গল্পঃমন মন্দাকিনীৰ লহৰ

34

পল্লৱী কৌশিক শৰ্মা

ভালপোৱা আৰু ভ্ৰমৰ মাজত কিমান দীঘল বাট ? কি থাকে এটা বাটৰ শেষত? হাতত ধৰা হাতখনৰ মুঠিতেই বা কি লুকাই থাকে, জানে জানো কোনোবাই ?

হাত এখন দ্যুতিভায়ো খামুচি ধৰিছিল। অন্য এটা প্ৰান্তৰলৈ গুচি যোৱা অচিন বাট এটাৰে সপোন পূৰণৰ আশাৰে তায়ো আগুৱাই গৈছিল। কিন্তু সময়ৰ ঘূৰ্ণাৱৰ্তত হাতৰ মুঠিত হাতখনৰ সলনি আবদ্ধ হৈ ৰ’ল কেইটুকুৰামান যাতনাৰ কাহিনী। দুচকুত বাহৰ পাতিলে স্বপ্নভংগৰ বিষাদে। তাৰ পিছতো উশাহ লৈছে তাই, আৰু জী উঠিবলৈকে পুনৰ সপোন দেখিছে। পিছে এই সকলো প্রচেষ্টাক নস্যাৎ কৰি উদাসীনতাই চেঁচা সাপ এডালৰ দৰে নীৰৱে বগুৱা বাই আহি, হিহিচাই অৱসন্ন হাবি এখনলৈ টানি লৈ যায় তাইক আৰু ফনা মেলি এফালৰ পৰা গিলি যাবলৈ উদ্যত হয় মানুহজনীক ।

বেলি লহিওৱাৰ পৰ।

আকাশৰ বুকুত সূৰুযৰ বিচ্ছুৰিত ৰশ্মিয়ে ভিন্নৰঙী ছবি এখনহে আঁকিছে যেন! এইখিনি একান্ত নিজৰ সময় দ্যুতিভাৰ । প্রিয় সময়। আজি পিছে পুৱাৰে পৰা উঠি অহা মাইগ্ৰেইনৰ বিষটোৱেহে বৰকৈ অশান্তি দিছে তাইক। বেলিয়ে ৰং সিঁচা কেনভাছখনলৈ মূৰ তুলি চাবলৈও একেবাৰেই মন যোৱা নাই তাইৰ। হঠাতে মূৰৰ ভিতৰত যন্ত্ৰণাৰ গুটি এটা অংকুৰিত হৈ, কাঁইটীয়া লতাৰ দৰে যেন পোখা মেলি উঠিছে! কপালৰ কুম দুটাও তীব্ৰ গতিত ধপাবলৈ ধৰিছে। এনে অনুভৱ হৈছে-ঠাইতে বমিয়াই দিলেই গধুৰ শিল এছটা মূৰৰ পৰা খহি, অসহনীয় বিষটোৰ যেন উপশম ঘটাব!
টেবুলৰ পৰা ভার্জিন মেজিটোৰ গ্লাছটো উঠাই লৈ, প্রয়োজনাধিক উচ্চস্বৰেৰে নন্দাক মাত লগালে দ্যুতিভাই….

নন্দা দি, পাকঘৰৰ কামখিনি হ’লনে? যিখিনি বাকী আছে ময়েই কৰিম। তুমি যোৱা এতিয়া ।

দ্যুতিভাৰ এনে অপ্রয়োজনীয় চিঞৰ- বাখৰবোৰ বা অস্থিৰতাৰ কাৰণবোৰক ঠিকেই বুজি পায় নন্দাই। তাইৰ জীৱনৰ প্ৰায় প্ৰতিটো ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰৈছে এই মানুহজনী । পুৱা সাত বজাৰে পৰা ৰাতি আঠ বজালৈ ঘৰখনৰ সকলো কাম, এই নন্দা দিদিয়েই নিয়াৰিকৈ চম্ভালি লয়। লগতে ৰিয়’ৰ দায়িত্ববোৰতো আছেই।

