আমলখি আৰু সু–স্বাস্থ্য

ভার্গৱ কলিতা

প্রকৃতিৰ বুকুত উপলব্ধ এটি অসাধাৰণ বনস্পতি হৈছে আমলখি ৷ ডেকা–বুঢ়া সকলোৰে প্রিয় এই আমলখিৰ গুণধর্ম অলেখ ৷ সোৱাদ, ব্যাধি নিৰাময়ৰ উপাদান, স্বাস্থ্য ৰক্ষাৰ উপকৰণ আদি সকলো দিশৰ পৰাই আমলখি একক আৰু অনন্য ফল ৷ ভাৰতবর্ষৰ আন প্রান্তৰ লগতে অসমতো আমলখি সুলভৰূপে উপলব্ধ ৷ আমলখিত প্রচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ ইয়াৰ উপৰি আমলখিত শর্কৰা, কেলচিয়াম, ফছফৰাছ, লৌহ পদার্থ আদি পোৱা যায় ৷ আমলখিৰ এটি মহত্ত্বপূর্ণ গুণধর্ম হৈছে ৰক্তশোধক গুণ ৷ আমলখি অতিসাৰ, প্রমেহ, অম্লপিত্ত, পাণ্ডু, ৰক্তপিত্ত, বাতৰক্ত, অর্শ, কোষ্ঠকাঠিন্য, অজীর্ণ, অৰুচি, প্রদাহ আদি ৰোগত ৰামবাণস্বৰূপ ৷ আমলখি নিয়মিত খালে দৃষ্টিশক্তি প্রখৰ হয় ৷ আয়ুর্বেদ শাস্ত্রসমূহত বর্ণিত আছে যে আমলখি নিয়মিত খালে আয়ু বৃদ্ধি হয় ৷ আমি আমলখি দৈনিক খাব লাগে ৷ প্রতিটো ঋতুতে যিহেতু আমলখি উপলব্ধ নহয়, সেয়ে ইয়াক শুকুৱাই থৈ সুৰক্ষিত কৰি ৰাখিলে আমি যিকোনো ঋতুতে খাব পাৰোঁ ৷ আমলখি ত্রিদোষনাশক ৷ আমলখি খালে মানুহৰ কফ, পিত্ত আৰু বাত সন্তুলিত ৰূপত থাকে ৷ হৃদযন্ত্রৰ কাৰণেও এক উত্তম ৰসায়ন হৈছে আমলখি ৷ চুলি স্বাস্থ্যৰ বাবেও আমলখি অতি প্রভাৱশালী ৷ বহু ৰাষ্ট্রীয় কোম্পানীসমূহৰ চেম্পুসমূহত সেয়েহে প্রায়ে আমলখি ব্যৱহৃত হয় ৷ মাথোঁ চেম্পু ব্যৱহাৰ কৰিলেহে যে সুফল পোৱা যাব, তেনে নহয় ৷ কেঁচা আমলখি থেতেলিয়াই মূৰত সানিলেও যথেষ্ট উপকাৰ পোৱা যায় ৷ বৰঞ্চ চেম্পু ব্যৱহাৰ কৰাৰ পৰিৱর্তে প্রাকৃতিকভাৱে আমলখি ব্যৱহাৰ কৰাটো বেছি উত্তম ৷ কিয়নো চেম্পুসমূহত বহু বিষাক্ত ৰাসায়নিক তত্ত্ব থাকে, যিসমূহ চুলিৰ লগতে চকুৰ কাৰণেও মাৰাত্মক ৷ ঔষধৰ কথাটো সুকীয়া, কিন্তু সৌন্দর্য চর্চা বা প্রসাধনৰ বাবে ঘৰতে উপলব্ধ বনৌষধিৰ প্রয়োগ কৰাটো বিভিন্ন দৃষ্টিকোণৰ পৰা শ্রেয় ৷ মানসিক উদ্বিগ্ণতা দূৰ কৰাৰ ক্ষেত্রতো আমলখিৰ মহত্ত্বপূর্ণ অৰিহণা আছে বুলি ইতিমধ্যে বিবিধ উচ্চস্তৰীয় গৱেষণাত প্রমাণিত হৈছে ৷ আমলখিয়ে নিদ্রা সঠিক হোৱাত সহায় কৰে ৷ আমলখিত থকা কেৰটিনে দৃষ্টিশক্তিজনিত নানা অসুবিধা দূৰ কৰে ৷ মৌ মিশ্রণ কৰি আমলখিৰ গুণ দুগুণে চৰে ৷ চকুৰ আন সমস্যা নিৰাময়ৰ উপৰি চকুৰ ছানি পৰা ৰোগ নিৰাময়ৰ বাবে উক্ত সংযোগ অতি ফলপ্রসূ ৷ শ্বাস–প্রশ্বাসজনিত সমস্যা নাশ কৰাৰ ক্ষেত্রতো আমলখিৰ অৰিহণা মহত্ত্বপূর্ণ ৷ আমলখিত যথেষ্ট পৰিমাণে আইৰন থাকে, সেয়েহে আমলখি খালে ৰক্তহীনতা প্রতিৰোধ কৰাত সহায় কৰে ৷ মৌৰ সৈতে আমলখি মিহলাই খালে ৰক্তশুদ্ধিকৰণ হয় ৷ আমলখিত পর্যাপ্ত পৰিমাণে ফাইবাৰ থাকে, সেয়েহে আমাৰ বিপাক ক্রিয়া উন্নত কৰাত আমলখিৰ ভূমিকা চমকপ্রদ ৷ আমলখি অগ্ণিদীপক আৰু বিষম ৰনাশক ৷ আমলখিৰ আন কেইটিমান উপকাৰিতা তলত উল্লেখ কৰা হল-

