আইতাৰ আখলত ৰঙালীৰ আগমন

পাপৰি সৌকাধৰা বৰঠাকুৰ

বিহু বুলি কলেই মনটোৱে পাখি লগা কাঁড় হৈ শৈশৱ চুৱেগৈ ৷ আমাৰ শৈশৱ অতিবাহিত হৈছিল কোনোধৰণৰ কৃত্রিমতাৰ আবহাৱা নথকা পৰিৱেশত ৷ তেতিয়া বিহু আহিছিল কুলিৰ মাতত, তাঁতশালৰ শব্দত, ঢেঁকীৰ গুমগুমনিত আৰু আইতাৰ আখল ঘৰৰ পৰা ওলোৱা সান্দহ–চিৰা, হুৰুম–পিঠাৰ ফুৰফুৰীয়া গোন্ধত ৷ বাকী দুটা বিহুৰ তুলনাত বহাগ বিহুৰ উছাহ–উদ্দীপনা স্বাভাৱিকতেহ বেছি আৰু বহল ৷ সেয়েহে খৰ হৈছিল আহতাৰো খোজৰ গতি, সেই অনুপাতে বাঢ়িছিল জা–জলপান, পিঠা–পনা থোৱা কলহৰ সংখ্যা ৷ এখন খেতিপ্রধান ঘৰৰ এটা যৌথ পৰিয়ালত জন্ম তথা ডাঙৰ–দীঘল হোৱাৰ সুবাদতে সৰুৰে পৰা দেখিবলৈ পাহছিলোঁ জা–জলপানৰ সৰহীয়া ৰূপ আৰু সেইসমূহ থবলৈ ব্যৱহাৰ কৰা তামৰ কলহ বা তেনে আকৃতিৰ কিছুমান ডাঙৰ ডাঙৰ বাচন ৷ এনেবোৰ বাচন ওচৰ–চুবুৰীয়া বা লগৰীয়া আন কাৰোৰে ঘৰতে দেখা নাছিলোঁ ৷ পাছলৈ জানিব পাৰিছিলোঁ আমাৰ ককাদেউতা পুলিচৰ চাকৰি সূত্রে অসমৰ বহু ঠাইত আছিল আৰু তেতিয়াই দুই–এপদকৈ কিনা বাচন আছিল সেইবোৰ ৷ আইতাৰ বৰ মৰমৰ আছিল এইকেইটা বাচন ৷ তাতে সযতনে সাঁচিছিল জী–জোঁৱাহ, পো–বোৱাৰীৰ সহিতে আন আন মিতিৰ–কুটুমলৈ বিহুৰ পিঠা–পনা, জা–জলপান৷ আইতাই ইমানবোৰ বনাইছিল যদিও নিজে কিন্তু খোৱা খুব কমেই দেখিছিলোঁ৷ কাৎচিতহে আহতাহ হাতত জলপানৰ বাটিটো বা পিঠা এটা তুলি লোৱা দেখিছিলোঁ ৷ নিজে খোৱাতকৈ আনক খুৱাইহে আইতাই বেছি আনন্দ পাইছিল ৷ আমাৰ ঘৰলৈ যেনেকুৱাই যি আত্মীয়–স্বজন নাহক যাবৰ পৰত আইতাই তেওঁলোকৰ হাতত এটা টোপোলা তুলি দিছিল ৷ কোনোৱে টোপোলা কঢ়িওৱাৰ এলাহত বা গাড়ী–মটৰৰ অসুবিধাৰ অজুহাত দেখুৱাই নিব নুখুজিলে আইতাই জোৰ কৰি আৰু কেতিয়াবা কাজিয়া কৰি হলেও টোপোলাটো হাতত গুঁজি দিছিল ৷ আইতাৰ এনেবোৰ স্বভাৱৰ বাবে  নাম পাহছিল টুপুলী বুঢ়ী ৷ নতুন নামত আইতাৰ কোনো খেদ নাছিল ৷ হাঁহি হাঁহি কৈছিল  ৰহিলা আইতাৰ নাম থকালৈকে খাই ল, মৰিলে পিছত কান্দিবি টুপুলী বুঢ়ীও নোহোৱা হল জা–জলপানো মলঙি গ’ল বুলি ৷

