বিশ্ব ৰেডিঅ’ দিৱস

46

আজি বিশ্ব ৰেডিঅ’ দিৱস

অডিঅ’ মাধ্যমৰ শক্তিৰ বিষয়ে সজাগতা বিয়পাবলৈ প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস পালন কৰা হয়।

ডিজিটেল জগতলৈ ৰেডিঅ’ৰ ৰূপান্তৰক খাপ খুৱাবলৈ আৰু এখন অধিক সংযুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তুলিবলৈ এই দিৱস পালন কৰা হয়। বছৰ বছৰ ধৰি ৰেডিঅ’ বিশ্বৰ মানুহৰ বাবে তথ্য, মনোৰঞ্জন আৰু সুবিধাৰ উৎস হৈ আহিছে। ৰেডিঅ’ হৈছে অন্যতম ব্যাপক আৰু সুলভ সংবাদ মাধ্যম, আৰু ডিজিটেল যুগতো ইয়াৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে।

ৰেডিঅ’ দিৱস কেতিয়া আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰা হয়?

বিশ্ব ৰেডিঅ’ দিৱস ঘোষণা কৰাৰ প্ৰস্তাৱটো ২০ ছেপ্টেম্বৰ ২০১০ তাৰিখে স্পেনিছ ৰেডিঅ’ একাডেমীয়ে ইউনেস্কোৰ ব’ৰ্ডৰ (UNESCO BOARD) সদস্য সকলৰ ওচৰত দাখিল কৰিছিল। সেই মৰ্মে ২০১১ চনৰ নৱেম্বৰত মাহত ইউনেস্কোৰ সকলো সদস্যই এই অনুৰোধ স্বীকাৰ কৰে।

১৯৪৬ চনৰ ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সংশ্লিষ্ট দেশসমূহৰ কাম-কাজ সম্পৰ্কীয় দৈনিক বাতৰি আৰু কাহিনী সম্প্ৰচাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ ৰেডিঅ’ আৰম্ভ কৰা হৈছিল। সেয়েহে প্ৰতিষ্ঠাৰ বাৰ্ষিকী উদযাপনৰ উদ্দেশ্যে ১৩ ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব ৰেডিঅ’ দিৱস পালন কৰাৰ দিন হিচাপে নিৰ্বাচিত কৰা হৈছিল।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.