পানীৰ চহৰ ভেনিছত এভুমুকি

30

ড° হৰিশংকৰ কাকতী
অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মির্জা

২২ মে’ ২০২৪ চন। আগদিনা ফ্লোৰেন্স নগৰ আৰু পিছাৰ হেলনীয়া স্তম্ভ দৰ্শন কৰাৰ পিছত আজি আমাৰ গন্তব্যস্থান আছিল পৃথিৱী বিখ্যাত ভেনিছ চহৰলৈ। পুৱা হোটেলতে ব্ৰেকফাষ্ট খোৱাৰ পিছত আমাৰ যাত্ৰা আৰম্ভ হৈছিল ঠিক ৮ বজাত। দূৰত্ব প্রায় ৩১০ কিঃমিঃ। সময় লাগে প্রায় ৪ ঘণ্টা। আমাৰ যাত্রাপথ আছিল এপেনিন্ পৰ্বত আৰু পো উপত্যকাৰ মাজেৰে । এপেনিন্ হৈছে প্রায় ১২০০ কিঃমিঃ দীঘল পর্বতমালা যি ইটালীৰ ভৌতিক মেৰুদণ্ড। এই বিস্তৃত পৰ্বতৰ শৃংখলটো উত্তৰ, মধ্য আৰু দক্ষিণ অংশত বিভক্ত। পর্বতমালাৰ এই পৰিসৰত বিভিন্ন ধৰণৰ ভূ-প্রকৃতি আৰু পৰিৱেশতন্ত্ৰ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ভিতৰত উত্তৰ এপেনিনৰ গুহা আৰু মধ্য এপেনিনৰ অৰণ্য। এপেনিনৰ পাহাৰীয়া অৰণ্যত বিলুপ্ত প্রায় মাচিকান মুগা ৰঙৰ ভালুক আৰু ইটালিয়ান কুকুৰনেচীয়া বাঘকে ধৰি বিভিন্ন স্থানীয় প্ৰজাতিৰ প্ৰাণী আছে। এই অঞ্চলটোৱে ইটালীৰ সংস্কৃতিৰ এক বিশ্বাসযোগ্য নিদর্শন উপস্থাপন কৰে। লগতে টটেলী (পাষ্টাজাতীয়), পলেণ্টা (মাকৈৰে তৈয়াৰ কৰা খাদ্য) আৰু গাঁৱলীয়া অষ্টেৰিয়াৰ দৰে খাদ্যৰ বাবেও অঞ্চলটো বিখ্যাত।

আমাৰ বাছখন এপেনিন্ পর্বতমালাৰ মাজে মাজে গৈ আছিল। বাছৰ পৰাই ইয়াৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিলোঁ। চাৰিওফালৰ প্ৰকৃতিৰ এই বৰদান সঁচাই অতুলনীয়। বাছত গৈ থাকোঁতে মোৰ ল’ৰাৰ লগত ফোনত এই মনোমোহা দৃশ্যৰাজিৰ বিষয়ে কৈ গৈ থাকোঁতে সি তাৰ অভিজ্ঞতাৰ পৰা কৈছিল যে ছুইজাৰলেণ্ডৰ প্ৰাকৃতিক দৃশ্যাৱলী ইয়াতকৈও মনোৰম। মনতে সান্ত্বনা লভিলো যে ছুইজাৰলেণ্ডো আমাৰ ভ্ৰমণসূচীত আছে।

এপেনিন্ পর্বতমালাৰ মাজেৰে বাছখন পাৰ হৈ এইবাৰ আমাৰ যাত্ৰা আৰম্ভ হ’ল পো উপত্যকাৰ মাজেৰে। ই উত্তৰ ইটালীৰ এটা প্ৰধান ভৌগোলিক অঞ্চল। পশ্চিম আল্পচৰ পৰা এড্রিয়াটিক সাগৰলৈকে বিস্তৃত এই অঞ্চলটোৰ জনসংখ্যা প্রায় ১ কোটি ৭০ লাখ যিটো ইটালীৰ জনসংখ্যাৰ এক তৃতীয়াংশ। গাইড ইভাই এই উপত্যকাটোৰ বিশেষত্বৰ বিষয়ে কৈ গৈছিল। উপত্যকাটোৰ ওপৰৰ শুকান অংশ কৃষিৰ বাবে বিশেষ উপযোগী নহয়। অৱশ্যে তলৰ অংশটো অতি উৰ্বৰ আৰু ভালদৰে জলসিঞ্চনৰ ব্যৱস্থা থকা অংশ, যাক লম্বাৰ্ডি আৰু লাভাছা নামেৰে জনা যায়। প্রায় দুঘণ্টা মান যোৱাৰ পিছত আমাৰ বাছখন মূল পথৰ কাষৰে এঠাইত সোমাই গ’ল, য’ত আছে এখন ডিপাৰ্টমেণ্টেল ষ্টোৰ। বাছৰ পৰা নামি আটায়ে তালৈ গৈ টিকট কাটি টয়লেটলৈ গৈ কামফেৰা সম্পন্ন কৰিলোঁ। লঘু আহাৰৰ সৈতে কফি একাপ খাই প্রায় ২০ মিনিট মান পিছত আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল ভেনিছ অভিমুখে।

