মিছেছ চেটার্জী বনাম নৰৱে

শিখা ডি হাৰলালকা

বহুদিনৰ বিৰতিত বলীউডত কিছু ভাল ছবি নির্মাণ হৈছে ৷ আৰু এই ছবিসমূহৰ পৰিচালক বেছিসংখ্যকেই অল্পখ্যাত নাইবা নতুন ৷ আমি আজি কথা পাতিবলগীয়া ছবিখনৰ বিষয়বস্তু সম্পূর্ণ বাস্তৱধর্মী ৷ ২০১১ চনৰ মে মাহত নৰৱে নামৰ দেশখনত এটা ভাৰতীয় পৰিয়ালৰ লগত সংঘটিত অতি মর্মস্পর্শী ঘটনা, যি ঘটনাক চেলুলয়ডলৈ অনা হৈছে ৷ ছবিখনৰ নাম মিছেছ চেটার্জী বনাম নৰৱে ৷

আপুনি আপোনাৰ সন্তানক কিমান মৰম কৰে এই প্রশ্নটো অভিভাৱকৰ বাবে ৷ আচলতে সন্তানক কিমান মৰম কৰা হয়, সেয়া জোখাৰ যন্ত্রটো আজিলৈকে পৃথিৱীত আৱিষ্কাৰ হোৱা নাই ৷ মাক–দেউতাকৰ নিজৰ সন্তানৰ প্রতি মৰম সীমাহীন সদায়, যাৰ জোখ–লেখ পাবলৈ নাই ৷ ঠিক আছে, কল্পনা কৰকচোন আপুনি বুকুৰ মাজত ওমলাই থকা সন্তানটোক যদি হঠাতে চৰকাৰ প্রশাসনে কাঢ়ি লৈ যায়, আৰু ওলোটাই আপোনাক দোষী সাব্যস্ত কৰি তোলা হয় ৷ হয়, ভাবিবলৈও ভয় লগা এনে এক ঘটনা ঘটিছিল ভাৰতীয় মূলৰ নৰৱে নিৱাসী দম্পতী সাগৰিকা আৰু অনুৰূপৰ লগত ৷ এইখিনিতে দর্শকসকলক জনাওঁ যে নৰৱেত পৃথিৱীৰ ভিতৰতেই আটাইতকৈ কঠোৰ শিশু সুৰক্ষা ব্যৱস্থা আছে ৷ আৰু নৰৱে প্রশাসনৰ পিছতেই নৰৱে চাইল্ড প্রটেকচন ছার্ভিচ অতি শক্তিশালী, তেওঁলোকে নৰৱেত বসবাসকাৰী স্থানীয় আৰু বিদেশী পৰিয়াল, যিবোৰ পৰিয়ালত শিশু থাকে, তেওঁলোকৰ ওপৰত কাাা নজৰ ৰাখে ৷ যদিহে এই পৰিয়ালবোৰত শিশুৰ লালন–পালন ভাল নহয়, বা শিশুৰ অধিকাৰ সুৰক্ষিত নহয়, লগে লগে চাইল্ড প্রটেকচন ছার্ভিচে শিশুটিক সেই পৰিয়ালটোৰ পৰা কাঢ়ি লৈ আহে, আৰু এনে শিশুৰ ভৰণ–পোষণৰ দায়িত্ব পুনৰ লাভ কৰিবলৈ এক দীঘলীয়া আইনী যুঁজৰ মাজেৰে যাব লগা হয় ভুক্তভোগী পৰিয়ালটো ৷

