অসমৰ থলুৱা গহনা আৰু ইয়াৰ ভৱিষ্যৎ

92

উজ্জ্বল জ্যোতি দাস

স্বর্ণশিল্পৰ সৈতে অসমীয়াৰ পৰিচয় বহু পুৰণি। এই গহনা-গাঁথৰিৰ ইতিহাস প্রায় দুহেজাৰ বছৰৰো অধিক। এই থলুৱা গহনাই আমাৰ সমাজত অতীজৰে পৰা এক সন্মানজনক স্থান লাভ কৰি আহিছে। জনগোষ্ঠীয় প্ৰব্ৰজনে সমাজ ব্যৱস্থা তথা সভ্যতাৰ পৰিৱৰ্তন সাধিত কৰাৰ ফলত মধ্যযুগত অসমীয়া গহনাই সুকীয়া মর্যাদা পালে। গহনা বা অলংকাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিছৰেই কিন্তু বাটকটীয়া। মিছৰৰ পিৰামিডত ধাতুৰ বহুতো উচ্চখাপৰ আ-অলংকাৰ পোৱা গৈছে।

বিশিষ্ট গহনা ব্যৱসায়ী উৎপল বণিয়াৰ ‘The History of Traditional Assamese Ornament’ নামৰ গ্ৰন্থখনত অসমীয়া গহনাৰ বিষয়ে বিস্তৰভাৱে উল্লেখ আছে। ডিঙিত জোনবিৰি নাকত নাকফুলি/ বিহু মাৰিবলৈ যাও/বিহু মাৰি থাকোঁতে তোমালৈ মনত পৰে/ ইফালে সিফালে চাওঁ।… বিহুগীতত এইদৰে পৰম্পৰাগত অসমীয়া গহনাৰ বিষয়ে উল্লেখ আছে। প্রাচীন কালত অসমৰ সোৱণশিৰি, ধনশিৰি,লোহিত আৰু দিহিং নদীত সোণ পোৱা গৈছিল । অসমৰ সোণ-ৰূপৰ গহনা নির্মিতিত থলুৱা সোণাৰিসকলৰ বিশেষ বৰঙণি আছিল ৷ অসমীয়া গহনা পূৰ্বতে কেৱল সোণেৰেই তৈয়াৰ কৰা হৈছিল যদিও কালক্ৰমত ৰূপৰ ওপৰত কেঁচা সোণ লগাবলৈ লোৱা হ’ল। ৰূপৰ ওপৰত কিছুমানে সোণপানীও চৰায়। আহোমসকলৰ ৰাজত্বকালৰ পৰাই অসমত গহনাৰ প্ৰচলন ব্যাপক ৰূপত হয়।

অসমীয়া মহিলা বা গাভৰুৱে সচৰাচৰ ব্যৱহাৰ কৰা গহনাসমূহ হ’ল— জোনবিৰি, ঢোলবিৰি, জাপি, জেঠীপতা, গলপতা, নেজপতা, শিৰপতা, কপালী, মাদলি, সাতসৰী, চন্দ্ৰহাৰ, কেৰু, থুৰিয়া, জাংফাই, লোকাপাৰ, গামখাৰু মুঠিখাৰু ইত্যাদি। বিহুৱতীয়ে কাণত কেৰু বা কেৰুমণি, জাংফাই কেৰু, ডিঙিত ঢোলবিৰি, জোনবিৰি, ডুগডুগী, গেজেৰা, গলপতা, বেনা, মাদুলি, শিলিখামণি, হাতত গামখাৰু আদি পৰিধান কৰে। এটা সময়ত পুৰুষসকলেও ডিঙি, কাণ আৰু হাতত ‘গামখাৰু’ পৰিধান কৰিছিল। পুৰুষে কাণত ‘লোকাপাৰ’ বুলি এবিধ অলংকাৰ পৰিধান কৰিছিল। পুৰুষসকলে পিন্ধা লঙৰ আকৃতিৰ ‘লংকেৰু’ সৰু আৰু পাতল আছিল। পুৰুষসকলে ডিঙিত পিন্ধা আন এবিধ অলংকাৰ হৈছে ‘মগৰদানা’। মাছৰ বাকলিৰ ঠাঁচত অলংকাৰটি গঢ়া হয়। পুৰুষ আৰু তিৰোতা উভয়ে পিন্ধা এবিধ অলংকাৰ আছিল ‘মকৰ কুণ্ডল’। চাৰিটা মগৰ আছিল এই অলংকাৰত। অসমীয়া তিৰোতাই সাধাৰণতে ভৰিত অলংকাৰ পৰিধান কৰা নাছিল। ভৰিত অৱশে খাৰু, পাজোপ আৰু নেপূৰ পিন্ধিছিল কিন্তু সেইবোৰ সোণৰ নাছিল (বিশেষ সহায়ক গ্রন্থ ‘অসমৰ লোককলা’)।

