বাসৱী কাশ্যপ
শীতৰ ঠাণ্ডা বতৰত স্কার্ফ (scarf) আৰু শ্বল (shawl) কেৱল উষ্ণতাৰ বাবে নহয়, ফেশ্বনৰ এটা অবিচ্ছেদ্য অংশ। ২০২৫ৰ ট্ৰেণ্ডত প্ৰাকৃতিক টেক্সচাৰ, বোল্ড কালাৰ আৰু মাল্টি-ফাংচনেল ষ্টাইলিং জনপ্রিয়। তলত কেইটামান আইডিয়া দিয়া হ’ল। জাৰৰ দিনকেইটাত কাপোৰবিলাক ট্রেণ্ডি হ’লে নিজকে খুব সুন্দৰ দেখা যায়।
কাশ্মীৰী ঊলঃ
লাক্সাৰিয়াছ ফিল, অতি উষ্ণ। নিউট্রেল কোটৰ সৈতে লুজ ড্রেপ।
আলপাকা ঊলঃ
লাইটৱেট, কিন্তু গৰম। ব্রাইট ৰঙৰ স্কার্ফ অ’ভাৰ ব্লেক জেকেটৰ সৈতে কম্বিনেচন কৰক। ইকো ফ্রেণ্ডলি লুক৷ শ্বলক কেপ ষ্টাইলত পিন কৰক।
চেকড পশ্মিনাঃ
ক্লাছিক আৰু মডার্ন। বেল্টেৰে কঁকালত বান্ধি পঞ্চো ষ্টাইল কৰক।
ট্ৰেণ্ডত থকা কেইটামান ৰংঃ
-আর্থ টোন- কেমেল, অলিভ, ৰাষ্ট ৰেড
-জুয়েল টোন- এমাৰেল্ড গ্রীন, ৰয়েল Blue
-মেটালিক একচেণ্ট- গোল্ড/ছিলভাৰ থ্রেডৰ স্কার্ফ
-মন’ক্ৰম- বগা শ্বলত ৰঙা ফ্ৰিঞ্জ
ষ্টাইলিং হেক (৫ মিনিটত )-
স্কার্ফ দুভাগ কৰি মাজেৰে আনটো অংশ পেলাই দিয়ক। ট্রেঞ্চ কোটৰ সৈতে পার্ফেক্ট। ডাঙৰ শ্বল মাজত ফ’ল্ড কৰি মূৰত পেলাই বেল্টেৰে কঁকাল বান্ধক। অভাৰ্চাইজড লুক। সৰু স্কার্ফ মূৰত বান্ধি ডাঙৰ শ্বল ডিঙিত মেৰিয়াই ল’লেও ধুনীয়া দেখিব ইনফিনিটি স্কার্ফ দুবাৰ লুপ কৰি তলত টার্টলনেক কৰি সুন্দৰ ডিজাইন কৰী ল’ব পাৰে ।
(ব্ৰেণ্ড/বাজেট ইত্যাদি)-
১৫০০ৰ পৰা ২০০০ টকাৰ ভিতৰত হেণ্ডলুম ঊল শ্বল অনলাইনত লাভ কৰিব। অৰিজিনেল কাশ্মীৰী পশ্মিনা শ্বলৰ দাম কিন্তু বেছি।
(কেয়াৰ টিপছ)
মেচিনত ধোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত সংকুচিত হোৱা আৰু অনুভৱ হ’ব পাৰে। হাতেৰে চেপি নিদিব। Surf বা ঊলেন ডিটাৰজেণ্ট ব্যৱহাৰ কৰি সামান্য হাতেৰে সামান্য হেঁচি দিব। সমতল ঠাইত মেলিব বা শুকুৱাব। প্রত্যক্ষ ৰ’দ আৰু গৰম পৰিহাৰ কৰক। প্রত্যক্ষ ৰ’দত শুকুৱাব নালাগে, কিয়নো ইয়াৰ ফলত ৰং ম্লান হ’ব পাৰে, আৰু কেতিয়াও কাপোৰ শুকুৱাই লোৱা যন্ত্ৰ ব্যৱহাৰ নকৰিব ।
-ড্রাই ক্লিন- কাশ্মীৰী/পশ্মিনা।
-ষ্ট’ৰেজে- কাগজত মেৰিয়াই ৰাখক।
-ৰিফ্ৰেছ- ষ্টিম আয়নত লঘু ষ্টিম দিয়ক।
বোনাছ লুক
বগা টার্টলনেক, কেমেল কোট আৰু ৰঙা চেকড স্কার্ফ (লুপ ষ্টাইল)
ডেনিম জেকেট, ক’লা লেদাৰ পেণ্ট আৰু অলিভ শ্বল (পঞ্চো ষ্টাইল)
শীতৰ ফেশ্বনত নিজকে কমফর্ট জনত মিলাই নিজকে ট্রেণ্ডি লুকছ দিয়ক।
কেইটামান তথ্য-
বিশ্বৰ আটাইতকৈ দামী ৰেচমৰ স্কার্ফ হৈছে হেনৰী মেটিছ। জিকা আশ্বাৰ স্কার্ফ ‘Océanie -La Me’, যিটো ৪৮ লাখ ডলাৰত বিক্ৰী হৈছিল । বস্ত্ৰ ডিজাইনাৰ জিকা আশ্বাৰ আৰু শিল্পী হেনৰী মেটিছৰ মাজত সীমিত সংস্কৰণ আছিল এই স্কার্ফ।
স্কার্ফৰ দৈর্ঘ্যঃ আধুনিক শ্বল ২০০ চেঃমিঃ পর্যন্ত আৰু প্ৰতিখন হাৰ্মেছ স্কার্ফ কাৰুকাৰ্যৰ এক মাষ্টাৰপিচ, ডিজাইন আৰু উৎপাদন কৰিবলৈ ১৮ মাহৰ ওপৰত সময় লাগে ।
Comments are closed, but trackbacks and pingbacks are open.