পাঞ্জা খেল : এক পৰিক্রমা

পংকজ কুমাৰ বৰা

পাঞ্জা খেল বাহুবলৰ শক্তি পৰীক্ষা কৰিব পৰা এবিধ পৌৰাণিক খেল৷ বিভিন্ন দেশত বিভিন্ন নামৰে পাঞ্জা খেল অতীজৰ পৰাই চলি আহিছে৷ খ্রীষ্টপূর্ব ২০০০ বছৰ আগৰ শিলত খোদিত পাঞ্জা খেলৰ ছবি ইজিপ্তৰ গুহাত দেখা গৈছে৷ পাঞ্জা খেলৰ বাবে অকল হাতৰ শক্তিৰ ওপৰত নির্ভৰ কৰা যেন লাগিলেও দৰাচলতে হাতৰ আঙুলিৰ শক্তি, হাতৰ বিভিন্ন পেশীৰ শক্তিৰ লগতে শৰীৰৰ সমূহ পেশীৰ শক্তিৰ সহায়ৰ প্রয়োজন হয়৷ সমন্বয় শৰীৰৰ পেশীৰ শক্তিৰ লগতে পাঞ্জা খেল এখন জিকিবলৈ প্রয়োজন আছে দ্রুতবেগী গতি শক্তিৰ৷ একো একোখন খেল চকুৰ টিপ পৰা সময়ৰ ভিতৰত সিদ্ধান্ত হব পাৰে৷

১৯৫২ চনত আমেৰিকাৰ বিল চবাৰেন্সে ৰিষ্ট ৰেষ্টলিং নাম দি পাঞ্জা খেল অনুষ্ঠিত কৰিছিল৷ বিল আৰু কেইগৰাকীমান আমেৰিকাৰ শক্তিশালী পুৰুষ ডেভ ডেভটা, মাইক গিলার্ড আৰু জেক হমেলে লগ লাগি বিশ্ব ৰিষ্ট ৰেষ্টলিং সংস্থা গঠন কৰি ১৯৬২ চনত প্রথম বিশ্ব পাঞ্জা প্রতিযোগিতা অনুষ্ঠিত কৰে৷ আমেৰিকাৰ কেলিফর্নিয়া ৰাজ্যৰ পেতাল লুমা চহৰত হৰমেন চনচ্ হলত ৩০গৰাকী প্রতিযোগীৰ মাজত এই প্রতিযোগিতা অনুষ্ঠিত হয়৷ প্রত্যেক বছৰে অনুষ্ঠিত কৰা এই প্রতিযোগিতাত ১৯৬৯ চনত পেটাললুমা চহৰৰে ভেটার্ন মেমৰিয়েল বিল্ডিঙত ১০১জন প্রতিযোগীয়ে অংশ লয়৷ ৰিষ্ট ৰেষ্টলিঙৰ এগৰাকী গুৰি ধৰোঁতা ডেভ ডেভটাৰ প্রচেষ্টাত আমেৰিকাৰ টিভি চেনেল এ বি চি চেনেলত এই প্রতিযোগিতাৰ পোনপটীয়া প্রচাৰৰ ব্যৱস্থা কৰে আৰু ইয়াৰ দ্বাৰাই এই খেলবিধৰ জনপ্রিয়তা বৃদ্ধি হবলৈ ধৰে৷ এই প্রতিযোগিতাখন বিশ্ব বা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা বুলি নামকৰণ কৰিলেও বেছিভাগ থলুৱা খেলুৱৈয়েহে ভাগ লৈছিল৷ ১৯৬৫ চনতহে কেলিফর্নিয়া ৰাজ্যৰ বাহিৰৰ এগৰাকী প্রতিযোগীয়ে অংশ লৈছিল৷ সময়ে সময়ে ৰিষ্ট ৰেষ্টলিং নামকৰণেৰে পাঞ্জা খেল চলি থাকিল৷