আজি চাহাব অহাৰ কথা । চাহাব আহিলে এইখন ঘৰত দ্বিতীয়জন ব্যক্তিৰ উপস্থিতি কোনোমতে সহ্য নকৰে দ্যুতিভাই। এই বিশেষ সময়খিনিত তাই যেন এক দুর্ভেদ্য সাঁথৰলৈ ৰূপান্তৰিত হয়! দ্যুতিভাৰ সেই দুয়োটা ৰূপক তুলনা কৰি চোৱাৰ সমস্ত চেষ্টা অসফল হৈ ৰোৱাৰ পৰিপ্ৰেক্ষিতত, নন্দায়ো আজিকালি কথাবোৰ উশাহটো লোৱাৰ দৰেই স্বাভাৱিক বুলি ভাবি ল’বলৈ শিকিছে। অগত্যা বেচিনত গোটাই ৰখা বাচনকেইটা মাজি লৰালৰিকৈ পাকঘৰৰ পৰা ওলাই আহিল তাই আৰু লিভিং ৰুমৰ ছোফাতে অলসতাৰে বহি ৰোৱা দ্যুতিভাক মাত লগালে।

মই তেতিয়াহ’লে আহিছোঁ বাইদেউ । নন্দাক পঠিয়াই আঁঠুলৈকে বৈ পৰা বেবী পিংক শ্লিভলেছ গাউনটো ঠিকে আছেনে চাই, চুলিকেইডাল বিশেষ কায়দাৰে ডিঙিৰ পৰা ওপৰলৈ উঠাই খোপা এটা বান্ধি ল’লে দ্যুতিভাই। যাতে তাইৰ উন্মুক্ত মাখনৰঙী পিঠিখনে অভয়ক সহজে আকৰ্ষিত কৰে। মুখত পাতলকৈ প্ৰসাধন আৰু ওঁঠযুৰিত লিপবাম অলপ লগাই, কাষৰ ৰুমত শুই থকা ৰিয়’ক এপাক চাই আহিল।

ঘড়ীৰ কাঁটাই তেতিয়া আঁঠৰ ঘৰ চুইছে। সময়বোৰ যিমানেই আগুৱাই গৈছে, দ্যুতিভায়ো যেন সিমানেই অস্থিৰ হৈ পৰিছে! কি কৰিছে এয়া তাই! ভ্ৰমৰ পৃথিৱীখনত সুখী হোৱাৰ অভিনয় কৰি, নিজকে ফাঁকি দিয়া নাইনে! পিছে মনৰ ভিতৰত উমুকাই উঠা হেঁপাহখিনিক কেনেকৈ বান্ধি ৰাখে! সম্ভৱ জানো শৰীৰৰ উ- মাদনাক তলা বন্ধ কৰি ৰখা !

এৰা, আজি অভয়ৰ নৈকট্যৰ ভীষণ প্রয়োজন অনুভৱ কৰিছে তাই। কিমান দিন যে হ’ল তাক কাষত নোপোৱা! অভয় আহি তাইক হয়তো আলফুলে সাবটি ধৰিব। চকুতে চকু থৈ আৱেগেৰে ক’ব— ‘তোমাক বৰ ধুনীয়া লাগিছে আভা।’ অভয়ৰ সান্নিধ্যৰে জীপাল, ৰাগী লগা সময়বোৰক সুঁৱৰি আত্মমন্থনত ব্যস্ত হৈ পৰিল দ্যুতিভা।

ফেণ্টাছীত ডুবি থাকোঁতেই, ভাৱনাত যতি পেলাই ড’ৰ বেলটো বাজি উঠিল। লৱৰি আহি বন্ধ দুৱাৰখন খুলি দিলে তাই। সন্মুখত এয়া, অভয়। ৰঙা গোলাপৰ থোপা এটা হাততে লৈ, স্মিত হাঁহিৰে, তাইলৈকে চাই ৰৈছে সি। গোলাপৰ ৰং আৰু সুবাসখিনি দ্যুতিভাৰ গায়ে-মুখে যেন বিয়পি পৰিছে! অভয়ৰ শৰীৰৰ পৰা ভাহি অহা পার্ফিউম আৰু চিগাৰেটৰ মিশ্রিত সুবাসত চঞ্চল হৈ উঠিল তাইৰ মনটো। প্ৰিয় পুৰুষজনৰ বাহুবন্ধনত মাতাল হোৱাৰ উদ্ৰেক তাড়নাই নিমিষতে কঁপাই গ’ল মানুহজনীক ।

কি হ’ল? ভিতৰলৈ সোমাবলৈ নিদিয়া নেকি? দুৱাৰমুখতে প্রস্তৰ মূৰ্তিৰ দৰে থিয় দি ৰ’লা যে!

