প্ৰণীতা ৰাণী বৰা
লাহেকৈ গেটখন খুলি অভিজিত বৰুৱা সোমাই আহিল। বাৰাণ্ডাতে তেওঁৰ পত্নী অৰুণাই পায়চাৰি কৰি আছে। বৰুৱাই গেটখন বৰ লাহেকৈ খুলিলে সেয়ে তাৰ শব্দ অৰুণাৰ কাণত নপৰিলগৈ। কিন্তু হঠাৎ কিবা এটা ভাবি ৰাস্তাৰ ফালে চাওঁতে বৰুৱাক দেখা পালে।
অ’ আপুনি পালেহি। মই আপোনালৈকে বাট চাই আছোঁ ৷
কিয়? তোমাক অস্থিৰ যেন লাগিছে যে কিবা চিন্তাত পৰিছা ?
চিন্তাত পৰা নাই। আনন্দিতহে হৈ আছোঁ ৷ কেৱল আপুনিহে মই মানুহজনী উৎফুল্লিত হৈ থাকিলেও চিন্তান্বিত যেন দেখা পায় ।
অ’ দোষ তবে হ’লে মোৰহে। বৰুৱাই কিঞ্চিৎ হাঁহি ক’লে।
হুম বুলি অৰুণাই কৃত্ৰিম খং দেখুৱালে।
বাৰু হ’ব, কোৱাচোন, তোমাৰ আনন্দৰ ভাগ মোকো দিয়া ।
বয়সৰ লেখেৰে ৬২ বছৰীয়া বৰুৱা আজিকালি খুব কমেইহে উৎফুল্লিত কিম্বা চিন্তান্বিত হয়। হয়তো স্থিতপ্রজ্ঞ হোৱাৰ লক্ষণ এয়া। সেয়ে তেওঁতকৈ বাৰ বছৰৰ সৰু পত্নী অৰুণাই সেয়া মাজে মাজে অনুভৱ কৰিব নোৱাৰে । অলপ পাছত অৱশ্যে বুজি পায়। তেতিয়া আকৌ নিজৰ ওচৰতে লজ্জিত হোৱাৰ নিচিনা হয়। নোকোৱা কিয়? মোৰো শুনিবলৈ বৰ মন গৈছে।
হয়নে? শুনক তেন্তে। আমাৰ নীলিমে জাপানৰ এটা ডাঙৰ কোম্পানীৰ লগত আজি চুক্তি স্বাক্ষৰ কৰিলে । অহা মাহৰ এক তাৰিখৰ পৰা সি নতুন কামত যোগদান কৰিব । এতিয়া কৰি থকা মুম্বাইৰ কোম্পানীৰ পৰা কালি অব্যাহতি লৈ কেইদিনমানৰ বাবে তামিলনাডুলৈ যাব আজি।
একে উশাহতে কথাখিনি কৈ অৰুণাই সুখী মুখখনেৰে বৰুৱালৈ দৃষ্টি নিক্ষেপ কৰিলে। ভাবিছে বৰুৱা বাৰু তাইৰ নিছিনা সুখী হৈছেনে…
অ বৰ ভাল খবৰ। বাৰু যোৱাচোন মোলৈ পানী এগিলাচ আনা । অহ আৰু… এই গামোচাকেইখন আৰু কিতাপকেইখনো লৈ যোৱা।
অৰুণাই বস্তুকেইপদ হাতত লৈ ভিতৰলৈ গ’ল। মনতে ভাবি গ’ল পানী গিলাচ দি ধুনীয়াকৈ বৰুৱাই ভালপোৱা গাখীৰ চাহ দুকাপ বনাওঁগৈ । তাৰ পিছত বাৰাণ্ডাতে বহি পুত্ৰৰ পৰা পোৱা সুখকণৰ আমেজ ল’ম।
আজি শিক্ষক দিৱস। অৱসৰপ্ৰাপ্ত শিক্ষক অভিজিত বৰুৱাক আজি ওচৰৰ বিদ্যালয়খনলৈ নিমন্ত্ৰণ কৰিছিল। সম্বৰ্ধনা জ্ঞাপন কৰিলে তেওঁক। সৰল অথচ তীক্ষ্ণ আৰু গম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী বৰুৱাক দেখিলে উচ্ছৃংখল স্বভাৱৰ পিলিঙাটোও শিৰ দোঁ খায়। আজি তেওঁ যাব বুলি জানি কেইবাগৰাকীও তেওঁৰ পুৰণি সতীর্থ দহোবন কাটি কৰি সভাখনত উপস্থিত থাকিল। তেওঁৰ বক্তব্য, পৰামৰ্শ শুনি কেৱল ছাত্র-ছাত্রী