পাঞ্জা খেলৰ আনুষ্ঠানিক আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা আৰম্ভণি কৰা মানুহজনেই হল সকলোৰে শ্রদ্ধাৰ বব অ লিৰী৷ আমেৰিকাৰ পেনচিলভেনিয়াৰ স্ক্রেৰিটন চহৰত জন্ম লাভ কৰা বব ১৯৫০ চনৰ আশে–পাশে আমেৰিকান নৌসেনাত থাকোঁতেই পাঞ্জা খেলৰ প্রতি আকৃষ্ট হৈছিল৷ শৰীৰ চর্চাবিদ ববে নেভীৰ চাকৰি শেষ কৰি তেওঁ বডী বিল্ডিং পাৱাৰ লিফ্টিং আৰু পাঞ্জা খেলৰ প্রসাৰতাৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰে৷ পেছা হিচাপে ফুড ছাপ্লিমেণ্টৰ ওপৰত বহল ভিত্তিত ব্যৱসায় আৰম্ভ কৰে৷ ১৯৬৭ চনৰ পৰা ১৯৭০ চনলৈকে হোৱা বডী বিল্ডিঙৰ পেছাদাৰী সকলোতকৈ উচ্চমানৰ প্রতিযোগিতা মিঃ অলিম্পিয়াৰ লগতে পাঞ্জা প্রতিযোগিতাও অনুষ্ঠিত কৰিছিল৷ ইণ্টাৰনেচনেল বডী বিল্ডাৰ ফেডাৰেচনৰ উপস্থাপক সভাপতি জো অৱাডাৰে তেওঁৰ দ্বাৰা প্রকাশ পোৱা বডী বিল্ডিঙৰ মাচুল নামৰ মেগাজিনখনত পাঞ্জা প্রতিযোগিতাৰ বিজ্ঞাপন দি খেলটোৰ প্রসাৰতাৰ বাবে পদক্ষেপ লৈছিল৷ এই প্রতিযোগিতাসমূহত বব অ লিৰী প্রত্যক্ষভাৱে জডিত হৈ পৰিছিল৷ শৰীৰ চর্চাৰ এগৰাকী কিংবদন্তি পুৰুষ দ্বিতীয় চেণ্ডো খ্যাত আমেৰিকাৰ জন চি গ্রীমেকে ১৯৬২ চনতে তেওঁৰ দ্বাৰা সম্পাদিত মাচকুলাৰ ডেভেলপমেণ্ট মেগাজিনত ৰিষ্ট ৰেষ্টলিং অর্থাৎ পাঞ্জা খেলৰ প্রবদ্ধ আৰু প্রতিযোগিতাৰ ফলাফলসমূহ ফটোসহ প্রকাশ কৰিছিল৷ পাঞ্জা খেলৰ বিভিন্ন নিয়মাৱলীৰ জনাৰ বাবে ৭০ দশকৰ আগে আগে জন চি গ্রীমেকে বব অ লিৰীলৈ পত্র প্রেৰণ কৰে৷ গ্রীমেকৰ পত্রৰ প্রতি সঁহাৰি জনাই ববে প্রয়োজনীয় নিয়মাৱলী গ্রীমেকক অর্পণ কৰে৷ বহুকেইগৰাকী বিখ্যাত শৰীৰ চর্চাবিদ তথা পাৱাৰ লিফ্টাৰে পাঞ্জা খেলত অংশ লবলৈ গ্রীমেকৰ জৰিয়তে আগ্রহ প্রকাশ কৰে৷ গ্রীমেকৰ মেগাজিনত নিয়মীয়াকৈ পাঞ্জা খেলৰ হবলগীয়া খেলৰ বিজ্ঞাপন আৰু প্রতিযোগিতা হোৱাৰ পিছত ৰিজাচ্টসহ সবিশেষ তথ্য নিয়মীয়াকৈ দিবলৈ ধৰে আৰু পাঞ্জা খেলৰ প্রতি মানুহৰ মাজত এক জাগৰণ সৃষ্টি হয়৷

