প্লগীং | পৰিৱেশ সুৰক্ষা–ব্যায়ামৰ সংযোজন

পল্লৱী শইকীয়া

সম্প্রতি যান্ত্রিকতাৰ যুগত আমাৰ শাৰীৰিক শ্রমৰ মাত্রা কমি যোৱাৰ লগে লগে মানসিক শ্রমৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ পৰিৱর্তন যিহেতু এক নিৰন্তৰ প্রক্রিয়া, এনে ক্ষেত্রত আমি নিজকে সময়ৰ লগত খোজ মিলাই আগুৱাই যাব পৰাকৈ সস্তম কৰি তুলিব লাগিব ৷ শাৰীৰিক ব্যায়ামে মস্তিষ্ক্ৰ ওপৰত ধনাত্মক প্রভাৱ বিস্তাৰ কৰা দেখা যায় ৷ এই প্রভাৱে মগজুৰ কোষ গঠনৰ পৰা আৰম্ভ কৰি ব্যৱহাৰিক দিশলৈকে সাঙুৰি লয় ৷

জর্জিয়া বিশ্ববিদ্যালয়ৰ এটা সমীক্ষা মতে সাধাৰণ ২০ মিনিটজোৰা ব্যায়ামে তথ্য বিশ্লেষণ আৰু স্মৃতিশক্তিৰ উন্নয়ন আদিত ব্যাপক সহায় কৰে ৷ এই ২০ মিনিটজোৰা ব্যায়ামে মগজুত ডপার্মিন, ছেৰটনিন, নৰএড্রিনোলাইন ইত্যাদি বিভিন্ন হৰমনৰ নিঃসৰণ উন্নত কৰে, যিয়ে তাৎক্ষণিক মানসিক স্থিতিৰ উন্নয়ন, মনোযোগৰ উন্নয়ন, মন কেন্দ্রীভূত কৰিব পৰা ক্ষমতা ইত্যাদি পৰৱর্তী ২ ঘন্টাৰ কাৰণে ধৰি ৰাখিব পাৰে ৷ ব্যায়ামে হৃদস্পন্দন বঢ়াই তোলে বাবে হৃৎপিণ্ডই বেছি অক্সিজেন আৰু পুষ্টি মগজুলৈ সৰবৰাহ কৰে ৷ কিছু সময় খোজ কাঢ়িলে সৃজনীশীলতা বাঢ়ে ৷ ই মগজুৰ হিপকম্পছ অঞ্চলৰ ওপৰত প্রভাৱ পেলায় আৰু নতুন কোষ তৈয়াৰ কৰাত সহায় কৰে ৷ মগজুৰ প্রিফ্রন্টেল কর্টেক্স আৰু টেম্পৰেল কর্টেক্স অঞ্চলে সিদ্ধান্ত লোৱা, চিন্তা কৰা মনোযোগ দিয়া, ব্যক্তিত্ব ইত্যাদি নিয়ন্ত্রণ কৰে ৷ ব্যায়ামে এই নির্দিষ্ট অঞ্চলসমূহৰ আয়তন বঢ়ায় তথা সবল কৰে ৷ গতিকে যিমানেই ব্যায়াম কৰা যায়, সিমানেই মগজুৰ বিভিন্ন অঞ্চলৰ কোষ বৃদ্ধি হয় ৷

