জিৰণি লোৱাৰ কলা

46

মূলঃ ডৰিয়াছ ফ’ৰ’
অনুবাদ- ডাঃ কৰুণা হাজৰিকা

সাধাৰণতে আমি যেতিয়াই আমাৰ জীৱনটোৱে সম্পূর্ণভাৱে ব্যস্ততাভৰা বুলি অনুভৱ কৰোঁ, তেতিয়াই আমাৰ প্ৰথম প্ৰবৃত্তিগতভাৱে আৰু ব্যস্ত হ’বলৈ চেষ্টা কৰোঁ আৰু তাৰ ফলাফল পাবৰ বাবে প্রস্তুত হওঁ বা আশা কৰোঁ। সেই অনুপাতে আমি অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ আৰু আমাৰ বেছিভাগেই আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰোঁ। ফলস্বৰূপে আমাৰ ছুটীৰ দিনবোৰ নানান কার্যকলাপেৰে নতুন নতুন পৰিকল্পনা কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আমি কেনেকৈ জিৰণি ল’ব লাগে তাক পাহৰি যাওঁ বা তাক উপেক্ষা কৰোঁ। সেয়ে মই কওঁ জিৰণিৰ কলা আমি সকলোৱে শিকিব লাগিব ।

জিৰণিৰ ক্ষেত্ৰত ভিয়েটনামী জেন বৌদ্ধ ধৰ্মৰ সুবিখ্যাত সন্ন্যাসী থিচ নাট হানে তেওঁৰ গ্ৰন্থ ‘দ্য হাৰ্ট অৱ দ্য বুদ্ধ’ছ টিচিং’ত এই কথাটোৰ বিষয়ে অতি উত্তমভাৱে কৈছে—

‘আমি সকলোৱেই যেতিয়া বেমাৰত পৰোঁ, তেতিয়া আমি কেৱল চিন্তা কৰোঁ। চিকিৎসক আৰু ঔষধ বিচাৰোঁ, কিন্তু আমি কেতিয়াও জিৰণিৰ কথা নাভাবো বা ৰৈ নাযাওঁ। ছুটীৰ বাবে সাগৰৰ পাৰলৈ বা পাহাৰলৈ গ’লেও আমি জিৰণি ল’বলৈ চেষ্টা নকৰোঁ, সেয়ে আগৰ তুলনাত অধিক ভাগৰুৱা হৈ উভতি আহোঁ। আমি জিৰণি ল’বলৈ শিকিব লাগিব।’

“When we humans get sick, we just worry, We look for doctors and medicine, but we don’t stop. Even when we go to the beach or the mountains for a vacation, we don’t rest, and we come back more tired than before. We have to learn to rest.”

আৰোগ্য আৰু মানসিক সন্তুলন বজাই ৰাখিবৰ বাবে আমি আমাৰ সকলো কামৰ বাবে আৰু নবীকৰণৰ বাবে সময় উলিওৱাটো কেৱল শৰীৰৰ বাবেই নহয় মনৰ বাবেও গুৰুত্বপূৰ্ণ। জিৰণি যি ধৰণৰে নহওক কিয় এনে এক কলা যিয়ে আমাৰ মানসিক শান্তি আৰু শাৰিৰীক শক্তি পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে। আমাৰ অন্তদৃষ্টি চোকা কৰিব পাৰে আৰু আমাৰ জীৱনলৈ অধিক মাত্ৰাৰ ভাৰসাম্য আনিব পাৰে। এই জিৰণি লোৱাটোৱে আমাক ফোনৰ বেটাৰী ৰিচাৰ্জ কৰাত সহায় কৰাৰ দৰে, যাতে আমি আমাৰ জীৱনৰ সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰো তাৰ প্ৰতি সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ই মানসিক চাপৰ মাত্ৰা আৰু ক্লান্তি হ্ৰাস কৰাত, জ্ঞানমূলক ক্ষমতা উন্নত কৰাত আৰু মনোযোগ বৃদ্ধি কৰাত প্রত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰিব পাৰে।

আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে জিৰণি অতি প্রয়োজনীয়। সেইবাবেই থিচ নাট হানে আমাক গুৰুত্বসহকাৰে জিৰণি ল’বলৈ সকীয়াই দি কৈছে—

‘ৰৈ যোৱা অৰ্থাৎ কোনো কামত ক্ষন্তেক অপেক্ষা কৰা, নিজকে শান্ত কৰি ৰাখা আৰু জিৰণি লোৱাটো আৰোগ্যৰ পূৰ্বচত। যদি সঠিক সময়ত আমি আমাৰ গতি বা কামৰ বোজা বন্ধ কৰিব নোৱাৰোঁ, তেন্তে আমাৰ ধ্বংসৰ গতিপথ সুচল হৈ পৰিব আৰু ই নিৰ্বিঘ্নে কেৱল চলি থাকিব ।

“Stopping, calming, and resting are preconditions for healing. If we cannot stop, the course of our destruction will just continue.”

