জন্মদিনত পি এছ এ পৰীক্ষা কৰিলেনে

ডাঃ অৰূপ কুমাৰ নাথ

আগৰ দিনৰ কথা বেলেগ আছিল৷ আজিকালিৰ কথাই সুকীয়া৷ জন্মদিন বুলি কলেই সাত জাঁপ মাৰি বছৰৰ বিশেষ দিনটোত বন্ধুবর্গৰে সৈতে সাতোৰঙী কেক্ কাটি আৰু ৰাতিলৈ ককটেইল পার্টীত অলপ নৃত্যৰে উছাহ কৰাটো আমাৰ যেন নিয়মত পৰিণত হৈ গল৷ আমাৰ দেউতা–ককা, যিসকলে তেওঁলোকৰ ডেকা বয়সত এই ধৰণৰ পৰম্পৰাৰ প্রতি অভ্যস্ত নাছিল, তেওঁলোকৰ জন্মদিনতো আমি কেক্ আদি কাটি, সৰু সুৰা উপহাৰ আদি দি আৰু জন্মদিনৰ অলেখ–যুত শুভেচ্ছা যাচি তেওঁলোকৰ প্রতি থকা আমাৰ মৰম–ভালপোৱাৰ বহিঃপ্রকাশ কৰোঁ৷ ই স্বাভাৱিকতেই পৰিয়ালৰ সদস্যসমূহৰ মাজত আত্মিক বান্ধোন সুদৃ কৰে৷ দেউতা, বৰদেউতা বা ককাৰ দৰে পৰিয়ালৰ জ্যেষ্ঠ সদস্যয়ো লৰা–ছোৱালীয়ে তেওঁলোকৰ প্রতি প্রদর্শন কৰা দায়িত্ববোধ আৰু প্রীতি–আনুগত্যত আপ্লুত হৈ পৰে৷ ই নিষ্চিতভাৱে ভাল কথা৷ কিন্তু পৰিয়ালৰ জ্যেষ্ঠজনৰ প্রতি থকা আমাৰ মৰম–ভালপোৱা বর্তাই ৰাখিবলৈ আৰু দায়িত্ববোধ প্রকৃতার্থত পালন কৰিবলৈ আমি যিটো কাম কৰাটো আটাইতকৈ দৰকাৰী সেয়া হৈছে –PSA Test

PSA অর্থাৎ প্রষ্টেট স্পেচিফিক এণ্ঢিজেন হল প্রষ্টেট গ্রন্থিৰ পৰা নিঃসৰিত হোৱা এবিধ ৰস৷ প্রষ্টেট গ্রন্থি হল মতা মানুহৰ প্রজনন তন্ত্রৰ এক অংশ৷ ই মতা মানুহৰ মূত্রথলীৰ তলফালে মূত্রনলীক চাৰিওফালে আৱৰি থাকে আৰু সংগমৰ সময়ত প্রষ্টেট গ্রন্থিৰ পৰা প্রষ্টেট স্পেচিফিক এণ্ঢিজেন PSA নিঃসৰিত হৈ শুক্রাণুসমূহক পিচ্ছিল কৰি ইয়াৰ গতিৰ বাবে এক মাধ্যম প্রদান কৰে৷ দেখিবলৈ আখৰোটৰ দৰে প্রষ্টেট গ্রন্থিটোৰ ওজন সাধাৰণতে ১২ৰ পৰা ১৬ গ্রাম হয় আৰু বয়স ববাৰ লগে লগে ই আকাৰত ডাঙৰ হব ধৰে আৰু সমান্তৰালভাৱে ইয়াৰ ওজনো বােে৷ সাধাৰণতে চল্লিশ বছৰ বয়সৰ পিছৰ পৰা ই ডাঙৰ হব ধৰে৷ প্রষ্টেট গ্রন্থিৰ পৰা নিঃসৰণ হোৱাPSAৰ পৰিমাণ প্রতি ডেচিলিটাৰ তেজত ৪ নেনগ্রাম বা তাতোকৈ কম থাকিব লাগে৷ ডায়েবেটিছ পৰীক্ষা কৰাৰ দৰে তেজ পৰীক্ষাৰ দ্বাৰা দেহতPSAৰ পৰিমাণৰ বিষয়ে জানিব পাৰি৷ ই অতি সহজ আৰু সহজলভ্য৷ লগতে বহুত বেছি খৰচীও নহয়৷ সংক্রমণ আৰু প্রষ্টেট কেঞ্চাৰৰ কাৰণে তেজতPSAৰ পৰিমাণ বািিব পাৰে৷ সাধাৰণতে সংক্রমণৰ কাৰণেPSA কমকৈ বােে আৰু প্রতিজৈৱিক দৰবৰ দ্বাৰা সংক্রমণৰ উপশম ঘটোৱাৰ লগে লগেPSAৰ পৰিমাণো কমি আহে৷ কিন্তু প্রষ্টেট কেঞ্চাৰৰ কাৰণে তেজতPSA বহুত বেছি ববা দেখা যায়, যিকোনো ঔষধিৰ দ্বাৰা সহজতে কমি যোৱা দেখা নাযায়৷ প্রষ্টেটৰ সংক্রমণ সাধাৰণতে ১৫ বছৰৰ পৰা ৪০-৫০ বছৰ Sexually Actively Age বয়সলৈ হয়৷ আনহাতে, প্রষ্টেট কেঞ্চাৰ ৪০-৫০ বছৰ বয়সৰ পিছত হোৱা দেখা যায়৷ গতিকে প্রষ্টেট কেঞ্চাৰ ধৰা পেলাবলৈ ৪০-৫০ বছৰ বয়সৰ পিছতPSA Test অতি গুৰুত্বপূর্ণ৷

