চীন ভ্রমণৰ কিছু ৰেঙনি

ড: হৰিশংকৰ কাকতী

২০১৭ চনৰ এপ্রিল মাহত আমাৰ ৩২জনীয়া শৈক্ষিক দলটোৰ চীন ভ্রমণৰ সময়ত দুখন বিখ্যাত চহৰ অন্তর্ভুক্ত কৰা হৈছিল ৷ ইয়াৰে এখন আছিল কুনমিং আৰু আনখন বেহজিং ৷ আমি কুনমিং আৰু বেইজিঙত থকা দিনকেহটাত বিভিন্ন ঠাইলৈ গৈছিলোঁ যদিও মহ ইয়াত মাত্র দুয়োখন ঠাইৰ দুটা বিশেষ পর্যটন স্থলীৰ বিষয়েহে বর্ণনা কৰিম ৷

কুনমিঙত প্রথম দিনা আমাৰ নির্দিষ্ট গন্তব্যস্থলীসমূহ গাইড লিজাৰ লগত সুকলমে দর্শন কৰাৰ পিছত দ্বিতীয় দিনা পুৱা আমি গাইডৰ লগত ওলালোঁ বিখ্যাত ডউনান(Daunan) ফুলৰ বজাৰলৈ ৷ বাছেৰে যাওঁতে লক্ষ্য কৰিছিলোঁ সুউচ্চ অট্টালিকাৰ শাৰীবোৰ ৷ ইমান ওখ যে ওপৰলৈ চালে মূৰটো বেঁকা হৈ যোৱা যেন লাগে ৷ গাইডৰ মুখত শুনিলোঁ এই সুউচ্চ অট্টালিকাবোৰ আধুনিক আৰু উন্নত প্রযুক্তিবিদ্যাৰে নির্মাণ কৰা হয় ৷ সময়ো লাগে কম৷ গোটেই চহৰখনৰ ৰাস্তা–ঘাটবোৰ বেছ আহল–বহল, মসৃণ, কতো  কাগজৰ টুকুৰাও পৰি থকা দেখা নাপালোঁ ৷ প্রতিটো ৰাস্তা, ফুটপাথ, ৰাজহুৱা স্থান, দেৱালবোৰত কতো সামান্য দাগ এটাও নেদেখিলোঁ ৷ চীনৰ ৰাজপথত বিজ্ঞাপন, পোষ্টাৰ, বেনাৰ আদি চকুত নপৰিল ৷ জনসমাগম হৈ থকা অঞ্চলবোৰো চকুত লগাকৈ পৰিষ্কাৰ–পৰিচ্ছন্ন৷ প্রায় আধা কিঃমিঃ দূৰে দূৰে হউনিফর্ম পৰিহিত একোজন চাফাহ কর্মী অনবৰতে সষ্টম হৈ থাকে৷ ক্রেনজাতীয় বাহন এখনৰ তলৰ অংশত থকা মার্বল পলিচ কৰা মেচিনৰ নিচিনা ডাঙৰ গোলাকাৰ প্লেট এখনেৰে ৰাস্তাৰ পানী বা অন্যান্য লেতেৰাবোৰ পৰিষ্কাৰ কৰি থকা দেখিলোঁ৷ চীন চৰকাৰৰ পৰিষ্কাৰ–পৰিচ্ছন্ন বজাহ ৰাখিবলৈ লোৱা এই ব্যৱস্থাবোৰ সঁচাহ প্রশংসনীয়৷ প্রায়বোৰ মহানগৰৰে স্বচ্ছতা, সৌন্দর্য আৰু ইয়াৰ প্রাকৃতিক পৰিৱেশ সুন্দৰকৈ বজাহ ৰাখিবলৈ চীন চৰকাৰে অকণো কৃপণালি নকৰা কথাটো গাইড লিজাই আমাক কৈছিল৷ ৰাস্তাৰ মাজত থকা ডিভাইডাৰবোৰত ধুনীয়া ধুনীয়া বতৰৰ ফুল ৰোৱা আছে, মাটি বুলিবলৈ নায়েই ৷ এহ চহৰখন যে নতুনকৈ নির্মাণ কৰা হৈছে, বেছি দিনৰ পুৰণি নহয়, দেখিলৈই বুজিব পাৰি ৷ ডউনান প্রদেশৰ যোগাযোগ, শিক্ষা, বাণিজ্য, সাংস্কৃতিক, ৰাজনৈতিক আৰু অর্থনৈতিক ব্যৱস্থাৰ প্রাণকেন্দ্র এহ কুনমিং ৷ বাছখন আহি আহি আমাৰ প্রথম গন্তব্যস্থলী বিখ্যাত ডউনান ফুলৰ বজাৰৰ সন্মুখতে ৰল ৷

