কপৌ ফুলৰ নানান কথা

স্মৃতিৰেখা গগৈ

অসমীয়াৰ মন–প্রাণ সজীৱ কৰি তুলিবলৈ সংগোপনে আকৌ আহিল বাপতিসাহোন ৰঙালী বিহুটি ৷ অসমীয়াৰ পদূলি এতিয়া বহাগী বহাগী গোন্ধেৰে আমোলমোল ৷ এই বহাগ বিহুৰে অবিচ্ছেদ্য অংগ হৈছে কপৌ ফুল ৷ প্রতিগৰাকী অসমীয়াৰে বুকুৰ আপোন এই ফুল ৷ বিহু নচাৰ সময়ত বিহুৱতীয়ে খোপাত কপৌফুল ব্যৱহাৰ কৰে ৷ ডেকা–গাভৰুসকলে ইয়াক প্রেমৰ প্রতীক হিচাপে গণ্য কৰে ৷ জনজীৱনৰ লগত ইয়াৰ ওতপ্রোত সম্বন্ধ আৰু গুৰুত্বৰ বাবে প্রায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ইয়াক ৰোপণ কৰা দেখা যায় ৷

কপৌ ফুলক হংৰাজীত Foxtail orchid বুলি কোৱা হয় আৰু বৈজ্ঞানিক নাম Rhynchostylis restusa. ৰহস্যময় গঠন সুবাস, কোমলতা আৰু ৰঙৰ বৈচিত্র্যৰ বাবে অর্কিডে পুষ্প জগতত এক সুকীয়া স্থান দখল কৰি আছে ৷ অসমত কপৌ ফুলৰ তিনিটা প্রজাতি পোৱা যায় ৷ কপৌ, মতা কপৌ আৰু ভাটৌ ফুল ৷ এইকেহটা ক্রমে Rhynchostylis cymbidium আৰু venda প্রজাতিৰ অন্তর্গত ৷ মৰুভূমিৰ পৰা তুন্দ্রা অঞ্চল আৰু সাগৰপৃষ্ঠৰ পৰা ১৪০০০ ফুট উচ্চতালৈ অর্কিডৰ বাসস্থান ৷ এতিয়ালৈকে ৬০০-৮০০ গোত্রৰ প্রায় ৩৫০০০ মান প্রজাতিৰ সম্ভেদ পোৱা গৈছে ৷ এক তথ্য মতে অসমত প্রায় ৪০০বিধ অৰুণাচলত ৬০০বিধ কপৌ ফুল আছে ৷

সাধাৰণতে চ’ত মাহৰ মাজভাগৰ পৰাহ গছৰ খোৰোঙত কপৌ ফুল ফুলি উঠা দেখা যায় ৷ কপৌক  সাধাৰণতে পৰজীৱী বুলি কোৱা হয় যদিও হহঁতে ৰ’দ, বৰষুণ, পচা পাত, নিয়ৰকণা আদিৰ পৰা শিপা আৰু পাতৰ দ্বাৰা আহাৰ সংগ্রহ কৰি জীয়াই থাকে ৷ কপৌফুল সাধাৰণতে ৬০ চেঃমিঃলৈকে দীঘল হয় ৷ কপৌ বা অর্কিড নামটো আহিছে অণ্ডকোষ (Teslicle) বুজোৱা গ্রীক শব্দ অর্কিচ (orchis)ৰ মাজৰ পৰা অহা ৷ এৰিষ্টটলৰ শিষ্য  থিয়ফ্রেষ্টাছে ভূমধ্য সাগৰীয় অঞ্চলত গজা এবিধ ভূমি অর্কিডৰ মাটিৰ তলতে থকা অণ্ডকোষৰ দৰে অংশটো দেখি the history of plants and the cause of plants নামৰ পুথিত এই বিষয়ে প্রথমে উল্লেখ কৰে ৷ খ্রীঃপূঃ ২৮০০ চনত অর্থাৎ সম্রাট চেন নুঙৰ দিনৰ পৰা চীন দেশত অর্কিড বা কপৌ ফুলক ঔষধি গছ হিচাপে বিবেচনা কৰাৰ উপৰি হয়াৰ ৰূপ–ৰং–সুবাসে মানুহক সদায় আকৃষ্ট কৰি আহিছে ৷ খ্রীঃ পূঃ ৫০০ চনৰ চীনা পুথি একি–কি (Eki-kyo) আৰু ১০০০ খ্রীঃৰ দর্শন পুথি আহ চিঙ ( I-ching)ত অর্কিডৰ উল্লেখ আছে ৷ কনফুচিয়াচে অর্কিডক সুগন্ধি ফুলৰ ৰজা বুলি কৈছিল ৷ পুৰণি চীনত ইয়াৰ ইমানেই আদৰ আছিল যে অর্কিডৰ ছবি বা পুথি প্রণয়ন কৰা লোকসকলক বিশেষভাৱে পুৰসৃক্ত কৰা হৈছিল ৷

