বিহুনামত অসমৰ বিনন্দীয়া প্রকৃতি আৰু নদ–নদী

নমিতা মেধি ডেকা

অসমী আই হৈছে প্রকৃতিৰ ৰাণী ৷ বসন্ত কালত হৈ পৰা নৱযৌৱনা প্রকৃতিয়ে সকলোকে উন্মনা কৰি তোলে লগতে চঞ্চলা কৰি তোলে ডেকা–গাভৰুৰ মন ৷ অসমৰ বিহু উৎসৱৰ লগত অসমৰ প্রকৃতিৰ নিবিড় সম্পর্ক আছে ৷ বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰেৰে অসমীয়াৰ সংস্কৃতিৰ ভঁৰাল অতি চহকী ৷ গছ–বন, পশু–পক্ষী, চৰাই–চিৰিকটি, ফুল–ফলেৰে বাৰেবৰণীয়া প্রকৃতিৰ লগতে ব্রহ্মপুত্রকে আদি কৰি নৈ, নিজৰা, জান, জুৰি, বিল, পুখুৰী আদিৰ মোহনীয় ৰূপে বিহুনামত স্থান লাভ কৰি আমাৰ লোক–সংস্কৃতিক এক অনন্য ৰূপ প্রদান কৰিছে ৷

অসমীয়া জাতীয় উৎসৱ বিহুৰ লগত বিহুনামৰ অংগাংগী সম্বন্ধ আছে ৷ বিহু উৎসৱত আনন্দ–বিনোদনৰ বাবে বিহুনামবোৰ গোৱা হয় যদিও অসমীয়া সংস্কৃিতৰ লগত এই বিহুনামবোৰৰ নিবিড় সম্পর্ক আছে ৷ ড: বিৰিঞ্চি কুমাৰ বৰুৱাই সেয়েহে কৈছে যে বিহুগীতত প্রকৃতিৰ চাৰিটা চিত্র প্রধানকৈ ৰূপায়িত হৈছে ৷ সেয়া হ’ল-

ক) অসমৰ নদ–নদী ৷

খ ) নৈৰ চাপৰি আৰু পথাৰ ৷

গ ) পর্বত–পাহাৰ, গছ–ফুল ৷

ঘ ) পশু–পক্ষীসমূহ ৷

ফাগুনৰ পৰশত চঞ্চলা হৈ পৰে প্রকৃতি ৷ গছ–বনত কুঁহিপাত আৰু ফুলেৰে জাতিষ্কাৰ হৈ পৰে ধৰণী ৷ বসন্তৰ আগমনৰ লগে লগে উন্মনা হৈ পৰা প্রকৃতিয়েও নতুন সাজ সলায় ৷ কুলি চৰাইৰ মাতে বিহুৰ আগজাননী দিয়ে ৷ কেতেকী, হেটুলুকা, গংগা–চিলনী, শালিকা, কপৌ আদি চৰাইবোৰৰ গীত–মাতেৰে বসন্ত কালৰ চৌপাশ মুখৰ কৰি তোলে ৷ বিহুনামত আম, কঁঠাল, নাহৰ, বগৰী আদিৰ নাম প্রায়েই পোৱা যায় ৷ এইবোৰ গছ–গছনিয়ে অসমীয়া মানুহৰ বাৰী শুৱনি কৰি ৰাখে ৷ সেয়েহে বিহুনামত গোৱা হয়-

‘আমে মলিয়ালে জামে পাত সলালে

সলায় বৰ গছে পাত,

কুলি–কেতেকীয়ে আনন্দ কৰিছে

বিহু বিহু লাগিছে গাত ৷

নলনিত কান্দিলে হেটুলুকা চৰাইটি

হেটুলুক কৰিলে বনত,

হাতৰ বন সৰি চিতনি ধৰেহি

ধনৰ কথা পৰিলে মনত ৷

অসমীয়াৰ বিহু সংস্কৃতিৰ প্রকৃতিৰ অৱদান তামোল–পাণে এক সুকীয়া আসন দখল কৰি আছে ৷ নাচনীৰ খোপা শুৱনি কৰা কপৌফুলৰ মূল আশ্রয়স্থলী হৈছে তামোলৰ গছ ৷ বিহুৰ দিনা হুঁচৰি গাবলৈ অহা ৰাইজৰ আগত গৃহস্থই তামোল–পাণৰ শৰাইখন আগবঢ়াই আঁঠু লয় ৷ আকৌ বিহুৱতীয়ে বিহুৱা ডেকাক তামোল এখন যাচিয়েই চিনাকি হয় ৷ বিহুনামত গোৱা হয়-