সকলেই নহয় এসময়ৰ সতীৰ্থ সকলো উপকৃত হৈছিল বুলি তেওঁলোকৰ মাজৰে এজনে আজিৰ সভাতেই ক’লে। কথাখিনিয়ে তেওঁক স্পৰ্শ কৰিলে কিন্তু উৎফুল্লিত হৈ নুঠিল। সভাত পোৱা সকলোৰে মৰম, শ্ৰদ্ধা আশিস বুলি লৈ ঘৰমুখী হৈছিল। বাটতে কনক ককাইদেউৱে পায় ইমানেই কথাৰে মৰম, শ্ৰদ্ধা যাচিলে যে সেৱা কৰিবলৈহে বাকী। কাৰণটো হ’ল বেয়া বস্তু মুখত দি অধঃপতনে যাব খোজা তেওঁৰ একমাত্ৰ ল’ৰাটোক এইজন বৰুৱাই সৎ পথলৈ আনি আজি নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ মানুহ কৰিলে। বৰুৱাই কথাখিনি জানি সুখ পালে কিন্তু আনন্দত উৎফুল্লিত নহ’ল। লাহেকৈ কথা সামৰি ঘৰ পাই নীলিমৰ খবৰটো পাই সুখী হ’ল, কিন্তু অৰুণাৰ দৰে আনন্দত আত্মহাৰা হৈ নুঠিল ৷ এয়া তেওঁৰ স্বভাৱ। সৰুৰে পৰাই বৰুৱাৰ চিন্তা, আচৰণবোৰ তেনেকুৱাই । এতিয়া আকৌ বয়সো বাঢ়ি আহিছে। গতিকে….
দিনবোৰ গৈ আছে। নীলিমৰ গৌৰৱত গৌৰৱান্বিত মাক অৰুণাই আজিকালি সমনীয়া চিনাকি দুই একৰ ওচৰত অলপ ফুটনিও মাৰিবলৈ লৈছে। কথাই কথাই আমাৰ নীলিমহঁতৰ তাত অমুক-তমুক, জাপানত অমুক কৰে তমুক কৰে… ইত্যাদি।
‘পিছে নীলিম লাষ্টবাৰ কেতিয়া ঘৰলৈ আহিছিল? আজিকালি আকৌ পঢ়িবলৈ ওলাই যোৱা ল’ৰা-ছোৱালীৰ ঘৰলৈ অহাৰ মনেই নাথাকে। বিদেশত চাকৰি পালেতো হ’লেই। তাতে বিদেশী এজনীক বিয়া কৰাই ঘৰলৈ পিঠি দিয়ে। মাক-দেউতাকৰ শেষ সময়ৰ আশ্রয়স্থল বৃদ্ধাশ্রমহে হয়গৈ।’ শইকীয়ানীয়ে অলপ নাৰ্ভাৰ্ছ কৰাওঁ বুলিয়েই সুধিলে।
‘নাই মানে সি নহা অলপ দিন হ’ল। কিন্তু পুৱা-গধূলি মোলৈ ফোন কৰে। ঘৰত থকাৰ দৰেই লাগে। আচলতে সি এটা উচ্চ পদবীত অধিষ্ঠিত হোৱা বাবে ব্যস্ততা বেছি।’ তললৈ ননমাকৈ অৰুণাই কথাখিনি ক’লে যদিও মনতে ভাবিলে অলপ দিন মানে অহা মাঘ বিহুত চাৰি বছৰ হ’ব। সঁচাকৈয়ে নীলিমৰো ঘৰখন লৈ টান নাই নেকি? এসময়ত সিও মাক-দেউতাকক এলাগী কৰিব নেকি? শেষ বয়সত অৰুণাহঁত যদি বৃদ্ধাশ্রমতহে থাকিব লগা হয় কি হ’ব বাৰু? নাই নাই শইকীয়ানী আচলতে ঈর্ষান্বিত হৈছে। সেয়ে এনেদৰে কৈ আচলতে অৰুণাক ‘ডাউন’ দিছে। কথাবোৰ এখেতৰ লগত পাতিব লাগিব। ভাত খোৱা বাচনকেইটা ধুই হ’ল যেতিয়া পাকঘৰটো সামৰি অকণমান বিছনাত বাগৰ দিয়াৰ সময়তে কথাষাৰ উলিয়াম।
টিংটং…
কলিংবেলৰ শব্দ শুনি বৰুৱা ওলাই আহিল। পিছে পিছে অৰুণা। দৰ্জাখন খুলি বৰুৱাই অচিনাকি যুৱকজনক দেখা পায় ৷
ছাৰ নমস্কাৰ ৷ ভালে আছে?
