গল্পঃ অস্তগামী সূৰুযৰ কিৰণ

40

অনুৰেখা শ‍ইকীয়া

ক্লান্ত মনেৰে পদুমে বহি ৰ’ল নাওখনত। দূৰ দিগন্তত সেয়া অস্তগামী সূৰুযে ধৰাৰ পৰা বিদায় ল’বলৈ যো-জা চলাইছে। ৰঙা সূৰুযৰ ৰঙচুৱা আভা গোটেই নদীখনত বিয়পি পৰিছে। ঘৰমুখী পখীবোৰে ডেউকা কোবাই কোবাই নিজ গৃহলৈ ঢাপলি মেলিছে। পদুমে বহি থকা নাওখন পানীখিনিৰ লগে লগে দুলি আছিল। বতাহে কঁপাই থকা তাইৰ পিঠিলৈকে বৈ পৰা দীঘল চুলিকোছা উৰি পদুমৰ চকু মুখ চুইছিলগৈ । আৰু শাৰীৰ আঁচলখন বৈ পৰি নদীৰ পানী চুমিছিলগৈ যদিও তালৈ তাইৰ কোনো কাণসাৰ নাছিল। বোঁৱতী নদীখনৰ পানীৰ শব্দৰ লগে লগে বতাহৰ জিৰিজিৰি শব্দ । আৰু ক্ষন্তেক সময়ৰ পিছতেই অন্ধকাৰে গ্ৰাস কৰি পেলাব সমগ্ৰ পৃথিৱী। ঠিক পদুমৰ জীৱনলৈ নামি অহা ভয়ংকৰ অমানিশাৰ দৰে। দূৰৈত কোনোবা নাৱৰীয়াৰ দৰদী কণ্ঠত নিগৰিছে—

নাও লৈ আনিম গৈ
বোকাৰে পদুম ঐ
সাঁতুৰি আনিমগৈ তোক
তোৰে মৰমে সৰগী পৰশে
সাহসী কৰিছে মোক ।

চকুৰ পানীৰে কৰাল বন্ধা দুগাল ৷ এই অশ্রুসিক্ত আবেলি আজি তেওঁৰেই উপহাৰ নে যাক সদায় নিজৰ বুলি ভাবি আহিছিল তাই। তেৱেঁই আজি তাইক এলাগী কৰি দূৰলৈ ঠেলি পঠিয়াইছে। আনদিনা হোৱা হ’লে তাই এই মায়াময় পৰিৱেশত এটা গল্পকে লিখিলহেঁতেন। কিন্তু আজি যে তাইৰ দেহ আৰু মন দুয়োটাই ক্লান্ত। হয়, আজি যে ভাগৰি পৰিছে তাই। এইবাৰ তাইৰ নাওখনৰ পৰা উঠি এখুজি দুখুজিকৈ আগুৱাই গ’ল নদীখনৰ মাজলৈ। সৰুৰে পৰা এই নৈখনেই তাইৰ সুখ-দুখৰ লগৰী। অন্তৰৰ সমস্ত দুখ হিয়া উজাৰি এই নৈখনকেই যে কৈ আহিছে অতীজৰে পৰা। আৰু আজি তাই নদীখনৰ বুকুতেই সঁপি দিব খোজে নিজক । তেতিয়াহে তাই এই যন্ত্রণাকাতৰ সময়বোৰৰ পৰা পৰিত্ৰাণ পাব ।