হাতেৰে ভাত খুৱাই দিয়া, ঘৰত খেলিবলৈ পর্যাপ্ত খালী ঠাই নথকা, শিশুক মৰমত বাৰে বাৰে চুমা খোৱা আৰু নজৰ নালাগিবলৈ শিশুৰ কপালত কলা ফোঁট আঁকি দিয়াটোও নৰৱে চৰকাৰৰ দৃষ্টিত গুৰুতৰ অপৰাধ ৷ আৰু এই অপৰাধ  কৰা বাবেই ভাৰতীয় মাক–বাপেকহালৰ বুকুৰ পৰা কাঢ়ি নিয়া হৈছিল তিনি বছৰীয়া অভিজ্ঞান আৰু এবছৰীয়া ঐশ্বর্যক ৷ আৰু তাৰ পিছত সম্পূর্ণ অকলশৰে এখন দেশৰ বিৰুদ্ধে যুঁজি সাগৰিকাই কিদৰে ঘূৰাই পাইছিল দুই সন্তানক, সেয়া যেন এক ইতিহাস ৷

নায়িকা ৰাণী মুখার্জীয়ে নাম ভূমিকাত অভিনয় কৰা ছবিখন পৰিচালনা কৰিছে অসীমা চিববৰে ৷ কাহিনী, চিত্রনাট্য, সংলাপ সমীৰ সতীজাৰ৷ ৰাণী মুখার্জীৰ সৌন্দর্য আৰু অভিনয় প্রতিভাৰ কথা নতুনকৈ কোৱাৰ প্রয়োজন নাই ৷ চিনেমাখন চাই থকাৰ সময়ত অভিভাৱকসকলৰ কথা বাদেই দিয়ক, যুৱক–যুৱতীসকলেও সন্তানৰ মৰম, আকুলতা বুজি এগৰাকী অসহায় মাকৰ দুখত দুখী হৈ চকুৰ পানী পেলোৱাটো খাটাং ৷ ইমানেই শক্তিশালী ৰাণীৰ অভিনয় ৷ ৰাণীৰ স্বামীৰ চৰিত্রত অভিনয় কৰা অনির্বাণ ভট্টাচার্যই প্রথমবাৰলৈ বলীউডত ভুমুকি মাৰিছে এই ছবিখনৰ জৰিয়তে ৷ এজন স্বার্থপৰ, বদমেজাজী পিতৃৰ ভূমিকাত অনির্বাণৰ অভিনয় বহুদিনলৈ মনত থাকিব ৷

ছবিখনৰ কিছু দুর্বল দিশ নথকা নহয় ৷ প্রথমে ছবিখনত বহু বেছি পৰিমাণে ব্যৱহূত হৈছে বাংলা ভাষা ৷ বাংলা আৰু বিদেশী ভাষাসমূহৰ ক্ষেত্রত কোনো ধৰণৰ ছাব–টাইটেল ব্যৱহাৰ কৰা দেখা নগল ৷ বিশেষকৈ কর্টৰুমৰ অতি গুৰুত্বপূর্ণ দৃশ্যত বাংলা আৰু বিদেশী ভাষাৰ আতিশয্যত দর্শকে বুজিবই নোৱাৰে যে আচলতে ঘটিছে কি এই কিছু সৰু সুৰা দোষ–ত্রুটি বাদ দিলে ছবিখনৰ অইন দিশসমূহ তুলনামূলকভাৱে উন্নত ৷ মানৱীয় দৃষ্টিকোণৰ পৰাও এইখন এখন সমৃদ্ধ ছবি ৷ শ্বাসৰুদ্ধকাৰী একচন, কোটিটকীয়া চিনেমেটগ্রাফী অথবা কোনো উত্তেজনাপূর্ণ দৃশ্য নথকাকৈয়ে কেৱল কাহিনী আৰু অভিনয়েৰে এইখন ছবিয়ে দর্শকৰ হূদয়ত খুঁটি পুতি বহিছে ৷ ছবিখনে আপোনাক কন্দুৱাবই ৷ আৰু এনেধৰণৰ ছবি নির্মাণ বলীউডৰ বাবে আশীর্বাদস্বৰূপ ৷

ফোনঃ  ৮৮২২৯-৭১২১৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.