পল্লৱী শইকীয়া
১) দিবাস্বপ্নৰ মধ্যমণি
তাঁতশালৰ মাকোটো নিৰ্দিষ্ট বেগেৰে ৰাঁচখনৰ কাষেৰে সৰকি গৈ মনীষাৰ সোঁহাতখনৰ পৰা বাঁওহাতখন পোৱাদি তাইৰ মনটোও যেন ঘনে ঘনে মুকলি পথাৰখনেৰে সৰকি গৈ নদীৰ পাৰৰ সেই নিৰ্দিষ্ট গছজোপাত সংপৃক্ত হৈ পৰিছে। মাজে সময়ে তাই মাকৰ তাঁতশালখনত বহি এনেদৰে এমাকো দুমাকো বৈ চায় ৷ নাচনীজৰীডালৰ লগে লগে যেন তাইৰ বুকুৰ উঠা-নমাবোৰো সঘন হৈছে। আজি অলপ দিনৰপৰা ৰান্ধনীবেলিটোৱে পাছচোতাল গৰকি ৰাওনা হ’বলৈ আৰম্ভ কৰাৰ আগে আগে যেন তাইৰ বুকুৰ হৃদপিণ্ডৰ পৰা তেজৰ লগত সিৰাই সিৰাই ব’বলৈ ধৰিছে এটা অচিনাকি সুৰ ।
ৰাতিপুৱাৰে পৰা আজি তাইৰ মনটো ফাগুনৰ বতাহজাকৰ দৰে উতনুৱা হৈ ফুৰিছে। নদীখনৰ কাষলৈ আজি এপাক গৈ চাব নেকি তাই? মনতে জুকিয়াই চালে কথাটো । তাই ঠিক কৰিলে ক’লী ছাগলীজনীৰ এৰালডাল আজি শিথিল কৰি দিব লগতে তাইৰ মনটোও ।
– ক’ৰ পৰানো উঠাই আনিছে এই ল’ৰাটো? একো উৱাদিহ নাই কথা- বতৰাৰ । আজি সপ্তাহদিন হ’ল কোনেও একো খোজ খবৰেই কৰা নাই তাৰ ।
গোবৰ মাটি দি লিপি থোৱা বেৰখনৰ পৰা বতাহত উৰি অহা গোন্ধটোৱে যদুৰ নাকত স্পৰ্শ কৰাৰ লগতে বাসন্তীৰ কথাকেইষাৰেও কাণ দুখনত এটা মৃদু কঁপনি তুলিলে।
– কিনো ভুল কামটো কৰিলো অ’ বাসন্তী! তয়ে দেখোন কৈছিলি কণা গোসাঁয়ে আমাকহে চকু মেলি নাচায় বুলি। এতিয়া পেটৰ পোৱালি নহ’লেও সেই গোসাঁয়েই আমাক হাতত তুলি দিছে এই বাপুকণক। নিজৰ বুলি সামৰি লোৱাত তোৰনো কিহৰ ইমান আপত্তি?
-গোসাঁয়ে দিয়া নাই নিজেহে চপাই লৈছে। বাটৰ কচু গাত ঘঁহি মজাটো পাব নহয় ।
–বাৰু হ’ব দে, যি হয় পিছত দেখা যাব। বোলো বাসন্তী অ’ চাহ এটোপাকে খুৱা। কিমান নো আৰু হোজা মানুহটো পাই অকল ঠেকেচিয়েই থাক’। কেতিয়াবা মৰমতো এষাৰ মাত দিবিছোন অ’।
-ছিঃ লাজো নাপায় । এই বয়সত এইবোৰ কথা পাতেনে ? বাপুকণ অহা কেইদিননো হৈছে, সি শুনিলে কি বুলিব?
