এৰিক্ ফ্রমঃ ফ্রয়েড–পৰৱর্তী চিন্তাৰ ঢৌ

দীপক কুর্মী

ফ্রয়েডীয় চিন্তাধাৰাৰ বিশেষকৈ তেওঁৰ সমাজ–বিজ্ঞান স্পর্শ কৰা চিন্তাৱলীৰ সংশোধন আৰু সমালোচনাত যিসকল চিন্তানায়কে নতুন দৃষ্টিভংগীৰ আভাস দিছে, তাৰ ভিতৰত এৰিক্ ফ্রম (Erich Fromm) অন্যতম ৷ তেওঁৰ জন্ম জার্মানীত ৷ কিন্তু যোৱা যুদ্ধৰ আগৰ পৰাই সেই দেশ ত্যাগ কৰি তেওঁ আমেৰিকাত নিগাজীকৈ বাস কৰিছে ৷ তৃতীয় দশকৰ পৰা ফ্রমে নানা প্রবন্ধ–পাতি লিখি আহিছে যদিও চতুর্থ দশকৰ পৰাহে তেওঁৰ যশ প্রকৃততে বিস্তাৰ হৈছে ৷ ফ্রমে নিজকে মানৱতাবাদী মনোবৈজ্ঞানিক (Humanist Psychologist) বুলি পৰিচয় দিবলৈ বিচাৰে ৷ এই মানৱতাবাদী শব্দটো ফঁহিয়াই চালেই ফ্রম আৰু ফ্রয়েডৰ চিন্তাধাৰাৰ পার্থক্য থূলমূলকৈ বুজিব পৰা যাব ৷

ফ্রয়েডৰ মনোবৈজ্ঞানিক চিন্তাধাৰৰ ঘাই ধৰণী হল মানুহৰ জৈৱিক সত্তা (Biological self ) ৰ ওপৰত দিয়া গুৰুত্ব ৷ এই সত্তাক তেওঁ নিজ্ঞান মন (Id), সজ্ঞান মন(Ego) আৰু ঊধর্বতন মন (Superego) ত ভগাইছিল ৷ ইয়াৰ সকলোৰে ভিতৰত শক্তিশালী হল নিজ্ঞান মনত থকা অদমনীয় আৱেগ– অনুভূতিবোৰ ৷ ফ্রয়েডৰ এই বিভাজনৰ পৰা আমাৰ জৈৱিক সত্তাত আমি নিতৌ চলি থকা এখন তুমুল সংগ্রামৰ হংগিত পাওঁ ৷ এই সংগ্রামৰ ফলাফল মানুহৰ বুদ্ধিৰ সম্পূর্ণ আয়ত্তাধীন নহয় ৷ শাসন মানিব নোখোজা মানুহৰ স্বভাৱজাত দুর্দমনীয়তাক আৰু সহজাত প্রবৃত্তিবোৰক শাসন কৰিবলগীয়া হোৱা বাবেই সভ্যতাত সদায় মানুহৰ মানসিক অশান্তি থাকিব ৷ ফ্রয়েডৰ জৈৱিক সত্তাৰ সূত্র সমাজবিৰোধী যিহেতু সমাজৰ বা সামূহিক পৰিৱেশত ব্যক্তিমনৰ সকলো সম্ভোগ–ইচ্ছা সার্থক কৰাটো সম্ভৱ নহয় ৷ যদিও দার্শনিক দৃষ্টিকোণৰ পৰা সমাজত যুক্তি বিচাৰ(Reason) স্থাপন কৰাটোৱেহ ফ্রয়েডৰ ইচ্ছা, তথাপি তেওঁৰ মতে জৈৱিক সত্তাৰ প্রকৃত গতিৰ ওপৰত যুক্তিৰ আধিপত্য কম, গতিকে ফ্রয়েডীয় চিন্তাত এক নিৰাশাবাদী চিত্র পাওঁ, মানুহৰ মানসিক জগতৰ আত্মবিভাজন, সহজাত স্বার্থপৰতা, প্রকৃত সামাজিক সঁহাৰিৰ প্রতি বিদ্বেষ আৰু সভ্যতা আৰু স্নায়ুবিকৃতিৰ এৰাব নোৱৰা সম্বন্ধ ৷ এই হতাশমূলক চিন্তাৰ তুলনাত ফ্রমৰ চিন্তা হমান আশাবাদী যে মাজে মাজে অসম্ভৱৰূপে কাল্পনিক (Utopian) যেন লাগে ৷ তেওঁৰ চিন্তাত মানুহৰ শক্তি, সামর্থ্য আৰু সম্ভাৱনাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ৷ দার্শনিক দৃষ্টিভংগীৰে চালে ফ্রয়েডীয় চিন্তা যদি সোতৰ শতিকাৰ ইংৰাজ দার্শনিক হব্চ (Hobbes) ৰ চিন্তা জাতীয় বুলিব পাৰি, তেন্তে ফ্রমৰ চিন্তা ওঠৰ শতিকাৰ ফৰাচী দর্শনিক ৰুছোৰ পন্থী ফ্রমৰ মতে মানুহৰ জৈৱিক সত্তা সমাজ–বিমুখ নহয় ৷ বৰঞ্চ সমাজৰ লগত সংযোগ স্থাপন কৰিবলৈহে ব্যগ্র ৷ ফ্রয়েডে মানুহৰ জৈৱিক সত্তাক সমাজৰ পৰা বিচ্ছিন্ন কৰি বেছি গাহগুটীয়াকৈ পৰীক্ষা কৰিলে, ফলত তেওঁ মানুহৰ মানস জগতৰ পৰা সামাজিক বা আনুষ্ঠানিক প্রভাৱ কেৱল প্রতিকূল হিচাপেই উপলব্ধি কৰিলে৷ ফ্রমে তেওঁৰ The Fear of Freedom (1942) পুথিত লিখিছেঃ This book differs from Freud’s in as much as it emphatically disagrees with his interpretation of history as the result of psychological forces that in themselves are not socially conditioned. It disagrees as emphatically with those theories which neglect the role of the human factor as one of the dynamic ele- ments in the social process.’ পৃঃ ১০