ভেনিছ চহৰৰ ঐতিহাসিক কেন্দ্র গঠন কৰা দ্বীপসমূহক ইটালীৰ মূল ভূ-খণ্ডৰ লগত চ্ছু কিঃমিঃ দৈৰ্ঘ্যৰ ৰে’ল আৰু মটৰ গাড়ী চলা দলং এখনেৰে সংযুক্ত। এড্রিয়াটিক সাগৰৰ ওপৰত এই সংযোগী পথ-দলংখনক ‘পন্টে-ডেলী- লিবার্টিয়া’ বা ‘লিবাটী দলং” বুলি কয়। পথটোৰ কাষত চাইকেল পথো আছে। দুয়ো ফালে এড্রিয়াটিক সাগৰ । এই দলংখনেৰে আমাৰ বাছখন কিছুদূৰ যোৱাৰ পিছত ট্ৰনছেটো নামৰ এটি কৃত্রিম দ্বীপত উপস্থিত হ’ল। এই কৃত্রিম দ্বীপটো উত্তৰ ইটালীৰ ভেনিছ উপহৃদ এটা কৃত্রিম দ্বীপ, যিটো মূল ভেনিছৰ দ্বীপৰ আটাইতকৈ পশ্চিম প্ৰান্তত অৱস্থিত। কিছুদূৰ যোৱাৰ পিছত আমাৰ বাছখন দ্বীপটোৰ বাছ ৰখা ঠাইত ৰৈ গ’ল। ইয়াৰ পৰাই আমি মূল ভেনিছ চহৰলৈ ফ্ৰেীৰে যাব লাগিব। আমাৰ ফেৰীখনে য’ৰ পৰা যাত্ৰা কৰিব সেইটোৱেই হ’ল ভেনিছ বন্দৰ। ই উত্তৰ ইটালীৰ এড্রিয়াটিক সাগৰত অৱস্থিত। ক্রুজ, জাহাজ আৰু মাল পৰিবহণৰ বাবে ই এক উল্লেখযোগ্য হাব হিচাপে কাম কৰে। ঐতিহাসিক চহৰ ভেনিছ ভ্রমণ কৰা পৰ্যটকৰ বাবে এই বন্দৰটোৱে মুখ্য ভূমিকা পালন কৰে। কাৰণ সকলো পৰ্যটকে এই বন্দৰটোৰ পৰাই ভেনিছ চহৰলৈ যাত্ৰা কৰে।

প্রায় ১১.৪৫ বজাত এখন ফেৰীৰে আমাৰ যাত্ৰা আৰম্ভ হ’ল ভেনিছৰ মূল দ্বীপটোলৈ। ফ্ৰেীখনৰ ওপৰৰ খোলা অংশত বহাৰ পিছত জিউডেকা নামৰ ডাঙৰ কেনেলটোৱেদি আমাৰ ফেৰীখন আগবাঢ়িল। কেনেলটোৰ দুয়ো পাৰে এক বৃহৎ আৱাসিক অঞ্চল, যি ইটালীৰ ভেনিছৰ দক্ষিণে অৱস্থিত। কেনেলটোৰ দুয়ো পাৰে দেখিলো পুৰণি ভেনিছৰ সুদৃশ্য অট্টালিকা, স্তম্ভ তথা গম্বুজবোৰ।