মন কৰিবলগীয়া কথা যে এই সকলো গহনা প্ৰকৃতিৰ আৰু জীৱজগতৰ লগত সম্পর্কিত। জোনবাই, ঢোল, জাপি, শেনচৰাই, জেঠী, ধান, পাৰ, শিলিখা, মটৰ, মাছ আদি আকাৰৰ পৰা ডিজাইনবোৰ প্ৰস্তুত কৰা। যেনে— জোনৰ পৰা অর্ধচন্দ্ৰ, ঢোলৰ পৰা ঢোলবিৰি, শেনচৰাইৰ পৰা শেনপতা ইত্যাদি।

অসমীয়া গহনাৰ বুৰঞ্জী, চীন, পশ্চিমবংগ, মুম্বাই, ৰাজস্থান আদিয়ে অসমীয়া গহনাৰ আৰ্হিত নতুনকৈ প্ৰস্তুত কৰি উলিওৱা সস্তীয়া অসমীয়া গহনাই ক্ষেত্ৰখনলৈ কেনেদৰে ভাবুকি কঢ়িয়াইছে এই বিষয়ে ‘অসমীয়া গহনা-গাঁথৰি বুৰঞ্জী’ গ্ৰন্থখনত আভাষ দিবলৈ লেখক উৎপল বণিয়াই চেষ্টা কৰিছে। ২০১৩ চনৰ পৰাই ডুপ্লিকেট অসমীয়া গহনা-গাঁথৰিয়ে যাতে অসমৰ বজাৰ দখল কৰিব নোৱাৰে, তাৰ বাবে অহৰহ চেষ্টা কৰি অহা বণিয়াই জি আই টেগ লাভৰ বাবেও চেষ্টা কৰিছিল যিটো মনকৰিবলগীয়া ।

কীৰ্তন ঘোষাত শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰি গৈছিল যে ৩৪ পেছাদাৰীৰ ভিতৰত বণিয়া জাতিটোৱে সোণ বা ৰূপৰ অলংকাৰ তৈয়াৰ কৰিছিল। গহনা-গাঁথৰিৰ প্ৰতি অসমীয়া নাৰী আৰু পুৰুষৰ আসক্তি আছিল অতীজৰে পৰা ৷ ৰুক্মিণীহৰণ কাব্যত শ্ৰীমন্ত শংকৰদেৱে গলপতা, সাতসৰী, বাজু আদি বিবিধ প্ৰকাৰৰ অলংকাৰৰ সৰস বৰ্ণনা কৰিছে। প্রাকৃশংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলি অনূদিত ৰামায়ণতো বত্ৰিশ অলং কাৰৰ ভিতৰত অসমীয়া গহনাই ঠাই পাইছিল। হলিৰাম ঢেকিয়াল ফুকনে ঊনৈশ শতিকাতেই অসমীয়া মানুহে ব্যৱহাৰ কৰা গহনা-গাঁথৰিৰ এখনি তালিকা প্রস্তুত কৰিছিল। প্ৰাক্তন অধীক্ষক এফ. চি. হান্নিকৰে অসমীয়া গহনা-গাঁথৰিবোৰ অতি বুদ্ধিমত্তাৰে বনোৱা হৈছিল বুলি উল্লেখ কৰিছিল। অসমৰ প্ৰায়বোৰ অঞ্চলতে একালত একোখন সোণাৰি গাঁও আছিল। বণিয়া সম্প্ৰদায়ৰ লগতে কৈৱৰ্ত আৰু কলিতা সম্প্ৰদায়ৰ লোকো এই শিল্পৰে জড়িত আছিল বুলি। সুকবি নৱকান্ত বৰুৱাই এবাৰ উল্লেখ কৰিছিল— ‘ৰণথলিত ৰণ নাই, ৰং আছে’। নগাঁৱৰ ঐতিহ্যমণ্ডিত ৰণথলি যে আজি অসমীয়া সোণৰ শৈল্পিক বৈচিত্র্য আৰু প্রাকৃতিক সৌন্দৰ্যতাৰে সৰ্বত্ৰ জিলিকি উঠিছে সেই কথাৰেই বোধকৰো তেওঁ উমান দিছিল।