নিজৰ মানসিক চিন্তা আৰু শৰীৰক শান্ত কৰিব পাৰিলে আমি আমাৰ নিৰাময় প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হ’বলৈ মুকলি হ’ব পাৰো, যিয়ে আমাক প্রকৃত শান্তি দিয়ে। আপোনাৰ জিৰণি অধিক সুলভ কৰি তোলাৰ উদ্দেশ্যে কিছুমান উপায় তলত আগবঢ়োৱা হ’ল।

উপযুক্ত মানৰ জিৰণি লোৱাৰ বাবে সহজ উপায়

আপুনি আপোনাৰ টোপনিৰ প্ৰতি সজাগ হওক। যথেষ্ট টোপনিৰ প্ৰতি লক্ষ্য ৰাখক বা ল’বলৈ চেষ্টা কৰক। শাৰীৰিক আৰু মানসিক আৰোগ্য লাভৰ বাবে টোপনি অতি প্রয়োজনীয়, গতিকে প্রতি নিশাই পর্যাপ্ত পৰিমাণে মানসম্পন্ন টোপনি যোৱাটো নিশ্চিত কৰক। কোনো ধৰণৰ ডাঙৰ শব্দ বা উজ্জ্বল পোহৰ নথকা আন্ধাৰ কোঠাত ৭ৰ পৰা ৯ ঘণ্টা নিৰৱচ্ছিন্নভাৱে জিৰণি লোৱাৰ লক্ষ্য ৰাখক । শুই উঠাৰ আগৰ নিয়মীয়া ৰুটিনত সামান্য যোগাভ্যাস বা আঁঠু লৈ থাকক, কিয়নো ইয়াৰ দ্বাৰা সুস্থ টোপনিৰ অভ্যাস যেনে সোনকালে টোপনি অহা আৰু বেছি সময় টোপনি অহাৰ দৰে অভ্যাস বজাই ৰখাত সহায় কৰে ।

আপুনি আপোনাৰ সকলো কামৰে সীমা নিৰ্ধাৰণ কৰক। প্রতিদিনে কাম, পৰিয়ালৰ দায়িত্ব বা মানসিক চাপ আৰু হেঁচা সৃষ্টি কৰিব পৰা অন্যান্য প্রতিশ্রুতি বা এৰাব পৰা কামৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক আৰু নিজকে সময় দিয়ক। এই বিশেষ সময়টো বিশেষভাৱে নিজৰ বাবে নিবেদিত আধা ঘণ্টাৰো কম হ’ব পাৰে। সেই সময়ত কোনো ফোন বা অন্য যিকোনো প্ৰকাৰৰ পৰিকল্পনা কৰা বাদ দিয়ক আৰু অন্য ডিজিটেল ব্যৱস্থাৰ কাৰণে নিজেই নিজকে কোনো অনুমতি নিদিব। এই বিশেষ সময়কণৰ আশে-পাশে এক সীমা নির্ধাৰণ কৰক যাতে আপুনি এই সময় কণত ‘অসার্থক বা অউৎপাদনশীল’ (Non-productive) হোৱাৰ বাবে নিজকে দোষী বুলি অনুভৱ নকৰাকৈয়ে সঁচাকৈয়ে মানসিকভাৱে শিথিল হ’ব পাৰে।

পাৰিলে এদিন গোটেই দিনটো বিৰতি লওক। আনকি যেতিয়া আমাৰ ব্যস্ততা বাঢ়ি যায় থাকে, তেতিয়াও আমি মানসিক শক্তিৰে হতাশ আৰু শৰীৰৰ শক্তি বঢ়াবৰ বাবে গোটেই দিনটোত কম সময়ৰ বাবে কামৰ পৰা অব্যাহতি লোৱাটো গুৰুত্বপূৰ্ণ। ইয়াকে ব্রেক বোলা হয় । আপুনি যেতিয়া ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰে তেতিয়া পাঁচ মিনিটৰ বাবে দীঘল দীঘল উশাহ লওক, কাম এৰি বাহিৰলৈ ওলাই যাওক আৰু অলপ খোজ কাঢ়িবলৈ অভ্যাস কৰক, নিজৰ মাংসপেশী বোৰ ষ্ট্ৰেছ কৰক, বা চাহ একাপ বা পানি এগিলাচ খাওক— এই সকলো কার্যকলাপে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে শিথিল আৰু সজীৱ হোৱাত সহায় কৰিব।