প্রায় আধা ঘণ্টা যাত্ৰা কৰাৰ পিছত আমি পুৰণি ভেনিছ চহৰৰ এটি বিখ্যাত অঞ্চল কেষ্টেলো নামৰ ঠাইখনত উপস্থিত হ’লোঁগৈ। ই ভেনিছৰ এটি অত্যন্ত ব্যস্ত অঞ্চল। বিলাসী হোটেল, বিভিন্ন ৰেষ্টুৰেণ্ট, বিভিন্ন দোকান আদিৰে পৰিৱেষ্টিত এটি অঞ্চল। গাইডে আমাক ঠাইখিনিৰ এটি নির্দিষ্ট চিহ্ন দেখুৱাই ফটো লৈ থ’বলৈ কৈছিল, যাতে কোনোবাই কিবা কাৰণত ৰাস্তা ভুল কৰিলে এই ঠাইখিনিত উপস্থিত হ’ব পাৰে, কাৰণ আমাৰ ওভতনি যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হ’ব। আমি আটায়ে ফেৰীৰ পৰা নামি লাহে লাহে খোজ ল’লো পুৰণি ভেনিছৰ মূল কেন্দ্ৰ ছেইণ্ট মাৰ্কছ স্কোৱেৰলৈ।

সাগৰৰ পাৰে পাৰে পকা কৰি দিয়া আহল-বহল পথেৰে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। পথটোৰ মাজে মাজে কিছুমান কেনেলে সংযুক্ত কৰিছে ভেনিছ চহৰ আৰু সাগৰখনক । সেই কেনেলবোৰেৰে সাগৰৰ পানী সোমায় চহৰখনলৈ। কেনেলবোৰৰ ওপৰত সৰু বৰ অসংখ্য দলং।
তেনে এখন দলঙেই হ’ল বিখ্যাত ‘হুমুনিয়াহ দলং’ বা “Bridge of Sighs”। অপৰাধীসকলক দলংখনৰ ওচৰতে থকা কাৰাগাৰলৈ নিওঁতে এই দলংখন অতিক্ৰম কৰিব লাগে। কাৰাগাৰত সোমালে তেওঁলোকে কেতিয়াও মুকলি বতাহ আৰু দিনৰ পোহৰ নেপাব বুলি এটি হুমুনিয়াহ কাঢ়ি লয় এইখন দলঙত। সেইবাবে দলংখনৰ নাম হ’ল ‘হুমুনিয়াহ দলং’। দলংখনে দুটা ডাঙৰ ঘৰক সংলগ্ন কৰি আছে- এটা বিচাৰ ঘৰ আৰু আনটো কাৰাগাৰ। গাইড় ইভাই এই বিষয়ে আমাক কৈ থাকোঁতে অলপ বেয়াও লাগিছিল। প্রায় ১৫ মিনিট খোজকাঢ়ি যোৱাৰ পিছত ছেইণ্ট মার্কছ স্কোৱেৰত উপস্থিত হ’লোঁগৈ।

এড্রিয়াটিক সাগৰৰ মাজত পানীত ওপঙি থকা এখন বিশাল চহৰ ভেনিছ। ১১৮টা দ্বীপৰ সমষ্টিৰে আগুৰি থকা চহৰখনক প্ৰায় ৪০০খন মান দলঙে লগ লগাইছে। নাৱেই (যাক ভেনিছত গণ্ডোলা বুলি কয়) হৈছে ভেনিছৰ একমাত্র পৰিবহণ ব্যৱস্থা। ভেনিছেই হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ চহৰ, যি সম্পূৰ্ণৰূপে পানীৰ মাজত নিৰ্মিত হৈছে। সেইবাবে এই চহৰখনে পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ পৰ্যটকক সাংঘাতিক ধৰণে আকৰ্ষণ কৰে। এই পর্যটকবোৰে ভেনিছৰ অৰ্থনীতত কেনেকুৱা প্ৰভাৱ পেলাইছে, সেই কথা গৌৰৱেৰে গাইডে আমাক কৈছিল।

