বনশ্রী শৰ্মা
জ্বলি থকা ৰঙা আঙঠাবোৰ চাই বহি আছে মিৰি তাইৰ কলিজাটো ফাটি বুকুখনো যেন কলিজাৰ তেজেৰেই ৰাঙলী হৈ হৈ এটা সময়ত তপত হৈ উঠিছে এই ৰঙা আঙঠাবোৰৰ দৰেই। কান্দি কান্দি চকু দুটা ৰঙা পৰি উখহি আছে। অনবৰতে গাখীৰ আৰু সেন্দূৰ মিহলালে হোৱা বৰণৰ দৰে তেজে ফুটো ফুটো হৈ থকা গাল দুখনত চকুপানীবোৰ শুকাই কাল বান্ধিছে। পিন্ধি থকা সৰিয়হ বৰণৰ চোলাটোত অ’ত-ত’ত বোকা লাগি আছে, বৰষুণৰ পানী পৰি পিছল হৈ থকা পদূলিটোৰে শৱ দাঙি অনা মানুহবোৰৰ পাছে পাছে দৌৰোঁতে পিছলি পৰিছিল তাই। নাই, খুৰাকৰ ল’ৰা দেবুৰ বাহিৰে আন কোনেও তাইক ৰখাবলৈ চেষ্টা কৰা নাছিল। দেবুৱেহে মিৰি বা ৰচোন ৰ’চোন বুলি বায়েকক ৰখাবলৈ পাছে পাছে আহিছিল। এতিয়াও শ্মশানত ভায়েক দেবুৱেই তাইৰ লগত আছে। বাকী মানুহবোৰ কেতিয়াবাই ঘৰ পালেগৈ । এতিয়ালৈকে চাগৈ গা-মূৰ ধুই আজৰিও হ’ল। দেবুৰ বাহিৰে কোনো নাই তাইৰ লগত এতিয়া শ্মশানত। দেবু ঠিক তাইৰ লগত নহয়, তাইৰ পৰা অলপ দূৰৈত তাইৰ পিছফালে থিয় হৈ তাইকে চাই আছে। সি বুজে বায়েকৰ মনৰ মাজত চলি থকা যুদ্ধখন কিমান কৰুণ। বুজিব নোৱাৰিলেও বুজিবলৈ চেষ্টা কৰিছে। আগন্তুক সময়ত বায়েকে সন্মুখীন হ’বলগীয়া নিঃসংগতাৰ উমান সি পাইছে। সেইবাবেই বায়েকক ঘৰলৈ ব’ল বুলি ক’বলৈ তাৰ সত যোৱা নাই। সি হয়তো ক’ব খুজিছে, ‘তোৰ যিমান দেৰিলৈকে চাবৰ মন চাই থাক বা । আঙঠাবোৰ জ্বলি শেষ হোৱালৈকে, আঙঠাবোৰ ছাই হোৱালৈকে, গৰম আঙঠা চেঁচা হোৱালৈকে চাই থাক, মূৰৰ ওপৰৰ বেলিটো গৈ পশ্চিমত মাৰ যোৱালৈকে চাই থাক। আজিৰ পৰা যে আইতা নাই মানে নায়েই।’ কিন্তু সি ক’ব পৰা নাই, কেৱল বায়েক যেতিয়ালৈকে শ্মশানত থাকে সিও থাকিব বুলিহে মনতে ভাবি লৈছে। মাজে মাজে আইতাকৰ চিতা জ্বলি হোৱা আঙঠাবোৰলৈ চাই চাই সিও উচুপি উঠিছে।
কোনেও চাব নোৱাৰাকৈ, চুব নোৱাৰাকৈ গুচি যায় মানুহবোৰ। উভতি নহাৰ বাটেৰে আঁকোৰগোজ হৈ গুচি যায় বুকুৰ আপোন মানুহবোৰ।
লাহে লাহে মূৰৰ ওপৰৰ বেলিটো চপৰা- চপৰ ক’লা মেঘে ঢাকি ধৰিলে। আকৌ হয়তো বৰষুণ আহিব!