অ’ অ’ আছোঁ। চাৱনিত আগন্তুকক চিনি যে পোৱা নাই স্পষ্ট হ’ল ৷
মোক চিনি পোৱা নাই নহয় জানো ছাৰ ৷
নহয় মানে ঠিক ধৰিব পৰা নাই । কিন্তু তুমি মোৰ ছাত্ৰ আছিলা নেকি বাৰু? আহাচোন আহা ভিতৰলৈ বুলি যুৱকজনক মাতি আনি ভিতৰত বহিবলৈ দিলেহি। তাৰ পিছত সুধিলে ভালকৈ কোৱাচোন।
হয় ছাৰ মই আপোনাৰ ছাত্ৰ কৌশিক বৰা । ঘৰ গৰৈমাৰীত। আপোনাৰ ওচৰত মই গণিত আৰু বিজ্ঞান পঢ়িছিলোঁ। বিদ্যালয় আধাতে এৰি দিন হাজিৰা হিচাপে ৰাস্তাৰ মেৰামতি কামত ধৰিছিলোঁ । এদিন আপুনি আপোনাৰ ল’ৰা নীলিমৰ স্কুল বাছলৈ ৰৈ থাকোঁতে মোক দেখি মাতি আনি কথা পাতিছিল। তাৰ পাছত আপোনাৰ বিদ্যালয়তে নামভর্তি কৰাইছিল। স্কুল ছুটীৰ পাছত ঘৰলৈ মাতি আনি এপইচাও নোলোৱাকৈ গণিত, বিজ্ঞান পঢ়ুৱাইছিল। অৱশ্যে তেনেকুৱা কেইবাজনো ছাত্র-ছাত্রী আছিল। সেয়ে চাগৈ আপুনি মোক পাহৰিছে।
বাৰু এতিয়া কি কৰি আছা ?
এতিয়া মই শিক্ষক। আজি দুমাহ আগতে আমাৰ ওচৰৰ গৰৈমাৰী হায়াৰ ছেকেণ্ডেৰীত গণিত শিক্ষক হিচাপে যোগদান কৰিছোঁ।
বৰুৱাই বৰ সুখ পালে কথাষাৰ শুনি। আৰু অৰুণাক ক’লে দেখিছা মোৰ ছাত্ৰৰ কৃতিত্ব যোৱা কিবাকিবি বনোৱাগৈ ।
অৰুণাৰো মন ভৰি গ’ল। অ’নিশ্চয়, তুমি বহা মই আহি আছোঁ।
নালাগে বাইদেউ। আজি একো নাখাওঁ । পানী এগিলাচ দিলেই হ’ব। শিক্ষক দিৱসৰ দিনাই মোৰ অহা কথা আছিল, কিন্তু নতুনকৈ যোগদান কৰা বিদ্যালয়খনত অলপ ব্যস্ত হ’ব লগা হ’ল।
আজি আচলতে ছাৰক সেৱা এটা জনাবলৈহে আহিছোঁ।
এনেকে নহ’ব। পানী গিলাচ খাই লোৱা। অলপ বহা। মই কিবা অকণমান দিম, খাব লাগিব বুলি অৰুণা ভিতৰলৈ গ’ল।
বৰুৱাক ডিঙিত গামোচাখন দি আৰু কিতাপৰ টোপোলাটো আগবঢ়াই কৌশিকে আঁঠু কাঢ়িলে। বৰুৱাই তাক দুবাহুত ধৰি উঠাই দিলে। শ্রদ্ধা, সেৱা অন্তৰৰ বস্তু আঁঠু কাঢ়ি ইয়াক নকৰিলেও হয়। অন্ততঃ মোক। গতিকে উঠা। কথা পাতা।
ইতিমধ্যে অৰুণাই চাহৰ টেবুললৈ মাতিলেহি। তিনিও আনন্দ মনেৰে বৰ সুন্দৰকৈ পাৰ কৰিলে সময়খিনি। তাৰ পিছত মাজে মাজে আহি থাকিম বুলি কৈ কৌশিক গ’লগৈ।