ভেনিছৰ পুৰণি নাম লেগুন। ৪২১ খ্ৰীষ্টাব্দৰ ২৫ মাৰ্চত শৰণাৰ্থীসকল ইটালীৰ মূল ভূখণ্ডত হোৱা বৰ্বৰ আক্ৰমণৰ পৰা পলায়ন কৰি লেগুনৰ দ্বীপসমূহত আশ্ৰয় লৈছিল। অতীততে ভেনিছ এখন স্বাধীন ৰাজ্য আছিল। ইয়াৰ অতীত ইতিহাস বৰ বিপৰ্যয়ৰ। কেইবাশতিকাজুৰি ভেনিছৰ আকাশত বিপ্লৱৰ জুই জ্বলি আছিল। পর্তুগাল, তুর্কী আৰু চাইপ্ৰাছসকলে বেহা- বেপাৰৰ বাবে ভেনিছলৈ গৈ তাত নিজৰ নিজৰ ৰাজনৈতিক আধিপত্য বিস্তাৰৰ বাবে চেষ্টা কৰিছিল। নিজৰ আত্মৰক্ষাৰ বাবে ভেনিছৰ নাগৰিকসকলে তুমুল সংগ্ৰাম কৰিব লগা হৈছিল । সংগ্ৰামত ভেনিছ জয়ী হৈছিল যদিও ১৭৯৭ চনত নেপোলিয়ন বোনাপাৰ্টৰ ফৰাছী বাহিনীয়ে ভেনিছৰ লগত চুক্তি কৰি ভেনিছখন অষ্ট্ৰিয়াক গতাই দিয়ে। লগে লগে অন্তপৰে ভেনিছৰ ১১০০ বছৰীয়া স্বাধীনতা। কিন্তু এই পৰাধীনতাৰ পৰা ভেনিছবাসীয়ে মুক্তি বিচাৰিলে। বিপুলসংখ্যক গণভোটৰ দ্বাৰা ভেনিছবাসীয়ে ১৮৬৬ চনৰ ৩ অক্টোবৰত ভিয়েনা চুক্তিৰ জৰিয়তে ‘ইটালীৰ একত্ৰীকৰণ’ত যোগ দিলে। লগে লগে ভেনিছে অষ্ট্ৰিয়াৰ শাসনভাৰ দলিয়াই এখন পূৰ্ণাংগ ৰাজ্য ত পৰিণত হ’ল। হাইস্কুলৰ ওপৰ শ্ৰেণীত ‘দ্য মার্চেণ্ট অব ভেনিছ’ৰ কাহিনীটো পঢ়োতে ভেনিছৰ কথা পাইছিলোঁ। তাত থকা ধনী কিন্তু কৃপণ ইহুদি শাইলকৰ কাহিনী, যিয়ে সুত লৈ টকা ধাৰলৈ দিছিল। মোৰ প্ৰয়াত পৰিবাৰ (ইংৰাজী সাহিত্যৰ এম এ)ৰ মুখত শুনিছিলো ‘অথেলো- ডেছডিমনা’ৰ মৰ্মন্তুদ কাহিনী। যি কাহিনীৰ স্থানো এই ভেনিছেই। যি ডেছডিমনাক টেটুত চেপি ধৰি হত্যা কৰিছিল অথেলোৱে, কিছু ঈৰ্ষাৰ বশৱৰ্তী হৈ।

এইবোৰ কাহিনীৰ ঠাই ভেনিছলৈ আহি নিজকে অত্যন্ত ভাগ্যৱান বুলি গর্ববোধ কৰিছোঁ। আমি উপস্থিত হোৱা পুৰণি ভেনিছৰ প্রধান আকর্ষণস্থলী ছেইণ্ট মার্কছ স্কোৱেৰত গাইডে সকলোকে সমৱেত কৰি ভেনিছৰ এই ঠাইবোৰৰ ঐতিহ্যৰ বিষয়ে বুজাই আছিল। পৰ্যটকসকলৰ ৰম্যভূমি ইয়াত ভেনিছৰ ‘ছেইণ্ট- মার্ক-বেচিলিকা’টো ছেইণ্ট-মার্ক-স্কোৱেৰৰ পূব দিশত অৱস্থিত। ইয়াৰ নিৰ্মাণশৈলী অপূর্ব। ই স্থাপত্যৰ এক অপূৰ্ব নিদর্শন। ইউৰোপ মহাদেশৰ অন্যতম স্থাপত্য গৃহ, লগতে ভেনিছৰ পূৰ্বৰ ৰাজনৈতিক আৰু ধৰ্মীয় কেন্দ্ৰ। ইতিমধ্যে আমাৰ দুপৰীয়াৰ আহাৰ খোৱাৰ সময়ো হৈ আছিল। গাইডে সকলোকে এটা নিৰ্দিষ্ট সময়ৰ পিছত সেই ঠাই টুকুৰাত উপস্থিত হ’বলৈ ক’লে।

ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত বাদ্য- গীতৰ মূর্ছনা শুনি শুনি দুপৰীয়াৰ আহাৰ খাই আমি আকৌ আগৰ ঠাইখিনিলৈ ওলাই আহিলোঁ। ঠাইডোখৰৰ চাৰিওপিনে কেইবাতলাও ওখ ঘৰ। কিছুমান ঘৰৰ তলৰ মহলাত বিভিন্ন ধৰণৰ দোকান আৰু ৰেষ্টুৰেণ্ট। মুকলি ঠাইখিনিত হাজাৰ হাজাৰ বিভিন্ন ৰঙৰ পাচৰাই মানুহৰ মাজে মাজে ঘূৰি ফুৰিছে। গোটেই দিনটো পৃথিৱীৰ বিভিন্ন দেশৰ ভ্ৰমণকাৰীয়ে মেই স্কোৱেৰটো চাবলৈ আহোঁতে মাকৈৰ গুটি, বুটমাহ, মটৰ, বাদাম আদি নানা ধৰণৰ শস্য কিনি পাৰ্চৰাইবোৰক খুৱাই আনন্দ লাভ কৰে। মানুহৰ হাতত, গাত, মূৰত আৰু কান্ধত উঠি লৈ পাৰ্চৰাইবোৰে নিৰ্ভয়মনে সেইবোৰ খাই থকা দেখিলোঁ। পাচৰাইবোৰে মানুহক অকণো ভয় নকৰে, কাৰণ তাৰ মানুহে আমাৰ দৰে পাচৰাই নেখায়। গাইডৰ মুখত শুনিছিলো- প্রচলিত বিশ্বাসমতে ভেনিছৰ ৰাজকুমাৰে তুৰ্কীৰ পৰা বিয়া কৰাই অনা ৰাজকুমাৰীৰ লগত হেনো ৯ যোৰ পাচৰাই আনিছিল। তাৰ পৰাই সিহঁতৰ বংশ বাঢ়ি গৈ বৰ্তমান কেইবাহাজাৰো হৈছেগৈ। এই পাচৰাইবোৰ স্কোৱেৰৰ চাৰিওফালে থকা অট্টালিকাবোৰৰ ওপৰত থাকে। পাচৰাইক খুৱাবলৈ বুট, মাহ, মাকৈ আদি শস্য বিক্ৰী কৰি জীৱন ধাৰণ কৰা এক শ্ৰেণীৰ লোক ভেনিছত আছে। পর্যটকে সেই পাচৰাইক খুওৱা দৃশ্যৰ ফটো ল’বলৈ আকৌ ফটোগ্ৰাফাৰবোৰ সাজু হৈ থাকে। মনৰ আনন্দতে পাচৰাই আৰু অগণন পৰ্যটকৰ মাজে মাজে আমিও কিছু সময় ঘূৰি ফুৰিলোঁ। আমাৰ লগৰ দুই-এজনে পাচৰাইৰ সৈতে ফটোও উঠিলে।

