আইনাৰ অকণিহঁতলৈ – মৰমৰ আইনাৰ অকণিহঁত

মৰমৰ আইনাৰ অকণিহঁত

মৰম লবা ৷ তোমালোকক বহুতো কথা জনাবলৈ মন যায়, সেয়েহে এয়া লিখিবলৈ আৰম্ভ কৰিছোঁ ৷

আশাকৰোঁ তোমালোকে জানা যে গড়ী–মটৰ, ৰেল, জাহাজ, এৰোপ্লেন আনকি কিছুমান কল–কাৰখানা চলাবলৈকো ইন্ধনৰ তেল বা কয়লা আদি দৰকাৰ হয় ৷ পেট্ৰল, ডিজেল, কেৰাচিন আদি ইন্ধনবোৰ মাটিৰ তলত থকা খনিজ তেলৰ পৰা শোধন কৰি লোৱা হয়, মাটিৰ তলত থকা খনিজ তেলক মানুহে পাইপৰ সহায়ত মাটিৰ ওপৰলৈ উলিয়াই আনে আৰু অইল ৰিফাইনেৰী বা তেল শোধনাগাৰবোৰে নানা ব্যৱস্থাৰে শোধন কৰি কেৰাচিন, ডিজেল, পেট্ৰল বাহিৰ কৰে ৷ এই খনিজ তেলক জীৱাশ্ম ইন্ধন বোলে কাৰণ কোটি–লাখ বছৰ কিছুমান জীৱ, মাটিৰ তলত বৃহৎ চাপ বা হেঁচা খাই থকাৰ ফলতহে জীৱাশ্ম ইন্ধন বা খনিজ তেলৰ সৃষ্টি হৈছিল – ই কেইবছৰমানৰ ভিতৰতে সৃষ্টি নহয় ৷ সেইদৰে আন এবিধ ইন্ধন– কয়লা যাক কলা হীৰা নামেৰেও জনা যায় মাটিৰ তলত লাখ লাখ বছৰ পোত খাই থকা গছ–গছনিবোৰেই এটা সময়ত কয়লাৰ ৰূপ ললে ৷ জীৱাশ্ম ইন্ধন–পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা আদি লোৱাৰ ফলত কার্বন ডাই অক্সাইড, কার্বন মন অক্সাইড, মিথেন আদি বিষাক্ত গেছবোৰ বাহিৰ হয় আৰু এই গেছবোৰে বায়ুমণ্ডলত আমাৰ চৌপাশে আৱৰি থকা বায়ুক ভয়ানকভাৱে প্রদূষিত কৰে ৷ আনহাতে এই বিষাক্ত গেছবোৰে ওপৰলৈ উৰি গৈ পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰত এখন আৱৰণৰো সৃষ্টি কৰিছে ৷ এই আৱৰণখনক সেউজ গৃহ গ্রীন হাউছ আৱৰণ বোলা হয় ৷ এই আৱৰণখনে পৃথিৱীৰ জলবায়ুৰ ওপৰত যি ধৰণৰ প্রভাৱ পেলায়, তাক সেউজ গৃহ প্রভাৱ গ্রীন হাউছ এফেক্ট বোলে ৷

সেউজ গৃহ আৱৰণখনৰ কাৰণে সূর্যৰ পৰা অহা ৰশ্মি, পোহৰে বায়ুমণ্ডলৰ বাহিৰলৈ গুচি যোৱাৰ কাৰণে বাধা পায় আৰু ইয়াৰ ফলত পৃথিৱীৰ জলবায়ু দিনক দিনে গৰম হবলৈ ধৰিছে ৷ বর্তমান পৃথিৱীৰ জলবায়ু ইমানেই বেছি সলনি হৈ  পৰিছে যে শীতকালটো চুটিহৈ পৰিছে, ঋতু পৰিৱর্তন আৰু নিয়মীয়া হৈ থকা নাই, আগতে বানপানী নোহোৱা ইউৰোপৰ কিছুমান অঞ্চলত প্রবল বানপানী হৈছে, কানাডাৰ বৰফ পৰা অঞ্চলত এতিয়া বৰফ নপৰে, কানাডাৰ বহু অঞ্চলত ভীষণ গৰম পৰা হৈছে ৷ বৰষুণৰ ফলত সৃষ্টি হোৱা ডাঠ অৰণ্যৰ দেশ আফ্রিকাত খৰাং বতৰ চলিছে ৷ জলবায়ুৰ এই পৰিৱর্তনৰ কাৰণে পৃথিৱীৰ প্রাণী, গছ–গছনিৰ লগতে মানুহৰো জীৱনলৈকো ভাবুকি আহিছে, ইতিমধ্যে বহুত প্রাণী আৰু উদ্ভিদ পৃথিৱীৰ পৰা লোপ পাইছে ৷

যদিহে প্রদূষণ জলবায়ুৰ পৰিৱর্তনৰ কাৰণে আমি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব নোৱাৰোঁ ৷ তেনে আমাৰ গাড়ী ৰেল, বিমান, কল–কাৰাখানাবোৰ কিহেৰে চলাম সেয়েহে পৃথিৱীৰ বিভিন্ন ঠাইত হোৱা জলবায়ু সন্মিলনবোৰে সকলোকে জীৱাশ্ম ইন্ধনৰ সলনি সূর্যৰ তাপ–পোহৰক সৌৰশক্তি ব্যৱহাৰ কৰিবলৈ কৈছে ৷ বিশেষ ধৰণৰ চেল বা কোষ ফলক পেনেল ব্যৱহাৰ কৰি সৌৰশক্তিৰ সহায়ত বিদ্যুৎ বা বিজুলী শক্তি উৎপাদন কৰিব পাৰি  এনে ব্যৱস্থাত কোনো প্রদূষণ নহয় ৷ পিছে এনেবোৰ সৌৰফলক ব্যৱহাৰ কৰা ঠাইত গোটেই বছৰ ৰদ পৰি থাকিলে ভাল, ইতিমধ্যে ৰাজস্থানৰ দৰে ৰদ পৰা ঠাইত সৌৰশক্তিৰ দ্বাৰা বিজুলী উৎপাদন কৰিব পৰা বৃহৎ প্রকল্প স্থাপন কৰা হৈছে ৷ আমাৰ অসমৰো কার্বি আংলং, বকোত সৌৰশক্তি প্রকল্প স্থাপন কৰা হৈছে ৷ এটা সময়ত সৌৰশক্তিৰ সহায়ত উৎপাদন কৰা বিজুলীৰেই আমাৰ গাডী, মটৰ, ৰেল, বিমান, কল–কাৰাখানাবোৰ চলি থাকিব ৷ ইয়াৰ ফলত বায়ুত প্রদূষণ কমি গৈ হয়তো প্রায় নোহোৱা হৈ পৰিব ৷ সেই শুভ দিনৰ বাবে আমি পৃথিৱীবাসীয়ে বৰ আগ্রহেৰে বাট চাই ৰলোঁ ৷

শুভেচ্ছাৰে

তোমালোকৰ মাহী

বন্দিতা ফুকন

ফোনঃ  ৯৮৬৪০-২৫৫১৭

You might also like
Leave A Reply

Your email address will not be published.