল ৷ কিন্তু পেনিচিলিনৰ পৰা আৰম্ভ কৰি বিভিন্ন প্রতিজৈৱিক ঔষধ(Antibiotic)ৰ আৱিষ্কাৰৰ লগে লগে সংক্রামক ৰোগ(infectious Disease)সমূহ কমি আহিল ৷ যদিওবা কভিডে শেহতীয়াকৈ মানৱ জাতিক বহু জলাকলা খুৱালে, তথাপি এনেকুৱা ৰোগ Disease of the Decade হে আৰু হয়ো বর্তমান নিয়ন্ত্রণাধীন হৈ পৰিছে ৷  ইয়াৰ বিপৰীতে কিন্তু অসংক্রামক ৰোগসমূহ বা জীৱনশৈলীজনিত ৰোগসমূহ অভাৱনীয়ভাৱে হোৰাহোৰে বাঢ়ি আহিব ধৰিছে ৷ আজিৰ দিনত হার্টৰ বেমাৰ, ডায়েবেটিছ বা মধুমেহ, কেঞ্চাৰ বা কর্কট, হাঁওফাঁওৰ ৰোগ, মেদবহুলতা, উচ্চ ৰক্তচাপ আদি বিভিন্ন জীৱনশৈলীজনিত ৰোগসমূহে সমাজখনক ভয়াৱহভাৱে ছানি ধৰিছে ৷ আজি আমাৰ দেশৰ প্রতি দহগৰাকী মহিলাৰ এগৰাকী আৰু প্রতি সাতজন পুৰুষৰ এজন উচ্চ ৰক্তচাপত আক্রান্ত ৷ আজি দিল্লীত জন্মগ্রহণ কৰা প্রতি তিনিটা শিশুৰ এটাকৈ শিশু জন্মগত হাঁওফাঁওৰ ৰোগ বা শ্বাস–প্রশ্বাসৰ ৰোগত আক্রান্ত ৷ আজি ডায়েবেটিছ ৰোগী নথকা পৰিয়াল বিৰলপ্রায় হৈ গল আৰু ভাৰতবর্ষ ডায়েবেটিছৰ ৰাজধানী হৈ পৰিল ৷ আনহে নালাগে, আমাৰ উত্তৰ–পূর্বাঞ্চল দেশৰ কেঞ্চাৰ কেপিটেল হৈ গল ৷ মেদবহুলতাৰ কথা নকলোঁৱেহ যেনিবা

১৯৯০ চনত ভাৰতত মৃত্যু হোৱা লোকৰ ৩৭%ৰ মৃত্যুৰ কাৰণ আছিল জীৱনশৈলীজনিত ৰোগ ৷ আচৰিতভাৱে এই হাৰ বাঢ়ি আজি ২০২০ চনত ভাৰতত জীৱনশৈলীজনিত ৰোগত মৃত্যু হোৱা লোকৰ হাৰ হলগৈ ৬১%৷ ই অতি উদ্রেকৰ বিষয় ৷ সেই কাৰণেই সম্প্রতি আমি জীৱনশৈলী পৰিৱর্তনত গুৰুত্ব দিয়াৰ অতীৱ প্রয়োজন ৷

তিনিটা কথাৰ ওপৰতেই আমাৰ সমস্ত দেহ–মন–জীৱন নির্ভৰ কৰে ৷ দিনটোত আমি কি কি কাম কৰোঁ, কি কি খাওঁ আৰু কি ধৰণৰ চিন্তা কৰোঁ এই তিনিটা কথাই আমাক আৰু আমাৰ সমস্ত সত্তাক নিয়ন্ত্রণ কৰে৷ আমি শুই উঠি দিনটোত কি কি কৰিব লাগে, তাকে আলোচনা কৰাৰ আগতে আহকচোন জানো যে আমি কেতিয়া শুই উঠিব লাগে ৷

ইংৰাজীত এষাৰ কথা আছে”Early to bed and early to rise, Makes a man healthy, wealthy and wise.”

অর্থাৎ, পুৱা সোনকালে শুহ উঠাৰ অভ্যাসে মানুহক স্বাস্থ্যৱান, চহকী আৰু জ্ঞানী কৰি তোলে ৷ এক কথাত কবলৈ হলে স্বাস্থ্য ৰক্ষাৰ প্রথম চর্তটোৱেই হল পুৱা সোনকালে শুই উঠা ৷ কিন্তু সোনকাল মানে কিমান সোনকালে ৬ নে ৫ বজাত নে ৪ বজাত

এহ প্রশ্নৰ সদুত্তৰ হল যে আপুনি সদায় ব্রহ্মমুহূর্তত উঠা উচিত ৷ এতিয়া ব্রহ্মমুহূর্ত মানেনো কি ব্রহ্মমুহূর্ত মানে হল সূর্যোদয়ৰ ৪৮ মিনিট আগৰ পৰা ঠিক সূর্যোদয়ৰ সময়লৈ এহখিনি সময় ৷ যিহেতু বছৰটোৰ বেলেগ বেলেগ দিনত বা মাহত সূর্যোদয়ৰ সময় ভিন্ন হৈ থাকে গতিকে আপুনি সহজভাৱে ৩.৩০ৰ পৰা ৫.৩০ বজাৰ এই সময়খিনিকেই ব্রহ্মমুহূর্ত বুলি বুজিব পাৰে ৷ এই সময়খিনিৰ বিশেষ গুৰুত্ব আছে ৷