বব অ লিৰীৰ তত্ত্বাৱধানত ১৯৭২ চনত উত্তৰ আমেৰিকাত পাঞ্জা খেলৰ লগতে বিশ্ব পাঞ্জা পতাৰ সিদ্ধান্ত লোৱা হয়৷ উত্তৰ আমেৰিকা পাঞ্জা প্রতিযোগিতা যদিও সফলভাৱে অনুষ্ঠিত হল, কিন্তু বিশ্ব পাঞ্জাৰ ক্ষেত্রত সফল হব নোৱাৰিলে৷ ১৯৭৬ চনৰ প্রথম ভাগতে বিশ্ব পাঞ্জা প্রতিযোগিতা পতাৰ উদ্দেশ্যে ববে ৱর্ল্ড আর্মৰেষ্টলিং ফেডাৰেচন গঠন কৰে৷ অকল আমেৰিকা যুক্তৰাষ্ট্রতে সীমাবদ্ধ থকা এই সন্থাৰ সভাপতি হিচাবে বব অ লিৰী বিশিষ্ট শৰীৰ চর্চাবিদ–লৌহ ক্রীডাৰ প্রৱর্তক এড জুবিনভিল, জো জেৰেলা, বিখ্যাত চাৰিগৰাকী পাঞ্জা খেলুৱৈ ষ্টিভ ষ্টেনওৱে, ৰয় ৰিডগ্লে, জিম উইলিয়াম আৰু ম বেকাৰক উপ–সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰে৷ পাঞ্জা খেল ক্ষিপ্র প্রসাৰতাৰ বাবে ববে আম বেণ্ডাৰ নামৰে এখন মাহেকীয়া আলোচনীও প্রকাশ কৰে৷

১৯৭৬-৭৭ চনত ভাৰতত দ্রুতগতিত পাঞ্জা খেলৰ জনপ্রিয়তা বৃদ্ধি পায়৷ কলিকতা নিৱাসী লৌহ ক্রীডাৰ এগৰাকী প্রৱর্তক বাৰিজ বৰণ দাসৰ প্রচেষ্টাত ইণ্ডিয়ান আর্মৰেষ্টলিং ফেডাৰেচন গঠন হয় আৰু ১৯৭৭ চনতে ভাৰতত প্রথম ৰাষ্ট্রীয় প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷ আমেৰিকাৰ বডী বিল্ডিং মেগাজিন মাচকুলাৰ ডেভেলপমেণ্টৰ পাঞ্জাৰ বিভিন্ন প্রবন্ধ পিি বাৰিজ বৰণ দাসে মেগাজিন সম্পাদক জন চি গ্রীমেকক যোগাযোগ কৰে আৰু আন্তঃৰাষ্ট্রীয় পাঞ্জা প্রতিযোগিতাৰ বিষয়ে জনাৰ আগ্রহ প্রকাশ কৰে৷ গ্রীমেকে দাসক লৌহ ক্রীডাৰ এগৰাকী প্রৱর্তক স্ক্রেৰিটন বব অ লিৰীক যোগাযোগ কৰিলেই তেওঁ বিচৰা উত্তৰ পাব বুলি জনালে৷ আৰু পাঞ্জা খেলৰ প্রসাৰতা আৰু উন্নতিৰ বাবে দৃ সংকল্পবদ্ধ দাসে ববক লগ কৰিবলৈ আমেৰিকা পালেগৈ৷ দাসৰ অফুৰন্ত উৎসাহ আৰু পাঞ্জা খেলবিধ আগববাই নিয়াৰ স্পৃহা দেখা পায় বব উৎফুল্লিত হৈ পৰিল৷ পৰিৱর্তী সময়ত ৱর্ল্ড আর্মৰেষ্টলিং ফেডাৰেচনৰ সহযোদ্ধা হিচাবে ববৰ লগত দাস আগবািি গল আৰু পিছলৈ বিশ্ব সন্থাৰ সম্পাদক আৰু চেয়াৰমেন পদতো অধিষ্ঠিত হয়৷

১৯৭৯ চনত বিশ্ব পাঞ্জা সন্থাৰ প্রচেষ্টাত কানাডাৰ জন মিয়াজডিক নামৰ এগৰাকী ক্রীডাৰ অগ্রণী সবল পৰিচালনাত কানাডাৰ আলবাৰটাৰ অৱেচটাচকিউন চহৰত প্রথম বিশ্ব প্রতিযোগিতা অনুষ্ঠিত হয়৷ চাৰিখন দেশে ভাগ লোৱা এই প্রতিযোগিতাত ভাৰতবর্ষৰ এটা সৰু দলেও ভাগ লয়৷ ভাগ লোৱা দেশকেইখন হল ব্রাজিল, কানাডা, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্র৷ ৫০ কিলোগ্রাম শাখাত অসমৰ কালিকাপ্রসাদ দত্তই দ্বিতীয় স্থান অধিকাৰ কৰি বিশ্ব পাঞ্জাত প্রথমটো পদক ভাৰতলৈ কিিয়াই আনে৷ পিছলৈ দত্তই বিশ্ব পাঞ্জাত ৫০ কিঃগ্রাঃ শাখাত প্রথম স্থান লাভ কৰি স্বর্ণপদক লাভ কৰে৷ দত্ত ভাৰতীয় পাঞ্জা সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হয় আৰু অসম পাঞ্জা সন্থাৰ প্রতিষ্ঠাপক হিচাপে অসম পাঞ্জা খেলৰ প্রসাৰৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছিল৷