কুনমিং চহৰৰ পৰা ১৮ মাহল দূৰত অৱস্থিত ডউনান নামৰ ঠাহখনতেহ এহ ফুলৰ বজাৰখন ৷ ঠাইখনৰ জলবায়ু আৰু ভৌগোলিক পৰিৱেশ ফুলৰ খেতিৰ বাবে অনুকূল হোৱাৰ বাবেই এছিয়া মহাদেশৰ ভিতৰতে ফুলৰ সর্ববৃহৎ খুচুৰা আৰু পাইকাৰী বজাৰ হিচাপে পৰিগণিত হৈছে ৷ প্রায় ৮ বর্গকিলোমিটাৰ এলেকা আগুৰি থকা এহ বজাৰখন ভ্রমণৰ উপযুক্ত সময় মার্চৰ পৰা অক্টোবৰ মাহলৈকে৷ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে খুচুৰা আৰু ৰাতি ৮ বজাৰ পৰা ২ বজালৈকে পাইকাৰী বিক্রী চলি থাকে৷ বজাৰখনত প্রায় ৩০০ বিধমান বিভিন্ন প্রজাতিৰ ফুল দেখিবলৈ পোৱা যায়৷ ৰং–বিৰঙৰ ফুলেৰে ভৰি থকা এহ বজাৰখনৰ মোহনীয় ৰূপ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি ৷ প্রায় ৫০০খনমান ফুলৰ দোকান থকা প্রকাণ্ড পাঁচ মহলীয়া এহ বজাৰখনত ফুলৰ উপৰি স্থানীয় খাদ্যৰ ৰেষ্টুৰেণ্ট, মেহগনি কাঠৰ বহুমূলীয়া আচবাব, আর্ট মিউজিয়াম, একুৱেটিক শ্ব আদি বিভিন্ন মহলাবোৰত দেখিবলৈ পোৱা যায় ৷ অর্থাৎ বিনোদনৰ অন্যান্য সুবিধাও ইয়াত উপলব্ধ৷ চীনৰ বিভিন্ন প্রান্তত থকা ফুলৰ বজাৰসমূহৰ তুলনাত ডউনানৰ বজাৰখনত ফুলৰ দাম তুলনামূলকভাৱে কম ৷ চীনৰ ১০খন ঘৰুৱা চহৰৰ উপৰি জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড আদি বিভিন্ন দেশলৈ ইয়াৰ পৰা বিভিন্ন প্রজাতিৰ ফুল ৰপ্তানি হয় ৷ শুকান ফুল, সতেজ ফুল, ডাঙৰ ডাঙৰ ৰং–বিৰঙৰ ফুলৰ তোৰা, ফুলৰ পুলি, অর্কিড ফুলৰ গুটিৰে পূর্ণ এহ বজাৰখন ৷ Yunan Airlinesকে আদি কৰি ২০টা ডাঙৰ ডাঙৰ ব্যৱসায়িক প্রতিষ্ঠানেও হয়াৰ পৰা কেইবা নিযুত ফুল বিমানেৰে দেশৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই নিয়ে ৷ ইয়াৰ উপৰি জীৱন্ত কাছৰ পোৱালি, ৰং–বিৰঙৰ মাছৰ পোৱালি, বিভিন্ন প্রকাৰৰ শিল আদিও তাত দেখিলোঁ৷ দিনে প্রায় ১০ হাজাৰ পর্যটকে এহ ফুলৰ বজাৰখনত প্রৱেশ কৰে ৷ প্রৱেশ মাচুল বিনামূলীয়া ৷ পৰিবহণৰ অসুবিধা হব বুলি ভাবি হচ্ছা থকা সত্ত্বেও কিনিব নোৱাৰিলোঁ ৷ তাতে আকৌ আমাৰ জলবায়ুৰ লগত খাপ খায়নে নাখায় সেই কথাও নিশ্চিত হব নোৱাৰিলোঁ ৷ এইবোৰ কথা সুধিবলৈও অসুবিধা ৷ দুই এগৰাকী কর্মচাৰী আছে যদিও তেওঁলোকে চাইনিজ ভাষাৰ বাহিৰে অন্য ভাষা বুজি নাপায়৷ গাইডজনী আছে যদিও অকলশৰীয়া বাবে সকলোকে সংগ দিব পৰা নাই ৷ অৱশ্যে আমাৰ লগৰ দুই–এজনে ফুলৰ গুটি, কাছৰ পোৱালি আদি সংগ্রহ কৰিলে ৷