ফ্রমৰ মতে, মনন শক্তি সম্পূর্ণভাৱে সমাজৰ ঊধর্বত নহয় ৷ গতিকে বুৰঞ্জীৰ গতি কেৱল মানসিক প্রক্রিয়াৰ দ্বাৰা নির্ণিত নহয় ৷ আনহাতে ফ্রমে এইটোও জোৰ কৰি কব খোজে যে মনন শক্তিৰ সঞ্চালনী প্রভাৱৰ অবিহনে কোনো যুগান্তকাৰী সামাজিক পৰিৱর্তন সম্ভৱ নহয় ৷

মানসিক প্রাণশক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে আমি আমাৰ জৈৱিক সত্তাৰ বা কামোদ্দীপক শক্তিৰ (libido) চৰিত্র নির্ণয় কৰিব পৰা ক্ষমতাক কিছুদূৰ কম প্রাধান্য দিব লাগিব ৷ সেহ গুণে ফ্রয়েডৰ চিন্তাৰ সংশোধন কৰিবলৈ বিচৰা মনোবৈজ্ঞানিকসকলে মানুহৰ সজ্ঞান মনক ফ্রয়েডে দেখুওৱাতকৈ বেছি শ্রদ্ধা প্রদর্শন কৰিছে ৷ এই শ্রেণীৰ আন এগৰাকী লেখক কাৰেণ হর্নি(Karen Horney)–এ তেওঁৰ পুথি New Ways In Psychoanalysis (1939)–ত লিখিছেঃ

Sexual problems although they may sometimes prevail in the symptomatic picture, are no longer considered to be in the dynamic centres of neuroses……. when the ’ego’is no longer regarded as an organ, merely executing or checking instinctual drives (as it is according to Freud), such human faculties as will-power, judgement, decisions are reinstated in their dignity.’ পৃঃ ১১

অর্থাৎ যৌন সম্পর্কীয় সমস্যাৱলীত ফ্রয়েডে দিয়া স্নায়ুকেন্দ্রিক সঞ্চালনী প্রাধান্য এওঁলোকে দিব নোখোজে ৷ ঠিক তেনেকৈ Ego বা মনৰ সজাগ শক্তি কেৱল যন্ত্রৱৎ সহজাত প্রবৃত্তিৰ বাহক বা প্রতিৰোধক বুলি গণ্য নকৰি এক স্বকীয় মর্যাদা আৰোপ কৰে৷ ফ্রমৰ ভাষাত হয়েহ Human factor বা মানৱীয় গুণ, যাৰ প্রাধান্য ফ্রয়েডীয় চিন্তাত জৈৱিক সত্তাৰ দ্বাৰা নির্ণিত হৈছিল৷

