আইনাৰ অকণি – মৰমৰ আইনাৰ অকণিহঁত,

মৰম লবা ৷ ইতিমধ্যে তোমালোকে গম পালাই যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইণ্ডিয়ান স্পেচ্ ৰিছার্চ অর্গেনাইজেচন, মানে ইছৰোৱে ঘোষণা কৰামতেই চন্দ্রযান– ৩য়ে ২৩ আগষ্টত আবেলি ৬.০৪ বজাত আমাৰ একমাত্র উপগ্রহ চন্দ্রটোৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে ৷ এতিয়ালৈকে চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশযান নমোৱা ভাৰতবর্ষই হল পৃথিৱীৰ ভিতৰত প্রথমখন দেশ ৷ লেণ্ডাৰ বিক্রমে চন্দ্রত নমাৰ প্রায় চাৰি ঘৰ পিছতে লেণ্ডাৰ বিক্রমৰ পৰা ওলাই আহি চন্দ্র মাটিত ৰভাৰ–প্রজ্ঞানে চলিবলৈ আৰম্ভ কৰিলে ৷ ৰভাৰ প্রজ্ঞানে ইতিমধ্যে চন্দ্রৰ পৰিৱেশ, মাটিত থকা খনিজ পদার্থ, পানী আদিৰ বিষয়ে অনুসন্ধান চলাই, তাৰ খবৰবোৰ ইছৰোক জনাই আছিল ৷ পিছে বিক্রম আৰু প্রজ্ঞানে পৃথিৱীৰ হিচাপত ১৪ দিন চন্দ্রৰ হিচাপত মাত্র এদিন গৱেষণা চলোৱাৰ পিছত সিহঁত দুয়োকে ইছৰোৰ বিজ্ঞানীসকলে শুৱাই থৈছে অর্থাৎ নিষ্ক্রিয় কৰি ৰাখিছে ৷ কাৰণ চন্দ্রৰ দক্ষিণ মেৰুত ৰদৰ পোহৰ প্রায় নপৰাৰ দৰে ৷ পুনৰ পৃথিৱীৰ ১৪ দিনৰ পিছত বিক্রম আৰু প্রজ্ঞান আগৰ দৰেই সক্রিয় হব পাৰিবনে নাই, সেই কথা ইছৰোৰ বিজ্ঞানীসকলেহে কব পাৰিব ৷ ভাৰতবর্ষৰ বাবে গৌৰৱৰ দিন ২৩ আগষ্ট তাৰিখটোক ভাৰত চৰকাৰে প্রতিবছৰে মহাকাশ দিৱস হিচাপে পালন কৰি ব বুলি ঘোষণা কৰিছে ৷

তোমালোকে নিশ্চয় জানা যে চন্দ্রযান–বৰ অভিযানত পাঁচজন অসমৰ বিজ্ঞানীয়েও অংশ লৈছিল ৷ তেওঁলোকৰ নামবোৰ হল চয়ন দত্ত, নিধি শর্মা, বিশাল সিন্হা, উদ্দীপনা কলিতা আৰু ডঙ্ম বাহাৰুল ইছলাম৷ আন এটা কথাও জানি লোৱা চন্দ্রযান–বৰ অভিযানত মুঠ খৰচ হল প্রায় ৬১৫ কোটি টকা ৷ এই অভিযানটো ইমান কম খৰচী হোৱাৰ কাৰণ হল, এই অভিযানত কেইবাটাও ভাৰতীয় কোম্পানীয়ে বহুতো সামগ্রী আৰু বৈজ্ঞানিক ব্যৱস্থাৰ যোগান ধৰিছে ৷ সেই কোম্পানীবোৰ হল হিন্দুস্তান এৰনাটিক্ছ লিমিটেড, ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেড, ডিফেন্স এণ্ড স্পেচ্ টেকনলজী, লার্ছেন এণ্ড টুব্র আদি ৷