প্ৰতিদিনে ১৫ হাজাৰতকৈও অধিক পৰ্যটক ভেনিছ চহৰলৈ আহে। ভেনিছ চহৰখন মাজে মাজে ০.৫ মিঃ পর্যন্ত দ’লৈ পানীত ডুব যায়। সেয়েহে ভেনিছক ‘সাগৰ নিমজ্জিত’ চহৰ (Sinking City) বুলিও কয়। ১৯৬৬ চনৰ ৪ নৱেম্বৰত ইতিহাসৰ আটাইতকৈ ভয়ানক বানপানীয়ে প্রায় সমগ্ৰ চহৰখন ডুবাই পেলাইছিল। যাৰ ফলত অট্টালিকা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ব্যাপক ক্ষতি হৈছিল। বানপানীৰ পানীয়ে ১৯৪ চেঃমিঃ পর্যন্ত উচ্চতাৰ অভিলেখ সৃষ্টি কৰি চহৰখনৰ বহু অনিষ্ট কৰে। ফলত ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰই চহৰখনক সুৰক্ষা প্ৰদানৰ বাবে সুৰক্ষা অভিযান আৰম্ভ কৰিবলৈ বাধ্য হয়। ১৯৬৬ চনৰ বানপানীৰ প্ৰতি লক্ষ্য ৰাখি শিল্প ইতিহাসবিদ জন মেকএন্‌ড্র, তেওঁৰ পত্নী বেটি বাটলেট মেকএন্‌ড্র আৰু ছিডনী ডেফ্ৰীবাৰ্গে ভেনিছৰ সংৰক্ষণ সংস্থা এটা আৰম্ভ কৰে ১৯৭১ চনত। তেওঁলোকে ভেনিছৰ শিল্প আৰু স্থাপত্যৰ পুনৰুদ্ধাৰৰ কাম আৰু তদাৰক কৰিবলৈ ধন সংগ্ৰহৰ কাম আৰম্ভ কৰে। আগন্তুক আৰু ১০০ বছৰ পৰ্যন্ত ভেনিছ চহৰ নিৰাপদ বুলি কোৱা হৈছে যদিও সাগৰত ডুব যোৱাৰ আশংকাত ভেনিছৰ পৰা প্ৰায় ৫০ শতাংশ মানুহে ইতিমধ্যে বহিঃপ্ৰব্ৰজন কৰিছে। তদুপৰি ইটালীৰ বিজ্ঞানীসকলৰ নতুন গৱেষণা মতে ২১৫০ চনৰ ভিতৰত ভেনিছৰ কিছু অংশ সাগৰৰ পানীত ডুব যাব। এইখিনিতে উল্লেখযোগ্য যে ভেনিছ আৰু ইয়াৰ লেণ্ডনক ইয়াৰ অনন্য ঐতিহাসিক, সাংস্কৃতিক আৰু প্ৰাকৃতিক তাৎপৰ্যক স্বীকৃতি দি ১৯৮৭ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছে।

ভেনিছ চহৰখনক আৰু কেইটামান নামেৰেও জনা যায়। যেনে- City of water, City of Canals, The Floating City, City of Bridges, Queen of Adriatic ইত্যাদি।

১৯৪৫ চনত ভেনিছৰ জনসংখ্যা আছিল। ১.৬০ লাখ। বর্তমান ভেনিছৰ ঐতিহাসিক দ্বীপ কেন্দ্ৰটোৰ জনসংখ্যা ৫০ৰ পৰা ৫১ হাজাৰৰ ভিতৰত। চহৰখনত বাসিন্দাৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ বাবে অধিক অট্টালিকা পৰ্যটকৰ আৱাস স্থলীলৈ ৰূপান্তৰিত কৰা হৈছে। তদুপৰি বিদেশী ধনী লোকে ইয়াৰ এপার্টমেণ্টসমূহ বিলাসী জীৱন যাপনৰ বাবে ক্ৰয় কৰি ল’বলৈ ধৰিছে। আনহাতে মূল ভূখণ্ডৰ উপকণ্ঠ অঞ্চল বিশেষকৈ মেষ্ট্ৰে আৰু মাৰ্ঘোত জনসংখ্যা বৃদ্ধি পাইছে আৰু তাত এতিয়া ঐতিহাসিক দ্বীপ চহৰখনতকৈ যথেষ্ট বেছি বাসিন্দা আছে। ইয়াৰ জনসংখ্যা প্রায় এক লাখ ৭৫ হাজাৰ। অন্যান্য লেগুন দ্বীপপুঞ্জ যেনে- মুৰানো, বুৰানোৰ জনসংখ্যা প্রায় ২৭,০০০ জন । ঐতিহাসিক দ্বীপটোত উচ্চ শিক্ষাৰ সুবিধা কম থকা বাবে মেধাৱী ছাত্র-ছাত্রীসকলে বিদেশলৈ ঢাপলি মেলে।