ব্রহ্মমুহূর্তত পৰিৱেশ খুব শান্ত–সমাহিত হৈ থাকে ৷ ই অন্তৰাত্মাত আধ্যাত্মিকতাৰ সৃষ্টি কৰে আৰু মনক প্রফুল্লতা প্রদান কৰে ৷ এই সময়খিনি সাধাৰণতে দুশ্চিন্তামুক্ত যিয়ে প্রার্থনা আৰু আত্মশুদ্ধিৰ অৱকাশ দিয়ে৷ ইয়াৰ উপৰি অলপতে ৯০০০০ ভাৰতীয়ৰ ওপৰত চলোৱা এক সমীক্ষাত পোহৰলৈ আহে যে ব্রহ্মমুহূর্তত শোৱাপাটী এৰা পুৰুষ–মহিলাসকলৰ্ অন্য পুৰুষ–মহিলাতকৈ হার্টৰ বেমাৰ, উচ্চ ৰক্তচাপ, মধুমেহ আৰু মেদবহুলতা হোৱাৰ সম্ভাৱনা ৫০% কমি থাকে ৷ অন্য এক গৱেষণাত ধৰা পৰিছে যে অন্য সময়ৰ তুলনাত ব্রহ্মমুহূর্তত বায়ুমণ্ডলত অম্লজান বা অক্সিজেনৰ পৰিমাণ যথেষ্ট বেছি থাকে সাধাৰণতে বায়ুমণ্ডলত অম্লজান বা অক্সিজেন ২১% থাকে, কিন্তু কিছু গৱেষণাহ ব্রহ্মমুহূর্তৰ অক্সিজেনৰ পৰিমাণ ৪১% পর্যন্ত বুলি দাবী কৰিছে ৷ লগতে ব্রহ্মমুহূর্তত বায়ুমণ্ডলত প্রদূষকৰ পৰিমাণ অন্য সময়ৰ তুলনাত ৯০% কম বুলি ঠাৱৰ কৰা হৈছে যি আমাৰ শ্বাসতন্ত্রৰ বাবে যথেষ্ট হিতোপযোগী হয় ৷

মানুহৰ লাওখোলৰ ভিতৰত মস্তিষ্ক্ৰ একেবাৰে মাজভাগত পিনিয়েল গ্রন্থি বুলি এটা গ্লেণ্ড বা গ্রন্থি থাকে ৷ ই আন্ধাৰত মেলাটনিন উৎপন্ন কৰে আৰু পোহৰত এই প্রক্রিয়া বন্ধ কৰায় ৷ মেলাটনিনে আমাৰ দেহৰ জৈৱিক ঘডী বা বায়লোজিকেল ক্লকক নিয়ন্ত্রণ কৰি আমাৰ শৰীৰক সুস্থিৰতা প্রদান কৰে ৷ কোনো কোনো গৱেষকৰ মতে ব্রহ্মমুহূর্তত বায়ুমণ্ডলত এক বিশেষ মহাজাগতিক বিদ্যুৎ চুম্বকীয় শক্তি সঞ্চাৰিত হয়, যিয়ে আমাৰ চিন্তাশক্তিক ধনাত্মকভাৱে প্রভাৱান্বিত কৰিব পাৰে ৷

বায়ুমণ্ডলৰ ষ্ট্রেটস্ফিয়েৰ নামৰ দুই নম্বৰ তৰপত থকা অজন গেছৰ আৱৰণটোত ব্রহ্মমুহূর্তত অজন গেছ বেছিকৈ উৎপন্ন হয় বাবে অজনৰ এই আৱৰণ এই সময়ত ডাঠ হৈ থাকে , ফলত সূর্যৰ পৰা অহা চর্ম–কর্কট সৃষ্টিকাৰী অতি–বেঙুনীয়া ৰশ্মিয়ে পুৱাৰ এহ সময়খিনিত অজন ভেদ কৰি পৃথিৱীলৈ আহিব নোৱাৰে ৷ গতিকে সূর্যৰ ৰদে যিহেতু আমাৰ শৰীৰত ভিটামিন ডি উৎপন্ন কৰায়, সেয়েহে অতি–বেঙুনীয়া ৰশ্মিৰহিত এই সময়খিনিয়েইহৈছে ৰদৰ পৰা ভিটামিন ডি লোৱাৰ উত্তম সময় ৷ গতিকে বিজ্ঞানসন্মতভাৱেও ব্রহ্মমুহূর্তৰ গুৰুত্ব আছে ৷ এই আটাইবোৰ তথ্যই ব্রহ্মমুহূর্তৰ বিশেষত্বক নির্দেশ কৰে ৷

সেয়েহে সাম্প্রতিক সময়ত হোৰাহোৰে বাঢ়ি অহা জীৱনশৈলীজনিত ৰোগ বা লাইফ ষ্টাইলজনিত বেমাৰ(Lifestyle Diseases) বা অসংক্রামক ৰোগসমূহ(Non-communicable Diseases) প্রতিহত কৰিবলৈ আহকচোন প্রথম পদক্ষেপ হিচাপে আমি ব্রহ্মমুহূর্তত শোৱাপাটী এৰাৰ অভ্যাস গঢ়ি তোলোঁ ৷

ফোন ঃ ৭৮৯৬২-৪৬০০১

You might also like
Leave A Reply

Your email address will not be published.