মনত অহা যিকোনো নেতিবাচক চিন্তাধাৰাক পৰাস্ত কৰিবলৈ প্ৰস্তুত হওক। নেতিবাচক চিন্তাই শক্তিৰ মাত্ৰা দ্রুতভাৱে ক্ষয় কৰিব পাৰে, গতিকে যিকোনো অসহায় বা নেতিবাচক চিন্তাধাৰাক ইতিবাচক চিন্তাধাৰাৰে প্ৰত্যাহ্বান জনোৱাটো গুৰুত্বপূৰ্ণ (উদাহৰণস্বৰূপে ভাবক, ‘মই যথেষ্ট ভাল নহয় যদিও ম‍ই মোৰ জীৱনত ইতিমধ্যে বহু ভাল কাম কৰিছো বা লাভ কৰিছোঁ’ আৰু এই ভাবি যিকোনো নেতিবাচক চিন্তাধাৰাক প্ৰতিহত কৰিব পাৰি)। নিজক ভাল পাবলৈ শিকক আৰু নিজৰ প্ৰতিটো কথাত সজাগ হওক আৰু নিজৰ প্ৰতিও দয়াৰ ভাব পোষণ কৰক, ইয়াৰ দ্বাৰা আপুনি বহু দূৰলৈ যাব পাৰে । যদি আপুনি নিজৰ কোনো বিশেষভাৱে কঠিন চিন্তাত ভুগিছে, তেন্তে সেইবোৰত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে নিজকে সমৰ্থন কৰিবলৈ চেষ্টা কৰক, দেখিব তাৰ ফল সময়ত আপোনাৰ উপযোগী হ’ব।

প্রতিদিনে অলপ-অচৰপ হ’লেও সামান্য ভাৱে শাৰীৰিক ব্যায়াম কৰি দৈনিক শৰীৰটো সুস্থিৰ কৰি ৰাখক ৷ শৰীৰটো এইদৰে ব্যায়াম কৰাৰ অৰ্থ এইটো নহয় যে প্রতিদিনে জীমত গৈ বিশেষভাৱে ব্যায়াম কৰিব লাগে আৰু শেষত আপুনি ক্লান্ত অনুভৱ কৰিব। বৰঞ্চ ই হৈছে মানসিকভাৱে নিজেই সুস্থ অনুভৱ কৰা, সুচলভাৱে চলাচল কৰাৰ উপায় বিচাৰি উলিওৱা যেনে- সেউজীয়া প্রকৃতিত খোজ কঢ়া, সামান্য প্ৰকাৰৰ যোগাসনৰ ক্লাছত অংশগ্ৰহণ কৰা, আনকি কেৱল আপোনাৰ বহা কোঠাৰ চাৰিওফালে নাচি থকা (মই এনেকুৱা এজনক চিনি পাওঁ যিয়ে প্রায় প্রতিদিনে এই কাম কৰে)। যিকোনো ধৰণৰ গতিবিধি যিয়ে আপোনাৰ মেজাজ বৃদ্ধি কৰে (আৰু আপোনাক ক্লান্ত নকৰে) তেনে ব্যৱস্থা লওক। এই সকলোবোৰকে জিৰণি হিচাপে গণ্য কৰা হয় ।

আমি জানো বিশ্রামক অগ্ৰাধিকাৰ দিয়াটো সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ এক অপৰিহাৰ্য উপাদান। আমাৰ ব্যস্ত জীৱনত আমাৰ চৌপাশৰ হেঁচাত বলি হোৱাটো অতি সহজ আৰু পিছুৱাই যোৱাৰ গুৰুত্ব আৰু নিজকে যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত কৰিবলৈ সময় দিয়াৰ গুৰুত্ব পাহৰি যোৱাটো অতি সহজ।

মনত ৰাখিব জীৱনৰ প্ৰতিটো মুহূৰ্তই হৈছে ভালকৈ জীয়াই থকাৰ এক নতুন সুযোগ। যদি আপুনি অনুভৱ কৰে যে আপুনি আগতে জিৰণি লোৱাক অগ্ৰাধিকাৰ দিয়া নাছিল, তেন্তে নিজকে পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰক। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব বা ইয়াৰ পাছত খেদি ফুৰা আৰু অভিলাষী হোৱাটো বন্ধ কৰিব লাগিব। জীৱনত নিজৰ উৎকৃষ্টতাৰ বাবে চেষ্টা কৰি যাওক। আৰু মনত ৰাখিব যে জিৰণি কেৱল বিলাসিতা নহয়, ভাল জীৱন যাপনৰ এক স্বাভাৱিক অংশ আৰু উপযুক্ত বা উচিত ফলপ্রাপ্তিৰ এক সুচল আৰু লাগতিয়াল পথ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.