ভেনিছ চহৰখন টান মাটিৰ ওপৰত নিৰ্মাণ কৰা হোৱা নাছিল। বৰঞ্চ ১১৮টা বোকাময় দ্বীপৰ নেটৱৰ্কত নিৰ্মাণ কৰা হৈছিল, য’ত লাখ লাখ কাঠৰ খুঁটা মাটিৰ গভীৰতালৈ ঠেলি দি প্ৰথমে এটা সুস্থিৰ ভেটি নিৰ্মাণ কৰা হৈছিল। এই খুঁটাবোৰে কোমল মাটিক সংকোচন কৰি তাৰ ওপৰত চূণশিলৰ প্লেটফৰ্ম তৈয়াৰ হোৱাৰ পিছতহে অট্টালিকাবোৰ নিৰ্মাণ কৰা হৈছিল। এইবোৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণি ৰোমান সাম্ৰাজ্যৰ বহু আগতেই হৈছিল। ভেনিছৰ লোকসকলে ভেটিৰ বাবে ইষ্ট্রিয়ান শিলৰ ব্লক আৰু অট্টালিকাবোৰৰ বাবে ফুটাযুক্ত ইটা ব্যৱহাৰ কৰিছিল। কাঠৰ খুঁটাবোৰ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ ফলত অক্সিজেনৰ সংস্পৰ্শৰ পৰা বঞ্চিত হৈ পচি যোৱা নাছিল। মূল খুঁটাবোৰৰ কিছুমানে আজিও অট্টালিকাবোৰক ধৰি ৰখাত সহায় কৰি আছে।

এইবোৰ কথা বৰ্ণনা কৰি গাইডে আমাক কৈ থাকোঁতে সকলোৱে মন্ত্রমুগ্ধ হৈ শুনি আছিলোঁ। সঁচাই এখন সপোনৰ চহৰ এই ভেনিছ। ইয়াত থিয় হৈ থাকিলে এখন বেলেগ পৃথিৱীত থকা যেন লাগে ৷ কথাবোৰ ভাবি ভাবি আপোনপাহৰা হৈ থাকোঁতে হঠাৎ গাইডে অলপ দূৰত থকা ‘ঘড়ী টাৱাৰ’টো দেখুৱাই চাবলৈ যাবলৈ কোৱাত সম্বিৎ ঘূৰাই পালোঁ। ‘ঘড়ী টাৱাৰ’টো হৈছে পিয়াজা ছান-মার্কোৰ উত্তৰ দিশত, মাৰ্চেৰিয়াৰ প্ৰৱেশদ্বাৰত থকা ৰেনেছাঁ যুগৰ এটি অট্টালিকা। এই ঘড়ীটোৱে বছৰ, ঋতু আদিৰ পৰিৱৰ্তনৰ সংকেত দিয়ে। ইয়াক এনে ঠাইত ৰখা হৈছিল যাতে লেগুনৰ পানীৰ পৰা ঘড়ীটো দেখা যায়। এই ঘড়ী টাৱাৰটোৰ ডিজাইন ৰেনেছাঁ যুগৰ স্থপতিবিদ মাউৰ’ক’ডুছিয়ে কৰিছিল আৰু ১৪৯৬ চনৰ পৰা ১৪৯৯ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ঘড়ী টাৱাৰটোত থকা প্ৰকাণ্ড ঘণ্টাটো কোবাবলৈ দুটা সুন্দৰ ধাতুৰে সজোৱা মূর্তি আছে। সেই মূর্তি দুটা এনে কৌশলেৰে ৰখা হৈছে যে যেতিয়া সময় হয় তেতিয়া মূর্তি দুটাই নিজে নিজে হাতত দীঘল হাতুৰী দুটাৰে ঘণ্টাটোত কোব মাৰি সময়ৰ আগজাননী দিয়ে। শতিকাজুৰি এই টাৱাৰটোৰো যথেষ্ট পৰিৱৰ্তন আৰু পুনর্নির্মাণ কৰা হৈছে। ১৯০২ চনত ঘণ্টা টাৱাৰটো ভাঙি পৰিছিল যদিও ইয়াক ১৯১২ চনত পুনর্নির্মাণ কৰা হয়। ২০০৩ চনৰ পৰা ২০০৬ চনলৈকে কিছু পৰিবৰ্তন কৰা হয় এই ঘড়ী টাৱাৰটোৰ, য’ত ইয়াৰ জটিল ঘড়ীৰ ব্যৱস্থাটো মেৰামতি কৰা হয়। ইতিমধ্যে আমাৰ গণ্ডোলা বিহাৰৰ সময় হৈ আহিছিল। দলৰ সকলো সদস্যই ইতিমধ্যে বন্দোৱস্ত কৰি ৰখা গণ্ডোলাত উঠিবলৈ নির্দিষ্ট ঠাইলৈ গতি কৰিলোঁ।

ফোনঃ ৮৬৩৮৩-৬৫১২১

You might also like

Comments are closed, but trackbacks and pingbacks are open.