অসমীয়া পৰম্পৰাগত গহনাৰে বিয়া

পল্লৱী হাজৰিকা

মাৰাৰ অলংকাৰ থোৱা কাতি কৰি

ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱাহে৷

ৰামে দি পঠাইছে সুবর্ণ অলংকাৰ

ঐ ৰাম হাতে যোৰে কৰি থোৱাহে৷

বিয়া বুলিলে এগৰাকী কইনাৰ বাবে যিদৰে এযোৰ পাট–মুগাৰ সাজ অপৰিহার্য ৷ একেদৰে কইনাৰ শোভাবর্ধনত অলংকাৰৰ প্রাধান্য অন্যতম ৷ নাৰীৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিনটোত এযোৰ ধুনীয়া সাজ আৰু অলংকাৰে কইনাৰ ৰূপত নাৰীগৰাকীক সৌন্দর্যৰ ৰাণী কৰি সজাই তোলে আৰু সেই দিনটোতে তেওঁ হৈ পৰে সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু আৰু অনন্য ৷ প্রতিগৰাকী নাৰীয়েই বিয়াৰ সেই বিশেষ দিনটোত নিজক সজাই–পৰাই সৌন্দর্যৰ গৰাকী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে ৷ এযোৰ সৌন্দর্যময়ী সাজপাৰৰ লগতে গুৰুত্ব আহি পৰে গহনা–গাঁথৰিৰ ৷ গহনা–গাঁথৰি বুলি কোৱাৰ লগতে আহি পৰে অতীজৰে পৰা প্রচলিত আমাৰ অসমীয়াৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ গহনা সম্ভাৰৰ কথা৷ এনে ক্ষেত্রত আটাইতকৈ চিন্তনীয় বিষয়টো হল যে কেনেধৰণৰ বা কোনবিধ গহনা পৰিধান কৰিলে কইনাগৰাকীক সুন্দৰ ৰূপত তুলি ধৰিব৷ গহনা নির্বাচনৰ সময়ত প্রতিগৰাকী কইনাই বহু সময়ত দোধোৰ–মোধোৰ হৈ পৰে ৷ সেয়েহে বর্তমান সময়ত আমাৰ পৰম্পৰাগত এই অসমীয়া গহনাসমূহৰ বিভিন্ন ধৰণৰ ডিজাইন উপবব্ধ ৷ গতিকে কোনবিধ গহনাইনো কইনাগৰাকীক সেই বিশেষ দিনটোত অধিক সৌন্দর্যময় কৰি  তুলিব, তাক নির্ণয় কৰি আগতীয়াকৈ নিজৰ পছন্দ অনুসৰি অর্ডাৰ কৰিব পাৰে ৷

এতিয়া আহোঁ গহনা নির্বাচনৰ ক্ষেত্রত এগৰাকী নাৰীয়ে কি কথালৈ অধিক মন দিয়া উচিত ৷ যিহেতু বিশেষ দিনটোৰ সেই বিশেষ পাট–মুগাৰ সাজৰ লগত খাপ খোৱাকৈ গহনা নির্বাচন কৰিলেহে কইনাগৰাকী অধিক সৌন্দর্যময়ী আৰু অনন্য হৈ উঠিব ৷ সাধাৰণতে এগৰাকী কইনাই পিন্ধা সোণৰ গহনাবিধৰ দৈর্ঘ্য আৰু ডিজাইন লৈ অসমীয়া গহনাটো নির্বাচন কৰাটো অতি প্রয়োজনীয়, যাতে সোণৰ গহনা আৰু পৰম্পৰাগত অসমীয়া গহনাই দুয়োটাই সুন্দৰ ৰূপত ফুটি উঠে ৷ সাধাৰণতে এগৰাকী কইনাই বিয়াৰ দিনা পিন্ধাৰ বাবে এডাল গলপতা, এটা মধ্যমীয়া দৈর্ঘ্যৰ গহনা আৰু তাতকৈ অলপ তললৈকে পৰা এপদ গহনাৰ প্রয়োজন হয় ৷ যদিহে কইনাগৰাকীৰ সোণৰ গহনাবিধ ডিঙিত লাগি থকাকৈ গঢ়াইছে, তেন্তে অসমীয়া গহনা নির্বাচনৰ ক্ষেত্রত সদায় দীঘল দৈর্ঘ্যৰ গহনা নির্বাচন কৰা দৰকাৰ ৷