এতিয়া ভাবিলে এইবোৰ সৌ সিদিনাৰ কথা যেনহে লাগে ৷ কুলি চৰাইজনীৰ প্রথম মাত শুনিবলৈ পালোঁ কি নাপালোঁ আইতাৰ খদমদনি আৰম্ভ হয়েই ৷ ভঁৰালৰ পৰা ভাগে ভাগে বৰা ধান, জহা ধান, চকোৱা ধান উলিওৱা, সেইবোৰ ৰদত দি শুকুৱাই ভাগে ভাগে বস্তাত ভৰাই মিললৈ পঠিওৱা ৷ মিলৰ পৰা কুটাই অনাৰ পিছত জৰা–চলাৰ বাবে যো–জা কৰা, মুঠতে মা–দেউতাক আইতাই তৰণি নোহোৱা অৱস্থা কৰি দিয়ে ৷ আমাকো মাজে মাজে দুই–এটা কাম পাছে ৷ ৰদত ধান শুকাবলৈ দিয়া সময়খিনিত ৰখীয়া হোৱা, শুকুৱাৰ পিছত দেউতাই মিললৈ নিবৰ পৰত চাইকেলত ধানৰ বস্তাকেইটা তোলোঁতে আটাইকেউটাই ধৰি মেলি দিয়া, বস্তাকেইটা চাইকেলত বান্ধিবলৈ টিউবডাল বিচাৰি অনা, ওচৰৰ চাহ জনগোষ্ঠীয় বস্তিটোৰ পৰা ধান চাউল জৰা–চলাৰ বাবে দুজনীমান আহতাৰ পছন্দৰ মাহকী মানুহ মাতি অনা আদি ৷

হুৰুম আৰু আখৈ একেলগ কৰি খোৱা জলপানটোৰ সোৱাদ অনন্য ৷ খাবলৈ যিমান ভাল পাইছিলোঁ ইয়াৰ পৰা ধান বছা কামটো সিমানেই বেয়া পাইছিলোঁ ৷ তথাপি আইতাই এইটো কাম সদায় মোকেই দিছিল ৷ হুৰুম জলপানটো যিহেতু যথেষ্ট মেহনতী কৰি তৈয়াৰ কৰিবলগীয়া হয়, সেয়েহে ইয়াৰ আদৰো বেছি ৷ স্কুল ছুটীৰ পিছত আইতাই হুৰুমৰ পাচিটো দেখুৱাই কয় এইখিনি বাচি দিবি দেই ৷ বিহুৰ পিছত তোক লৈ মই অমুকত ফুৰিবলৈ যাম ৷ ফুৰিবলৈ যোৱাৰ স্ফূর্তিত ময়ো একে–ডেৰ ঘন্টাৰ ভিতৰত আইতাৰ কাম সমাধা কৰি দিওঁ ৷ তাৰ দিনচেৰেকৰ পিছত আখৈৰ পাচিটো দেখুৱাই আইতাৰ আকৌ লোভনীয় প্রস্তাৱ এইবাৰ এইখিনি বাছি দে, তোক বিহু নাচিবলৈ মই মোৰ বাকচত থকা পলাশবাৰী মুগাৰ মেখেলাখন আৰু গুণা পাৰি দিয়া মুগাৰ ৰিহাখন দিম ৷ ময়ো গোটেই নাচনীকেইজনীৰ মাজত জিলিকি ৰোৱাৰ ছবিখন কল্পনা কৰি কৰি একে বহাতে প্রকাণ্ড পাচিটোৰ আখৈখিনি বাছি শেষ কৰোঁ ৷