এটোপ দুটোপ বৰষুণ পৰিছে। দেবুৱে এবাৰ আকাশলৈ মূৰ তুলি চালে৷ ক’লীয়া ডাৱৰে আকাশ ছানি ধৰিছে। তাৰ এনে লাগিল এনেকুৱা ক’লা ক’লা বিষাদৰ ডাৱৰে এতিয়া বায়েক মিৰিৰ মনটোও ঢাকি ধৰিছে, বৰ নিদয়ভাৱে। তাই তেতিয়াও ৰঙা হৈ থকা আঙঠাবোৰলৈয়ে চাই আছে।
বৰষুণৰ টোপাল বেছিকৈ গাত পৰাত মিৰিয়ে লাহেকৈ দেবুক ক’লে, ‘ঘৰলৈ যা’।
>তয়ো ব’ল।
তাই আৰু উত্তৰ নিদিলে। তাই জানে ভায়েকক এতিয়া যিমান বুজালেও, খং কৰিলেও সি তাইক ইয়াত এইদৰে অকলে এৰি থৈ নাযায়। মিৰি বহি থকাৰ পৰা উঠি থিয় হ’ল। এবাৰ আকাশলৈ চালে। আকাশ ভালপোৱা ছোৱালীজনীৰ আজি আকাশলৈ চোৱাৰ লগে লগে বুকুখনত যেন কোনোবাই প্রকাণ্ড শিল এচটাহে থৈছে তেনে লাগিল।
এৰা, আইতাকৰ বুকুখনতো তাইৰ বাবে আকাশ আছিল। মন গ’লেই মোৰহে আইতা বুলি মূৰ গুজিব পৰা এখন ফৰকাল আকাশ, তাইক কেতিয়াও বিমুখ নকৰা মমতাময়ী বিশাল আকাশ । আকাশৰ বিশালতাকো চেৰ পেলাব পৰা সত্তা তাইৰ আইতাক ।
আকৌ উচুপি উঠিল মিৰি ।
আইতাক যে আৰু নাই এই কথা অস্বীকাৰ কৰিও স্বীকাৰ কৰিবলগীয়া হৈছে। অলপ সময় ভিতৰতে পাতলীয়া বৰষুণজাকৰ লগতে এজাক ফ্ৰেফেৰীয়া বতাহো বলিবলৈ আৰম্ভ কৰিলে।
মিৰিয়ে যন্ত্রচালিত মানুহৰ দৰে অন্যমনস্কভাৱে এখোজ দুখোজকৈ ঘৰলৈ খোজ দিছে। পাছে পাছে ভায়েক দেবু।
চিতাৰ ওপৰত তৰি দিয়া চন্দ্ৰতাপখন তেতিয়া বতাহত উৰি আছিল ।
সন্ধিয়া অঙহী-বঙহী, ওচৰ-চুবুৰীয়াৰে ভৰি পৰিছে চোতাল। মৃতকৰ ঘৰত ৰাতিৰ ৰখীয়া এওঁলোক। মিৰিয়ে বাৰাণ্ডাৰে এচুকত গ্ৰীলত মূৰটো আঁউজাই বহি আছে। গাটো অৱশ অৱশ লাগিছে। কান্দি কান্দি ভাগৰি পৰিছে, হয়তো ভোকো লাগিছে। চুবুৰিৰে কুসুম খুৰীয়ে দেবু আৰু তাইলৈ ভাত আনিছিল কিন্তু তাই নাখালে। ‘কালি পুৱাৰে পৰা দেখোন একো এটা খোৱাই নাই তই, অলপ খাচোন মিৰি’ বুলি কৈ ওচৰতে বহি কুসুম খুৰীয়েকে বহুত বুজাইছিল তাইক। কিন্তু তাই এবাৰ মাত্ৰ ‘নাখাওঁ’ বুলি কৈ এনেদৰে মনে মনে থাকিল যে এটা সময়ত কুসুমৰো ভাগৰ লাগিল অকলে বুজাই বুজাই।
আগদিনা পুৱা আলুপিটিকাৰে পঁইতাভাত খাই স্কুললৈ গৈছিল মিৰি। গৰমৰ দিনত স্কুললৈ যাওঁতে পঁইতাভাত খাই যোৱাটো তাইৰ অভ্যাস। স্কুলৰ পৰা আহিয়েই মূৰৰ বিষ উঠাত যি শুলে একেবাৰে পাছদিনা পুৱাহে সাৰ পালে। ৰাতি কুসুমে আইতাকৰ পৰা টকা পাঁচশ ধাৰলৈ বুলি নিবলৈ আহোঁতে আইতাকে টকাখিনি কুসুমৰ হাতত দি কৈছিল, ‘মিৰিকো পৰহি