১৯৮০ চনত দ্বিতীয় বিশ্ব পাঞ্জা প্রতিযোগিতা বিশ্ব সন্থাৰ সভাপতি বাৰিজ বৰণ দাসৰ সক্রিয় ভূমিকাত কলিকতা চহৰত অনুষ্ঠিত হয়৷ পাঁচখন দেশ অষ্ট্রেলিয়া, ব্রাজিল, কানাডা, আমেৰিকা যুক্তৰাষ্ট্র আৰু ভাৰতৰ শতাধিক খেলুৱৈয়ে এই প্রতিযোগিতাত অংশ লয়৷ উদ্যোক্তা দেশ হিচাপে ভাৰতৰ এটা ডাঙৰ দলে অংশ লয় আৰু উন্নতমানৰ খেল প্রদর্শন কৰি ভালেকেইটা পদক পাবলৈ সক্ষম হয়৷ তাৰ ভিতৰত ৭৫ কিঃগ্রাঃ শাখাত অসমৰ ৰাজেন মিলি আৰু ৬৫ কিলোগ্রাম শাখাত এলভিন ভাইচে স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হয়৷ এনে ধৰণে প্রত্যেক বছৰে বিশ্ব পাঞ্জা প্রতিযোগিতা চলি থাকিল৷ অংশগ্রহণ কৰা দেশৰ সংখ্যা বািি আহিল আৰু মানৰ লগতে অধিক জনপ্রিয় হৈ উঠিল৷ অসমৰ আৰু কেইবাগৰাকীও খেলুৱৈৰ নাম উল্লেখ কৰিব লাগিব৷ ১৯৮৫ চনৰ সপ্তম বিশ্ব পাঞ্জা প্রতিযোগিতা পুনৰ কলিকতাত অনুষ্ঠিত হয়৷ অসমৰ ফাইজ আহমেদে ৫০ কিঃগ্রাঃ শাখাত স্বর্ণ, আব্দাত হুছেইনে ৫৫ কিঃগ্রাঃ শাখাত ৰূপৰ, মহিলা ৫০ কিঃগ্রাঃ শাখাত অলকা বৰুৱাই ৰূপৰ আৰু ব্রঞ্জৰ পদক লাভ কৰে ৫০ কিঃগ্রাঃ শাখাত বৈশালী গগৈ আৰু ৬০ কিঃগ্রাঃ শাখাত প্রমীলা বসুমতাৰীয়ে৷ মহিলাৰ ৬০ কিলোগ্রাম শাখাত মাধৱী গগৈ আৰু ৭০ কিঃগ্রাঃ শাখাত জয়িত্রী দাস চতুর্থ স্থানত থাকে৷  অসমৰ খেলুৱৈয়ে পদক লাভ কৰি বিশ্বৰ পাঞ্জাৰ মানচিত্রত নিজৰ নাম খোদিত কৰাৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰে৷ ১৯৮৭ চনৰ লণ্ডনত অনুষ্ঠিত হোৱা অষ্টম বিশ্ব পাঞ্জাত ১৫ দেশে অংশগ্রহণ কৰে৷ অসমৰ ফাইজ আহমেদে পুনৰ ৫০ কিঃগ্রাঃ শাখাৰ স্বর্ণপদক লাভ কৰে, ৫৫ কিঃগ্রাঃ শাখাত আব্দাত হুছেইনে ব্রঞ্জৰ, ৬৫ কিঃগ্রাঃ শাখাত দিগন্ত ফুকনে ছিলভাৰ আৰু মহিলাৰ ৭০ কিঃগ্রাঃ শাখাত দেৱলক্ষ্মী পণ্ডিতে ব্রঞ্জৰ পদক লাভ কৰে৷ ১৯৮৮ চনত ২০খন দেশৰ প্রতিযোগীৰে নৱম বিশ্ব পাঞ্জা প্রতিযোগিতা ছুইডেনত অনুষ্ঠিত হয়৷ অসমৰ ফাইজ আহমেদ আৰু দেৱলক্ষ্মী পণ্ডিতে নিজ শাখাত ব্রঞ্জৰ পদক পাবলৈ সক্ষম হয়৷