প্রায় দুঘণ্টা তাত কটাই আমি আমাৰ অন্যান্য গন্তব্যস্থলীসমূহল্ যাত্রা কৰিলোঁ ৷ ওলাই অহাৰ সময়ত প্রখ্যাত আমেৰিকান সাহিত্যিক হেলেন কেলাৰৰ ফুলৰ বিষয়ে বর্ণনা কৰা এটি উক্তিলৈ মনত পৰিল“Love is like a beautiful flower which I may not touch, but whose fragrance makes the garden a place of delight just the same”

পিছদিনা আগবেলা কুনমিঙৰ বিখ্যাত শিলৰ হাবি দর্শনৰ পিছত বিমানযোগে কুনমিং বিমানবন্দৰৰ পৰা আবেলি চাৰে তিনি ঘণ্টা যাত্রাৰ অন্তত সন্ধিয়া চাৰে সাত মান বজাত বেহজিং আন্তর্জাতিক বিমানবন্দৰত উপস্থিত   হওঁ ৷ তাত আমাৰ স্থানীয় গাইড মিষ্টাৰ পিটাৰে সকলোকে আদৰণি জনায় ৷ পিটাৰে আমাক ২৩ মহলীয়া Hotel Long Ding Hua লৈ ডাঙৰ বাছ এখনত লৈ গল ৷ যোৱাৰ পথত এখন ভাৰতীয় ৰেষ্টুৰেণ্টুত ৰাতিৰ আহাৰ গ্রহণ কৰিলোঁ ৷ চীনত থকা দিনকেইটাত আমাক গাইডে পৰাপক্ষত ভাৰতীয় ৰেষ্টুৰেণ্টতে দিন আৰু নিশাৰ আহাৰ খোৱাৰ ব্যৱস্থা কৰিছিল৷ মাত্র প্রথম দিনা গাইডৰ অনুপস্থিতিৰ বাবে নিশাৰ আহাৰ খোৱাৰ তিক্ত অভিজ্ঞতাৰ কথা আজিও পাহৰিব নোৱাৰিম ৷ সি যি কি নহওক সেইদিনাৰ  নিশাটো হোটেলতে জিৰণি ললোঁ ৷ হোটেলখন আছিল ২৩ মহলীয়া৷ আমি দুজনে দুজনীয়া কোঠা এটিত আছিলোঁ ৷ হোটেলৰ খিৰিকীৰে বেহজিঙৰ নিশাৰ সৌন্দর্য উপভোগ কৰি অভিভূত হৈ পৰিছিলোঁ ৷ এহখিনিতে উল্লেখ কৰা ভাল হব যে চীনৰ দুয়োখন মহানগৰীতে সুউচ্চ অট্টালিকাসমূহত দেখিছিলোঁ,  নিশা প্রায় দহ বজাৰ পিছত কিছুমান কোঠা অন্ধকাৰ হৈ থাকে ৷ অলাগতিয়াল লাহটবোৰ বন্ধ কৰি থয় ৷ পিছত এই বিষয়ে আমি গাইডক সোধাত তেওঁ কলে যে এই বিষয়ত চীন চৰকাৰৰ কাঢ়া নির্দেশ দিয়া আছে ৷ গতিকে সচেতন জনসাধাৰণেও চৰকাৰৰ নির্দেশ মানি অলাগতিয়াল লাইটবোৰ বন্ধ কৰি থয় ৷ তেওঁলোকে বিদ্যুতৰ কেতিয়াও অপচয় নকৰে ৷ হোটেলবোৰতো দেখিলোঁ বাতানুকূল যন্ত্রসমূহৰ উষতা নির্ধাৰণ কৰি থোৱা আছে ৷ আমি তাত থকা সময়ছোৱাত চীনৰ জলবায়ু নাতিশীতোষ্ণ আছিল ৷ সেইবাবেই হয়তো বাতানুকূল যন্ত্রসমূহৰ পৰা যাতে বেছি ঠাণ্ডা বতাহ ওলাব নোৱাৰে, তাৰ বাবেহ এই ব্যৱস্থা ৷

