ফেটী লিভাৰ হ’লে বইল/সিদ্ধ খাদ্য নাখাব

58

ৰিতুমণি সাহা

ফেটী লিভাৰ ধৰা পৰাৰ লগে লগে দৈনন্দিন খাদ্য তালিকাৰ পৰা চর্বিজাতীয় সকলো ধৰণৰ খাদ্য যেনে- ৰন্ধন তেলৰ পৰা আৰম্ভ কৰি কণীৰ কুহুম, তেলযুক্ত মাছ, মাংস বন্ধ কৰি দিয়ে নেকি? অকল সিদ্ধ বা বইল দাইল, পাচলি আৰু নিৰামিষ খাই থাকে নেকি? ফাট বা চর্বিজাতীয় খাদ্য খোৱাৰ বাবেহে লিভাৰত ফেট বা চর্বি জমা হয় বুলি যদি ভাবে, সেয়া ভুল ধাৰণা। পুষ্টি থকা চর্বিজাতীয় খাদ্য খোৱা একেবাৰে বন্ধ কৰিলে শাৰীৰিক দুৰ্বলতা দেখা দিয়াটো আচৰিত কথা নহ’ব। সঠিক চর্বি যাক হেল্থী ফেট বুলিও কোৱা হয় ই শৰীৰৰ অনেক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, উদাহৰণস্বৰূপে ভিটামিন A, D, E আৰু K ফেট বা চৰ্বিৰ ওপৰতে নিৰ্ভৰযোগ্য, চৰ্বি নহ’লে উক্ত ভিটামিনসমূহ শৰীৰত শোষণ নহ’ব, চৰ্বিৰ লগত বিভিন্ন হৰমন আৰু এনজাইমৰ কামও জড়িত হৈ থাকে। এইবোৰ কথা জনাৰ পিছত আপুনি নিশ্চয় আমাৰ শৰীৰত চৰ্বি বা তেলৰ ভূমিকা জানিব পাৰিছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে আপুনি কি ধৰণৰ তেল বা চর্বি খাই আছে। চৰ্বিৰ এক ধৰণ আছে যিয়ে ফেটি লিভাৰত ক্ষতিকৰ সেয়া হৈছে-নিম্ন মানৰ তেল যেনে- পাম তেল, ই চিপছ, বিস্কুট, কেক, নিমকি, চকলেট ইত্যাদিত থাকে আৰু বনস্পতি তেল, বেকাৰীজাতীয় খাদ্যবস্তু, অর্ডিনেৰী ঘী, চেচুৰেটেড ফেট যেনে- বাটাৰ, অর্ডিনেৰী ঘী আৰু বহুতো খোৱা বস্তু, আনকি ডায়েট ফুড বা স্বাস্থ্যসন্মত খাদ্য বুলি জনাজাত যেনে- মূচেলি, প্ৰটিন বাৰ, বাদামৰ মাখন, ব্রাউন ব্রেড বা পাউৰুটী, ডায়েট স্নেকচ— এইবোৰত এনে ধৰণৰ অপকাৰী চৰ্বি লুকাই থাকে। সেয়াই আমি সাৱধানভাৱে কি খাইছো আৰু কি খোৱা নাই সেই কথাৰ প্ৰতি মন দিব লাগে। ইয়াৰ বাহিৰে ট্ৰানচ ফেটৰ উৎস যেনে- পকোৰা, ৰেষ্টুৰেণ্টত বনোৱা গ্রেভী, মিঠাই, নুডল্‌চ, ফ্ৰেন্স ফ্ৰাইচ, ৰোল ইত্যাদিৰ পৰা দূৰত থাকিব লাগে।

কিন্তু হেল্থী ফাটৰ উৎস একেবাৰে বন্ধ কৰা যেনে দৈ- যি প্ৰটিন, প্র’বায়’টিক, আৰু বহু দৰকাৰী বি ভিটামিনৰ উৎস, কণীৰ কুহুম য’ত সকলোৱে অকল কলেষ্টেৰল থকা বুলি ভাবো, সেয়া জিংক, ভিটামিন ডি, ভিটামিন B12, B9, B6, এই পুষ্টিতত্ত্ববোৰে শৰীৰৰ অংগত পুষ্টি যোগান ধৰাৰ লগে লগে শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে। ঠিক তেনেকৈ তেলযুক্ত মাছ, য’ত অ’মেগা ফেটী এচিড থাকে সেয়া খাবলৈ সংকোচ কৰোঁ। খালে চৰ্বি বাঢ়িব বুলি ভয় কৰি, কিন্তু আকৌ ফিছ অইল বেলেগকৈ ছাপ্লিমেণ্ট হিচাপে খোৱাটো হেল্থী বুলি ভাবোঁ। ইপিনে পাচলি বনোৱাত ৰন্ধন তেল একেবাৰে ব্যৱহাৰ নকৰিলে খাদ্য হজম হওঁতে অসুবিধা হয়।

কিন্তু মন কৰিব লগা কথা এয়াই যে অতিৰিক্ত তেল, মাছ, মাংস, কণী, গাখীৰ বা দৈ খালে ক্ষতি কৰিব, পৰিমাণখিনি মন কৰা উচিত। যদি শাক-পাচলি কম তেলত আৰু মাছ, মাংস, কণী অলপ কম তেলত বনাই খোৱা হয় ই ফেটী লিভাৰ অতি সোনকালে আৰু সহজে ঠিক কৰিব পাৰে।

এটা মনত ৰাখিব কথা হ’ল- ফেটী লিভাৰ বেমাৰটো অতিৰিক্ত খোৱাতকৈ বেছি অতিৰিক্ত কাৰ্বহাইড্ৰেট খোৱাৰ কাৰণে হয়, অতিৰিক্তখিনি লিভাৰে ফেট হিচাপে জমা কৰি ৰাখে। কাৰ্বহাইড্রেট মানে অকল ভাত ভাবিছে, হয় নে? কিন্তু ভাততকৈ বেছি ক্ষতিকাৰক হ’ল- ময়দা আৰু ময়দাৰে তৈয়াৰী খাদ্য বস্তু যেনে— বিস্কুট, কেক, ব’ন, পাউৰুটী, পেটিছ, মেগী, পিজ্জা, চিঙৰা, মিঠাইৰ দোকানৰ বস্তু আদি আৰু চেনিজাতীয় খাদ্য যেনে- জুইচ, জেলী, জেম, চকলেট, চচ, মিঠাই, চেনি ইত্যাদি। এইবোৰ বাদ দিলেহে ফেটী লিভাৰ সোনকালে ভাল হ’ব। হয়, ভাতৰ পৰিমাণ অতিৰিক্ত হ’ব নালাগে। পাচলি, প্ৰটিন আৰু হেল্থী ফেট থাকিব লাগে, কাৰণ আজিকালি আমি বহিয়ে থাকোঁ, শাৰীৰিক পৰিশ্ৰম কম হোৱা বাবে অতিৰিক্ত খোৱাখিনি লিভাৰত ফেট হিচাপে জমা হৈ যায়। ভাত একেবাৰে বন্ধ নকৰি নিজৰ শাৰীৰিক পৰিশ্ৰমৰ লগত মিলাই খাবলৈ যত্ন কৰিব, সেয়ে শাৰীৰিক ব্যায়াম কৰাটো দৰকাৰ, যাতে খাই-বৈ চর্বি কমাব পাৰে।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.