সৰুতেই মাকক হেৰুৱাইছিল পদুমে। দেউতাকেই মাক আৰু দেউতাকৰ সকলো মৰম দিছিল ৷ দেউতাক এজন দুখীয়া খেতিয়ক আছিল যদিও কোনোদিনে কষ্টত পৰিবলৈ দিয়া নাছিল তাইক। অতি কষ্টৰে তাইক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল দেউতাকে। দেউতাকৰ সপোনক বাস্তৱ ৰূপ দিবলৈ পদুমেও দিনে-নিশাই কষ্ট কৰিছিল। বি. এ.ত অসমীয়াত অনাৰ্চ লৈ ইউনিভাৰ্ছিটীৰ ভিতৰতে তৃতীয় স্থান লৈ সুখ্যাতিৰে পাছ কৰিছিল পদুমে। আইতাকৰ লগতে বৰ্মাক বৰদেউতাকহঁতে কৈছিল ছোৱালী মানুহ আৰু পঢ়ি কি কৰিব? ভাল ল’ৰা এটা চাই বিয়া দি দে। কিন্তু দেউতাক আছিল নিজৰ মতত অলৰ-অচৰ। প্রথমে নিজৰ পৰিচয় গঢ়া তাৰ পিছতহে বাকীবোৰ। অৱশ্যে দেউতাকে নজনাকৈ পদুমে বি. এ. পঢ়ি থাকোঁতেই নিজৰ হৃদয় সঁপি দিছিল একে গাঁৱৰে মৌজাদাৰৰ পুতেক শ্যামন্তক ৷ যদিও পদুমৰ দেউতাক অজ্ঞাত আছিল পদুম আৰু শ্যামন্তৰ এই সম্পৰ্কৰ বিষয়ে, পদুমে ভাবি থৈছিল সঠিক সময় আহিলে দেউতাকক সকলো ক’ব।

এদিন পদুম গৈছিল গাঁৱৰ পৰা দূৰৈৰ চহৰত এম. এ. কৰিবলৈ আৰু শ্যামন্ত গৈছিল ব্যৱসায়ৰ কামত বেলেগ চহৰলৈ। যোৱাৰ আগতে ইটোৱে সিটোক কথা দিছিল কোনোদিন বেলেগ নোহোৱাৰ । এই নদীৰ পাৰতেই কতদিন সিহঁতৰ লগ হৈছে। এই নদীখন সাক্ষী আছে সিহঁতৰ প্ৰেমৰ। শ্যামন্তই পাহৰিলেও পদুমে কেতিয়াও নাপাহৰে। শেষ মিলনৰ দিনাও এই নদীৰ পাৰত এই ঘাটতেই দেখা-সাক্ষাৎ হৈছিল সিহঁতৰ । পদুমৰ আজিও মনত আছে সেই দিনটো।

> পদুম মোক পাহৰি নাযাৱতো ?

> তোক পাহৰিলে দেখোন মই নিজকেই পাহৰিব লাগিব। তই তোক মোৰ পৰা পৃথক বুলি কিয় ভাবিলি ?

> তথাপিও পদুম পৃথিৱীখন বৰ স্বাৰ্থপৰ অ’। তই স্বাৰ্থপৰ নহ’বি। সদায় মোৰ বুকুৰ পদুমজনীয়েই হৈ থাকিবি ।

> তই যদি স্বাৰ্থপৰ হৈ যাৱ। চকুৰ দূৰ হ’লে বোলে মনৰো দূৰ হয় ৷

> মই আহি থাকিম তোক লগ পাবলৈ মাজে মাজে।

> আহিবি। আৰু শুন চিঠি নিলিখাকৈ নাথাকিবি ।

> উম চিঠি দি থাকিম। আৰু তোৰ পঢ়া শেষ হ’লেই মই দেউতাক তোৰ ঘৰলৈ পঠাম। আমাৰ বিয়াৰ কথা পাতিবলৈ।

> ময়ো দেউতাক ক’ম এইবাৰ যোৱাৰ আগতে তোৰ কথা ।

> চাওঁ হাতটো দেচোন ।

> কিয় ?