পিছদিনা পুৱাৰ আহাৰ হোটেলতে গ্রহণ কৰি আমি প্রথমেই ৰাওনা হলোঁ বিখ্যাত চীনৰ প্রাচীৰলৈ ৷ কিছুসময় তাত কটোৱাৰ পিছত আমি ৰাওনা হলোঁ বেহজিঙৰ ৰাষ্ট্রীয় অলিম্পিক ষ্টেডিয়ামলৈ ৷

আমাৰ গাড়ীখন গৈ অলিম্পিক পার্কৰ কাষতে উপস্থিত হল ৷ তাৰ পৰা আমি আটায়ে খোজ কাঢ়ি ষ্টেডিয়ামলৈ ৰাওনা হলোঁ ৷ বাহিৰৰ পৰা দেখিলে ষ্টেডিয়ামখন বিয়াগোম চৰাহৰ বাহ এটাৰ দৰে লাগে ৷ সেই কাৰণে ইয়াৰ আন এটা নাম বার্ডছ নে’ (Bird’s Nest)৷ ইয়াতেহ ২০০৮ চনৰ গ্রীষ্মকালীন অলিম্পিক অতি সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ প্রায় ৪২০ নিযুত আমেৰিকান ডলাৰ খৰচেৰে নির্মিত ২০০৩ চনৰ মার্চ মাহত আৰম্ভ কৰা এহ ষ্টেডিয়ামখন ২০০৮ চনৰ ২৮ জুনত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল ৷ ষ্টীলেৰে নির্মিত ইয়াৰ নির্মাণ শৈলী দেখিলে আধুনিক আভিযান্ত্রিক বিস্ময় যেনেই লাগে ৷ ইয়াক প্রিটজাৰ–পুৰস্কাৰ বিজয়ী ছুইছ স্থপতিবিদ জেকুইচ হাৰজগ আৰু পিয়েৰে ডি মিউৰনে শিল্পী পৰামর্শদাতা আই ৱেহৱেহৰ সৈতে ডিজাহন কৰিছিল, যিটো মুখ্য স্থপতিবিদ লি জিংগাঙৰ দ্বাৰা নেতৃত্ব দিয়া হৈছিল ৷ ষ্টীলেৰে নির্মিত এহ ষ্টেডিয়ামখন বিশ্বৰ ভিতৰতে বৃহত্তম ষ্টীলৰ গাঁথনি ৷ ৫০ ফুট দূৰত্বত দুটি স্বতন্ত্র গাঁথনিত বিভক্ত এহ ষ্টেডিয়ামখন ২৬ মাহল দৈর্ঘ্যৰunwrapped ষ্টীলেৰে গঠিত৷ হ বিশ্বৰ আটাইতকৈ শক্তি দক্ষতা থকা আৰু পৰিৱেশ ৰক্ষাকাৰী ষ্টেডিয়াম হিচাপে প্রখ্যাত ৷ নির্মাণত ব্যৱহৃত  সকলো ১২১০০০ টন ষ্টীল চীনত তৈয়াৰ কৰা হৈছিল ৷ ২০০৮ চনৰ ১৪ মেত মাত্র ২৪ ঘণ্ঢাত ৭৮১১ বর্গমিটাৰ ঘাঁই পথৰ স্থাপন কৰি অভিযন্তাসকলৰ নিপুণ কর্মদক্ষতাকে প্রতিপন্ন কৰিছিল ৷ ই উত্তৰৰ পৰা দক্ষিণলৈ ৩৩৩ মিটাৰ ৰ,০৯২ ফুট দীঘল, পূবৰ পৰা পশ্চিমলৈ ২৯৪ মিটাৰ (৯৬৫ ফুট বহল, আৰু সর্বোচ্চ বিন্দু হৈছে ৬৮.