খবৰটো পাই অৰুণা হতভম্ব। শিলপৰা কপৌ হ’ল। বৰুৱাই সহজভাৱে স্বীকাৰ কৰিছে। আজিৰ যুগৰ ল’ৰা-ছোৱালীৰ সিদ্ধান্তবোৰ অলপ বেলেগ হয়। সিহঁতৰ এচামে কম বয়সতে বিয়াত বহিবলৈ অস্বীকাৰ কৰে। জীৱনটো গঢ়ি লৈ অলপদিন বান্ধোনহীন হৈ থাকি Life Enjoy কৰো বুলি লওঁতেই কেতিয়ানো ৩৪-৩৫ বছৰীয়া হয় উমানকে নাপায় ৷ তাৰ পিছত খৰধৰ কৰিবলগীয়া হয় বিয়াৰ বাবে। কেতিয়াবা উপযুক্ত সংগীজন পায় কেতিয়াবা নাপায়। নীলিমৰ বয়স অৱশ্যে বেছি হোৱা নাই। সাতাইশ বছৰ। এই বয়সৰ সঠিক সিদ্ধান্তই এয়া। কেৱল ভুল কৰিলে সি মাক-দেউতাকক নজনোৱাকৈ বিয়াখন পাতিলে। জাতি, ধর্ম, ভাষাক লৈ বৰুৱাই মূৰ নঘমায় । কিন্তু তেওঁনো একমাত্ৰ পুত্ৰৰ ছোৱালী এজনী পছন্দ হৈছে এই কথাষাৰ জনাৰ বাবে কিহৰ অনুপযুক্ত হ’ল সেইটোহে বুজি নাপালে। সন্তান যেতিয়া কিশোৰ-কিশোৰী হয় ব্যৱহাৰ তেতিয়াৰ পৰা বন্ধুৰ দৰে হোৱা উচিত। এই কথা বৰুৱাৰ ঘৰখনে বিশ্বাস কৰে। সেয়েহে মাক-দেউতাকৰ লগত সি বন্ধুৰ দৰে। অৱশ্যে দিল্লীত পঢ়িবলৈ যোৱাৰ পাছৰ পৰা সি মাকৰ লগতহে বেছি কথা পাতিবলৈ লৈছিল। এতিয়া চাকৰি পোৱাৰ পাছত ব্যস্ততাৰ বাবে মাকৰ লগতো কথা কমিল । অন্ততঃ অৰুণাই তেনেকৈ ভাবে। এতিয়া সমস্যা হ’ল অৰুণাক লৈ। কোমল মনৰ মানুহজনী পুত্ৰৰ এই কাৰ্যত বেয়াকৈ আহত হ’ল। গোটেই নিশা উজাগৰে থাকিল তেওঁলোক। বৰুৱাই বহু ধৰণেৰে বুজালে অৰুণাক। কিন্তু মাতৃ হৃদয়ে মানি ল’ব পৰা নাই । তাইৰ কিমান যে সপোন আছিল নীলিমক লৈ । উচ্চ ডিগ্ৰীধাৰী, শকত দৰমহাৰ বিদেশৰ নামি কোম্পানীৰ উচ্চ পদবীত কৰ্মৰত চাকৰিয়াল । এক কথাত ঈর্ষণীয় কেৰিয়াৰৰ গৰাকী নীলিম। তাক গঢ় দিওঁতে মাক-দেউতাকৰ কম শ্ৰম হৈছিল নে? তাৰ বিয়াখন হেঁপাহৰ জোখাৰে পাতিবলৈ কোনজনী মাকৰ মন নাযাব বাৰু। হঠাৎ অহা দুখবোৰে মানুহৰ মনত যি ঘাৰ সৃষ্টি কৰে সেয়া কেৱল সময়েহে শুকুৱাব পাৰে। অজস্ৰ মৰমৰ বুজনিয়ে নোৱাৰে। অভিজিত বৰুৱাই এই কথা জানে। তথাপি জীৱনৰ অবিচ্ছেদ্য অংশ অৰুণাক বুজনি দিয়াৰ বৃথা চেষ্টা কৰিলে। পূব আকাশত হেঙুলীয়া আভা দেখি তেওঁ দুৱাৰখন খুলি ওলাই গ’ল। অৰুণা বিছনাতে পৰি ৰ’ল৷