ফিটনেছ বুলিলে শাৰীৰিক সক্ষমতাৰ লগতে মানসিক আৰু আৱেগিক সক্ষমতাকো বুজা যায় ৷ ই স্বাস্থ্যৰ প্রতিটো দিশ সামৰে যত ব্যক্তি এজনে এক সুস্থিৰ আৰু প্রাণৱন্ত জীৱন নির্বাহ কৰে, উৎসাহ আৰু যোগাত্মক দৃষ্টিভংগীৰে জীৱনৰ খলা–বমাবোৰৰ সন্মুখীন হোৱাৰ সাহস গোটাব পাৰে ৷ এক কথাত ফিটনেছ হৈছে স্বাস্থ্যকৰ জীৱন নির্বাহ শৈলী ৷ বর্তমান ফিটনেছক লৈ গোটেই বিশ্বতে এক সচেতনতাৰ বতাহ বলিছে ৷ এক কথাত কবলৈ গলে মানুহৰ মন–মগজুত ই এক মূল্যৱান অংশ অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ খোৰাক জগাবলৈ চহৰে–নগৰে বিভিন্ন ফিটনেছ ক্লাব, জীম, যোগৰ অনুষ্ঠান–প্রতিষ্ঠান আৰু লগে লগে অনলাইন ফিটনেছ ৱেবছাইটসমূহো গঢ় লৈ উঠিছে ৷ কিন্তু বহু ক্ষেত্রত ঘৰ আৰু আমাৰ পাৰিপার্শ্বিক পৰিৱেশতেই ফিটনেছৰ প্রথম খোজ দিয়াটো সম্ভৱ আৰু অতি উত্তম ৷ তাৰ বাবে প্রয়োজন কিছু সাধাৰণ জ্ঞান আৰু অলপ উৎসাহ ৷

প্রাকৃতিক সৌন্দর্যৰ শোভা উপভোগ কৰি অৰণ্যত খোজ কাৰ এক সুকীয়া আমেজ আছে ৷ মন আপোনা আপুনি পাতল হৈ পৰে, এক গভীৰ প্রশান্তিৰ ভাৱে দেহ–মন ধুৱাই নিয়ে আৰু সৃষ্টিশীলতা লহপহকৈ বাঢ়ি উঠে ৷ আমাৰ সুস্বাস্থ্যৰ লগতে মানসিক প্রশান্তিৰে জীৱন উদ্যাপনৰ এক উপায় উলিয়াবলৈ সক্ষম হৈছে ছুইডেনৰ এটা নতুন ধাৰাই ৷ ২০১৬ চনত আৰম্ভ হোৱা এই ধাৰাটোৱে ক্রমে জনপ্রিয়তা লাভ কৰে যাক নামকৰণ কৰা হৈছে প্লগীং Plogging ৷ প্লগীং শব্দটো এটা ইংৰাজী শব্দ ৷ ই Jogging আৰু Plocka upp’ নামৰ দুটা শব্দৰ সংযোগৰ ফলত সৃষ্টি হৈছে ৷ Jogging মানে শৰীৰ চর্চাৰ বাবে মৃদু গতিত সম্পূর্ণ শৰীৰটো জোকাৰ খোৱাকৈ দৌৰা আৰু Plocka upp এটা ছুইডেনৰ শব্দ ইংৰাজীত ইয়াক Picking up বুলি কোৱা হয়, যাৰ অর্থ হাতেৰে বোটলা ৷ গতিকে প্লগীং হৈছে ছুইডেনৰ এটা সু–স্বাস্থ্যৰ গতিধাৰা যি পেলনীয়া সামগ্রী বোটলাৰ লগতে দৌৰা কার্যক সূচায় ৷ ইয়াৰ বাবে প্রয়োজন এযোৰ হাট মোজা আৰু এটা পেলনীয়া সামগ্রী পেলাব পৰা মোনা ৷