পাঞ্জা খেলৰ গোটেই বিশ্বতে প্রচাৰ তথা বিশ্বৰ বহু লোকেই এই খেলবিধৰ প্রতি অধিক আকর্ষিত হয় ১৯৮৭ চনত আমেৰিকাত পাঞ্জাৰ ওপৰত নির্মাণ কৰা বোলছবি অভাৰ দ্য টপৰ মুক্তি পোৱাৰ পিছত৷ পেছাত এজন ড্রাক ড্রাইভাৰ পাঞ্জা খেলুৱৈৰ সুন্দৰ কাহিনীৰ মূল অভিনেতা হয় চিলভেচষ্টাৰ ষ্টেলন৷ বোলছবিখনত প্রকৃত পাঞ্জা খেলুৱৈসকলক লৈ পেছাদাৰী প্রতিযোগিতাৰ দৃশ্যপট সকলোৰে উপভোগ্য৷

বিশ্ব পাঞ্জা প্রতিযোগিতা নিয়মীয়াকৈ চলি থাকিল৷ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়ত পেছাদাৰী প্রতিযোগিতাসমূহ অতি আকর্ষণীয় ৰূপত হোৱা আৰম্ভ হয়৷ ১৯৮৮ চনত আমেৰিকাৰ কেলিফর্নিয়াত ইউকেন জেক নামৰ এক পেছাদাৰী পাঞ্জা প্রতিযোগিতা আৰম্ভ কৰে৷ ১৯৮৯ চনত বডী বিল্ডিং কিংবদন্তি পুৰুষ বিশ্বশ্রী আৰু মিঃ অলিম্পিয়া আর্নল্ড ছোৱাৰ জেনেজাৰৰ উদ্যোগত আর্নল্ড ক্লাছিক নামকৰণেৰে আন এক পেছাদাৰী পাঞ্জা প্রতিযোগিতা আৰম্ভ কৰে৷ ১৯৯০ চনত ৰাছিয়াৰ মস্কো চহৰত গল্ডেন বিয়েৰ নামকৰণৰে এক বিশ্ব পর্যায়ৰ পেছাদাৰী পাঞ্জা প্রতিযোগিতা বছৰি অনুষ্ঠিত কৰি আহিছে৷ এনেধৰণে গোটেই বিশ্বতে পাঞ্জা খেলৰ প্রসাৰতা লাভ কৰিবলৈ সক্ষম হয়৷ বর্তমান বিশ্ব পাঞ্জাত অংশগ্রহণকাৰী দেশৰ সংখ্যা ৮০খনৰ বেছি হৈছেগৈ আৰু সমান্তৰালভাৱে বিভিন্ন দেশত পেছাদাৰী লীগ মেচসমূহ চলি আছে৷

বিশ্ব পাঞ্জাৰ কাৰিকৰী দিশসমূহত স্বীকৃতিপ্রাপ্ত বিচাৰক–ৰেফাৰী তথা অফিচিয়েল সংখ্যাও বৃদ্ধি পায়৷ সময়ে সময়ে নিয়মো সংশোধিত কৰা হল৷ বিশ্ব পাঞ্জাৰ ৰেফাৰী বর্ড গঠন হল আৰু বর্ডৰ সঞ্চালক হিচাপে দায়িত্ব দিয়া হয় পাঞ্জাৰ বিশ্ব চেম্পিয়ন আমেৰিকাৰ ষ্টিভ ষ্টেনওৱেক৷ ৰেফাৰীসকলৰ ভিতৰত জুনিয়ৰ, ছিনিয়ৰ আৰু মাষ্টাৰৰ কেটেগৰী থাকে৷ তাৰ পিছত সহঃ সঞ্চালক, উপ–সঞ্চালক আৰু বর্ডৰ সবাতোকৈ ওপৰৰ পদ হল সঞ্চালক৷ ভাৰতবর্ষৰ প্রথমগৰাকী মাষ্টাৰ ৰেফাৰী কার্ড পোৱা ব্যক্তি হৈছে কলিকতাৰ বিমল চন্দা ৰজ্ঝজ্জ্বপ্ত চন, মেক্সিকো আৰু দ্বিতীয়জন হল পংকজ বৰা ৰজ্ঝজ্ঝঙ্ম চন, আমেৰিকা৷ দুয়োগৰাকী বিচাৰকে বিশ্ব পাঞ্জাৰ ৰেফাৰী বর্ডৰ উপ–সঞ্চালক হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷ ১৯৯৭ চনত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অষ্টাদশ বিশ্ব পাঞ্জা প্রতিযোগিতাত ৩০খন দেশৰ ৩৫০গৰাকী পাঞ্জা খেলুৱৈয়ে অংশগ্রহণ কৰিছিল৷ মহিলাৰ ৬০ কিলোগ্রাম শাখাত ব্রঞ্জৰ পদক লাভ কৰে অসমৰ স্বর্ণালী ভূঞাই৷