উত্তৰলৈ বাট নাচাই ভিতৰলৈ সোমাই আহিল অভয় আৰু ছোফাতে গাটো এৰি দি, পকেটৰ পৰা গ’ল্ড ফ্লেকৰ পেকেটটো উলিয়াই ল’লে। অভয়ে জানে, চিগাৰ্টেৰ গোন্ধই মতলীয়া কৰে দ্যুতিভাক। আচলতে দ্যুতিভাৰ লগত পাৰ কৰা সময়খিনিত, অভয়ে তাইৰ পছন্দ- অপছন্দবোৰক যথেষ্ট সন্মানসহকাৰে গুৰুত্ব দিয়ে । এই মুহূৰ্তত সি চিগাৰেট এটা জ্বলাবলৈ লোৱাৰ উদ্দেশ্যও সেইটোৱেই।

নিজৰে হাঁহি উঠিল তাৰ ।

মানুহৰ ভাললগা অথবা বেয়ালগাবোৰোক কোনো এক নির্দিষ্ট সূত্ৰেৰে কেতিয়াও বান্ধি ৰাখিব পৰা নাযায়। বিচিত্ৰ মনৰ মানুহৰ পছন্দ- অপছন্দবোৰো বিচিত্র। স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি জানিও, সি জানো চিগাৰেট হোঁপাৰ অভ্যসিটোক ত্যাগ কৰিব পাৰিছে! অথচ চিগাৰেটৰ পেকেটটোতেইচোন বৰ-বৰ হৰফেৰে লিখা থাকে…

‘চিগাৰেট স্ম’কিং ইজ ইনজুৰিয়াছ টু হেলথ’।

জ্বলন্ত চিগাৰেটটোত টান মাৰি ধোঁৱাখিনি দ্যুতিভাৰ ধুনীয়া মুখখনলৈ লাহেকৈ এৰি দিলে অভয়ে। বাউলি হৈ পৰিল দ্যুতিভা ।

আঃ… এই সুবাস! পাগল হৈ যাম ম‍ই অভয়।

কোঠাটোত বিয়পি পৰা চিগাৰেটৰ গোন্ধটোক উশাহৰ লগত একাত্ম কৰি লৈ অভয়ৰ বুকুলৈ কুৰুকি-কুৰুকি সোমাই গ’ল তাই। তাইৰ ধেনুভিৰীয়া চেলাউৰি দুডাল আৰু পদুম পাহি যেন চকু দুটিলৈ দৰক লাগি চাই ৰ’ল অভয়ে ।

কিয় এইদৰে চাই আছা? মোক তোমাৰ বুকুলৈ সামৰি লোৱানা অভয়। তোমাৰ মৰমত হেৰাই যাবলৈ দিয়া। তোমাক মই বহুত মিছ কৰিছিলোঁ।

বয়স হিচাপে পঞ্চলিশৰ ডেওনা পাৰ কৰা দ্যুতিভা, সম্প্ৰতি জীৱনৰ বিভিন্ন ৰং আৰু অভিজ্ঞতাৰে শিলৰ দৰে কঠিন হৈ পৰা এগৰাকী বিধৱা ।

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হোৱা তাইৰ সুখৰ সংসাৰখনত কাৰ জানো নজৰ পৰিল! মাত্র সাত বছৰীয়া যুগ্ম জীৱনৰ অন্ত পেলাই দুৰাৰোগ্য কেঞ্চাৰ বেমাৰত ভোগা তাইৰ প্ৰেম ‘নীলাভ’ হঠাতে এদিন অচিন দেশৰ আলহী হ’লগৈ । কেৱল দুয়োৰে মৰমৰ চিনস্বৰূপে দুবছৰীয়া ৰিয়’ক তাইৰ কোলাত তুলি থৈ গ’ল। যাৰ বাবে অনিচ্ছাসত্ত্বেও জীয়াই থাকিবলৈ বাধ্য হৈ পৰিল মানুহজনী।

অর্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা দ্যুতিভাৰ বাবে চাকৰি এটা যোগাৰ কৰি লোৱাত বিশেষ অসুবিধা নহ’ল যদিও নীলাভৰ অনুপস্থিতিত তাই যেন জীয়াই থকাটোৱেই দুর্বিষহ হৈ উঠিল! তথাপিও নিজকে সম্বৰণ কৰিবলৈ আপ্রাণ চেষ্টা চলালে তাই।

