১২ ফাগুন, বুধবাৰ , ইং ২৫ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে, মনৰ আশা ভংগ হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য সন্মুখীন হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলে পঢ়া শুনাত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন বন্ধুৰ সান্নিধ্য লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, মনৰ আশা পূৰণ হ’ব লগতে আজি সমাজ কৰ্মী সকলে সামাজিক কৰ্মত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, লগতে আজি আপুনি কৰ্মত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, কৰ্মত উন্নতি সাধন হব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, লগতে আজি আপুনি ঘৰুৱা কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব লগতে আজি আপোনাৰ পুৰণি বিবাদ নিষ্পত্তি হোৱাৰ যোগ দেখা যায়
Comments are closed, but trackbacks and pingbacks are open.