গোলকীয় দৃশ্যপটত মতা মানুহৰ গাত হোৱা কেঞ্চাৰবোৰৰ ভিতৰত প্রষ্টেট কেঞ্চাৰ দ্বিতীয় সর্বাধিক হোৱা কেঞ্চাৰ আৰু প্রষ্টেট কেঞ্চাৰজনিত মৃত্যু সকলো কেঞ্চাৰৰ ভিতৰত পঞ্চম সর্বাধিক৷ আমেৰিকাৰ ছালৰ কর্কটৰ পিছতেই আটাইতকৈ বেছি হোৱা কেঞ্চাৰবিধেই হল প্রষ্টেট কেঞ্চাৰ৷ আমাৰ দেশ ভাৰততো ই মতা মানুহৰ কেঞ্চাৰবোৰৰ ভিতৰত হাওফাঁওৰ কেঞ্চাৰৰ পিছতেই দ্বিতীয় সর্বাধিক৷ এই পৰিসংখ্যাৰ পৰাই পৰিস্থিতিৰ ভয়াৱহতা অনুমেয়৷ কিন্তু আমি অন্য কেঞ্চাৰবোৰৰ বিষয়ে যিমান দূৰ জ্ঞাত আৰু সজাগ, প্রষ্টেট কেঞ্চাৰৰ বিষয়ে সিমান বেছি জ্ঞাত আৰু সজাগ–সচেতন নহয়৷ অৱশ্যে এটা কথা ভাল যে প্রষ্টেট কেঞ্চাৰ আটাইতকৈ লেহেমীয়া কেঞ্চাৰ৷ প্রথম অৱস্থাত ধৰা পেলাই উপযুক্ত চিকিৎসা প্রদান কৰিব পাৰিলে প্রষ্টেট কেঞ্চাৰ হৈ কোনো লোকেই মৃত্যুবৰণ কৰিব লগা নহয়, বৰঞ্চ কেঞ্চাৰত মৃত্যু হোৱাৰ সলনি বার্ধক্যজনিত কাৰণতহে ৰোগীৰ মৃত্যু হব পাৰে৷ আমেৰিকাত প্রষ্টেট কেঞ্চাৰ ধৰা পৰাৰ পিছত ৫ বছৰৰ জীৱনকাল ৯৯ শতাংশ ৰোগীয়ে কোনো অসুবিধা নোহোৱাকৈ সহজতে আৰোগ্য লাভ কৰে৷ অৱশ্যে কেঞ্চাৰ বিয়পি গৈ হাড আৰু লসিকা পালে ই সাধ্যাতীত হৈ পৰে৷