পদুমে তাইৰ হাতটো আগবঢ়াই দিয়াত শ্যামন্তই এটি চিকমিকাই থকা ৰূপৰ আঙঠি তাইক পিন্ধাই দিয়ে। এইটো আমাৰ প্ৰেমৰ চিনস্বৰূপে তোক পিন্ধালো। অতি সোনকালেই আমি দুয়ো এক হ’ম। লাজতে মৰহিছিল পদুম। শ্যামন্তই বুকুৰ উমাল পৰশেৰে ঢাকিছিল পদুমৰ লাজুকী মুখ ৷

শ্যামন্তৰ লগত কটোৱা ভাল লগা সময়বোৰে তাইৰ হৃদয়খন থকাসৰকা কৰিলে। ইমানদিনে মানে শ্যামন্তই তাইৰ লগত কেৱল খেলাহে কৰিছিল প্ৰেমৰ নামত। তাইৰ লগত প্ৰেমৰ সম্বন্ধত বান্ধ খাই থাকোতেই শ্যামন্তই কেনেকৈ সেই ব্যৱসায়ীজনৰ জীয়েকৰ লগত বিয়া পাতিবলৈ আগবাঢ়িব পাৰে। নাই তাইৰ শ্যামন্তই তাইৰ লগত এনেকুৱা কৰিব নোৱাৰে ৷ সেইদিনা তাইৰ আউল ভাগিছিল যিদিনা শ্যামন্তই নিজেই ফোন কৰি সেই ব্যৱসায়ীজনৰ জীয়েকৰ সৈতে বিয়া পতাৰ কথা কৈছিল। ধনী দেউতাকৰ একমাত্র জীয়েকক বিয়া কৰি শ্যামন্তই যে নিজৰ ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰিছিল। পদুমৰ বুজিবলৈ বাকী থকা নাছিল। পদুমৰ দৰে দুখীয়া ঘৰৰ ছোৱালীক বিয়া পাতিলে সেই সম্পত্তিৰ পৰা যে শ্যামন্ত বঞ্চিত হ’ব। অর্থলোভী শ্যামন্তলৈ তাইৰ ঘৃণা উপজিছিল সেইদিনা।

পদুমৰ এইবাৰ হাতত পিন্ধি থকা আঙঠিটোলৈ চকু গ’ল। এসময়ত হিয়াখন গলাই দিব পৰা এই আঙঠিটোৱেই এতিয়া তাইৰ বাবে নৰকৰ কীট যেন লাগিল। এইবাৰ তাই স্বীকৃতিবিহীন সেই সম্বন্ধৰ চিনস্বৰূপ শ্যামন্তই মৰমৰ বান্ধোনেৰে বান্ধি দিয়া আঙঠিটো দূৰলৈ দলিয়াই দিলে। তাৰ লগতেই দলিয়াই দিলে শ্যামন্তৰ মিছা মৰমবোৰো । বিষাদৰ ডাৱৰে আৱৰা সময়বোৰো যেন আঙঠিটোৰ লগত গুচি গ’ল দূৰলৈ। শ্যামন্তই প্ৰেমৰ নামত দিয়া সেই বিষবোৰে জীৱন যুদ্ধত যুঁজিবলৈ আৰু সুবিধা হ’ব তাইৰ ।

কাৰোবাৰ মিছা প্রেমে হিয়াখন ভাঙি পেলালে বুলি জীৱনটো শেষ হৈ গ’ল, তেনেকুৱাতো কোনো কথা নাই। জীৱনটো জী ল’বলৈ এজন পুৰুষৰ জানো নিতান্তই প্রয়োজন। ডুব যোৱা সূৰুযটোৱেও পিছদিনা নতুন উদ্যম আৰু আশাৰে ধৰিত্ৰীক আন্ধাৰৰ পৰা আঁতৰাই পোহৰাই ৰাখে। নাই শ্যামন্তক তাই কোনোপধ্যেই ক্ষমা নকৰে। পদুমৰ শ্যামন্তৰ প্রতি বহুখিনি শ্রদ্ধা আছে। বহুতো জটিল সময়ত শ্যামন্তই তাইক দয়া কৰি সহায় কৰিছে। কিন্তু সেইবুলিয়ে জানো শ্যামন্তই দুখবোৰ পাহৰিব পাৰিব। জীৱনৰ বহুতো জটিল সময়ত শ্যামন্তই তাইক সুৰক্ষা দিছে। পদুমৰ দেউতাকৰ নো কি? কোনোবা এজন নহ’লে কোনোবা এজনক জীয়েকক গতাই দি সেই দায়িত্বৰ পৰা মুক্তি পোৱা ।