৫ মিটাৰ (২২৫ ফুট৷ বার্ডছ নেষ্ট, চীনক ৮.০ প্রাবল্যৰ ভূমিকম্প প্রতিহত কৰিবলৈ সক্ষম কৰাৰ বাবে প্রস্তুত কৰা হৈছিল, যি চীনা চৰকাৰৰ দ্বাৰা এক বাধ্যতামূলক প্রয়োজনীয়তা ৷ যিহেতু চীনত ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, ভূমিকম্পৰ সন্মুখীন হবলৈ চালখন বাটি আকৃতিৰ বহা ঠাইৰ পৰা পৃথক কৰা হৈছিল ৷ ষ্টেডিয়ামখনৰ নির্মাণত দর্শকৰ সুৰক্ষা, আৰাম আৰু সর্বশ্রেষ্ঠ দৃশ্যমানতাৰ দিশবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল ৷ আৰম্ভণিতে দর্শকৰ বাবে এক লাখ আসন নির্ধাৰণ কৰা হৈছিল যদিও পিছলৈ ষ্টেডিয়ামৰ আন্তঃগাঁথনি সৰলীকৰণৰ কাৰণে ৯ হাজাৰ কমাই ৯১ হাজাৰলৈ সীমিত কৰা হয় ৷ অলিম্পিক অনুষ্ঠিত হোৱাৰ পিছত ইয়াৰে অস্থায়ী ১১ হাজাৰ আসন কমোৱাৰ পিছত বর্তমান আসনৰ সংখ্যা ৮০ হাজাৰতে সীমাবদ্ধ কৰি ৰখা হৈছে ৷

ষ্টেডিয়ামৰ কাষত এক বিশাল মুকলি ঠাই ৷ বিমানবন্দৰৰ ৰানৱেৰ নিচিনা, ইমূৰৰ পৰা সিমূৰ নেদেখি ৷ বিভিন্ন দেশৰ পৰা অহা শত সহস্র পর্যটকে ঘূৰি ফুৰি ষ্টেডিয়ামৰ সৌন্দর্য উপভোগ কৰাত ব্যস্ত৷ ঠাইবোৰৰ চাফ–চিকুণতাই মুকলি ঠাইখিনিৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰিছে ৷ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি৷ চাফাহ কর্মীবোৰ অনবৰতে সষ্টম হৈ থাকে ৷ এঠাইত দেখিলোঁ কোনোবা পর্যটকে পেলোৱা কাগজৰ টুকুৰা এটা বুটলিবলৈ চকুৰ পচাৰতে কৰ পৰা জানো এখন সৰু ইলেকড্রনিক কাৰ এখন আহি ওলাল, আৰু লগে লগে আৰু চলন্ত অৱস্থাতে এজন কর্মীয়ে হাতত থকা বিশেষভাৱে নির্মিত লাঠী(Stick) এডালেৰে কাগজৰ টুকুৰাটো উঠাই লৈ গল ৷ তেওঁলোকৰ চাফ–চিকুণতাৰ সজাগতা দেখি আচৰিত নহৈ নোৱাৰিলোঁ৷ ওচৰতে থকা অলিম্পিক শিখা লৈ খেলুৱৈসকল দৌৰাৰ বিশেষ ধুনীয়া ৰংচঙীয়া প্রতীকীটো দেখুৱাবলৈ আমাক গাইডে লৈ গল ৷