সত্ৰৰ দৰে ধৰ্মীয় অনুষ্ঠানবোৰো সংস্কৃতি ৰক্ষাৰ বাবে পৰম্পৰাগত গহনা শিল্পৰ পোষকতা কৰিছিল। বৰপেটা সত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত এই শিল্পৰ বহুল প্রচলন আছিল। ‘কেৰু’ এই অঞ্চলত নির্মিত এটি প্রধান অলংকাৰ আছিল।

এইবোৰৰ পৰা আমাৰ জাতিটো একালত কিমান সমৃদ্ধিশালী আছিল সেই কথা অনায়াসে জানিব পাৰি। সৌন্দর্যবর্ধনত থলুৱা গহনাই বিশেষ ভূমিকা লৈছিল। পুৰুষ-মহিলা উভয়েই এই গহনা ব্যৱহাৰ কৰিছিল। আজিও অসমীয়া গহনাৰ ক্ষেত্ৰখন নিজস্ব বৈশিষ্ট্যৰে জিলিকি আছে।

কেঁচাসোণ, মিনা আদি প্ৰকৃততে কি ?

কেঁচাসোণ অসমীয়া গহনা প্ৰস্তুতিৰ বাবে ব্যৱহৃত মূল কেঁচামাল। শুদ্ধ ২৪ কেৰেট সোণক বিভিন্ন প্ৰক্ৰিয়াৰ পিছত হাতুৰিৰে পিতি পাত সোণলৈ ৰূপান্তৰিত কৰা হয়। ইয়েই আচলতে কেঁচাসোণ। নির্দিষ্ট গহনা-গাঁথৰি আকাৰটো গঢ় দিবলৈ ‘পাইন’ ব্যৱহাৰ কৰা হয়। পাইন হ’ল দৰাচলতে ৰূপ আৰু কপাৰৰ ৬:১ অনুপাত এক মিশ্রণ। ধাতুবিধ মিহি কৰিবৰ কাৰণে ৰেটি, চেনি, তীখাৰ ফলি আদিৰ সহায় লোৱা হয়। গহনাবোৰত প্রয়োজন অনুসৰি ব্যৱহাৰ কৰা ‘মিনা’ এবিধ চিচা। চিচাখিনি গুড়ি কৰি গহনাৰ ওপৰত লগাই পুৰি গলোৱা হয়। এই মিনা ৰঙা, সেউজীয়া, নীলা, ফিৰোজা, বগা, হালধীয়া আদি বৰণৰ হয়। ডুগডুগী, ঢোলবিৰি আদিৰ ভিতৰৰ খালী অংশত সচৰাচৰ ‘লা’ ভৰোৱা হয়। তাৰ পিছত প্ৰয়োজন অনুসৰি ‘পাথৰ’লগায়। বিভিন্ন সঁজুলিৰ দ্বাৰা নিৰ্মিত সোণ বা ৰূপৰ পটভূমি ওপৰত পিছত সোণপাত খটোৱা হয় ৷ এইখিনিতে উল্লেখযোগ্য যে বৰপেটা গহনাবোৰত সাধাৰণতে পাথৰৰ সলনি মিনা কৰা হয় আৰু পাত সোণৰ সলনি সোণপানী চৰোৱা হয়। যোৰহাটৰ গহনা পদ্ধতিটো নগাঁৱৰ পদ্ধতিৰ সৈতে প্ৰায় একে। কেৱল পটভূমিতো একমাত্ৰ সোণতে কৰা হয় । শুদ্ধসোণতে বাখৰ খটোৱা হয় আৰু পটভূমিৰ পিছফালে মিনা কৰোৱা হয় ৷