-পিছে, বাপুকণ ক’ত? তাকো দে চাহ তাহ এটোপা।
-অ সি নায়েই কিজানি। গৰুকেইটা লৈ পথাৰলৈ যাওঁ বুলিছিল, মইহে পাহৰিলোঁ ।
মনীষা মুকলি পথাৰৰ মাজেৰে বাট বুলিছে ক’লীৰ সন্ধানত । নদীৰ কাষৰ গছজোপাত ওলমি হেন্দোলি থকা এখন ভৰি প্ৰত্যক্ষ কৰিলে তাই। পিছফালৰ পৰা ভাহি অহা ক’লীৰ মাতত তাই পিছলৈ ঘূৰি চাওঁতেই পলকতে ভৰিখন সেই ঠাইৰ পৰা নোহোৱা হ’ল। অকণো পলম নকৰি তাই ছাগলীজনী লৈ ঘৰমুৱা হ’ল। মুকলি পথাৰৰ নিৰ্জনতাক ক্ৰমে বেৰি ধৰিছে এটা মন জুৰুৱা বাঁহীৰ সুৰে। মনীষাৰ মন-মগজু ডুবি গৈছে অন্য এক কল্পনাৰ জগতত ।
সময় বাগৰিছে। বাঁহীৰ সুৰটোৱে ক্ৰমে তাইৰ হৃদয়ত বাহৰ পাতিছে। জোপোহাটোৰ আঁৰেৰে বাঁহী বাদকৰ মুখখন দেখাৰ দিন ধৰি মনীষাৰ বুকুখনত কিবা এটাই অহৰহ চেপি খুন্দি থকা হৈছে।
কিয় বাৰু ইমান মোহময় সুৰত বাঁহী বজায় সি?
অকল বাৰু তায়ে শুনে নে আন মানুহেও শুনে এই বাঁহীৰ সুৰটো ?
কথাবোৰ জনাৰ হেঁপাহ জাগিলেও তাই কাৰো ওচৰত এনেবোৰ কথা প্ৰকাশ নকৰে । তাই জানে কথাবোৰ নিজৰ হৈ থকাটোৱেই তাইৰ বাবে মংগল। কাৰণ ‘এবাৰ সাপে খুঁটিলে কেঁচুলৈকো ভয়’ বুলি তাই শুনিছে মাকৰ মুখত ৷
২) স্মৃতিৰ চাকনৈয়াত উচ্ছৃংখল নাও
যৌৱনে ৰঙীয়াল কৰা মুহূৰ্তবোৰত মনীষাৰ চকু-মুখত জাজ্বল্যমান কিৰণক আঁউসীৰ আন্ধাৰে যেন ম্লান কৰিবলৈ উদ্যত হয়। তাইৰ মনটো এটা যেন তজবজীয়া তেজাল ঘোঁৰা ৷ সেই বাগী ঘোঁৰাই যেতিয়া অতীতৰ বাটেৰে চেঁকুৰ লয় তেতিয়া সেই ঘোঁৰাত লেকাম লগায় স্মৃতিৰ অন্ধকাৰ বাটটোৱে ৷
তেতিয়া তাই তেৰ বছৰীয়া সদ্যযৌৱনা। বাৰী চুকৰ আমগছজোপাৰ খোৰোঙত চৰায়ে পোৱালি জগাইছিল। পোৱালিকেইটাৰ কিচিৰ- মিচিৰ শব্দই তাইৰ মনটোক টানি নিছিল গছজোপাৰ কাষলৈ। প্ৰকৃতিৰ মনোমোহা ৰূপত অনুৰক্তা মনীষা নৰিয়া দেউতাকৰ কাষৰ পৰা আঁতৰি গৈ কোন টলকত পোৱালিকেইটাৰ কাষ পালেগৈ নিজেই নাজানিলে।
এহাল লোলুপ চকুৰ কটাক্ষ দৃষ্টি যে তাইৰ শৰীৰৰ ওপৰত অহৰহ নিবদ্ধ আছিল সেয়া তাইৰ কল্পনাৰো অগোচৰ আছিল ।
বাৰীৰ দাঁতিতে থকা জেওৰাখনত ভেজা দি কোনোমতে ঘৰমুৱা হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল মনীষাই। তিয়নী কাপোৰসাজ ৰ’দৰ পৰা নিবলৈ বুলি অহা মাকে মনীষাক সেই অৱস্থাত দেখি কিংকর্তব্যবিমূঢ় হৈ পৰিল। তাইৰ চোলাটোত লাগি থকা তেজৰ দাগ আৰু তাই আহি থকা দিশটো চাই মাকৰ বুকুখন চিৰিংকৈ উঠিল।