মানুহৰ যুক্তি, চিন্তা, বিচাৰ–বুদ্ধিৰ ক্ষমতা আদি শক্তিত নতুন গুৰুত্ব আৰোপ কৰাত মানৱ সভ্যতাৰ ভৱিষ্যৎ সম্পর্কে নতুন আশাৰ সঞ্চাৰ হৈছে ৷ ধর্ম, দর্শন আদিৰ পটভূমিত মানুহৰ মূল্য কিমান মানুহৰ চিন্তাশক্তিৰ ক্ষমতা কিমান, কিমান দূৰ আমি আমাৰ নিজ যুক্তি বিচাৰৰ দ্বাৰা পৰিচালিত হব লাগে, এই বিষয়ে পৰস্পৰবিৰোধী নানান উত্তৰ পোৱা যায় ৷ ঊনৈশ শতিকাৰ শেহৰ ফালৰ পৰা মানুহৰ অৱচেতন মনৰ ওপৰত যি ভাৰসাম্যহীন গুৰুত্ব দি অহা হৈছে, তাৰ চূডান্ত প্রকাশ পালেগৈ দ্বিতীয় মহাযুদ্ধৰ ধবংসলীলাত ৷ সেইগুণে ফ্রম আদি চিন্তানায়কৰ লেখাত যি নতুন সম্যক মানসিক সুস্থতাৰ সম্ভাৱনা সম্পর্কে বিশ্বাস দেখা গৈছে সি শুভ লক্ষণ ৷ বিচাৰশক্তি শূন্য আৱেগময় প্রতিক্রিয়াৰ পৰা উদ্ধাৰ পাই আমি যেতিয়া যুক্তি আৰু চিন্তাৰ মাজেৰে নিজৰ প্রশ্ণবোৰ সমাধান কৰিবলৈ আগবাঢ়িম, তেতিয়াহ প্রকৃত উৎকর্ষতাৰ পথত আগবাঢ়াব পাৰিম ৷ ফ্রমৰ মতে, মানুহ এনে চিন্তাশক্তিৰ পৰা চ্যুত হয় সমাজৰ প্রৰোচনাত, সমাজৰ কু–আদর্শৰ লগত সকলোৱে যাতে খোজত খোজ মিলাই যায়, তাৰ বাবে সমাজে নানা প্রচেষ্টা চলায় ৷ The Sane Society (1962) নামৰ পুথিত এৰিক্ ফ্রমে কৈছে ‘It is the evil society that corrupts the normative man.’

গতিকে আদর্শ ব্যক্তিয়ে নিজৰ চিন্তাশক্তি সংশোধন কৰিলেই নহব, সমাজৰ পৰিৱর্তনৰ প্রতিও চকু দিব লাগিব ৷ ফ্রয়েডৰ লগত তেওঁৰ চিন্তাৰ এহখিনিতে অমিল দেখোঁ-  ব্যক্তি আৰু সমাজৰ কাজিয়াখন ফ্রয়েডে একেবাৰে আভ্যন্তৰিক হিচাপে দেখিছিল, সমাজপ্রদত্ত সজ্ঞান মন আৰু সহজাত নিজ্ঞান মনৰ আৱেগ–নুভূতিসমূহৰ্ সহায়ত সমাজ পৰিৱর্তন কৰাৰ কথা ফ্রয়েডে ভবা নাছিল৷ সমাজ বা সভ্যতাৰ আদর্শৰ হেঁচাত নিজ্ঞান মনক শৃংখল কৰিবই লাগিব, যদিও তাৰ ফলস্বৰূপে অসন্তোষ আৰু স্নায়ুবিকাৰ অনিবার্য, গতিকে ফ্রয়েডীয় চিন্তাত ব্যক্তি আৰু সমাজৰ সম্পর্ক নিতান্তই নেতিমূলক ৷  ফ্রমৰ লেখাত আনহাতেদি ঘাইকৈ মানুহৰ স্বতঃস্ফূর্তি ৰক্ষা কৰাত বেছি গুৰুত্ব আৰোপ কৰা হৈছে ৷ কেৱল সমাজৰ আদর্শৰ বশ্যতা স্বীকাৰ কৰিলেই আমাৰ উদ্ধাৰ নহয়, সেই কথা সহজ আৰু অধিকসংখ্যক লোকে তাকেই মানি লোৱাৰ সম্ভাৱনা বেছি ৷ ব্যক্তিগত বৈশিষ্ট্য ৰক্ষা কৰি চলিব পাৰিলেহে মানুহৰ প্রাণশক্তি সবল হৈ থাকে ৷ গতিকে আমি সমাজৰ লগত এনে এটা সম্পর্ক স্থাপন কৰিব লাগিব, যত আমাৰ ব্যক্তি হিচাপে অস্তিত্ব অটুট থাকে-