ষ্টেডিয়ামৰ কাষত নতুনকৈ তৈয়াৰ কৰা ৰাস্তাবোৰৰ মাজে মাজে থকা বহল বহল ডিভাহডাৰৰ মাজত দেখিলোঁ, বর্গক্ষেত্রাকাৰ ঠাই এটুকুৰাত সমবয়সৰ আৰু সমান উচ্চতাৰ প্রায় ৮-১০ ফুট গছ তিনি–চাৰি ফুট ব্যাসৰ মাটি আৰু শিপাৰ সৈতে গুৰিটো খান্দি আনি ৰোৱা হয় ৷ স্বাস্থ্যৱান এই গছবোৰ ৰোৱাৰ পিছত হয়াৰ ডাল–পাতবোৰ চুটিকৈ কাটি পেলোৱা হয়, যাতে গছজোপা বতাহত লৰচৰ কৰিব নোৱাৰে আৰু শিপাবোৰ সহজে মাটিত খামুচি ধৰিব পাৰে ৷ তদুপৰি গছজোপা লৰচৰ কৰিব নোৱাৰাকৈ চাৰিডাল লোৰ পাহপৰ এটি ফ্রেমেৰে বান্ধি ৰখা হয়৷ ইয়াৰ উপৰি গছজোপাৰ গুৰিৰ কাষত এডাল পানীৰ পাহপ সংযোগ কৰা আছে, যাৰ সহায়ত গুৰিত সময়ে সময়ে পানীৰ যোগান ধৰা হয় ৷ গছ সংৰক্ষণৰ বাবে চীন চৰকাৰৰ বন বিভাগৰ এনেকুৱা প্রশংসনীয় পদক্ষেপ দেখি সঁচাকৈ অভিভূত হলোঁ ৷

চৌহদত থকা সৰু সৰু বিপণীসমূহৰ পৰা দুহ–এপদ বস্তু স্মৃতিচিহ্ণ হিচাপে সংগ্রহ কৰিলোঁ৷ অৱশ্যে আমাৰ হয়াৰ নিচিনা একেবোৰ বস্তু বিভিন্ন পর্যটনস্থলীসমূহ পোৱা যায়৷ দামৰ কিন্তু তাৰতম্য দেখিলোঁ৷ প্রায় দুঘণ্টা তাত কটাই আমি আমাৰ পিছৰ গন্তব্যস্থলীসমূহ টিয়ানানমেন স্কোৱেৰ, নিষিদ্ধ নগৰ আৰু জাতীয় সংগ্রহালয় চাবলৈ ৰাওনা হলোঁ ৷