– মা…
শেহাই শেহাই মতা মাতযাৰে মাকৰ দুগাল তিতাইছিল। মাকৰ দুচকুত ক্রোধৰ লগতে অসহায় ভাবো তাই প্রত্যক্ষ নকৰা নহয় । মনীষাই আৰু কিবা কোৱাৰ আগতে মাকে তাইক সতর্ক কৰি দিছিল—
-আই অ’, যি হ’ল হৈ গ’ল । দুখ নকৰিবি । আৰু, কথাবোৰ আনক কৈ নিজে হাঁহিয়াৰ পাত্ৰ নহ’বি। যিমান পাৰ’দুখ, যন্ত্ৰণা আৰু এই কথাবোৰ নিজৰ মাজতে সামৰি ৰাখিবি ।
তাই অৱশ্যে বুজে গজেন বোলা দূৰসম্পৰ্কীয় খুৰাকজনৰ সহায়ৰ বলতহে দেউতাকৰ প্ৰাণ বচাই কোনোমতে হাস্পতালৰ পৰা ঘৰ পোৱাব পৰা হৈছিল। কিন্তু সেই ধাৰ তাই এনেদৰে সুজাব লাগিব বুলি কাহানিও ভবা নাছিল। কামৰ অচিলা লৈ তাইক গজেনে মাজে সময়ে তাৰ ঘৰলৈ মতা, সহানুভূতিৰ হাতখন আগবঢ়োৱাৰ অন্তৰালৰ কথাখিনিও যেন তাই সেইদিনাহে বুজি উঠিল। তাইৰ ভাগ্যৰ এই বিড়ম্বনাক সামৰি ৰাখিছিল নিজৰ মনৰ মাজতে। চঞ্চল মুকলি মনৰ ছোৱালীজনী ক্রমে অন্তর্মুখী হৈ পৰিছিল ৷
বাঁহীৰ মাতত অনুৰঞ্জিত তাইৰ হৃদয়খনক থকা-সৰকা কৰে অতীতৰ সেই কৰুণ স্মৃতিবোৰে ।
৩) মৌনতাৰ ঢোলা
নদীৰ পাৰত বহি মনীষাই ঢৌবোৰ আৰু ঢৌবোৰে খুন্দিয়াই যোৱা শিলবোৰ চাই নিজকে মিলাই চাইছে নদীখনৰ লগত ৷
নদীখনৰো জানো কম দুখ ?
এটা পাৰে আনটো পাৰক এবাৰ চুই চাব নোৱাৰাৰ দুখ। বুকুত অহৰহ সাবটি ৰখা ক’লা-বগা-মুগা-পথৰা আদি বিভিন্নৰঙী শিলবোৰৰ দুখ। তথাপিও চিৰপ্রবহমান এই নদীখন।
তায়ো দেখোন ইমানদিনে এই নদীখনৰ দৰে সকলো দুখ নিজৰ মাজতে সামৰি পাৰ কৰিছে জীৱনটো। বিভিন্নৰঙী শিলবোৰৰ দৰে নানা ঘাত-প্রতিঘাত সাবটি আগুৱাই গৈ আছে অতদিন। এবাৰলৈও নিজৰ কৰি পাব নোৱাৰা এই বাঁহীবাদকৰ প্ৰেমত হাবুডুবু খায়ো তাই মনৰ কোনো এটা কথাও বতাহত উৰিবলৈ দিয়া নাই।
নদীৰ তটত বহি কথাবোৰ ভাবি থাকোতেই তাই বহি থকা শিলটো খহি গৈ একেবাৰে পানীত সোমালগৈ। থতমত খাই উঠিবলৈ চেষ্টা কৰোঁতেই অনুভৱ কৰিলে কাৰোবাৰ সবল দুবাহুৰ আৱেষ্টনী। ইতিমধ্যে দুহাল চকুৰ মিলনত কল্পনাৰ ঘোঁৰা চেকুৰি অতিক্ৰম কৰি পেলাইছিল বহুযোজন বাট।
-কিয় মোক জোপোহাৰ আঁৰৰ পৰা তেনেকে চাই থাকা ?