ই-মেইলটো পঢ়ি চালে নীলিমে। দেউতাকৰ মেইল এইটো। পঢ়ি চাই গম পালে তাৰ বিয়াখন এইদৰে হোৱাত মাক ভীষণ অসুখী। দেউতাক বেলেগ। তেওঁ সময়ৰ ডেউকাত উঠি চলিব ভালকৈ জানে। মাকক সি বুজাব লাগিব বিয়াৰ পাৰ্টী এটাটো এতিয়াও গৈ ঘৰত দিবলৈ পাৰিব সি। আচলতে বৰ খৰধৰকৈ সিদ্ধান্ত ল’ব লগা হোৱাৰ বাবে আৰু নতুন কর্মস্থলী লৈ ততাতৈয়াকৈ আহিব লগা হোৱাত খবৰটো মাকহঁতক দিয়া নহ’ল। এইটো অৱশ্যে তাৰ ভুল হৈছে। তাৰ বাবে ক্ষমা বিচাৰিব সি। লগালগ ডোনালৈ মেইল কৰিলে, অহা জানুৱাৰীত সিহঁত অসমলৈ যাব লাগিব। সিহঁতৰ বিয়াৰ পাৰ্টী দিব লাগিব।
অচিনাকি মেইলটো পাই বৰুৱাই খৰধৰকৈ ফাইলটো খুলি পঢ়িলে। ‘দেউতা, সেবা জনাইছোঁ। মই দুঃখিত। আপোনালোকৰ সন্মতি নোলোৱাকৈয়ে নীলিমৰ লগত বিবাহপাশত আবদ্ধ হ’লোঁ। আচলতে এই সিদ্ধান্তত মোৰ ফালৰ পৰা সন্মতি দিবলৈ বা অসম্মতি প্ৰকাশ কৰিবলৈ মোৰ কোনো আত্মীয় নাই। জনা হোৱাৰ পৰা মই এখন অনাথ আশ্ৰমত আছিলোঁ। মোৰ মা-দেউতাক চিনি নাপাওঁ। তেওঁলোক বৰ্তমান জীবিত নে মুত নাজানো। বর্তমান মই দিল্লীস্থিত এটা মাল্টিনেচনেল কোম্পানীৰ কৰ্মচাৰী। নীলিমক মই কৈছিলো আপোনালোকক জনাবলৈ। কিন্তু জনাওঁ জনাওঁকৈ থাকোঁতেই হঠাৎ সি জাপানলৈ যাব লগা হোৱাত ক’ৰ্ট মেৰেজে কৰিব লগা হ’ল । আপোনালোকৰ অসম্মতি থাকিলে মই নীলিমৰ তথা আপোনালোকৰ একো ক্ষতি নোহোৱাকৈ আঁতৰি আহিম। সেৱা জনালোঁ। “ডোনা”
পঢ়ি উঠি মূৰ দাঙি ভিতৰলৈ চাওঁতে অৰণাক তেওঁৰ পিছফালে লৈ থকা দেখা পালে । অৰুণাৰ ফালে স্মার্টফোনটোত থকা মেইলটো আগবঢ়াই দিলে। তাই পঢ়িলে। তাৰ পিছত বহু সময় দুয়ো নীৰৱে বহি ৰ’ল। এজনী ছোৱালীৰ মাতৃ হোৱাৰ হেঁপাহৰ কথা অৰুণাৰ মনলৈ আহিল। বহুদিনৰ আগৰ সেই হেঁপাহ আছিল সেয়া। এতিয়া ঈশ্বৰৰ আশিস হিচাপে সেই ছোৱালীজনীকে যেন তেওঁলোকে পাইছে এনে লাগিল। হাঁহি মাৰি অৰুণাই বৰুৱালৈ চালে আৰু ক’লে তাইক মোৰ ফোন নম্বৰটো দি দিয়ক। বৰুৱাই সামান্য হাঁহি কৈ পেলালে, ‘তেন্তে ডাৱৰ আৰু নাই, নে কি কোবা?’ স্থিতপ্রজ্ঞ মানুহজনে ইয়াতকৈ বেছি কিনো ক’ব ।
ফোন : ৯৪৩৫৪-৩৭২৮৬
Comments are closed, but trackbacks and pingbacks are open.