সামাজিক মাধ্যমত অনুৰাগীৰ নয়নৰ মণি য়ুলীয়া জ্যাৰচীমোভা

ভৱেন বৰুৱা

ইণ্ঢাৰনেটৰ ব্যাপক ব্যৱহাৰৰ বাবে আজিকালি সঁচাকৈয়ে পৃথিৱীখন এক সৰু চুবুৰীত পৰিণত হোৱাৰ দৰে হৈছে ৷ বিশেষকৈ ফেচবুক, ইনষ্টাগ্রাম, টিক্–টক্, ইউটিউব আজি সামাজিক মাধ্যমৰ আশীর্বাদত নিশাটোৰ ভিতৰতে কোনোৱে Celebrity figure হৈ পৰে ৷ কাহানিও দেখা নোপোৱা পোৱাৰো সম্ভাৱনা নাথাকে বহুসময়ত, ইণ্ঢাৰনেটৰ যোগেদি  অচিনাকিজনৰ বাবেও তেনেই আপোন হৈ পৰে, চিনাকি হৈ পৰে ৷

শেহতীয়াকৈ এক ভিডিযোগেৰে লাখ লাখ ইণ্ঢাৰনেট ব্যৱহাৰকাৰীৰ বুকুৰ আপোন হৈ পৰিবলৈ সক্ষম হৈছে ইউক্রেনিয়ান সুন্দৰী যুৱতী তথা ভলীবল খেলুৱৈ য়ুলীয়া জ্যাৰচীমোভা  Yulia Gerasymova  ই ৷ ভিডিটোত এক ভলীবল খেলৰ প্রতিযোগিতাত অংশগ্রহণ কৰাৰ পিছত বিপক্ষ ৰাছিয়া দলটোৰ খেলুৱৈসকলক নৃত্য কৰাৰ বাবে প্রত্যাহ্বান জনাই প্রকাশ কৰা তাইৰ বিশেষ শাৰীৰিক ভংগিমা আৰু হাঁহিয়ে ইণ্ঢাৰনেটত নিশাটোৰ ভিতৰতে তেওঁৰ লাখ লাখ অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ ইণ্ঢাৰনেটত ভাইৰেল হোৱা মাথোঁ কেইটামান ছেকেণ্ডৰ এই ভিডিটোত তাই ৯ নম্বৰৰ বগা, কলা আৰু ৰঙা ৰঙৰ জাছ্ পিন্ধি আছিল ৷ তাই যেতিয়া এক বিশেষ ভংগিমাৰে বিপক্ষৰ দলটোৰ খেলুৱৈসকলক নাচৰ বাবে প্রত্যাহ্বান জনাই হাঁহি দিছিল, তাইৰ সতীর্থ খেলুৱৈসকলেও সমানে হাঁহি তাইক উৎসাহ দি থকা পৰিলক্ষিত হৈছিল ৷ এই ভিডিটোত তাইৰ বিশেষ ভংগীত দিয়া নাচ আহ্বান আৰু হাঁহিয়ে মুহূর্ততে ইণ্ঢাৰনেটত ভাইৰেল হৈ পৰে ৷ মাথোঁ YouTubeত কেইবালাখো অনুৰাগীয়ে ভিডিটো উপভোগ কৰাৰ লগতে ফেচবুক, টিক্–টক্, ইনষ্টাগ্রাম আদিতো এতিয়ালৈকে ৫০ মিলিয়নৰো অধিক লোকে প্রত্যক্ষ কৰিছে ৷ ভিডিটোত তাইৰ অতি মৰমলগা ভংগী আৰু হাঁহিয়েই লাখ লাখ অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

১৯৮৯ চনৰ ১৫ ছেপ্ঢেম্বৰত ইউক্রেইনৰ উদেছাত তেওঁৰ জন্ম হৈছিল ৷ ইউক্রেইনৰ জাতীয় মহিলা ভলীবল দলৰ হৈ মিডল্ ব্লকাৰ স্থানত খেলা য়ুলীয়াই তুক্ৰ Karayollar Spor Kulübü ৰ হৈও খেলি আহিছে ৷ য়ুলীয়াই বর্তমানে ইউক্রেইনৰ TED Ankara College Foundation Private High Schoolত কর্মৰত হৈ আছে ৷

য়ুলীয়া এগৰাকী সফল ভলীবল খেলুৱৈ৷ ইতিমধ্যে তেওঁ পাঁচবাৰকৈ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্বৰ ১২১নং স্থানৰ ভলীবল খেলুৱৈ হিচাপে স্থান লাভ কৰিছে ৷ ইউক্রেইনৰ জাতীয় দলৰ হৈ তেওঁ তিনিখনকৈ ইউৰোপিয়ান চেম্পিয়নশ্বিপ প্রতিযোগিতাত অংশগ্রহণ কৰিছে ৷

২০১৭ চনত ইউৰলীগ প্রতিযোগিতাত বিজয়ী হোৱা ইউক্রেইনৰ জাতীয় ভলীবল দলটোৰ তেৱোঁ অন্যতম সদস্য আছিল ৷ উল্লেখ্য যে ভলীবল খেলত থকা অসামান্য দক্ষতাৰ বাবেই তেওঁ ২০১৭ ২০১৯ আৰু ২০২১ৰ তিনিও ইউৰোলীগ চেম্পিয়নশ্বিপ প্রতিযোগিতাত অংশগ্রহণ কৰাৰ সন্মান লাভ কৰিছে ৷

বিভিন্ন ঠাই ভ্রমণ কৰি ভাল পোৱা য়ুলীয়াই তেওঁৰ @krosha9 নামৰ ইনষ্টাগ্রাম একাউণ্ঢটোত নিজৰ ব্যক্তিগত আৰু খেলুৱৈ জীৱনৰ আলোকচিত্রসমূহ সঘনে আপলোড কৰে ৷ তেওঁ ডেনিছ পাৰভাদৱ Denis Parvadovৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ ডেনিছ পাৰভাদৱ এগৰাকী ভলীবল খেলৰ প্রশিক্ষক ৷ সেই সূত্রেই ২০১৪ চনত তেওঁলোকৰ দুয়োৰে মাজত চিনাকি হৈছিল আৰু এই চিনাকিয়েই দুয়োৰে মাজত প্রেমৰ সূত্রপাত ঘটায় আৰু শেষত বিবাহ ৷

মাথোঁ ভলীবলৰ এগৰাকী সুদক্ষ খেলুৱৈ হিচাপেই নহয়, য়ুলীয়াই এতিয়া অধিক জনপ্রিয়তা অর্জন কৰিছে তাইৰ সেই চুটি ভিডিটোৰ বাবেহে ৷ ছয় ফুট দীর্ঘদেহী য়ুলীয়াক সৌন্দর্য, হাঁহি আৰু নাচৰ সেই বিশেষ ভংগিমাই সামাজিক মাধ্যমৰ লাখ লাখ ব্যৱহাৰকাৰীৰ নয়নৰ মণি কৰি তুলিছে৷

You might also like
Leave A Reply

Your email address will not be published.