লাহে লাহে বিহুলৈ দিন কমি আহে, মোৰ ওপৰত আইতাই দিয়া কামৰ বোজা বাঢ়ি আহে ৷ ঢেঁকীশাল মচা, খুৱলি চাফা কৰা, হুৰুম ভাজিবলৈ ব্যৱহাৰ কৰা বালিখিনি ধুই ৰদত শুকোৱা আদি অনেক দায়িত্ব ৷ আমাৰ ঘৰত আইতাৰ আদেশ অমান্য কৰাৰ সাহস কেৱে নকৰিছিল ৷ ময়েই যি আইতাক উভতি ধৰাৰ স্বভাৱৰ আছিলোঁ, কিন্তু সেই কেইদিন একো কথা নেপেলাইছিলোঁ ৷ অনবৰতে চকুৰ আগত ভাহি আছিল আইতাই দিম বুলি কোৱা ৰিহা মেখেলাযোৰ আৰু কাণত বাজি ৰৈছিল বিহুৰ শেষত ফুৰিবলৈ নিম বুলি কোৱা কথাষাৰ ৷

বিহু আহি পদূলি পায় ৷ আৰম্ভ হয় দুপৰ নিশালৈকে পিঠা পোৰা কার্য ৷ কাহিলিপুৱাতে উঠি বৰাচাউল তিয়াই টুকি থয়, খুব পুৱাতে ঢেঁকী দিয়াত ককাই বাধা দিয়ে ৷ সেয়েহে ন–দহমান বজাত পিঠাগুডি খুন্দাৰ কাম আৰম্ভ হয় ৷ মায়ে ঢেঁকী দিয়ে, আইতাই খুৱলি খুঁচৰে, চালে আৰু ডাঙৰ চৰিয়া এটাত থৈ হাতৰ তলুৱাৰে হেঁচি হেঁচি থৈ যায় ৷ এনে কৰি গলেহে বৰাচাউলৰ আঠা আৰু আর্দ্রতা ভাবটো অক্ষুণ্ণ ৰয় ৷ নহলে পিঠা নুঠে ৷ তাৰ মাজতে দেউতাই গৈ মিলৰ পৰা হতিমধ্যে খুন্দিবলৈ দি থোৱা চিৰাৰ বস্তাটো আনেগৈ ৷ বস্তা খুলি আইতাই চিৰা এমুঠি হাতত লৈ পিটিকি পিটিকি চায় ৷ আইতাৰ পছন্দ হলে সন্তুষ্টিৰ হাঁহি এটা মাৰে, বেয়া হলে মনটো মাৰি পেলায় ৷ চিৰাখিনি জৰা–চলাৰ বাবে ব্যৱহাৰ কৰা কুলা–চালনীযোৰ আছুতীয়াকৈ থোৱাৰ পৰা আইতাই উলিয়াই আনি টেমকি বাই নাহবা ভূটকী বাইক আমাৰ ঘৰত ধান–চাউল জৰা–চলা কৰিবৰ বাবে অহা আইতাৰ মৰমৰ বাই এই দুজনী দিয়েহি ৷ এনেদৰে জা–জলপান, পিঠা–পনাৰ প্রস্তুতি প্রায় সম্পূর্ণ হয় ৷ বাকী থাকে গুড়–গাখীৰৰ আয়োজন ৷ কোন বেপাৰীৰ ওচৰত ভাল গুড় পোৱা যায় সেইটো আইতাৰ নখদর্পণত ৷ দেউতাক পঠিয়াই অনোৱাই, ঘৰৰ গাখীৰেৰে দৈ পাতে ৷ মহৰ দৈৰ বাবে আগতীয়াকৈ মাটিৰ টেকেলি কিনি আনি ধুই ৰদত শুকুৱাই টেকেলিটোৰ মুখখনৰ জোখেৰে নাৰিকলৰ টুকুৰাৰ ঢাকোন সাজি টেকেলি বান্ধিবৰ বাবে দেউতাৰ হতুৱাই নগৰা সাজি গাঁৱৰ আটাইতকৈ ভাল মহৰ দৈ বিক্রী কৰা মানুহ ঘৰলৈ দাদাৰ হাতত টেকেলি দুটা দি পঠিয়ায় ৷ আনিবৰ দিনা দেউতা যায় ৷