যিকোনো খেলতে খেলুৱৈৰ কাৰিকৰী জ্ঞানৰ লগতে শক্তিৰ প্রভাৱ দেখিবলৈ পোৱা যায়৷ অভ্যর্থনা সমিতিৰ সাধাৰণ সম্পাদক আব্দাত হুছেইনৰ সবল নেতৃত্বত প্রায় ১০০জনীয়া এটা দলে প্রতিযোগিতাখন সফল হোৱাত বিশেষ ভূমিকা পালন কৰে৷ সেই সময়ৰ বিশ্ব পাঞ্জা সন্থাৰ সাধাৰণ সম্পাদক বাৰিজ বৰণ দাসৰ নির্দেশমর্মে মাষ্টাৰ ৰেফাৰী পংকজ বৰাই ভাৰতীয় দলৰ পৰা মূল্যাংকন কৰি ৫জন বিচাৰকক বিশ্ব কেটেগৰী ৰেফাৰী হিচাপে ৰেফাৰিচ পেনেলত অন্তর্ভুক্ত কৰায়, তাৰ ভিতৰত ৩জনেই অসমৰ৷ তেওঁলোক হল ডিগবৈৰ আনোৱাৰ হুছেইন, সোণাৰিৰ জীৱন ফুকন আৰু আই আই টি গুৱাহাটীৰ ৰমেন দত্ত৷ পৰৱর্তী সময়ত শোণিতপুৰ জিলাৰ উজ্জ্বল কুমাৰ বৰা আৰু গোলাঘাট জিলাৰ বিবেকানন্দ হাজৰিকাই আন্তঃৰাষ্ট্রীয় বিচাৰক হিচাপে স্বীকৃতি লাভ কৰিছিল৷

ৰাষ্ট্রীয় পাঞ্জা প্রতিযোগিতাত অসমৰ খেলুৱৈ তথা ৰেফাৰীসকলে প্রাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ অসমৰ কেইবাগৰাকীয়ো ভাৰতীয় পাঞ্জা সন্থাৰ সাধাৰণ সম্পাদক পদত থাকি এই খেলৰ প্রসাৰতাৰ স্বাক্ষৰ বহন কৰিছিল৷ তেওঁলোকৰ ভিতৰত প্রথমেই নাম লব লাগিব বিশ্ব চেম্পিয়ন কৰিমগঞ্জৰ কালিকাপ্রসাদ দত্ত, আন্তঃৰাষ্ট্রীয় পাঞ্জা খেলুৱৈ গুৱাহাটীৰ পৰাগ শর্মা, প্রাণপ্রতিম চলিহা আৰু সুনীল নাথ৷ কাৰিকৰী দিশতো অসমৰ বিচাৰকে ৰাষ্ট্রীয় প্রতিযোগিতাত সুন্দৰভাৱে খেল পৰিচালনা কৰাৰ লগতে প্রসাশনিক দিশতো সবল নেতৃত্ব দিয়া দেখা গৈছিল৷