a relatedness that connects the individual with the world without eliminating his individuality. This kind of relationship-the foremost expression of which are love and productive work-are rooted in the integration and strength of the total personality.’ (The Sane Society, পৃ ঃ ২৪

এনে সম্পর্কৰ চূড়ান্ত অভিব্যক্তি হল প্রেম আৰু সৃষ্টিমূলক কর্মজীৱন আৰু যাৰ ধৰণী হল অবিক্ষিপ্ত ব্যক্তিত্বৰ সামগ্রিক শক্তি ৷ ব্যক্তিৰ বৈশিষ্ট্য ৰক্ষা কৰি চলিবৰ বাবে সমগ্র সত্তাৰ ক্রিয়াকলাপ স্বতঃস্ফূর্তভাৱে আগুৱাব লাগিব ৷ সেইগুণে কাৰেন হর্নি (Karen Horney)–য়ে কৈছে যে ফ্রয়েডে কোৱাৰ দৰে কেৱল আমাৰ সহজাত প্রবৃত্তিবোৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰিলেহ মানসিক  ৰোগৰ চিকিৎসা সম্ভৱ নহবঃ

‘The aim of therapy is then not to help the patient to gain mastery over his instincts but to lessen his anxiety to such an extent that he can dispense with his neurotic trends. Beyond this aim there looms an entirely new therapeutic goal, which is to restore the individual to himself, to help him regain his spontaneity and find his centre of gravity in himself.’ (New Ways in Psychoanalysis,

অর্থাৎ মানসিক চিকিৎসাৰ লক্ষ্য হব উৎকণ্ঠাৰ হ্রাস কৰাটো৷ যাতে ৰোগীক স্নায়ৱিক পীড়াজনিত গতিবিধিৰ পৰা মুক্ত কৰিব পাৰি ৷ ই কেৱল সহজাত প্রবৃত্তি দমন কৰিব পাৰিলেই সাধিত হব ৷ এনে চিকিৎসাৰ অন্তৰালত আছে এক নতুন লক্ষ্যব্যক্তিক নিজ প্রাণকেন্দ্রত প্রতিষ্ঠা কৰা, যাতে তেওঁ স্বতঃস্ফূর্তি আয়ত্ত কৰিব পাৰে ৷

আমি যিকোনো অৱস্থাতে নাথাকো লাগে, স্বতঃস্ফূর্তি আহৰণ কৰিব পাৰিলে স্নায়ুবিকাৰৰ সম্ভাৱনা কম , কিয়নো তেতিয়া হলে আমি প্রকৃততে নিজকে মন–প্রাণৰ কর্তা বুলি গণ্য কৰিম আৰু সেই অনুপাতে উদ্বেগ বা দুষ্চিন্তা দূৰ হব ৷ কিন্তু কুৰি শতিকাৰ সমাজৰ পৰিৱেশত আমাৰ এইস্বাৱলম্বিতা, যাক ফ্রমে Freedom বুলিছে বিসর্জন দিয়াৰ প্রলোভন অশেষ ৷ আজিৰ যুগত আমাৰ নিঃসংগতাৰ ভয় অপৰিসীম ৷ কিয়নো এই স্বাধীনতাৰ ভাব আমাৰ মনলৈ নেতিমূলকভাৱে সামাজিক বিচ্ছিন্নতাৰ (alienation) মাজেৰে আহে ৷ ফ্রমে কৈছেঃ

‘The individual finds himself “free” in the negative sense, that is alone with his self and confronting an alienated, hostile world.’