মানলৈ এবাৰ ডাক্তৰৰ ওচৰলৈকে নিব লাগিব। আজি কেইদিনমানৰ পৰা বৰকৈ মূৰৰ বিষ হোৱা হৈছে এইজনীৰ । তই বাসৱক পৰহি পুৱাৰ ভাগত মোৰ ওচৰলৈ এবাৰ পঠিয়াই দিবিছোন। তাৰ অ’টোতে লৈ যাব লাগিব। সেই পুৱাতে পঁইতাভাত দুটামান খাই ইস্কুললৈ গৈছিল, আহিয়েই যি শুলে এতিয়ালৈকে উঠাই নাই চাচোন’। কথাখিনি কৈ কৈ ওচৰতে শুই থকা মিৰিৰ মূৰত হাত ফুৰাই দিছিল আইতাক যশোদাই।
>হ’ব ডাঙৰ আই, মই বাৰু এওঁক পঠিয়াই দিম। তেতিয়াহ’লে তেনেকৈয়ে আপুনি পইচাখিনি কটাকটি কৰি কিমান হয় হিচাপটো ক’ব, তাৰ পিছত যিমান দিবলৈ থাকে মই আপোনাক দুই- এদিনতে ঘূৰাই দিম।
>তই মোক কাবুলী বুলি ভাবিছ নে অন্য বেপাৰী বুলি ভাবিছ।
খং উঠিছিল যশোদাৰ
: নাই নাই ডাঙৰ আই ।
কুসুমে প্রায় হাত যোৰ কৰাৰ দৰে কৰি কৈছিল।
>হেৰৌ, তোৰ কিবা কামত অলপ টান হৈছে মোৰ পৰা লৈছ, সেইটোকে যদি মই বাসৱক মাতি আনি তোক দিয়া এই টকা পাঁচশৰ লগত কটাকটি কৰোঁ পাপে চুব মোক। এই টকা পাঁচশ ঘূৰাই নিদিলেও মই জানো তোক ডিঙিত বাঁহ দিবলে যাম? মানুহজনৰ পেন্সন আৰু সাঁচতীয়া টকা এয়া, এইবোৰক লৈ লোভ কৰে জানো ? আজি আছোঁ কাইলৈ নাই, এই বুঢ়া বয়সত আৰুনো লোভ কৰিবলৈ আছেয়ে বা কি! এই গোসাঁনীজনীক বাদে এতিয়া অন্য মায়া-মোহ একো নাই মোৰ। এইবাৰ পি.ইউ দিব, সদায় মূৰৰ বিষ হৈ থাকিলে পঢ়িবনো কেনেকৈ !
যশোদাৰ চকুহাল পানীৰে ভৰি পৰিছিল। কুসুমেও কিনো উত্তৰ দিব ভাবি নাপাই কিছু সময় এনেই ইফালে সিফালে চাই থাকি কৈছিল—
> আপুনি মিৰিক লৈ এনেই ইমান চিন্তা কৰে ডাঙৰ আই। বহুত ভালকে পাছ কৰিব আমাৰ মিৰিয়ে, মেট্ৰিকতো ইমানবোৰ লেটাৰ পাইছিল, এইবাৰো বহুত লেটাৰ পাব চাই থাকক। আপুনি লিখি থওক ডাঙৰ আই, মিছা হ’লে এই কুসুমক আপুনি যি কৰে কৰিব।
হাইস্কুলৰ বাৰাণ্ডা গচকি নোপোৱা কুসুমে ভাল ৰিজাল্ট কৰিবলৈ হ’লে কিমান নম্বৰ পাব লাগে কি একো নাজানে। লেটাৰ পোৱাৰ কথা ইজন সিজনৰ মুখত শুনে বাবে তায়ো আমাৰ মিৰিয়ে বহুত লেটাৰ পাব, বহুত লেটাৰ পাব বুলিয়েই সদায় কৈ থাকে। কেতিয়াবা মিৰিকো ‘তই বহুত লেটাৰ পাব লাগিব দেই মাজনী’ বুলি কৈ গালে, মূৰে চুমা খায়। মিৰিয়ে ভাবে কেতিয়াবা বৰ ধুনীয়াকৈ বুজাই ক’ব কিন্তু তাইৰ ভয় লাগে জানোচা খুৰীয়াকে তাই খুৰীয়েকক পঢ়া-শুনাৰ কথা একো নাজানে বুলি ভবা বুলি ভুল বুজে, যদি খুৰীয়েকে মনত কষ্ট পায়। একো নকয় তাই, মিচিকিয়া