এনেধৰণৰ অলেখটা প্রস্তুতিৰ মাজেৰে ৰঙালীয়ে আহি আইতাৰ আখল চুৱেহি ৷ নিচেই সৰু কালৰে পৰা দেখি আহিছোঁ ৷ আইতাই বিহুৰ দিনা নির্দিষ্ট কেহটামান টোপোলা বন্ধা ৷ যিকেইটা টোপোলা চিৰা–পিঠা, দৈ–গুড়ে ওফোন্দ খাই থাকে ৷ আমাৰ হাতত তুলি দিয়া সেই টোপোলাকেইটা আমি লৈ গৈ দি আহিছিলোঁ চুবুৰীয়া আনোৱাৰ বৰদেউতা, ফয়জত ককা, ফিউজালি দাদা আৰু বেগম পেহীৰ ঘৰত ৷ ভালদৰে মনত আছে টোপোলাটো হাতত লৈয়ে এটা সন্তোষৰ হাঁহি মাৰি আনোৱাৰ বৰদেউতাই আমাক ধেমালিৰ সুৰত কৈছিল হিন্দুৰ পূজা বিহু, মুছলমানৰ ঈদ ৷ মিলিজুলি পালন কৰোঁ, নাই ভেদা–ভেদ ৷ তেতিয়া ভালকৈ একো নুবুজিলেও এতিয়া অন্তৰেৰে উপলব্ধি কৰোঁ আহতাৰ আখলৰ পৰা আৰম্ভ হোৱা সমন্বয়ৰ সেই সেতুডালৰ তাৎপর্য ৷

বিহুকেইদিন ঘৰখনত এক উখল–মাখল পৰিৱেশ ৷ আলহী–তিথিৰে ঘৰ ভৰি পৰে ৷ আইতাৰ আখলৰ পৰা ওলোৱা পিঠা, দৈ, গুড় জলপানৰ এক ফুৰফুৰীয়া গোন্ধ বতাহে উৰুৱাই নি আমাৰ দীঘল পদূলিটো পাৰ কৰি ৰাস্তা পোৱায়গৈ ৷ ঢোল চোৱাবলৈ যোৱা বংশী ককায়ে চিঞৰি সুধি যায় অ, নবৌ মোলৈ জলপান থৈছানে আইতাই শুনকেই বা নুশুনক, উত্তৰ দিয়কেই বা নিদিয়ক সেহবোৰলৈ বংশী ককাইৰ ভ্রূক্ষেপ নাই, কাৰণ তেওঁ ভালকৈ জানে যে তেওঁৰ বাবে এটা আছুতীয়া জলপানৰ বাটি আইতাই সজাবই ৷ বংশীকাই হৈছে ওচৰৰ চাহ জনগোষ্ঠীৰ গাঁওখনৰ এজন পৰিশ্রমী ভদ্র লোক ৷ গোটেই বছৰটো কাৰোবাৰ ঘৰত হালোৱা খাটি বা দিন হাজিৰা কৰি পেট প্রৱর্তায় ৷ কিন্তু তেওঁৰ এটা আচৰিত গুণ আছিল যে তেওঁ খুব সুন্দৰকৈ ঢোল চাব জানিছিল আৰু বজাবও জানিছিল ৷ সেয়েহে বৃহত্তৰ নামতি অঞ্চলটোত তেওঁৰ নাম–সন্মান যথেষ্ট আছিল ৷ বহু দূৰৈৰ গাঁৱৰ ডেকা আহি তেওঁৰ ওচৰত ঢোল চোৱাই নিছিলহি ৷ আমাৰ গাঁৱৰ হুঁচৰি যোৱাৰ লগত তেওঁৰ ওতপ্রোত সম্পর্ক আছিল ৷ তাতে তেওঁৰ জীয়েক বিজুমণিৰ সৈতে মই একেলগে স্কুলত পঢ়িছিলোঁ ৷ সেইসূত্রে আমাক ঘৰৰ লগত আন এক ভাল সম্পর্ক ৷