ধৰা পৰাৰ ভয় আৰু এক অনামী লাজত দুগাল ৰঙা হৈ পৰিছিল তাইৰ । তিতা চুলিকোছাৰে সৈতে ৰঙা পৰা দুগালত এক অনন্য ৰূপ পৰিস্ফুট হৈ উঠিছিল।
সাবটি ধৰি থকাৰ পৰাই সামান্য জোকাৰি আগন্তুকে আকৌ কৈ উঠিল—
-কোৱা আকৌ।
– বা…বাঁহী
এনে সময়ত মুখৰ ভাষাতকৈ হৃদয়ৰ ভাষা অধিক শক্তিশালী হৈ উঠে। এখন হৃদয়ে আনখন হৃদয়ক জীপাল কৰি তোলে।
মৌনতাই বহু কথাই কৈ যায়। দুয়োৰে চকু আৰু মুখত কিবা এক প্রাপ্তিৰ চিকমিকনি সুস্পষ্ট হৈ উঠিল।
-এতিয়া ঘৰলৈ যোৱা, তোমাৰ কাপোৰ-কানি তিতি গৈছে।
তিতিবুৰি জুৰুলি-জুপুৰি হোৱা মনীষা আজি অকল নদীৰ পানীতে তিতা নাই। তাইৰ হৃদয়ৰ পাৰ ভাঙি বৈ অহা নদীখনৰ পানীয়েও বুৰাই পেলাইছিল তাইৰ মনটোক। ইমান বছৰে দমন কৰি ৰখা তাইৰ মনটোত এটা নতুন আশাই গজালি মেলাৰ উপক্ৰম হ’ল। আঁউসীৰ আন্ধাৰৰ পিছত জকমকাই উঠা জোনটোৰ দৰে তাইৰ হৃদয়তো এচমকা পোহৰৰ শোভাৰে শোভিত হৈ উঠিছে।
কথাখিনি মাকক এবাৰ কৈ চাব নেকি তাই?
-মা মই…
-কি হ’ল? তই আজি নদীৰ পাৰত কি কৰি আছিলি? একেবাৰে তিতিবুৰি আহিছ’ যে? কি কৰি ফুৰিছ’ তই?
-মই মানে মা….
-একদম চুপ। মুখেৰে এটা শব্দও উচ্চাৰণ নকৰিবি। মই মন কৰি আছো তোৰ প্ৰতিটো কথা। সদায় আবেলি ক’ত যাৱ, কি কৰ মই নাজানো বুলি ভাবিছ নেকি? বাৰুকে আজি কোনেও দেখা নাই বুলিহে । সি কোন তই জান’? জাত-পাত, বংশৰ কোনো চিন-মোকাম নাই। আৰু তই! তইনো কি ছোৱালী অ’ প্ৰেমত পৰিবলৈ আৰু মানুহ বিচাৰি নাপালি ?
-মা তাক মোৰ ভাল লাগিছে। মোৰ কি কাৰোবাক ভাল পোৱাৰ অধিকাৰো নাই নেকি ?
-ভাল লাগিলেই হ’ল নে? আৰু কি অধিকাৰৰ কথা কৈছ’? মোমায়ে আহিছিল। তোৰ বাবে ল’ৰা এটা চাইছে। মোৰো মন খাইছে। দুই এদিনতে আহি কথা পাতি সকলো ঠিক কৰিম বুলি কৈছে। এতিয়া তই এইবোৰ বাদ দি নিজৰ বিয়াত মন দে।
-এৰা, মোৰ নো কিটো আছে ভাল লগা বেয়া লগা ৷ তোৰ মতেই দেখোন মই সকলো কৰি আহিছোঁ। যৌৱনৰ প্ৰথম খোজতেই কুমাৰিত্ব হেৰুৱালো। তই ক’লি মনে মনে থাক। মই মনে মনে থাকিলোঁ। আজি কাৰোবাক নিজৰ কৰি পোৱাৰ সপোন দেখি তোক কথাটো ক’বলৈ মুখ মেলোতেই তই ক’লি মনে মনে থাক। হ’ব দে মই মনে মনেই থাকিম। একো নকওঁ।
-কথাবোৰ তইনো কিয় এনেকৈ কৈছ’? তই জানো মোৰ পেটৰ পোৱালি নহয়! তোৰ সুখৰ কথা মই চিন্তা নকৰিলে কোনে কৰিব, তয়ে ক’। দেউতাৰ থকা নথকা একেই কথা। আৰুনো কিমান দিন থাকিম এনেকৈ? মই ভাল হৈ থাকোঁতেই তোৰ সংসাৰখন পাতি দিব খুজিছোঁ অ’ আই। তই মোক নিৰাশ নকৰিবি। মই কাবৌ কৰিছোঁ।