সন্মুখত ৰিয়’ৰ ভৱিষ্যৎ। মাক-দেউতাক দুয়োৰে মৰমৰ আৱেষ্টনীৰে ল’ৰাটোক ডাঙৰ কৰিব লাগিব। উপযুক্ত শিক্ষাৰে গঢ় দিব লাগিব । নীলাভৰ প্ৰতি ক্ষোভত ভাঙি পৰিলেও ৰিয়’ৰ মুখলৈ চাই শূন্য হৈ পৰা আৱেগৰ জোলোঙাখন পুনৰ ভৰাই ল’লে দ্যুতিভাই। নিজকে কথা দিলে- জীৱনৰ ফাৰ্ষ্ট প্ৰায়’ৰিটী ৰিয়’ৰ বাবেই জীৱনযুদ্ধত নামি পৰিব তাই।

তাৰ পিছৰ সময়বোৰ আছিল বৰ জটিল। ৰিয়’ৰ দায়িত্ব আৰু অফিচৰ ব্যস্ততা, তাতেই যেন স্তব্ধ হৈ ৰ’ল দ্যুতিভাৰ জীৱনৰ অন্যান্য ৰংবোৰ!

মাক-দেউতাকে পুনৰ তাইৰ বিয়াৰ কথা ভাবিছিল। তাইক বুজি পোৱা কোনোবা এজন যে নিশ্চয় ওলাব, সেইটো বিশ্বাস আছিল তেওঁলোকৰ। কিন্তু দ্যুতিভাৰ স্পষ্ট উত্তৰ- নীলাভৰ স্থান বেলেগ কাকোৱেই দিব নোৱাৰে তাই। বহুত বুজায়ো জীয়েকক সৈমান কৰিব নোৱাৰি, সকলো সময়ৰ হাততে এৰি দিলে তেওঁলোকে।

লাহে-লাহে নীলাভবিহীন পৃথিৱীখনত অভ্যস্ত হৈ পৰিল দ্যুতিভা। কিন্তু মাজে-মাজে নিঃসংগতাৰ বিষালী কীট এটাই প্রচণ্ড ক্ৰুৰতাৰে দংশি যায় তাইক। হৃদয়ৰ অন্তঃস্থলত নীলাভৰ মধুৰ স্মৃতিবোৰ জীয়ন দি ৰাখিলেও, কায়িক স্পর্শ বিচাৰি উন্মাদ হৈ পৰে ।

অনুভৱৰ জানো শেষ আছে! তাইৰ গাভৰু দেহাটোৱেও পুৰুষৰ সান্নিধ্য বিচৰাটো জানো ভুল হ’ব পাৰে!

অভয় দুৱৰা- দ্যুতিভাৰ সহকৰ্মী। অমায়িক, দেখনিয়াৰ আৰু ভদ্ৰ যুৱক তেওঁ। দ্যুতিভাৰ দুচকুত ফুটি উঠা কাৰুণ্যতাখিনিক পঢ়ি পেলাইছিল অভয়ে। সেইবাবেই হয়তো তাইৰ প্রতি পুহি ৰখা সহানুভূতিপূর্ণ চেতনাখিনিয়ে দ্যুতিভাক লাহে-লাহে তাৰ কাষ চপাই আনিলে। দুয়োৰে মাজত এক সৌহার্দ্যপূর্ণ সম্পর্ক গঢ় লৈ উঠিল। কাৰোবাৰ সান্নিধ্যই যদি চেপি ৰখা উশাহটোক বাট দেখুৱাই, সেই বাটে আগুৱাই যাবলৈ মন আৰু মগজুও যেন তৎপৰ হৈ উঠে!

বন্ধুত্বৰ ডোলেৰে বান্ধ খাই পৰা, সেই অভয় দুৱৰাকে এদিন দৈহিক মিলনৰ প্ৰস্তাৱ দিলে দ্যুতিভাই। ঘটনাৰ আকস্মিকতাত থতমত খাই উঠিল অভয় দুৱৰা ৷ এগৰাকী নাৰীয়ে এইদৰে ব্যক্ত কৰিব পাৰেনে, তেওঁৰ যৌন স্পৃহাক!