সংকটৰ গৰাহত অসমীয়া গহনা শিল্প আৰু বিভিন্নজনৰ মন্তব্য-

এই অসমীয়া গহনা ক্ষেত্ৰখন আজি গভীৰ সংকটৰ গৰাহত। লকডাউন বা ক’ৰ’নাৰ সময়ৰ পৰাই ক্ষেত্ৰখনলৈ বিশেষভাৱে যি সংকট নামি আহিছিল তাৰ পৰা পৰিত্ৰাণৰ উপায় যেন আজি কাৰোৰে হাতত নাই। অসমীয়া গহনা আৰ্হিৰে বাহিৰা দেশৰ বা দেশৰে অন্য প্রান্তই (মুম্বাই, ৰাজস্থান লেখীয়া) বজাৰলৈ যি সস্তীয়া গহনা উলিয়াই দিছে, ইয়ে অসমীয়া থলুৱা গহনাৰ ক্ষেত্ৰখনলৈ ভাবুকি আনিছিল আৰু আজিও ই অব্যাহত আছে। ভূতৰ ওপৰত দানহ পৰা দি লকডাউন-ক’ৰ’নাই গহনা উদ্যোগটিক মাধমাৰ শোধালে বুলি ক’ব পাৰি। এনে এক পৰিৱেশত শেহতীয়াভাৱে ভাৰত চৰকাৰৰ তৰফৰ পৰা জি- আই-টেগৰ স্বীকৃতি প্রদানে গহনা ক্ষেত্ৰখনক এক সকাহ দিবলৈ চেষ্টা কৰা দেখা গৈছে। আহকচোন থলুৱা গহনা শিল্পটিৰে জড়িত বিশিষ্ট উদ্যোগী লখিমী বৰুৱা ভূঞাৰ মুখেৰে এই বিষয়ে কিছু কথা শুনো

২০১৭ চনতেই আচলতে জি আই টেগ লাভৰ বাবে চেষ্টা কৰা হৈছিল। ২০১৭ চনতে আহ্বান জনাইছিলোঁ যে আমাক জি আই টেগৰ দৰে স্বীকৃতি খুবেই প্ৰয়োজন হৈছে। নহ’লে এই উদ্যোগটি শেষ হৈ যাব । কাৰণ এচামে খুব সস্তাত অসমীয়া গহনবোৰ বিক্ৰী কৰিব লাগিছে। স্বর্ণকর্মী কমিটীয়েও এইক্ষেত্ৰত আগভাগ ল’লে । কামখিনি বহুখিনিলৈকে আগবাঢ়িছিল যদিও ক’ৰ’নাৰ বাবে প্রায় দুবছৰ সম্পূৰ্ণ থমকি ৰৈ যাবলগীয়া হ’ল। ২০২২ চনত যাৱতীয় সকলোখিনি কামেই কৰা হ’ল যদিও অজ্ঞাত কাৰণত জি আই টেগ সেইবাৰো পোৱা নগ’ল। মাজুলীৰ মুখা শিল্পই
ইয়াৰ মাজতে কিন্তু জি আই লাভ কৰিলে। যা হওক পলমকৈ হ’লেও এই বছৰৰ এপ্ৰিল মাহত আমি জি আই টেগটো লাভ কৰিলোঁ। ৰণথলি, যোৰহাট, বৰপেটাৰ স্বর্ণশিল্পীসকলৰ ঐক্যবদ্ধ প্রচেষ্টা শলাগিবলগীয়া। আনহাতে এক আলোচনাত চাৰিশ স্বর্ণশিল্পীক পর্যায়ক্রমে জি আই টেগ দিয়া হ’ব বুলি এক সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি এই স্বীকৃতি লাভ কৰিলে এশ শতাংশ বিশুদ্ধতা কিন্তু তেওঁলোকে দিব লাগিব । জি আই টেগ থাকিলে বিদেশলৈও অসমীয়া গহনা পঠিয়াব পৰা যাব। মানুহে নিশ্চিন্তমনে আমাৰ থলুৱা গহনাখিনি ল’ব পাৰিব। সকলোতকৈ ডাঙৰ কথা হ’ব— জি আই টেগ লাভৰ পিছত অসাধু ব্য ৱসায়ীসকলক আমি ধৰিব পাৰিম বা অথ’ৰিটীক তেওঁলোকৰ বিষয়ে অভিযোগ দিব পাৰিম। A, B, C গ্রেডত অসমৰ অসমীয়া গহনাৰ ক্ষেত্ৰ কেইখন ইতিমধ্যে কৰ্তৃপক্ষই ভাগ কৰি দিছে। A গ্রেডত পৰিছে যোৰহাট। তেওঁলোকে কেৱল সোণৰেই কামখিনি কৰিব লাগিব। B গ্রেডত পৰা নগাঁও ৰণথলিয়ে ৰূপৰ ওপৰত সোণপাত লগোৱা ধৰণেৰে কামখিনি কৰিব। C গ্রেডত পৰা বৰপেটাই ৰূপৰ ওপৰত সোণপানী চৰোৱা বা মিনা কৰি সোণপানী চৰোৱা এইধৰণেৰে নিজৰ কামখিনি কৰি থাকিব পাৰিব।….