বেহজিং মহানগৰীত দুদিন কটাই ১৭ এপ্রিলৰ আবেলি আমি বেহজিং আন্তর্জাতিক বিমানবন্দৰলৈ ৰাওনা হলোঁ আমাৰ ওভতনি যাত্রাৰ বাবে৷ এহ দুদিনত আমাৰ লগত অনবৰতে লাগি থকা গাইড মিষ্টাৰ পিটাৰেও আমাৰ লগত বিমানবন্দৰলৈ ৰাওনা হল আমাক বিদায় জনাবলৈ ৷ আমাৰ সকলোৰে আপোন হৈ পৰা পিটাৰৰ লগত বিমানবন্দৰৰ ভিতৰত কেহখনমান ফটোও উঠিলোঁ ৷ ভ্রমণৰ আৰম্ভণিতে দুহ–এটা চাইনীজ ভাষাৰ শব্দ শিকিছিলোঁ যদিও পিছলৈ পাহৰিলোঁ ৷ আমি কুনমিঙত থাকোঁতে এদিন Yunan Minzu University ত চাইনীজ ভাষাৰ সাধাৰণ ক্লাছ এটিও লৈছিল ৷ তাত কিছুমান লিপি আৰু দৈনন্দিন জীৱনত ব্যৱহূত শব্দ কিছুমানৰ বিষয়ে কৈছিল৷ একান্ত বাধ্য ছাত্রৰ দৰে সৰু ছোৱালী এজনীয়ে দিয়া পাঠ শুনি দুহ এটা শব্দ লিপিবদ্ধ কৰিও আনিছিলোঁ৷ যি নহওক পিটাৰক জি–জি–নি (Xie-xie-ni) অর্থাৎThank you কবলৈ নাপাহৰিলোঁ ৷ এই দুদিনত আমাৰ লগত সম্পূর্ণ সহযোগিতা আগবঢ়াই আমাৰ অতিকৈ আপোন হৈ পৰা পিটাৰে আমাক আকৌ চীনলৈ আমন্ত্রণ জনালে ৷ পিছে তেওঁৰ সেহ অনুৰোধ ৰক্ষা কৰিব পাৰোঁনে নাই সেয়া সময়েহে কব ৷  আমাৰ সকলোকে পিটাৰে বিদায় দিয়া মুহূর্তত যথেষ্ট আৱেগিক হৈ চীনা ভাষাত কলে জেহ জিয়ান(Zai Jian)– অর্থাৎ বিদায় ৷

আমিও কলো ৱ আহ নী পিটাৰ– জেই জিয়ান (Wo ai ni Peter, Zai Zian)– তোমাক বৰ ভাল লাগিল পিটাৰ, বিদায় ৷

মাও জে ডঙৰ দেশ চীনলৈ যোৱাৰ আগতে চীনৰ বিষয়ে যি ধাৰণা এটা মনত লৈ গৈছিলোঁ, তাত উপস্থিত হোৱাৰ পিছত সকলো সলনি হৈ গল ৷ তাত এখন ওলোটা প্রতিচ্ছবিহে চকুত পৰিল ৷ সাধাৰণ মানুহবোৰে ভাৰতীয় মানুহক বৰ আদৰ–সাদৰেৰে সম্ভাষণ জনায় ৷ আমি কুনমিং আৰু বেইজিঙৰ বিশ্ববিদ্যালয়সমূহ ভ্রমণ কৰোঁতে অধ্যাপক আৰু ছাত্র–ছাত্রীসকলে  আমাৰ প্রতি দেখুওৱা আদৰ–আপ্যায়নত আমি সঁচাকৈয়ে অভিভূত হৈ পৰিছিলোঁ ৷ আমাতকৈও দুবছৰৰো অধিক কাল পিছত স্বাধীনতা পোৱা দেশখনে ইমান কম সময়ৰ ভিতৰত কেনেকৈ ইমান উন্নতিৰ শিখৰলৈ উঠি গল ভাবিলে আচৰিত লাগে ৷ শুনিছোঁ হউৰোপৰ দেশসমূহত কৈও বহু ওপৰলৈ গুচি গল চীন ৷ এহবোৰ সম্ভৱ হৈছে চীন চৰকাৰৰ কিছুমান সুদৃ নীতি আৰু জনসাধাৰণৰ কর্মস্পৃহাৰ বাবে ৷ সিহঁতৰ পৰা শিকিবলগীয়া বহুতো আছে আমাৰ বাবে ৷

ফোন ঃ ৯৪৩৫১-৪১৭২১

You might also like
Leave A Reply

Your email address will not be published.