মৌন হৈ ৰ’ল তাই। নিজৰ ঘৰখন, মাক-দেউতাক আৰু সেই আপোন ঠাইখন বহু দূৰত থৈ তাই সোমাই পৰিল এখন ভৰা ঘৰৰ বোৱাৰী হৈ। মনৰ একোণত সাঁচি থোৱা কথাবোৰে চুব নোৱাৰাকৈ শহুৰ-শাহু, জা-জোৱালি, বৰজনাৰে ভৰপূৰ নতুন ঘৰখনত নিজকে ব্যস্ত ৰাখিছিল। সকলোৰে লগত মিলি যাব পৰাকৈ নিজকে গঢ় দিয়াৰ আখৰা চলিল। এই সকলোবোৰৰ মাজতে তাইৰ কোলা শুৱনি কৰিলে এটি কন্যা সন্তানে।
৪) জীয়নৰ সন্ধান
সময়বোৰ পাৰ হৈ গৈ থাকিল। তাই হয়তো কোনোবাখিনিত ৰৈ গৈছিল। মনৰ মাজত অহৰহ পুহি ৰখা শূন্যতাক তাই ক্ৰমে অনুভৱ কৰিবলৈ ল’লে। তাইৰ স্বামীয়েও যেন কেৱল নিৰ্দিষ্ট সময়বোৰতহে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তাইৰ কাষ চাপে। কোনোদিনে তাইৰ মনৰ মাজত ভুমুকিয়াই চোৱাৰ প্ৰয়াস নকৰে । কেতিয়াবা তাইৰ স্বামীৰ স্পৰ্শ আৰু সেই গজেন বোলা লম্পটটোৰ স্পৰ্শৰ মাজত বিশেষ একো পার্থক্য বিচাৰি নাপায়। দুখবোৰে পাহাৰ বান্ধিবলৈ ধৰিলে। বহুত মানুহৰ মাজত থাকিও যেন অকলশৰীয়া তাই। কথা-বতৰাৰ আদান-প্রদান ঠিকেই হয়, কিন্তু ভাবৰ আদান-প্রদান হ’বলৈ এতিয়াও যেন বহুত বাকী। কেতিয়াবা অজানিতে পাৰ ভাঙি বৈ অহা দুখৰ ভৰ তাইৰ হৃদয়খনে সহিব নোৱাৰি চকুহালৰ সহায় লৈ দুগাল তিয়াই।
তাই ঠিক কৰিলে মনৰ কথাবোৰ বতাহত উৰিবলৈ নিদিয়াকৈ তাই মুকলিকৈ প্ৰকাশ কৰিব । তাই এই অব্যক্ত বেদনাৰ ভৰ আৰু নসহে। একলা দুকলাকৈ বাঢ়ি অহা তাইৰ সন্তানটোৰ বাবে তাই নিজক শক্তিশালী কৰি তুলিব। তাইৰ মনৰ শিলবোৰ অলপ মসৃণ কৰিব।
নদীখনলৈ মনত পৰিল তাইৰ। এৰা, তাই সেই নদীখনৰ দৰেই প্ৰৱাহিত হৈ থাকিব নিৰৱধি হৈ। নদীৰ পাৰৰ গছজোপাৰ দৰে তায়ো এজোপা গছ একেবাৰে নিজৰ কৰি ল’ব। তাৰ পৰা বাঁহীৰ সুৰ নাহিলেও নালাগে, অন্ততঃ তাই নিজৰ কথাখিনি গছজোপাক ব্যক্ত কৰিলে গছজোপাই সামৰি ল’ব পাৰিব । তাই সেই গছজোপাতেই অব্যক্ত বেদনাৰ ভৰ পাতলাই জীয়নৰ সন্ধান পাব । মহাভাৰতত শ্ৰীকৃষ্ণই দ্রৌপদীক বুজোৱাৰ দৰে ‘ওফন্দি অহা নদীখন ভেটিবলৈ হ’লে অলপ পানী অবাবত ব’বলৈ এৰি দিবই লাগিব’।
ফোন : ৮৬৩৮২-৩৮১২১
Comments are closed, but trackbacks and pingbacks are open.