পদুমৰ কৰ্মই চাৰিওফালে কিৰণ বিলাইছিল। এই খবৰ শ্যামন্তয়ো নোপোৱাকৈ থকা নাছিল। বাতৰি কাগজ, টিভিৰ বাতৰি, ছ’চিয়েল মিডিয়া সকলোতে পদুমৰ কষ্ট, ত্যাগ আৰু ধৈৰ্যৰ শলাগ লৈছিল সকলোৱে। দীৰ্ঘদিনীয়া সাহিত্য চৰ্চাৰ অন্তত সেই বছৰৰ ‘সাহিত্য অকাডেমী বঁটা লাভ কৰা পদুমৰ আগে পিছে সাংবাদিকসকল ঘূৰি ফুৰিছিল। টিভিৰ পৰ্দাত জিলিকি থকা পদুমৰ জিলমিলোৱা মুখখনে যেন টিভিৰ পৰ্দাৰ পৰাই শ্যামন্তক তাচ্ছিল্য কৰিছিল।

হাতত এখন কিতাপ লৈ শ্যামন্তৰ কোঠালৈ সোমাই অহা পত্নী প্রগতিয়ে শ্যামন্তক দাবী জনাইছিল তাইৰ প্ৰিয় সাহিত্যিকগৰাকীৰ পৰা অটোগ্রাফ ল’বলৈ সেই অনুষ্ঠানলৈ যাবলৈ। শ্যামন্তৰ দুই নাৱত দুই ভৰি হৈছিল না পত্নীক না ক’ব পাৰিছিল না পদুমৰ সন্মুখলৈ যাবলৈ সাহস কৰিব পাৰিছিল। কোন সতেৰে সি যাব পদুমৰ সন্মুখলৈ ? পদুমক অন্তৰত দুখ দি আজিও অনুতপ্ত সি। পদুমক প্ৰতাৰণা কৰাৰ ফল প্রতিদিন ভোগে সি। সহজ-সৰল পদুমক দুখ দি সিনো কি পালে ? প্রতিদিনে নিজৰ আত্মসন্মান জলাঞ্জলি দিব লাগে। ধনী দেউতাকৰ একমাত্ৰ জীয়েকৰ মতে উঠা-বহা কৰিব লাগে । তাৰ নিজৰ ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাই। মুঠতে সি এতিয়া পত্নীৰ চাবি দিয়া এটা পুতলা ।

টিভিৰ অনুষ্ঠান সামৰণি পৰাত প্ৰস্তৰ মূৰ্তিৰ দৰে বহি ৰোৱা শ্যামন্তৰ এইবাৰ চকু গ’ল অলপ দেৰিৰ আগতে পত্নী প্ৰগতিয়ে তাৰ ওচৰত ৰাখি থৈ যোৱা এইবাৰৰ ‘সাহিত্য অকাডেমী’ৰ বঁটা লাভ কৰা কিতাপখনলৈ। কিতাপখনৰ বেটুপাতটোত জিলিকি আছিল এসময়ত শ্যামন্তই প্ৰৱঞ্চনা কৰা, হাৰি হাৰিও জিকি যোৱা পদুমৰ সেই সৃষ্টি, যি সৃষ্টিয়ে পদুমক ডুবিবলৈ ধৰাৰ পৰা ৰক্ষা কৰিছিল।

ফোন : ৭০৬৬৯-৬৫১৬৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.