কিনো তামোলখনি দিলাহে লাহৰী

অতি চেনেহেৰে খালোঁ ৷

সেইনো তামোলখনি খাবৰে পৰা

তোমাৰ লগত চিনাকি হলোঁ ৷

প্রকৃতিৰ আন এক অৱদান আঁহত গছজোপাৰ কথাও বিহুনামত উল্লিখিত হৈছে ৷ বসন্তকালত নতুনকৈ সেউজীয়া পাত পৰিধান কৰি অনুপম শোভাৰ সৃষ্টি কৰা আঁহতজোপাই লৈ আনে বহাগৰ বতৰা ৷ পথাৰৰ মাজৰ আঁহতৰ তলতেই ডেকা–গাভৰুৱে মিলি বিহু নাচে ৷ বিহুনামত আঁহত গছক প্রাধান্য দি গোৱা হয় এনেদৰে-

আঁহতে সলালে পাত সমনীয়া

আঁহতে সলালে পাত ৷

আমাৰ আইটিয়ে বৰণটি সলালে

ললে ৰঙা ৰিহা গাত ৷

অ ভনী ৰহেদৈ

বিহুলৈ আহিলোঁ ওলাই

এইবেলি বিহুমৰাৰ ছলেৰে

যুৰীয়া আঁহতৰ তলতে

থাকিমনো তোমালৈ বাট চাই ৷

বসন্তৰ আগজাননী, কুলি চৰাইৰ বিননি ৷ কুলিৰ মাতত বহাগ আহে ৷ নতুন পাত–ফুলেৰে সুশোভিত হৈ প্রকৃতি ৰাণীয়ে যেন কুলিৰ দ্বাৰাই বহাগক আদৰণি জনায় ৷ বিহুনামত কুলিৰ মাতত বহাগৰ আগজাননী পোৱাৰ কথা উল্লেখ আছে-

কু––উ কু–––উ বুলি কুলিয়ে মাতিলে

গছেও পাত সলালে

কপৌ ফুল ফুলিলে নাহৰ ফুল ফুলিলে

বিহু বিহু লাগিছে গাত ৷

বসন্তৰ পৰশত নৱ–যৌৱনপ্রাপ্ত প্রকৃতিয়ে সকলোৰে মন–প্রাণ মতলীয়া কৰি তোলে ৷ প্রকৃতিৰ সেউজীয়া সাজ, ফুলৰ সুবাস, চৰাই–চিৰিকটিৰ গুঞ্জন, মলয়াৰ জিৰ্ জিৰ্ শব্দ, হঠাতে নামি অহা দুই–এজাক বৰষুণে উন্মনা কৰি তোলে মানুহৰ মন ৷ চঞ্চল কৰি তোলে ডেকা–গাভৰুৰ হিয়া ৷

চৰাই হালধীয়া পাখি বিনন্দীয়া

অৰণ্যৰ ভিতৰত টোপ ৷

দিনটোৰ ভিতৰত এবাৰ নেদেখিলে

পেটতো নালাগে ভোক ৷

লুইতৰ চাপৰি অসমীয়াৰ এক অবিচেছদ্য অংগ ৷ লুইতৰ চাপৰি অনেক চৰাইৰ বাসস্থান আৰু সেই চৰাইবোৰে চাপৰিত হোৱা শস্যবোৰ খাই জীয়াই থাকে ৷ সেই কথা বিহুনামত প্রকাশ পাইছে এইদৰে-

লুইতৰ চাপৰিত সৰিয়হ সিঁচিলোঁ

কপৌজাকে পৰি খায়,

তোমাৰে ঘৰলৈ কৰোঁ অহা–যোৱা

সৰিয়হ ৰাখোতা নাই ৷

দার্শনিক ডি এইচ লৰেঞ্চে কৈছে সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তুটো হল ফুল ৷ আমাৰ অসমীয়া বিহুনামবোৰত ফুলেও যথেষ্ট প্রাধান্য পাইছে ৷ বিহুৰ বতৰত গছ বগাই, কষ্ট কৰি নাহৰ ফুল ছিঙি আনি ডেকাই গাভৰুক উপহাৰ দিয়ে ৷