ইয়াৰ উপৰি এটা ডাঙৰ আকাৰৰ গেজেৰা, জাপি, দুগদুগী অথবা এটা জেঠাপতাও কইনাই পিন্ধিব পাৰে ৷ খুব ধুনীয়া দেখি, আকাৰত অলপ ডাঙৰ হলে আৰু চকুত লগা হয় আৰু অৱশ্যে বর্তমান সময়ত ডাঙৰ আকাৰৰ গহনাই গ্রাহকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ আকৌ যদিহে কইনাগৰাকীয়ে ডিঙিত লাগি থকা ধৰণৰ গলপতা লব খোজে, তেন্তে মূল গলপতাৰ পৰা অকণমান তললৈ বৈ পৰা ধৰণৰ ডিজাইনৰ গলপতা নির্বাচন  কৰিব পাৰে ৷ তেতিয়া ডিঙিটো খুব ধুনীয়াকৈ ভৰি থাকিব আৰু অত্যন্ত সৌন্দর্যময়ী হৈ উঠিব ৷

ইয়াৰ উপৰি পৰম্পৰাগত অসমীয়া গহনাৰ ডিজাইনৰ ভিতৰত থক্চনা হাৰ, জোনবিৰি, শিলিখা হাৰ, ধানপতা ডিজাইন দিয়া যিকোনো এটা কাপোৰৰ ৰং, মিনাৰ লগত মিলাকৈ এটা সুন্দৰ আকর্ষণীয় গহনা এগৰাকী কইনাই নির্বাচন কৰিব পাৰে ৷ এইদৰেই তিনিটা অসমীয়া গহনা বেলেগ বেলেগ জোখৰ লৈ পৰিধান কৰিলে গহনাকেইটাও অধিক আকর্ষণীয় হৈ পৰে ৷ আকৌ দীঘল গহনা হিচাপে গেজেৰা এটাৰ লগতে মটৰমণি দি, জাপি এটা, ডাঙৰ আকৃতিৰ দুগদুগী নতুবা লোকাপাৰ ইত্যাদি যিকোনো গহনাও এগৰাকী কইনাই পৰিধান কৰিব পাৰে ৷

এতিয়া আহোঁ আঙঠিলৈ ৷ এগৰাকী কইনাই যিকেইটা অসমীয়া গহনা নির্বাচন কৰে তাৰ লগত মিলাকৈ এটা বা দুটা আঙঠিও ডিজাইন কৰি লব পাৰে ৷ সচৰাচৰ জাপি, দুগদুগী, গলপতা, শেনপতা ইত্যাদি ডিজাইনৰ আঙঠিয়ে কইনাৰ হাতখনৰ অধিক শোভাবর্ধন কৰে ৷ ইয়াৰ লগতে হাত দুখনৰ সৌন্দর্য ববাবলৈ গামখাৰু, মুঠিখাৰুও কইনাৰ নির্বাচিত গহনাৰ লগত মিলাকৈও ডিজাইন কৰি লব পাৰে ৷ গামখাৰু আৰু মুঠিখাৰুৱে খুব এক গাম্ভীর্যপূর্ণ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ আন এপদ অসমীয়া গহনা হল কপালি ৷ কপালি অবিহনে কইনাৰ মুখৰ সৌন্দর্যত এক শূন্যতাই বিৰাজ কৰিব ৷ গতিকে সৌন্দর্যবর্ধনত কপালি অপৰিহার্য ৷ গতিকে কপালি বুলি কলে ধুনীয়া কপালিৰ ভিতৰত দুগদুগী কপালি, জাপি কপালি অন্যতম ৷ অন্যান্য গহনাৰ ডিজাইনৰ লগত মিলাকৈ কপালিটো নির্বাচন কৰি পৰিধান কৰিলে কইনাগৰাকীৰ সৌন্দর্যই সোণত সুৱগা চৰাব ৷

মুঠৰ ওপৰত পৰম্পৰাগত অসমীয়া গহনাই এগৰাকী কইনাৰ বিশেষ স্মৰণীয় দিনটোত কইনাগৰাকীক অধিক সৌন্দর্যময়ী কৰি তোলে ৷ অসমীয়া পৰম্পৰাগত গহনা অসমীয়াৰ গৌৰৱ ৷ গতিকে পৰম্পৰাগত অসমীয়া গহনা অবিহনে এগৰাকী কইনাৰ বিশেষ স্মৰণীয় দিনটোৰ সৌন্দর্য আধৰুৱা হৈ ৰব ৷

ফোনঃ  ৮৬৩৮৩-০২৪৭১

You might also like
Leave A Reply

Your email address will not be published.