১৯৭৯ চনত অনুষ্ঠিত বিশ্ব পাঞ্জা প্রতিযোগিতা ১৯৫২ চনত হোৱা ৰিষ্ট ৰেষ্টিলিঙৰ দৰে বহিয়েই খেলাৰ ব্যৱস্থা আছিল৷ টেবুলখনৰ উচ্চতা হল ২৮ ইঞ্চি আৰু ওপৰছোৱা হল ৩৬ x২৬  ইঞ্চি৷ কিলাকুটি ৰাখিবৰ বাবে ৬ x ৬ ইঞ্চি আৰু ২  ইঞ্চি ওখ দুয়োফালে স্পঞ্জৰ এলব পেড ৰখা হয়৷ ১১.৫ ইঞ্চি দীঘল, ২.২ ইঞ্চি বহল আৰু ৩ ইঞ্চি ওখ স্পঞ্জৰ টাচ পেড দুয়োফালে ৰখা হয়৷ প্রতিদ্বন্দ্বীৰ হাতৰ ওপৰছোৱা এই টাচ পেডত লাগিলেই খেলৰ সিদ্ধান্ত লোৱা হয়৷ এখন হাতৰে খেলিব আৰু এখন হাতৰে ধৰি থাকিবৰ বাবে ১ ইঞ্চি ডায়েমিটাৰৰ ৬ ইঞ্চি দীঘল ৰড টেবুলৰ পথালিয়ে ঠিক মাজ ভাগত দুয়োকাষে দুডাল টেবুলৰ লগত সংলগ্ণ৷ একে জোখৰ টেবুল ১৯৯১ চনলৈকে চলিল৷ ১৯৯২ চনৰ জেনেভাত হোৱা বিশ্ব পাঞ্জা প্রতিযোগিতাত থিয় হৈ খেল আৰম্ভ হয় আৰু বর্তমানলৈকে চলি আছে৷ থিয় হৈ খেলা টেবুলখনৰ উচ্চতা হল ৪০ ইঞ্চি৷ অৱশ্যে পেছাদাৰী পাঞ্জা খেল ৪২ ইঞ্চি উচ্চতাৰ টেবুলত অনুষ্ঠিত হয়৷

পাঞ্জা খেলত খেলুৱৈৰ শক্তিয়ে নির্ণায়ক ভূমিকা পালন কৰে৷ শক্তি বৃদ্ধিৰ বাবে ওজনৰ দ্বাৰা ব্যায়াম অনুশীলন কৰাৰ প্রয়োজন৷ পাঞ্জা খেলৰ শক্তি বৃদ্ধিৰ বাবে কৰিব লগা ব্যায়ামসমূহ হল এনে ধৰণৰ

প্রথমে জগিংযষ্ট্রেচিং কৰি শৰীৰটো  গৰম কৰি লব লাগিব:

১.  বাৰবেল কার্ল  ড্রপ কার্ল                   ৩ৰ পৰা ৪ ছেট                     ৮-১০ বাৰকৈ

২. ডাম্বেল ড্রপকার্ল  প্রিচাৰ কার্ল                                                                                                                                ৩.  ৰিভার্ড কার্ল

৪. ৰিষ্ট কার্ল

৫. পাঞ্জা টেবুলত হেভী ডাম্বেল কার্ল

৬. পাঞ্জা টেবুলত হেভী কেবল কার্ল

৭. বাৰবেল ফুল স্কোৱাট

৮. কাফ ৰেইজ

৯. চিটিং ডাম্বেল প্রেচ

১০. বাৰবেল বেন্স গ্রেচ ক্লজগ্রিপ বেন্সপ্রেচ

১১. ডেইড লিফট

১২. চিনিংযৱান গেণ্ড চিনিং

১৩. ছিট আপ

১৪. লেগ ৰেইজ

                সম–পর্য্যায়ৰ খেলুৱৈৰ লগত টেবুল প্রেক্টিচ সপ্তাহত ৩৪ দিন অৱশ্যে কৰিব লাগিব৷ পাঞ্জা খেল ব্রেইন আৰু নার্ভৰ খেলা বুলি কোৱা হয়৷ একোজন খেলুৱৈয়ে এক ছেকেণ্ডতকৈ বহু কম সময়ৰ ভিতৰত প্রতিদ্বন্দ্বীৰ লগত কি পদ্ধতিত খেলিব সেয়া সিদ্ধান্ত লব লগা হয়৷ অর্থাৎ অতি কম সময়ৰ ভিতৰত প্রতিদ্বন্দ্বীয়ে কি ধৰণে খেল খেলিব বুজি লৈহে প্রতিআক্রমণ কৰাৰ দৰকাৰ৷ সফল হবৰ বাবে একাগ্রতা, নিয়মানুৱর্তিতা, পুষ্টিকৰ খাদ্য আৰু শৃংখলাবদ্ধ জীৱনশৈলীৰ মাজেৰে আগবািিব লাগিব৷

ফোন : ৯৯৫৭১-৮৪৩৬০

You might also like
Leave A Reply

Your email address will not be published.