তোমাৰে কাৰণে নাহৰ ফুল পাৰোঁতে

বুকুৰে ছিগিলে ছাল,

একোকে নাভাবি খোপাত গুঁজি লবা

মোৰনো প্রেমৰে জাল ৷

বসন্ত কালত অসমী আই বাৰেবৰণীয়া ফুলেৰে সুশোভিতা হৈ উঠে ৷ কঁহুৱা, বাবৰি, গুটিমালী, সেউতী, মালতী, খৰিকাজাঁই, মাধৈমালতী, কপৌ, তগৰ, পদুম আদি কিমান যে ফুলে আমাৰ ধৰাখন শুৱনি কৰি ৰাখিছে ৷ বিহুনামবোৰৰ কোঁহে কোঁহে এই ফুলবোৰৰ কথা সোমাই আছে ৷ চহা গীতিকাৰৰ দৃষ্টিত নাচনীবোৰো যেন একোপাহি ফুল-

লুইতৰ সিপাৰে কঁহুৱা ফুলিলে

চৰায়ে খেলিছে তাত,

এনে ফাগুন দিনত তোমাৰ যৌৱন ফুলিলে

মনে মোৰ খেলিছে তাত ৷

চতে গৈ গৈ বহাগী পালেহি

ফুলিলে বাবৰি ফুল

তোমাৰ লগতে মৰোঁ যদি মৰিম ঐ

এৰি যাম নিজৰ কুল ৷

কপৌ ফুল আৰু জেতুকা গাভৰুৰ অতি আদৰৰ ৷ নাচনীবোৰে দুয়ো হাত জেতুকা পাতৰ ৰঙেৰে ৰাঙলী কৰি লয় বিহুলৈ বুলি ৷ জেতুকা, বর্হমথুৰি, জাংফাই আদি গছবোৰ নাচনীৰ অংগৰাগৰ মূল উপাদান ৷ নাচনীৰ প্রসাধন জেতুকাক লৈ বিহুনামত গোৱা হয়-

হাততো জেতুকা ভৰিতো জেতুকা

কোনে দিলে জেতুকা বাটি ৷

একেদৰেই কপৌফুল, বর্হমথুৰিৰ কথা বিহুনামত উল্লেখ কৰিছে এইদৰে

নেঘেৰী খোপাত কপৌ ফুল পিন্ধিছা

বর্হমথুৰি বোলোৱা ওঁঠ ৷

জাংফাইৰ কথা বিহুনামত উল্লেখ কৰিছে এইদৰে-

জাংফাই কেৰুযোৰ পনীয়লি বাখৰবোৰ

কাণত জিলেমিলে কৰে ৷

অসমৰ হাবি–বননিয়ে, ঘৰৰ বাৰীতে থকা গছ–গছনি, উদ্ভিদবোৰ আমাৰ অমূল্য সম্পদ ৷ দীঘলতি, মাখিয়তী, লাউ, বেঙেনা আদি উদ্ভিদবোৰ গৰু বিহুৰ অপৰিহার্য অংগ ৷ গৰু বিহুৰ দিনা গৰুক ধুৱাই দীঘলতি পাতেৰে কোবাই গৰুক ডাঙৰ হবলৈ বিহুনাম গোৱা হয় এইদৰে-

দীঘলতি দীঘল পাত

গৰু কোবাওঁ জাত জাত,

মাৰে সৰু বাপেৰে সৰু

তই হবি বৰ গৰু ৷

লাউ খা বেঙেনা খা

বছৰে বছৰে বাঢ়ি যা ৷

বাঁহৰ লগত অংগাংগী সম্পর্কৰ বাবে অসমৰ মংগোলীয় জনগোষ্ঠীয় সংসৃক্তিৰ অন্য এক নাম হল বাঁহ সংসৃক্তি ৷ আকৌ এই মংগোলীয় সংস্কৃত অসমীয়াৰ বিহু সংস্কৃতিৰো এক অন্যতম উপাদান ৷ সেয়েহে বিহু সংস্কৃতিত বাঁহ গছে এক সুকীয়া আসন দখল কৰাটো স্বাভাৱিক ৷ গগনা, টকা, বাঁহী, ঢোল বজোৱা মাৰিডাল সজাত বাঁহ গছৰ ব্যৱহাৰ হয় ৷