সাধাৰণতে বুুা বয়সতহে প্রষ্টেট কেঞ্চাৰ হোৱা দেখা যায়৷ ৯৯% ৰোগীয়েই পঞ্চাশোধর্বৰ৷ পৰিয়ালৰ প্রথম পিৰী সম্বন্ধীয়ৰ এই ৰোগ থাকিলে পৰৱর্তী প্রজন্মত হোৱাৰ সম্ভাৱনা দুইৰ পৰা তিনি গুণ বািি যায়৷ তদুপৰি সংশোধিত খাদ্য, ৰঙা মাংস আৰু গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্যবস্তুৰ অত্যধিক সেৱনেও প্রষ্টেট কেঞ্চাৰৰ সম্ভাৱনা ববাই তোলে৷

প্রথমাৱস্থাত তেনে কোনো বিশেষ লক্ষণ নাথাকে বাবে ৰোগীয়ে এই কেঞ্চাৰ উপেক্ষা কৰে, কিন্তু কেঞ্চাৰ বািি যোৱাৰ লগে লগে প্রস্রাৱত অসুবিধা হোৱা, প্রস্রাৱৰ লগত ৰক্তক্ষৰণ হোৱা আদি লক্ষণে দেখা দিয়ে৷ এনেকুৱা অৱস্থাত ৰোগী চিকিৎসকৰ ওচৰলৈ আহিলে অভিজ্ঞ চিকিৎসকেDRE অর্থাৎ গুহ্যদ্বাৰেৰে আঙুলি ভৰাই প্রষ্টেট গ্রন্থি চুই চায়ো প্রষ্টেটে কেঞ্চাৰৰ সম্ভাৱনাৰ কথা জানিব পাৰে৷ পিছত প্রষ্টেটৰ পৰা বায়পছী কৰিও প্রষ্টেট কেঞ্চাৰ ধৰা পেলাব পাৰি৷

ৰেডিকেল প্রষ্টেটেক্টমী স্থানিক প্রষ্টেট কেঞ্চাৰৰ আটাইতকৈ ফলপ্রসূ চিকিৎসা হিচাপে পৰিগণিত হৈছে৷ ইয়াক পেট ফালি অপেন, লেপাৰস্ক্পি কৰি বা অত্যাধুনিক ৰবটিক পদ্ধতিৰ সহায়ত কৰিব পাৰি৷ কেঞ্চাৰ বিয়পি গলে কেমথেৰাপী, ৰেডিথেৰাপী বা হৰমনেল থেৰাপীৰে চিকিৎসা কৰা হয়৷

আঁহজাতীয় শাক–পাচলি, সেউজীয়া শাক–পাচলিৰ অধিক সেৱন, ৰঙা মাংস কমাই খোৱা, সংশোধিত খাদ্যবস্তু পৰিহাৰ কৰা আৰু যোগাভ্যাসৰ চর্চা কৰাৰ জৰিয়তে প্রষ্টেট কেঞ্চাৰৰ সম্ভাৱনা বহুখিনি কমাই ৰাখিব পৰা যায়৷ কিন্তু ইয়াৰ কোনো প্রতিৰোধী দৰব এতিয়ালৈ উদ্ভাৱন হোৱা নাই৷

যিহেতু প্রষ্টেট কেঞ্চাৰ মতা মানুহৰ গাত হোৱা কেঞ্চাৰবোৰৰ ভিতৰত দ্বিতীয় সর্বাধিক হোৱা কেঞ্চাৰ, আৰু আনহে নালাগে, আমাৰ অসমতেই অজস্র লোক আমি পাওঁ যি সজাগতাৰ অভাৱৰ হেতু একেবাৰে শেষ পর্যায়ত আমাৰ ওচৰ পায়হি, যি অৱস্থাৰ পৰা তেওঁক পুনৰ আগৰ স্বাভাৱিক জীৱনকাল ওভতাই দিয়াটো অসম্ভৱপ্রায় হৈ উঠে৷

গতিকে হোৱাৰ লগে লগে যিমান পাৰি সিমান সোনকালে প্রষ্টেট কেঞ্চাৰ ধৰা পেলোৱাত আটাইতকৈ বেছি গুৰুত্ব প্রদান কৰা উচিত৷

ফোন : ৭৮৯৬২-৪৬০০১

You might also like
Leave A Reply

Your email address will not be published.