হাঁহিৰে খুৰীয়েকলৈ চাই থাকে। বগাকৈ চুটি-চাপৰ মানুহজনীৰ চকুকেইটা ডাঙৰ ডাঙৰ, কপালৰ ফোঁটটোও অলপ ডাঙৰকৈ লয় বাবে বাসৱে প্ৰায়ে ‘বুইছ মিৰি, আমাৰ নৈত ডুব যাব ওলোৱা ৰঙা বেলিটোৱে এদিন খুৰীয়েৰক আবেলি নৈ পাৰত অকলে পাই নৈত ডুব নগৈ আমাৰ খুৰীয়েৰৰ কপালতে বহিলহি। সেইকাৰণেহে এইজনীৰ কপালত ৰঙা বেলিটো হেন ফোঁট এইটো।’ বুলি কুসুমক জোকায়। কুসুমেও সমানে সমানে মুখ চলাই কয় ‘সৰু ছোৱালীজনীক মিছা কথাবোৰ কিয় শিকাইনো? বেলিটো হ’বলা নৈত ডুব যায়?’ বাসৱে উভতি ধৰে ‘তেনেহ’লে তয়ে কচোন বেলি ক’ত ডুব যায়?’ কুসুম চিন্তাত পৰে। বেলি নৈত ডুব নাযায় বুলি তাই ঠিকেই জানে কিন্তু ক’ত ডুব যায় সেইটো দেখোন তায়ো নাজানে। বাসৱৰ আগত লাজত পৰিব বুলি অসহায় হৈ মিৰিলৈ চায়। লগে লগে খুৰীয়েকৰ চাৱনিৰ অৰ্থ বুজি মিৰিয়ে সূর্য উদয় হোৱা, অস্ত যোৱা, দিন-ৰাতি হোৱা সকলো কথা দুয়োকে বুজাই দিয়ে। ‘মই এইবোৰ জানো অ’ মিৰি, আমাৰ ইস্কুলৰ বাৰাণ্ডা গচকি নোপোৱাজনীয়েহে একো নেজানে’ বুলি কৈ বাসৱে আকৌ কুসুমক জোকায়। কুসুমেও পেন্দোৱাকৈ চাই কয় ‘এহ্ হ’ব… দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি এতিয়া লেকচাৰ ফালিব নেলাগে। ইস্কুললৈ বুলি ওলাই গৈ ক’ত আম, জাম বিচাৰি ফুৰিছিল আমি হ’বলা নেজানো।’ ভেকাহি মাৰি কুসুম উঠি যায়। ‘তয়ো ইস্কুললৈ নগৈ ঘৰত কিডাল ফালিছিলি জনা আছে অমুকাৰ।’ কুসুমে শুনাকৈ যিমান পাৰি চিঞৰি কয় বাসৱে। তাৰ পিছত ‘বুজিছ মিৰি, পঢ়ন নাই শুনন নাই তাইৰ আকৌ কি ফেপেৰি মৰা কথা!’ বুলি মনেসজা কাহিনী কিছুমান ৰস লগাই লগাই মিৰিৰ আগত কৈ যায়। মাজে মাজে ভিতৰৰ পৰা কুসুমে দুই এটা ওলোটা কথাৰে বাসৱৰ কাহিনীত ব্যাঘাত ঘটাব খোজে যদিও বাসৱে আৰু দুগুণ মচলা সানি মিৰিক কুসুমৰ কাহিনী ক’বলৈ ধৰে। এনেকৈয়ে সন্তানৰ মুখ নেদেখা মানুহহালে সন্তানহীনতাৰ দুখ পাহৰি থাকিবলৈ যত্ন কৰে।
>গাঁওবুঢ়াই সদায় জীয়েকক আমাৰ মিৰিৰ লগত তুলনা কৰিহে গালি পাৰে, জ্বলে বুজিছে জ্বলে। মিৰি পঢ়াত চোকা বুলি সবে জানে যে সেয়ে ইমান জ্বলন আকৌ।
শেষৰ কথাখিনি যশোদাক প্রায় ফুচফুচাই কোৱাৰ দৰে কৈছিল কুসুমে।
>আৰু আমি আছোঁ নহয় ডাঙৰ আই। আমাৰ মিৰি ইমান গুণী ছোৱালী, আমাৰ এখেতেতো কৈয়েই থাকে বোলো মিৰিৰ দৰে এজনী কিয় দহজনীও ৰাখিব পাৰিম আমি। কি যে শান্ত শিষ্ট লখিমী ছোৱালী অ’….