এদিন বিহু চেৰা হয় ৷ আইতাৰ পাঁচজনী জীয়েকৰ ভিতৰত যিজনীয়ে বিহুত ঘৰলৈ আহিব নোৱাৰিলে সেইজনীৰ ঘৰলৈ যোৱাৰ প্রস্তুতি আৰম্ভ হয় ৷ হুৰুম বাচোতে মোক দিয়া কথা আইতাই ৰাখে ৷ এনেকৈ সৰুতে প্রতিজনী পেহীৰ ঘৰলৈ আইতাৰ লগত কিমানবাৰ যে গৈছিলোঁ হিচাপ নাই ৷ ডিব্রুগড়, যোৰহাট, মঙলদৈ, গুৱাহাটী যলৈকে পেহীকেহজনীক বিয়া দিয়া গৈছিল তলৈকে আহতাৰ লগত বিহুৰ বন্ধ, গৰম বন্ধ, পূজাৰ বন্ধত গুচি গৈছিলোঁ ৷ খুব স্ফূর্তি কৰিছিলোঁ ৷ সেইবোৰ দিনত মনে মনে ভাবিছিলোঁ গাঁৱৰ ৰদ–বৰষুণ, বোকা–পানীৰ জীৱনতকৈ চহৰৰ এনে আৰামী জীৱনেহ দেখোন ভাল ৷ মোৰ দৰে খেতিয়ক পিতৃয়েও হয়তো কোনোবা ভাগৰুৱা মুহূর্তত ঈশ্বৰক প্রার্থনা কৰিছিল তেওঁৰ দৰে ৰদে পোৰা দেহা যাতে এটা সন্তানৰো নহওক ৷

পৰৱর্তী সময়ত সেয়াই হৈছিল ৷ মা–দেউতাৰ চাৰিটা সন্তানৰ এটায়ো পথৰুৱা মাটিৰ চাৰিসীমা চিনি নোপোৱা হৈ পৰিলোঁ ৷ সমস্ত খেতি–মাটি বন্ধকত দি বছৰটোলৈ ভাতমুঠিৰ চিন্তা নোহোৱাৰ উপায় উলিয়াই লৈ দেউতাৰ দুই পুত্রই ৰদৰ তাপৰ পৰা ৰক্ষা পৰিল ৷ আৰু আমি জী দুজনীও সেই বোকাপানীৰ পৰা সাত হাত দূৰৈত ৰলোঁহি ৷ চহৰৰ আৰামী জীৱনত অভ্যস্ত হৈ পৰিলোঁ ৷ এতিয়া প্রতিটো বিহুতে সংগোপনে নিগৰে এটুপি চকুলো ৷ নষ্টালজিক অনুভৱেৰে সিক্ত হিয়াখন লৈ বজাৰ অভিমুখী হওঁ দুটামান পিঠা–পনা কিনি অনাৰ মানসেৰে ৷ বাৰে বাৰে কাণত বজি উঠে আইতাৰ কথাষাৰ খাই ল, মই থকালৈকে খাই ল এদিন কান্দিবি আইতাও নোহোৱা হল, পিঠা–পনাও হেৰাই গল, জা–জলপানো মলঙি গল বুলি ৷ এতিয়া ভাবোঁ, এৰা আইতাই ঠিকেই কৈছিল ৷

ফোন : ৯৪৩৫৭-০৪৮৯৫

You might also like
Leave A Reply

Your email address will not be published.