আগলি বাঁহৰে লাহৰী গগনা

বহি তাতৰ পাতত বাওঁ

আহেনো নাহে মোৰেনো চেনাই ঐ

চিৰিপাতি মংগলখন চাওঁ ৷

বিহুৰ এবিধ অন্যতম বাদ্য হৈছে টকা ৷ পূৰঠ জাতি বাঁহ নাইবা ভলুকা বাঁহৰ আগলিৰ দুইমূৰে, গাঁঠি থকা এটা পাবৰ প্রয়োজন হয় টকা সাজিবলৈ ৷ বাঁহৰ পৰা সজা টকাৰ কথা বিহুনামত এইদৰে শুনিবলৈ পোৱা যায়-

জাক জুম বান্ধি বিহুলৈ আহিছোঁ

হাততে বাঁহৰে টকা

বুকুত সাবটি লব মই নোৱাৰোঁ

দূৰতে থিয় হৈ থাকা ৷

টকাৰ মাতে বিহুৱতী মন ৰাইজাই কৰি তোলে

টকাৰ টক–––টক মাত ঐ চেনাইটি

টকাৰ টক–টক মাত

টকাৰ মাত শুনি ৰবকে নোৱাৰোঁ

বিহু বিহু লাগিছে গাত ৷

পর্বতৰ লগতো অসমীয়াৰ নিবিড সম্বন্ধ আছে ৷ অসমী আইৰ কোলাত সুদৃ আসন দখল কৰা পাহাৰ–পর্বতবোৰৰ কথা বিহুনামত সুস্পষ্ট ৰূপত প্রকাশ পাইছে ৷ অসমীয়া পর্বতত খৰি, খেৰ, খাদ্য আদি বিচাৰি চিকাৰ কৰে ৷ আৱৰ, মিচিমি পর্বত পাহাৰত থকা জনগোষ্ঠীসমূহে বিহুনামত গাইছে-

কি খাই পাহৰিম তোকে ঐ লাহৰী কি খাই পাহৰিম তোক ৷

 মিচিমি আহিব বৰবিহ আনিব তাকে খাই পাহৰিম তোক ৷

অনায়াসে পর্বত বগোৱা কথা বিহুনামত প্রকাশ পাইছে এইদৰে

পর্বতে পর্বতে বগাব পাৰোঁ মই

লতানো বগাবলৈ টান ৷

বলীয়া হাতীকো  বলাব পাৰোঁ মই

তোমাকনো বলাবলৈ টান ৷

চটাই পর্বতৰ কথাও উল্লেখ আছে বিহুনামত-

চটাই পৰেবত ধূঁৱলি–কুঁৱলী

কোনে ভাত ৰান্ধি খায় ৷

মাক নাই মাউৰা তিৰী নাই বৰলা

হাতী ধৰিবলৈ যায় ৷

পর্বত–পাহাৰ, হাবি–বননি নানা জীৱ–জন্তুৰ বিচৰণভূমি ৷ বিহুনামত গোৱা হয়-

পর্বতত মাৰি যাওঁ ৰাঙলী হৰিণা

ভৈয়ামত মাৰি যাওঁ শৰ ৷

তোমাকে পাবলৈ গংগাত স্নান কৰোঁগৈ

বিধাতাক মাগোগৈ বৰ ৷

অসমৰ প্রকৃতিৰ এক অন্যতম উপাদান হল নদী ৷ একোখন দেশৰ সভ্যতা নদীক কেন্দ্র কৰিও গঢ় লৈ উঠে ৷ অসমীয়াৰ সভ্যতা গঢ় লৈ উঠিছে ব্রহ্মপুত্রক কেন্দ্র কৰি ৷ অতি প্রাচীন কালৰে পৰা ব্রহ্মপুত্রক লৈ নানা আখ্যান–কিংবদন্তি আদিৰ সৃষ্টি হৈ আহিছে ৷ মহামিলনৰ তীর্থ বুুলুইতক বাদ দি অসমীয়াৰ জাতীয় জীৱনৰ কথা ভাবিবই নোৱাৰি ৷ বুুালুইতখন যিমান পুৰণি, বিহুও সিমান পুৰণি বুলি কোৱা হয় ৷ বিহুনামত এই ব্রহ্মপুত্র বা চিৰিলুইতৰ কথা ভালেমান উল্লেখ আছে ৷ নৈত থকা মাছ–কাছ, শিহু আদিৰ কথাও বিহুনামত প্রকাশ পাইছে ৷