দ্যুতিভাই বুজালে- শৰীৰৰ চাহিদাক কোনেও নুই কৰিব নোৱাৰে। এয়া তাইৰ প্রয়োজন। লগতে কথা দিলে- কেতিয়াও তাৰ বিবাহৰ ক্ষেত্ৰত তাই প্ৰাচীৰ হৈ নৰয় অথবা কোনো সম্পৰ্কৰ আওতাৰে বান্ধি নাৰাখে তাক। দ্যুতিভাৰ প্ৰস্তাৱ উপেক্ষা কৰিব নোৱাৰিলে অভয়ে ।

পিছে মনৰ মিল জানো হৈছিল দুয়োৰে! নিবাৰণ ঘটিছিল নে আত্মাৰ ভোক!

দিন বাগৰাৰ লগে-লগে অভয়ে দ্যুতিভাক নিজৰ পত্নী আৰু ৰিয়’ক পুত্ৰৰ মৰ্যাদাৰে আপোন কৰি ল’বলৈ বিচাৰিছিল। দ্যুতিভাই পিছে হৃদয়ৰ গভীৰত নীলাভৰ নামত সুকীয়াকৈ ৰখা ঠাইখিনিত আন কাৰোৰে প্ৰৱেশ সম্ভৱ নহয় বুলি আপত্তি দৰ্শালে। শৰীৰটোৰ ওপৰত অভয়ৰ সম্পূৰ্ণ অধিকাৰ থাকিলেও, তাইৰ আত্মাটো যে নীলাভৰ নামতেই উৎসর্গিত !

দূৰৈৰ কোনোবা এটা মন্দিৰৰ পৰা ৰিণি ৰিণি ভাহি অহা সান্ধ্য আৰতিৰ সুৰত বাস্তৱলৈ ঘূৰি আহিল দ্যুতিভা। বেচিজিল কথা কিছুমানে কিমান সময় যে আচ্ছন্ন কৰি ৰাখিলে তাইক ! তেনেকুৱাতে নীৰৱতাত ব্যাঘাত জন্মাই দ্যুতিভাৰ ম’বাইল ফোনটো বাজি উঠিল। বান্ধৱী পূজাৰ কল। কলটো ৰিচিভ কৰিলে তাই।

ঐ ক’ত থাক অ’ তই। ফোন কৰিলে নাপাওঁ যে!

তোক খবৰ এটা দিবলৈকে কল কৰিছিলোঁ। মোৰ গল্প এটা এইবাৰৰ নন্দিনী মেগাজিনত প্ৰকাশ হৈছে। পঢ়ি চাবিচোন ।

পঢ়িলোঁ পূজা। খুব ধুনীয়া লিখিছ। তোৰ লেখাই মনৰ কোনোবা এটা চুক গভীৰভাৱে চুই যায় অ’। তোলৈ ফোন কৰিম বুলি ভাবিছিলোঁৱেই মই।

সত্য ঘটনাৰ আলমত লিখা কাহিনীটো। সেইবাবেই তোক পঢ়ি চাবলৈ কৈছিলোঁ। আচলতে এই বিবাহ বহির্ভূত টপিকটোক লৈ লিখিবলৈ অলপ বিমোৰত পৰিছিলোঁ। পাঠকৰ ৰিয়েকচন বা কি হয়! বহুতেই দেখোন আদৰি লৈছে।

ল’ব পূজা। এইবোৰো সচৰাচৰ মানুহৰ জীৱনত ঘটি থকা ঘটনাই। (অজানিতে দীঘলকৈ হুমুনিয়াহ এটা সৰি পৰিল দ্যুতিভাৰ।) নাৰী জীৱনৰ প্ৰাপ্তি-অপ্রাপ্তিৰ হিচাপ ৰাখিবলৈ গ’লেই এনেকুৱা বহুত ঘটনাই চকুত পৰিব অ’।

ঠিকেই কৈছ দে। বাৰু, তোৰ খবৰ কচোন। ৰিয়’ৰ কেনেকুৱা ?

ডেকাটো হ’ল ৰিয়’। মাকক শাসন কৰিব পৰা হ’ল।

হাঃ হাঃ তোৰ চিন্তা কমিল তেন্তে। ভালেই হৈছে দে। নিজক সময় দে এতিয়া ।

যিমানেই ডাঙৰ হৈ আহিছে, সি মোৰ পৰা আঁতৰি গৈছে বুজিছ। মই ল’নলি ফিল কৰিবলৈ লৈছোঁ।

আচ্ছা, কথা এটা সোধোঁ ? (কওঁ-নকওঁকৈ ক’লে পূজাই)

সোধ ।

ড’ণ্ট টেক ইট আডাৰ ৱাইজ। প্লীজ…

নলওঁ। বুজিছোঁ তই কি সুধিব বিচাৰিছ।

তই তোৰ ফিজিকেল নীডবোৰক ফুলফিল কৰিব নিবিচাৰনে ?