> তাকেই… তহঁতৰ দৰে সন্তানৰ মোল বুজা মানুহৰ ঘৰতহে এইজনী জন্ম পাব লাগিছিল। কিহৰ দুৰ্ভাগ্যত যে এইখন ঘৰত…..
যশোদাই আৰু একো কোৱা নাছিল। কুসুমেও একো কোৱা নাছিল। কিছু সময় দুয়োৰে মৌন হুমুনিয়াহবোৰ কোঠাটোত ভৰি পৰিছিল আৰু লাহেকৈ কুসুমে ‘মই যাওঁ নেকি ডাঙৰ আই” বুলি কৈ গুচি গৈছিল।
কুসুমেই পুৱা যশোদা ঢুকুওৱা খবৰটো পোৱাৰে পৰা এতিয়ালৈকে এই ঘটনাটো মিৰিহঁতৰ চোতালতেই হওক বা আন ঠাইতে যাকে লগ পাই তাৰে আগত কওঁতে কওঁতে আগদিনাৰ কথাখিনি প্রায় বেছিভাগ মানুহৰে এতিয়া মুখস্থ হৈ গৈছে।
>মূৰৰ বিষটো এতিয়াও উঠিয়েই আছে হ’বলা ?
কুসুমে লাহেকৈ গালত হাত ফুৰাই সুধিলে। মিৰিয়ে মুখেৰে একো নামাতি অকল মূৰটো লৰাই দিছে। তাই কিবা ক’ব খুজিলেই কথাবোৰ কান্দোনে গাপ দি কথাতকৈ আগত কান্দোনহে ওলাই আহে। সেইবাবেই মিৰিয়ে সোঁৱে-বাঁৱে মূৰ লৰাই ৰঙা পৰি উখহি থকা চকুহালেৰে অন্য ফালে চালে। কুসুমৰো মনটো কেনেবা লাগিল। এই ছোৱালীজনীৰ প্ৰতি হোৱা অন্যায়-অবিচাৰবোৰ বহুদিন কুসুম আৰু বাসরে নিজ চকুৰে দেখিছে, সেয়ে তাই বুজিছে মৰমেৰে আৱৰি ৰখা আইতাক যশোদাৰ অনুপস্থিতিত মিৰি কিমান অসহায়, অকলশৰীয়া ।
লাহেকৈ এখন হাতেৰে মিৰিক সামৰি আনি কুসুমে নিজৰ বুকুত চপাই লৈ আলফুলে মূৰটো মালিচ কৰি থাকিল। কেউকিছু নোহোৱা কুসুমে ভাবিলে ভগৱানেনো এই ছোৱালীজনী সিহঁতকে কিয় নিদিলে? সিহঁতক দিয়া হ’লেতো মিৰিয়েও অন্য ল’ৰা-ছোৱালীৰ দৰেই হাঁহি, স্ফূর্তি কৰি এটা স্বাভাৱিক জীৱন কটাব পাৰিলেহেঁতেন। কুসুমৰ বুকুত মূৰটো পেলাই এখন হাতেৰে কুসুমৰ কঁকালত মেৰিয়াই আৰু আনখন হাতেৰে কুসুমৰ চাদৰখন এনেই চুই চাই মিৰিয়ে মনতে ভাবি আছে ভগৱানে তাইক কিয় এনেদৰে ইমান অসহায়, অকলশৰীয়া কৰিলে ? কুসুম খুৰীয়েকে এনেকৈয়ে সদায় তাইক মৰম কৰিব নে? আইতাকে ৰখাদি আলফুলে বুকুত সামৰি ৰাখিব নে!