লুইতৰে বালি বগী ধকেধকী

কাছই কণী পাৰে লেখি ৷

গাতে জুই লে সৰিয়হ বাগৰে

চেনাইক পানীৰ ঘাটে দেখি ৷

বসন্তৰ আগমনত বতৰৰ পৰিৱর্তন হয় ৷ বৰদৈচিলাৰ চঞ্চল গতিয়ে ধৰালৈ নমাই আনে জাকে জাকে বৰষুণ ৷ ধূসৰিত বসুমতী হৈ পৰে ৰসাল আৰু শস্যসম্ভৱা ৷ বহাগৰ ন পানী পাই নৈত থকা মাছ–কাছ, শিহু আদি জলজ প্রাণীবোৰৰো গাত তৎ নাইকিয়া হয় ৷ একেদৰে বিহুৱা ডেকাবোৰৰো গাত তৎ নাইকিয়া হৈ পৰে বাপতিসাহোন বহাগৰ বিহুত ৷

উজাই আহিলে মাছে কি মগৰে

উজাই আহিলে শিহু ৷

কান্ধতে ঢোলটি  মুখতে পেঁপাটি

পালেহি বহাগৰ বিহু ৷

সর্ববৃহৎ নদী–দ্বীপ মাজুলীৰ কথা, লুইতৰ কথা বিহুনামত প্রতিভাত হৈছে এইদৰে-

লুইতৰ শুৱনি মাজুলী চাপৰি

চোতালৰ শুৱনি তাঁত ৷

ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ উপনৈ বৰনদী, সোৱণশিৰি আৰু দক্ষিণপাৰৰ উপনৈ দিখৌ, ধনশিৰি আদিৰ কথাও বিহুনামত প্রকাশ পাইছে এইদৰে-

বৰনৈ বাঢ়িলে ফেনে–ফোটোকাৰে

সলায় বৰগছে পাত ৷

সোৱণশিৰিৰ পাৰৰে থেৰালি ঢেঁকীয়া

নিতৌ চাৰি আঙুল বাঢ়ে ৷

দিখৌৰ ভৰা সুঁতিত সুহুৰি মাৰিছে

কোনে নাও মেলি যায় ৷

ধনশিৰি দলংখন ভেটিলে ঐ চেনাইধন

লোহাৰে শলখা মাৰি৷

তোমাকে আমাকে ভেটিলে ঐ সমাজে

দুটি দেহা দুফাল কৰি ৷

প্রকৃতিৰ বুকুত নদী, পানী আৰু মাছ যেনেকৈ অভিন্ন, তেনেকৈ ডেকা–গাভৰুৱে একেখন নাৱৰে যাত্রী হব বিচাৰে ৷ ইজনৰ দুখত দুখী হব বিচাৰে এইদৰে-

ৰঙানদী শুকালে মাছৰে বেজাৰত

লুইতখন শুকালে কিয়

মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত

তুমি চেনাই শুকাইছা কিয়

সাহিত্যক সমাজৰ দাপোণ বুলি কোৱা হয় ৷ কিয়নো সমাজৰ প্রতিচ্ছবি সাহিত্যত প্রতিফলিত হয় ৷ বিহুনামত সাহিত্যিক গুণৰাজি প্রকাশ হোৱাৰ লগতে অসমীয়া সমাজৰ বিভিন্ন চিত্রও প্রতিফলিত হয় ৷ সেয়েহে বিহুনাম অসমীয়া সমাজৰ দাপোণ ৷ অসমীয়া জাতি, সংসৃক্তি প্রকৃতিৰ ফালৰ পৰা অতি চহকী ৷ অসমৰ বিনন্দীয়া প্রকৃতি আৰু নদ–নদীৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ এইদৰে বিহুনামত অসমৰ বিনন্দীয়া প্রকৃতি আৰু নদ–নদীয়ে অতীজৰে পৰা এক সুকীয়া আসন দখল কৰি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে ৷

ফোন : ৯৮৬৪৪-১৩১১৪

You might also like
Leave A Reply

Your email address will not be published.