প্লগীং এক পৰিৱেশ সুৰক্ষামুলক নতুন ধাৰণা, যি আমাৰ স্বাস্থ্য আৰু চাৰিওফালৰ পৰিৱেশ দুয়োটাকে সুৰক্ষা প্রদান কৰে ৷ বর্তমানে শতকৰো অধিক দেশত দৈনিক ২০০০০সংখ্যকৰো অধিক লোকে এই কার্য কৰিবলৈ আৰম্ভ কৰিছে ৷ যেতিয়া তেওঁলোক প্রাতঃ বা সান্ধ্য ভ্রমণৰ বাবে ওলাই যায় হাতত এটা পেলনীয়া বস্তু ভৰাব পৰা মোনা লৈ যায় আৰু পদপথত যি পেলনীয়া সামগ্রী পায় বুটলি পৰিৱেশ নিকা কৰাৰ প্রয়াস কৰে ৷ প্রথমে ২০১৬ চনত এৰিক এলচড্রম নামৰ এজন ছুইডেনৰ ব্যক্তিয়ে নিজৰ ঘৰৰ চৌপাশৰ অঞ্চলসমূহত এই কাম আৰম্ভ কৰিছিল ৷ সামাজিক মাধ্যমৰ জৰিয়তে ইয়াৰ দ্রুত প্রসাৰতা লাভ কৰি এতিয়া এই প্লগীং এক জনপ্রিয় শৰীৰ চর্চাৰ কৌশল হিচাপে পৰিগণিত হৈছে ৷

এতিয়া চাওঁ আহক প্লগীঙৰ উপকাৰিতাসমূহ

  • ই আত্মমর্যাদা বৃদ্ধিত সহায় কৰে ৷
  • ই আমাৰ হূদপিণ্ডৰ বাবে অতি উপকাৰী ৷
  • ই কর্মদক্ষতাৰ উৎকর্ষ সাধন কৰে ৷
  • ই হাড়ৰ গঠন সবল কৰে ৷
  • ই শৰীৰৰ ওজন হ্রাস কৰাত সহায় কৰে ৷

Plogga নামৰ ৱেবছাইটত প্লগীং কৰাসকলৰ বাবে কিছুমান নিয়মাৱলী দিয়া হৈছে ৷ প্লগীঙৰ বাবে প্রয়োজন কেৱল এযোৰ হাতমোজা, এযোৰ দৌৰাৰ বাবে উপযোগী জোতা আৰু আপোনাৰ দিনটোৰ মূল্যৱান সময়খিনিৰ পৰা মাত্র আধা ঘন্টা ৷ প্রিয় পাঠক, আহকচোন এইখিনিতে প্লগীঙৰ নিয়মাৱলীসমূহ জানি থওঁ

দলবদ্ধভাৱে প্লগ কৰক: বাকী খেলসমূহৰ দৰে যদি প্লগীং দলবদ্ধভাৱে কৰা হয়, তেন্তে ই অতি আমোদজনক হৈ পৰে ৷

অন্য শৰীৰ চর্চাৰ অংশ হিচাপেও গ্রহণ কৰিব পাৰে : যেতিয়া মজিয়া অর্থাৎ তলৰ পৰা পেলনীয়া সামগ্রী বোটলাৰ সময় আহে এটা ভৰিত ভেজা দি বোটলাৰ চেষ্টা কৰক ৷ এনে কৰাৰ ফলত উৰুসন্ধিৰ গাঁঠি সবল হোৱাৰ লগতে মাংসপেশী আৰু ভৰিৰ সৰুগাঁঠিৰ গঠন মজবুত হোৱাত সহায় কৰে ৷

দুই বাহুত সলনা সলনিকৈ বেগটো ধৰক : এটা বাহুত বহু সময় ধৰি ওজন সহিবলৈ দিয়াৰ পৰিৱর্তে নির্দিষ্ট সময়ৰ অন্তৰালত বেগটো সলনা সলনিকৈ দুয়োটা বাহুৰে কঢ়িয়াওক ৷

কম দূৰত্ব সর্বশক্তিৰে দৌৰক : হৃদযন্ত্র আৰু ৰক্তবাহী নলীসমূহৰ কার্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে ১০ কিঃমিঃতকৈ কম দৌৰাটো উপকাৰী ৷ এই সময়খিনিৰ কার্যক্ষমতা তীব্রতৰ কৰিবৰ বাবে জঁপিওৱা, বগোৱা বা গতিবেগ সলনি কৰাটোও উত্তম যিখিনি কার্য প্লগীঙৰ লগত জড়িত হৈ থাকে ৷