ইতিমধ্যে তোমালোকে নিশ্চয় গম পাইছা যে যোৱা ২ ছেপ্টেম্বৰত ইছৰোই আমাৰ সূর্যটোৰ অভিমুখে আদিত্য এল–ৰ নামৰ এখন মানৱবিহীন মহাকাশযান পঠিয়াইছে ৷ শ্রীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্রৰ পৰা দিনৰ  বজাত পি এছ এল ভি– চি ৫৭ ৰকেটেৰে আদিত্য এল–ৰ মহাকাশলৈ উৰা মাৰিছিল ৷ আদিত্য এল–ৰ ৰ ওজন হৈছে ১৪৮০.৭ কিলোগ্রাম আৰু ইয়াত আছে সাতটা বিশেষ বৈজ্ঞানিক সঁজুলি ৷ ইছৰোৱে দিয়া খবৰ মতে ১২৫ দিন বা প্রায় চাৰি মাহৰ মূৰত পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা পৃথিৱী আৰু সূর্যৰ মাজত থকা লাগ্রাগিয়ান পইণ্ঢৰ এল–ৰৰ হেলো কক্ষপথতআদিত্য এল–ৰ যানখনে অৱস্থান কৰিব ৷ তাৰ পৰাই আদিত্য এল– ১কে সূর্যটোৰ গতিবিধিৰ সম্পর্কে পর্যবেক্ষণ কৰি থাকিব ৷ যোৱা ছেপ্টেম্বৰ মাহত কেইবাটাও মনত ৰাখিবলগীয়া দিন আছিল ৷ ৫ ছেপ্টম্বৰ আছিল আমাৰ আটাইৰে শ্রদ্ধাৰ শিক্ষক দিৱস ৷ শিক্ষকসকলেই আমাক জ্ঞানৰ পোহৰ দিয়ে ৷ আমাৰ ভৱিষ্যৎ জীৱনটো সুশিক্ষাই সুন্দৰ কৰি তোলে ৷ ভাল ছাত্র–ছাত্রীসকলক শিক্ষকসকলে নিজৰ লৰা–ছোৱালীৰ দৰেই ভাল পায় ৷ শিক্ষাই আমাক নানা বিষয়ত জ্ঞান দি, প্রকৃত মানুহ হবলৈ শিকায় ৷ ভাৰতবর্ষৰ এজন শিক্ষাবিদ, দার্শনিক–প্রাক্তন ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আছিল  ৫ ছেপ্টেম্বৰ ৷ তেওঁৰ প্রতি শ্রদ্ধা জনাই সমগ্র ভাৰতবাসীয়ে তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস বুলি উদ্যাপন কৰে ৷

এতিয়া আমি আন এটা মনত ৰাখিবলগীয়া তাৰিখৰ কথা কওঁ ৷ তাৰিখটো হৈছে ৮ ছেপ্ঢেম্বৰ৷ ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত মহান শিল্পী ডঃ  ভূপেন হাজৰিকাৰ জন্ম হয় ৷ তেওঁৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্রিয়া ৷ তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, কথাছবি পৰিচালক, কবি, সম্পাদক, অধ্যাপক আনকি ৰাজনীতিবিদো আছিল ৷ তেওঁ ৰচনা কৰা প্রতিটো গীতেই আছিল সুন্দৰ, সহজ শব্দৰ সমাহাৰ আৰু বেছিভাগ গীতেই সমাজক দিব পাৰিছিল একো, একোটা বিশেষ বার্তা ৷  ভাৰতৰত্ন, পদ্মবিভূষণ, দাদা চাহাব ফাল্কে বঁটা আদি বহুত মূল্যৱান ৰাষ্ট্রীয় বঁটাৰে বিভূষিত সুধাকণ্ঠ ডঃ  ভূপেন হাজৰিকাক অসম তথা ভাৰতবর্ষই কাহানিও পাহৰিব নোৱাৰিব ৷ আমাৰ অসম দেশৰে অতি সৌভাগ্য যে এনে মহান শিল্পী এগৰাকীৰ এইখন অসমতে জন্ম হৈছিল ৷ আশা কৰোঁ তোমালোকে তেওঁৰ জন্মদিনটো তেওঁৰেই ৰচিত গীত–মাতেৰে উদ্যাপন কৰিলা ৷

মৰমেৰে

তোমালোকৰ মাহী

বন্দিতা ফুকন

You might also like

Comments are closed, but trackbacks and pingbacks are open.