পশ্চিমত ই আকৌ পানীয় হিচাপেহে সমাদৃত ৷ স্পেইনৰ সম্রাট কর্টেজে ১৫১৯ চনত মেক্সিকোলৈ যাওঁতে ৰজা এজটেকে ভেনিলা অর্কিডৰ পৰা প্রস্তুত কৰা সুগন্ধি পানীয়ৰে আপ্যায়িত কৰিছিল ৷ এই সোৱাদত মুগ্ধ হৈ সম্রাটে ভেনিলা অর্কিডৰ সঁচ নিজ দেশলৈ বুলি লৈ যায় ৷ এয়াই আছিল আজিৰ বিখ্যাত ভেনিলা এজেন্সৰ আৰম্ভণি ৷ ইয়াৰ পিছত ১৭ শতিকাৰ পৰা হউৰোপিয়ানসকলে প্রাচ্যত অর্কিড বিচাৰি চলাথ কৰে আৰু  ১৭৩১ চনত পিটাৰ কলিন্সে প্রথমে গ্রীষ্ম দেশীয় হংলেণ্ডলৈ নিয়ে ৷

কপৌফুল কেৱল অসমৰ লোক–সংকৃতিৰ সৈতে জড়িত থকাই নহয়, ইয়াৰ ঔষধি গুণো অতুলনীয় ৷ বনৌষধি হিচাপে বৈদিক যুগৰ পৰাই ব্যৱহাৰ হৈ আহিছে ৷ শিপাৰ ৰস হাড়ৰ বেমাৰ, বাতবিষ, স্নায়ৱিক দুর্বলতা আদি ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা হয় ৷ বিছা বা এন্দুৰে কামুৰিলে কপৌফুলৰ ৰস লগালে উপশম ঘটে ৷

পূর্বতে হাবি–বননি সকলোতে অতি সহজতে দেখিবলৈ পোৱা কপৌফুল বর্তমান বায়পাহৰেছিৰ কবলত পৰি এই উদ্ভিদ এতিয়া লুপ্ত হোৱাৰ পথত ৷ সেয়ে ভাৰত চৰকাৰে কেইবাখনো অভয়াৰণ্য স্থাপন কৰিছে ৷ চেঁচা অৰুণাচল প্রদেশ, টাকদাহ পষ্চিমবংগ, গেংটক, ছাৰামাজা ছিকিম, বৰাপানী মেঘালয়, নংপো চাহৰেন মিজোৰাম BSI (Botanical servey of India) ইতিমধ্যে হাওৰা, শ্বিলং, তামিলনাডুৰ য়াৰকডত তিনিটা ৰাষ্ট্রীয় আর্কিডেৰীয়া প্রতিষ্ঠা কৰিছে ৷ অর্কিডৰ বিষয়ে প্রথম বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ পৃষ্ঠপোষকতা কৰা অনুষ্ঠান হ’ল ৰয়েল বটানিকেল গার্ডেন ৷ ইয়াৰ ভগ্মী অনুষ্ঠান ৰয়েল হর্টিকালচাৰেল ছচাইটিয়ে ১৮৫৯ চনত কেট্টালিয়া অর্কিড এজোপাক পুৰসৃক্ত কৰি এইবিধ উদ্ভিদক স্বীকৃতি প্রদান কৰে ৷ আনহাতে ১৯৫৪ চনত মার্কিন যুক্তৰাষ্ট্রৰ গর্ডন ডিলেনে অর্কিডৰ প্রথম আন্তর্জাতিক সংস্থা ৱর্ল্ড অর্কিড কনফাৰেঞ্চৰ জন্ম দিয়ে ৷ এই অনুষ্ঠানে জন্মলগ্ণৰে পৰা অর্কিডৰ চিন্তা–চর্চাত বহুমূলীয়া অৱদান আগবঢ়াই আহিছে ৷

ফোন : ৭০৮৬৯-৫৬৪০০

You might also like
Leave A Reply

Your email address will not be published.