কুসুম আৰু মিৰি দুয়োৰে দৃষ্টি সিহঁতৰ চোতালত থকা মনসা মন্দিৰটোত, কিন্তু স্পষ্টকৈ এজনীয়েও একো দেখা নাই, দুয়োৰে দৃষ্টি অস্পষ্ট। চকুৰ কোণত থূপ খোৱা চকুপানীৰ টোপালে সিহঁতৰ দৃষ্টি ধূসৰ কৰি আনিছে।
> কুসুম, এইজনীৰ নাটক শেষ হ’ল যদি ভিতৰলৈ যাব দে আৰু তই এইখিনি মানুহবোৰক বিলাই দেচোন। গৰম লাগিছে সবৰে।
হাতত ক’ল্ড ড্ৰিংকছৰ বটল এসোপামান আৰু প্লাষ্টিকৰ গিলাচ লৈ থিয় হৈ থকা বাসৱৰ হাতলৈ দেখুৱাই মিৰিৰ দেউতাকে হুটা মাতেৰে ক’লে। দেউতাকৰ হুটা মাতত চিলমিলিয়াকৈ টোপনি আহিব খোজা মিৰি উচাপ খাই উঠিল। কুসুমে লাহে লাহে মূৰত হাত ফুৰাই ‘শুগৈ যা’ বুলি কৈ মিৰিক ভিতৰলৈ পঠিয়াই দি ক’ল্ড ড্ৰিংকছৰ বটলকেইটা আৰু প্লাষ্টিকৰ গিলাচ হাতত লৈ চোতাললৈ নামি গ’ল। মিৰিও ধীৰ খোজেৰে ভিতৰলৈ গ’ল।
আইতাক মৰা ২৪ ঘণ্টা নৌহওঁতেই দেউতাকে মানুহক চোতালত ক’ল্ড ড্ৰিংকছ খুওৱা কথাটো তাইৰ ভাল নালাগিল। তাই বুজিছে, মানুহখিনিয়ে আজি সিহঁতৰ ৰখীয়া হৈ আহিছে বাবেই দেউতাকে এইদৰে শুশ্রূষা কৰিছে, তথাপি তাইৰ যেন কিবা এটা ভাল লগা নাই । পৰিয়ালটোত দেবুৰ বাহিৰে আন কাৰো মুখত অকণো দুখৰ চিন তাই দেখা নাই।
বিছনাত ওপৰমুৱাকৈ শুই আইতাকৰ মুখখনলৈ মনত পেলাই আকৌ উচুপি থাকিল মিৰিয়ে। দেখিলেই মৰম আৰু শ্ৰদ্ধাৰ ভাব অহা কি পৱিত্ৰ মুখ আছিল আইতাকৰ। সৰু থাকোঁতে ‘আইতাৰ মৰিলে কি কৰিবি বুলি’ কোনোবাই জোকালে ‘আইতাৰ মুখখন বেৰত আঠা লগাই থৈ দিম’ বুলি কোৱা ছোৱালীজনীয়ে দেখোন আজি দেউতাক আৰু খুৰাকে আইতাকক জ্বলাই দিওঁতেও একো কৰিব নোৱাৰিলে, কাকো বাধা দিব নোৱাৰিলে। প্রস্তৰ মূৰ্তিৰ দৰে থৰ হৈ শ্মশানত বহি আছিল তাই, সেই সময়খিনিত কন্দাও নাছিল। কিয় তাই দৌৰি গৈ কাকো বাধা দিব নোৱাৰিলে ? অসহ্য লাগিছে মিৰিৰ। তাই শুবও পৰা নাই। শুই থকাৰ পৰা উঠি বহিল। বেৰত মূৰটো আঁউজাই আকৌ আইতাকৰ কথাই ভাবিবলৈ ধৰিলে।
ৰাতি সাবটি শুই থকা আইতাকজনী যে পুৱা সাৰেই নাপালে। মানুহ নো যাওঁ বুলিয়েই এনেকৈ গুচি যায় নে?
>শুই নাথাক’ কেলেই ?
ঘৰৰ কাম-বন কৰা ছোৱালী ৰুণু বায়েকৰ মাতত আইতাকৰ ওচৰৰ পৰা হঠাতে উভতি অহাৰ দৰে মিৰিয়ে ৰুণুৰ মুখলৈ চালে।
> মই ক’ত শুম আজি ?
কান্দোনৰ ভাঁজ লোৱা মুখেৰে মিৰিয়ে ৰুণুক সুধিলে। জনা হোৱাৰে পৰা আইতাকৰ লগত শুৱাহে মনত পৰে তাইৰ। আজি প্ৰথমবাৰলৈ তাই ক’ত শুব ভাবিবলগীয়া হৈছে।
> আজি ঘৰত বহুত মানুহ আছে নহয় আৰু আইতাৰ কোঠাটো শুচি নকৰাকৈ তাত শুবও নোৱাৰিবি। এতিয়া ইয়াতেই শুই থাক, ময়ো শুমহি ।
মিৰিয়ে উত্তৰত একো নকৈ কাষতে থকা গাৰুটো সাবটি টোপনি যাবলৈ চেষ্টা কৰিলে ।
উশাহটো বন্ধ হ’লেই মানুহ কিয় অপৱিত্ৰ হৈ পৰে, কিয় অশুচি হয়….