প্রতিযোগিতামূলক কৰি তোলক : আপোনাৰ সহযোগীসকলৰ লগত প্রতিযোগিতাত অংশগ্রহণ কৰক আৰু দৌৰাৰ শেষত কোনে কম সময়ত বেছি পেলনীয়া সামগ্রী বুটলিবলৈ সক্ষম হল নিৰীক্ষণ কৰক ৷ একেবাৰে শেষত গোটেইখিনি পেলনীয়া সামগ্রী একেলগ কৰি ওচৰৰ পেলনীয়া জাবৰ পুনঃব্যৱহার্যকৰণ কেন্দ্রত থৈ আহক ৷

অন্য খেলৰ লগতো কৰি চাব পাৰে : কেৱল দৌৰাৰ ক্ষেত্রতে যে ই প্রযোজ্য তেনে নহয় ৷ খোজকা, চাইকেল চলোৱা এনেবোৰ লগতো প্লগীং কৰিব পাৰি ৷

আপোনাৰ এই কামসমূহ সামাজিক মাধ্যমতো অৱগত কৰিব পাৰে :  আপুনি কৰা প্লগীঙৰ কিছুমান বিশেষ মুহূর্তৰ ফটো উঠাই বা ভিডি বনাই সামাজিক মাধ্যমত প্লগীং বুলি হেছটেগ  কৰি অৱগত কৰিব পাৰে ৷ আপোনাৰ বন্ধুবর্গই আপোনালোকৰ এইসমূহ কার্য দেখি আপ্লুত হোৱাৰ লগতে নিজেও কৰিবলৈ উৎসাহিত হব ৷

পাৰিপার্শ্বিকতা আৰু সেই সময়ত সেই স্থানত থকা ব্যক্তিজনৰ মনৰ অৱস্থাৰ মাজত এক ওতপ্রোত সম্পর্ক থাকে ৷ অপৰিষ্কাৰ পৰিৱেশত মানুহৰ মন হতাশাই আৱৰি ধৰে আৰু পৰিষ্কাৰ পৰিৱেশত মন মুকলি আৰু ঊধর্বমুখী হয় ৷ মনৰ বিশুদ্ধতাৰ প্রতি অগ্রসৰ হোৱাৰ লগে লগে মনৰ দৃতা আৰু সম্ভাব্য জীৱনী শক্তি বাঢ়ি যায় ৷

কোনো এজন বিদ্বান ব্যক্তিয়ে কৈছিল যেতিয়া আপুনি কোনো মহৎ উদ্দেশ্যৰ দ্বাৰা অনুপ্রাণিত হয়, কোনো অসাধাৰণ প্রকল্প হাতত লয়, তেতিয়া আপোনাৰ চিন্তাই সকলো বাধা আঁতৰাই পেলায় ৷ আপোনাৰ মনে সীমাৰ বাধা অতিক্রম কৰি যায় ৷ সকলো দিশতে আপোনাৰ সচেতনতা বৃদ্ধি পায় আৰু আপুনি নিজকে বিচাৰি পায় এখন নতুন, ডাঙৰ আৰু আকর্ষণীয় পৃথিৱীত ৷ আপোনাৰ সুপ্ত শক্তি আৰু বুদ্ধি প্রতিভা সজাগ হোৱাৰ লগতে সজীৱ হৈ উঠিব ৷ আপুনি নিজকে সপোনত ভবাতকৈও মহান ব্যক্তিৰূপে আৱিষ্কাৰ কৰিব ৷ গতিকে প্রিয় পাঠক, প্রকৃতিয়ে আমাৰ জীৱনটো উদ্যাপনৰ বাবে পর্যাপ্ত পৰিমাণৰ সমল আমাক দান কৰি আহিছে ৷ আহকচোন, আমিও নিজৰ স্বাস্থ্যৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে এখোজ আগুৱাই যাওঁ, প্লগীং কৰি চাওঁ ৷

ফোন : ৮৬৩৮২-৩৮১২১

You might also like
Leave A Reply

Your email address will not be published.