ড° জয়া চৌধুৰীয়ে (চৰকাৰৰ দ্বাৰা অনুমোদিত স্বাক্ষৰকাৰী আছিল) ইতিমধ্যেই উল্লেখ কৰিছে— “জি আই টেগ সুৰক্ষিত কৰাৰ দিশত কাম কৰি থাকোঁতে আমি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল এই শিল্পৰ বাবে তিনিটা শ্ৰেণীৰ গহনা একেলগে আনি আবেদনখনৰ খচৰা প্ৰস্তুত কৰা, প্ৰত্যেকৰে নিজস্ব সুকীয়া বৈশিষ্ট্য আৰু কাৰুকাৰ্য আছিল। কিন্তু এষ্টেক (ASTEC)ৰ সঞ্চালক ড° জয়দীপ বৰুৱা আৰু তেওঁৰ দলৰ বিশেষজ্ঞৰ নিৰ্দেশনাত আমি এই প্রত্যাহ্বান অতিক্ৰম কৰিলোঁ।’ জি আয়ে অসমৰ যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাই নহয়, ইয়াৰ দ্বাৰা সামগ্ৰীটোক অবাঞ্ছিত ডুপ্লিকেচনৰ পৰাও ৰক্ষা কৰিব বুলিও তেওঁ মত পোষণ কৰিছে।

অসমীয়া গহনাৰ এজন থলৱা স্বর্ণশিল্পী ৰবীন্দ্ৰ হাজৰিকা ওৰফে ধন। জি আই টেগ স্বীকৃতি সন্দৰ্ভত তেওঁ আমাক এইদৰে ক’লে : ‘এই স্বীকৃতি কিমান Protected সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ থলুৱা শিল্পটিৰ ভৱিষ্যৎ। এই শিল্পটিৰে জড়িত মানুহখিনিলৈ ইতিমধ্যে দুর্দশা আহিয়ে গৈছে। উমৈহতীয়া সমস্যা হৈ পৰিছে জড়িত মানুহখিনিৰ বাবে। অতি কমসংখ্যক স্বর্ণশিল্পীহে বর্তমান শিল্পটিৰে জড়িত আছে। তাকো তেওঁলোক অন্য কামৰ সন্ধানত আছে। বেলেগ এটা সুবিধা আহিলে হয়তো লগে লগে এই কাম এৰিব। আজি জি আই টেগ লাভে বজাৰৰ পৰা হাইব্রিড গহনাখিনি আঁতৰ কৰাত যদি বলিষ্ঠ ভূমিকা ল’ব পাৰে শিল্পীটোৱে নতুন এটা জীৱন পাব।’

আমি আশা ৰাখিম জি আই টেগ স্বীকৃতি লাভৰ পিছত অসমীয়া থলুৱা গহনাৰ থলুৱা শিল্পীসকলে নতুন উদ্যমেৰে কামত লাগি ঐতিহ্যমণ্ডিত শিল্পটিক পুনৰ সঞ্জীৱিত কৰি তুলিব। এই শিল্পৰ জৰিয়তে আমাৰ জাতিটোৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকেই প্ৰয়াস কৰিব লাগিব।

You might also like

Comments are closed, but trackbacks and pingbacks are open.