ক’লৈ যাব মিৰি? ক’লৈ গ’লে পাব তাইৰ আইতাক নামৰ আকাশখনৰ ঠিকনা বিচাৰি ?
ঘৰখনত ইমানবোৰ মানুহ থাকিও তাই আজিৰে পৰা একেবাৰেই অকলশৰীয়া। মাকে এৰি যাওঁতে তাই তেনেই সৰু, ছয় নে সাত বছৰীয়া। মাকৰ মৰমৰ উম মিৰিয়ে আজিলৈকে নাপালে। মাক বুলিলেই কথাই কথাই দেউতাকৰ সৈতে তৰ্কাতর্কি কৰা, আইতাকক অকথ্য গালি- গালাজ পৰা, তাইক এদিনলৈয়ো মৰমেৰে মাতি নোপোৱা উগ্র স্বভাৱৰ মানুহ এগৰাকীলৈহে মনত পৰে। ‘জীয়েৰৰ দায়িত্ব মই ল’ব নোৱাৰোঁ, নিজে সংসাৰৰ তিৰোতাৰ লগত ৰাসলীলা কৰি ফুৰিবি, বাৰবৰ্ণিতাৰ সৈতে ৰং কৰি থাকিবি আৰু মই লখিমী ঘৈণী হৈ তোৰ জীয়েৰৰ আলপৈচান ধৰি থাকিম! ঐ আঁতৰ হ’ মোৰ চকুৰ আগৰ পৰা’ বুলি মিৰিক প্ৰায়েই থেকেচা নেকেচা কৰিছিল মাক নামৰ সেই মানুহগৰাকীয়ে। কেতিয়াবা দেউতাকে ‘এইজনী মোৰ ছোৱালী নহয়’ বুলি চিঞৰ-বাখৰ কৰিছিল আৰু কেতিয়াবা মাকে ‘তোৰ নহয় বুলি ক’লেই নহ’ব নহয় এতিয়া, মই নোৱাৰোঁ আৰু এইবোৰ জঞ্জাল সামৰি ৰাখিব’ বুলি কৈ দেউতাকক একো কৰিব নোৱাৰি তাইকেই মাৰ শোধাইছিল। শব্দ কৰি কান্দিব নজনা মিৰিয়ে মাকৰ অত্যাচাৰবোৰ এনেকৈয়ে সহি গৈছিল, কেতিয়াবা আইতাকে দেখিছিল আৰু কেতিয়াবা নেদেখিছিল। তথাপি কণমানি মিৰিয়ে কাৰো ওচৰত কোনো অভিযোগ কৰা নাছিল কেতিয়াও । এনেকৈয়ে এদিন এইখন ঘৰ এৰি মিৰিৰ মাক গুচি গৈছিল, আইতাকে হাজাৰ কাকুতি-মিনতি কৰা সত্ত্বেও দেউতাকে মাকক ওভতাই আনিবলৈ নগ’ল। লাহে লাহে সবেই বুজি উঠিছিল মাক যে আৰু উভতি নাহে, মাকৰ ঠাই ল’বলৈ আৰম্ভ কৰিছিল সিহঁতৰ ঘৰত কাম-বন কৰা ৰুণু বায়েকে। তাই দেখিছিল ঘৰৰ কাম-বনত সহায় কৰা ৰুণু বায়েকক দেউতাকে মাকতকৈয়ো বেছিকৈ মৰম কৰে, মাকৰ বিছনাত দেউতাকৰ লগত একেলগে শুবলৈ দিয়ে, মাকৰ কাপোৰ, গহনা পিন্ধিবলৈ দিয়ে, দেউতাকৰ গাড়ীৰ আগৰ ছীটত মাকৰ দৰেই বহাই ফুৰাবলৈ নিয়ে, কেতিয়াবা সাবটিও ধৰে আৰু ৰুণু বায়েকেও মাকে কৰাৰ দৰেই তাইক থেকেচা নেকেচাহে কৰে। তথাপি মিৰিয়ে কোনো প্ৰতিবাদ কৰা নাছিল । স্কুলত লগৰীয়াবোৰে মিৰিক জোকাইছিল, ‘কাশ্মীৰীৰ দেউতাকে মাকক খেদি কাম কৰা