  • আমলখিত থকা পর্যাপ্ত কেলচিয়ামে দাঁত, হাড় আৰু কেশ শক্তিশালী কৰে ৷
  • আমলখিয়ে দেহৰ বাবে ক্ষতিকাৰক ফ্রী ৰেডিকেল হ্রাস কৰে, আমলখিত থকা প্রচুৰ এণ্টি–ক্সিডেণ্টৰ বাবে এনে হয় ৷ এণ্টি–ক্সিডেণ্টৰ বাবে শালমইনা, কলা দাগ, অকাল বৃদ্ধাৱস্থাৰ চাপ আদি প্রতিকূল অৱস্থা প্রতিৰোধ হয় ৷
  • আমলখি খোৱাৰ ফলত স্নায়ুৰ স্বাস্থ্যৰ উৎকর্ষ সাধন কৰাৰ লগতে ৰক্ত সঞ্চালন স্বাভাৱিক কৰে ৷ আমলখিয়ে আলঝেইমাৰ ৰোগ প্রতিৰোধ কৰে বুলি বিভিন্ন গৱেষণাত প্রকাশ পাইছে ৷
  • আমলখিয়ে মনোযোগ শক্তি আৰু স্মৰণ শক্তি বৃদ্ধি কৰে ৷
  • আমলখিয়ে যিহেতু বিপাক প্রণালী শক্তিশালী কৰে, সেয়েহে দৈনিক আমলখি সেৱনে দেহত অতিৰিক্ত মেদ জমা হোৱাত বাধা দিয়ে ৷ এইক্ষেত্রত মৌ আৰু আমলখিৰ মিশ্রণ অতীৱ ফলদায়ক ৷
  • ছালৰ বাবে অতি উপকাৰী ফল হৈছে আমলখি ৷ আমলখিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, ছাল মসৃণ কৰে আৰু লগতে ছালৰ নানা বেমাৰ প্রতিৰোধ কৰে ৷
  • আমলখিৰ সৈতে ভৈৰা বা ভোমোৰা, আমৰ আমঠুৰ চূর্ণ, লৌহ চূর্ণ মিশ্রণ কৰি দৈনিক মূৰত লেপ দিলে চুলিৰ অকালপক্বতা দূৰ হয় ৷
  • আমলখিৰ সৈতে ৰিঠা, শিকাকাই মিশ্রণ কৰি মূৰ ধুলে চুলি কোমল ঘন আৰু দীঘল হয় ৷ ব্রাহ্মী আমলা কেশ তেল চুলিৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷
  • জাম, আম আৰু আমলখি ভালকৈ বটি মূৰত লগালে নাকৰ পৰা ৰক্ত ওলোৱা ব্যাধি নিৰাময় হয় ৷
  • হালধি, আমলখি, যব ক্ষাৰ, চিত্রক সমান মাত্রাত মিহলাই ১ ৰ পৰা ২ গ্রাম মিশ্রণ ২ চামুচ মৌ তথা ১ চামুচ ঘিউৰ সৈতে খালে স্বৰভেদ সমস্যা দূৰ হয় ৷
  • আমলখিৰ ১০-২০ মিঃলিঃ ৰসৰ সৈতে ৫-১০ গ্রাম মিচিৰি মিহলাই খালে বমি আৰু হিকটি বন্ধ হয় ৷
  • ত্রিদোষজনিত চর্দি দূৰ কৰাত আমলখি ৰস অত্যন্ত প্রভাৱী ৷
  • আমলখিৰ ৰসৰ সৈতে মৌ আৰু বগা চন্দন মিহলাই খালে বমি বন্ধ হয় ৷
  • সতেজ আমলখি মিচিৰিৰ সৈতে বা আমলখিৰ ৰস মৌৰ সৈতে পুৱা সন্ধিয়া সেৱন কৰিলে অম্লপিত্ত সমস্যা দূৰ হয় ৷
  • আমলখিৰ ১০ গ্রাম বীজ ওৰে ৰাতি তিয়াই থৈ পিছদিনা গাইৰ গাখীৰৰ সৈতে পিচি খালে পিত্তৰ প্রকোপ কমে ৷