এনে নেতিমূলক স্বাৱলম্বিতা এটা মানসিক ব্যাধি ৷ গতিকে এনে পৰিস্থিতিত এই স্বাধীনতা বিসর্জন দি কেনেবাকৈ কিবা অনুষ্ঠান বা সামূহিক বিশ্বাস বা কোনো বিশ্বাসৰ আধাৰস্বৰূপ ব্যক্তিৰ কৰকমলত আশ্রয় লব পাৰিলে দুষ্চিন্তা দূৰ হয় ৷ ফলত আজিৰ যুগত সকলো সমাজতে ব্যক্তি শক্তিহীন অথচ আনুষ্ঠানিক ক্ষমতা স্বেচ্ছাচাৰী হৈ উঠিছে ৷

ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ উপায় কি ব্যক্তিৰ স্বাৱলম্বিতা সম্পূর্ণভাৱে আয়ত্ত কৰিবলৈ হলে আমাৰ জীৱনৰ আত্মবিভাজনবোৰ শেষ কৰিব লাগিব ৷ আমি আমাৰ খলপে খলপে থোৱা ক্রিয়াকলাপবোৰ সংমিশ্রণ কৰি সামূহিকভাৱে নিজৰ ব্যক্তিত্ব উপলব্ধি কৰিবলৈ শিকিব লাগিব ৷ আমাৰ স্বতঃস্ফূর্তি মুঠেই নাইকিয়া হয়, যেতিয়া আমি ধৰি লওঁ যে পিতা হিচাপে, স্বামী হিচাপে, শিক্ষক হিচাপে, বন্ধু হিচাপে, সাহিত্যিক হিচাপে বা বৈজ্ঞানিক হিচাপে আমি প্রতি মুহূর্ততে বেলেগ বেলেগ ভাও দিব লাগিব ৷ আমাৰ সহজাত প্রবৃত্তি আৰু আমাৰ সজ্ঞান যুক্তি বিচাৰৰ মাজত ভেটিব নোৱৰা বিভাজন কল্পনা কৰিলে আমাৰ সামূহিক সত্তাৰ উপলব্ধি কেতিয়াও নাহিব ৷ ফ্রমে কৈছেঃ

‘One premise for this spontaniety in the acceptance of the personality and the elimination of the split between ‘reason’ and ‘nature’, for only if man does not repress essential part of his self, only if he has become transparent to himself, and only if the different spheres of life have reached a fundamental integration, is spontaneous activity possible.’ (The Fear of Freedom, 223)

অর্থাৎ প্রকৃত স্বাৱলম্বিতা আহৰণ কৰিব পাৰি আমাৰ সত্তাৰ পূর্ণ উপলব্ধিৰ মাজেৰেহে, যুক্তি আৰু প্রবৃত্তিৰ বিভাজনৰ পৰা নিজকে মুক্ত কৰি ৷ আমি মনৰ সম্পূর্ণ স্বচ্ছতাৰে নিজৰ সামগ্রিক আৱেগ–ভিপ্রায় বুজাৰ চেষ্টা আৰু জীৱনৰ নানান কাজ–কর্মৰ মাজত এক সংহতি স্থাপনৰ প্রয়াস, সজাগ কৰি ৰাখিব লাগিব ৷ আৱেগময় ভাষাত ফ্রমে সেই কথা কল্পনা কৰিছে-  That man can be free and yet not alone, critical and yet not filled with doubts, indepen- dent and yet an integral part of mankind. This freedom man can attain by the realization of his self, by being himself.”

আমি যদি নিঃসংগতাৰ মনোভাৱ নোলোৱাকৈ নিজকে মুক্ত বুলি বিবেচনা কৰিব পাৰোঁ, সন্দেহেৰে ভাৰাক্রান্ত নোহোৱাকৈ মন সজাগ কৰি ৰাখিব পাৰোঁ বা স্বাৱলম্বী হৈও নিজকে সমাজৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰিব পাৰোঁ, তেন্তে আমাৰ বুদ্ধি–বিচাৰৰ শক্তি আৰু আনুভূতিক জীৱন দুয়ো অংশই সমানে আগবাঢ়াব পাৰিব, তাৰ অন্যথা আমাৰ জীৱনৰ পূর্ণ বিকাশ হোৱাৰ সম্ভাৱনা নাই ৷  মানুহ হিচাপে আমি আমাৰ সম্পূর্ণ দায়িত্ব লবলৈ সাহস কৰিব লাগিব , সেয়েহ সুস্থ জীৱনবোধৰ একমাত্র আশাৰ স্থল ৷ আৰু এনে জীৱনবোধৰ পৰিপ্রেক্ষিতত আমি সাহিত্যৰ নতুন পৰিৱর্তন আশা কৰোঁ ৷

ফোনঃ  ৯৮৫৪৬-৬৭১৪৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.