ৰুণুক বিয়া পাতিলে আৰু এতিয়া কাশ্মীৰীকো খেদিব’ আৰু মিৰিয়ে ‘দেউতাই ৰুণু বাক বিয়া পতা নাই আৰু মাকো খেদা নাই” বুলি যিমানেই কৈছিল লগৰীয়াবোৰে সিমানেই উচ্ছাসেৰে ‘খেদিছে খেদিছে, কাশ্মীৰীৰ দেউতাকে মাকক খেদি ৰুণুক বিয়া পাতিছে’ বুলি সুৰ লগাই আকৌ জোকাইছিল। মিৰিয়ে উচুপি উচুপি কন্দাৰ বাহিৰে একোৱেই কৰিব পৰা নাছিল। লাহে লাহে মিৰি ডাঙৰ হৈ আহিল, কোনোবাই দেউতাক আৰু ৰুণু বায়েকৰ কথা উলিয়ালেও তাই সেইবোৰ এৰাই চলিব জনা হ’ল। মাক আৰু দেউতাকৰ মাজৰ সম্পৰ্কৰ তিক্ততা এতিয়া মিৰিৰ বাবে সাঁথৰ নহয় ।
জনা হোৱাৰে পৰা মিৰিয়ে আইতাকৰ বুকুতে মূৰ গুঁজি আছে কিন্তু এতিয়া তাই ক’লৈ যাব? কাৰ সৈতে থাকিব? নিজৰ বুলিবলৈ তাইৰ আৰু আছেইবা কোন! দেউতাকে তাইক শেষবাৰলৈ কেতিয়া ভালদৰে মাত দিছিল তাই বহুত মনত পেলাবলৈ চেষ্টা কৰিও মনত পেলাব নোৱাৰে। আইতাকৰ সকাম শেষ হ’লেই খুৰাক, খুৰীয়েক আৰু দেবু গুৱাহাটীলৈ গুচি যাব। খুৰীয়েকৰ ভাষাত ‘এনে বজৰুৱা পৰিয়ালৰ সৈতে তেওঁলোক ইয়াত থাকিব নোৱাৰে, বজৰুৱা মাক-বাপেকৰ অবাঞ্ছিত সন্তান মিৰিকো কোনেও আঁকোৱালি ল’ব নোৱাৰে।’ মুঠতে আইতাকৰ অনুপস্থিতিত মিৰি সাংঘাতিক অকলশৰীয়া । অস্থিৰ হৈ পৰিছে মিৰি। খিৰিকীৰে পদূলিমূৰত ৰৈ থকা বকুল জোপালৈ চাই মনতে ভাবিলে ‘এতিয়াৰে পৰা পদূলিমূৰত আৰু বকুল নসৰে, জাকালি জুহালত জুয়ো নজ্বলিব, সন্ধিয়াবোৰ আৰু জীপাল নহয় তোৰ ৰসাল সাধুকথাৰে মূৰৰ ওপৰৰ আকাশখনো আৰু বিচাৰি নাপাম । তই নাই যে আইতা, সেইবাবে। ‘
খিৰিকীৰে মিৰিয়ে দেখিলে দূৰৈত কুসুম খুৰীয়েকহঁতৰ ঘৰত কোনোবাই লেম্প, চাকি জ্বলাইছে, অকণি অকণিকৈ পোহৰ হৈ উঠিছে কুসুম খুৰীয়েকৰ সৰু মৰমলগা ঘৰখন। কুসুম খুৰীয়েকহঁত সিহঁতৰ ঘৰৰ পৰা গ’ল হ’ব পায়, তাইক বা কিয় মাত এষাৰ দি নগ’ল! তাই শোৱা বুলিয়েই ভাবিলে চাগৈ। তায়ো যাব নেকি তেওঁলোকৰ পাছে পাছে অলপ পোহৰ বিচাৰি,
মূৰ গুঁজি চকুলো বাকিব পৰা আইতাকৰ দৰে এখনি আকাশৰ ঠিকনা বিচাৰি…
ফোন : ৯৮৬৪১-৮৯৭৪৫
Comments are closed, but trackbacks and pingbacks are open.