  • যকৃতৰ দুর্বলতা বা জণ্ডিচৰ নিবাৰণৰ নিমিত্তে আমলখি মৌৰ সৈতে মিহলাই খালে সুফল পোৱা যায় ৷
  • আমলখিৰ সৈতে ভোমোৰা আৰু শিলিখা মিহলাই খালে কোষ্ঠকাঠিন্য, মূৰৰ বিষ, অর্শ, বদহজম আদি ব্যাধিত সুফল পোৱা যায় ৷
  • অর্শ ৰোগত আমলখিৰ সৈতে দৈ মিহলাই খালে সুফল পোৱা যায় ৷
  • ৰক্ত অতিসাৰত অধিক ৰক্তস্রাৱ হলে ১০-২০ গ্রাম আমলখি ৰসত ১০ গ্রাম মৌ আৰু ৫ গ্রাম ঘি মিহলাই পান কৰিলে সুফল পোৱা যায় ৷
  • আমলখি ৰসত জালুক মিহলাই খালে ৰক্তগুল্ম ভাল হয় ৷
  • আমলখি, শিলিখা, ভোমোৰা, নাগৰমোথা, হালধি, দেৱদাৰু আদি মিশ্রণ কৰি সেৱন কৰিলে প্রমেহ দূৰ হয় ৷
  • আমলখিৰ ৰস, মৌ আৰু ঘিউ সমান মাত্রাত মিহলাই পান কৰিলে পিত্তদোষ তথা ৰক্তবিকাৰজনিত চকুৰোগ নাশ কৰে ৷
  • এটা পকা কল, আমলখিৰ ৰস ১০ গ্রাম, মৌ ৪ গ্রাম, গাখীৰ ২৫০ গ্রাম এই আটাইবোৰ একত্রিত কৰি সেৱন কৰিলে সোমৰোগ নষ্ট হয় ৷
  • আমলখিৰ ৰস ২০ গ্রামৰ সৈতে জিৰাৰ গুড়া মিহলাই দিনত দুবাৰকৈ খালে ৰক্তপ্রদৰ ৰোগত সুফল পোৱা যায় ৷
  • মন্দাগ্ণি বা অৰুচি নিৰাময়ৰ বাবে আমলখিৰ সৈতে জালুক, শুকান আদা, হিং আদি মিহলাই খালে সুফল পোৱা যায় ৷
  • ১২৫-২৫০ মিঃগ্রাঃ লৌহ ভষ্মৰ সৈতে আমলখি সেৱন কৰিয়ে ৰক্তাল্পতা আৰু কুহুমসাৰ ৰোগ দূৰ হয় ৷
  • আমলখিৰ ২-৫ চূর্ণৰ সৈতে ১ চামুচ মৌ পুৱা খালী পেটত খালে পিত্তশূল ৰোগত সুফল পোৱা যায় ৷
  • আমলখিৰ ৰস ১০-২০ মিঃলিঃত ২ গ্রাম হালধি আৰু ১ চামুচ মৌ মিহলাই দিনত ৩ বাৰ খালে ৰক্তপিত্ত দূৰ হয় ৷ মৌ খোৱাৰ ক্ষেত্রত যিকোনো প্রতিকূল পৰিস্থিতি থাকিলে অভিজ্ঞ বৈদ্যৰ সৈতে পৰামর্শ গ্রহণ কৰিব ৷
  • আমলখিৰ গুটি জলাই ভষ্ম কৰি তাত নাৰিকল তেল মিহলাই খজুৱতি হোৱা ঠাইত লগালে উপশম পোৱা যায় ৷
  • আমলখিৰ মুৰববাও অত্যন্ত উপকাৰী ৷ প্রাতঃকাল খালী পেটত মুৰববা খালে পিত্তজনিত বিভিন্ন ৰোগ নাশ হয় ৷
  • আমলখি চূর্ণ নিশাৰ সময়ত ঘি, মৌ বা পানীৰ সৈতে সেৱন কৰিলে দীর্ঘায়ু প্রাপ্তি হয় ৷
  • আমলখিৰ উপকাৰিতাৰ সন্দর্ভত উপৰিউক্ত নির্দেশনাসমূহ অভিজ্ঞ বৈদ্য বা আয়ুর্বেদাচার্যৰ পৰামর্শ অনুসৰিহে ব্যৱহাৰ কৰিব ৷

ফোন : ৯৯৫৪৮-১০৫২৯

You might also like
Leave A Reply

Your email address will not be published.