অবভিয়াছ, বিচাৰোঁ। আফটাৰ অল ময়ো মানুহ ন! বাট ৱুই হেড গ্রেট চেপেক্ট ফৰ ইচ্চ আডাৰ ৷

বুজি পাওঁ। কিন্তু নীলাভৰ পত্নী ৰূপে জীৱনটো আৰম্ভ হৈছিলহে তোৰ।

উমমম…..

যদি তোক বুজা, বহুত ভালপোৱা কাৰোবাক এতিয়াও পাৱ ?

এক্সুৱেলি আই হেড এ ৰিলেচনশ্বিপ এণ্ড ৱুই হেড চাচ্চ টাইপ অৱ ইণ্টিমেচি।

মিনচ ছামওৱান এলচ!

ইয়েছ। আই ৰিয়েলাইজড লেটাৰ। ইট হেপেণ্ড ফৰ মাই ফিজিকেল নীড অনলি। ডাঙৰ ফেক্ট এটা ক’লো তোক। ডিলিট কৰি দিবি মাইণ্ডৰ পৰা ৷ আচলতে সুখী হোৱাৰ ব্যৰ্থ প্ৰচেষ্টা আছিল সেয়া ।

ইটচ অ’কে। কাকো নজনাওঁ ম‍ই।

এক্সুৱেলি ন’ৰেচপেক্ট ৱাজ ডেয়াৰ ৷

এতিয়া নাই?

নাই । ৰিয়’ সৰু থাকোঁতেই।

একো ভুল হোৱা নাছিল তোৰ দ্যুতিভা। সকলোৰে প্রয়োজনবোৰ একেই হয়।

মই অনুভৱ কৰিলোঁ পিছত-ইট রাজ নট মাই কাপ অৱ টী। আচলতে মই সদায় নীলাভৰ লগত মিলাই চাওঁ মানুহবোৰক। হি ৱাজ লাইক এ পাৰফেক্ট মেন।

সকলো কেনেকৈ একেই হ’ব পূজা? তয়ো পাৰিলি হয় অলপ কম্প্রমাইজ কৰি নিজৰ কথা ভাবিব ।

নোৱাৰিলোঁ। ৰিয়’ মোৰ ফাৰ্ষ্ট প্রায়’ৰিটি। সেইটো বুজা মানুহ এই দুনীয়াত কম। ৰেয়াৰ… ! সেইটো বুজা হ’লে কম্প্রমাইজ কৰিলোঁ হয়!

হয় বাৰু কথাটো। কিন্তু তোৰ জীৱনৰ কথাও জড়িত হৈ আছিল লগতে। তই নাভাবিলিয়েই আৰু নিজৰ বিষয়ে ।

কথা সেইটো নহয়। ৰিয়’ক প্ৰায়’ৰিটি দিয়া মানুহ নাপালোঁ। মোৰ শাহু শহুৰে মাক কৈছিল— তাইক আমি এৰিব নোৱাৰোঁ । স্বৰ্গগামী হোৱা ল’ৰাটোৰ চিন এটাই। তাইক আপোনালোকে বিয়া দিয়াৰ কথা চিন্তা নকৰিব ।

স্বাৰ্থপৰ হ’ল তেওঁলোক । এইখিনি জানি মোৰ মনটো বেয়া লাগি গ’ল যা। তোৰ বয়সনো কিমান হৈছিল দ্যুতিভা?

নীলাভ ঢুকাওঁতে সাতাইশ বছৰীয়া ম‍ই ৷ আমাৰ লগৰ বহুতৰ বিয়াই হোৱা নাছিল। ভালেই হ’ল দে। বিয়া হোৱা হ’লেও লেঠাহে লাগিল হয়। সিফালেও এটা বাচ্চা বিচাৰিলে হয়! ল’ৰা ডাঙৰ হোৱাত ম‍ই কিন্তু লাহে-লাহে অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছোঁ। নাজানো কি হয়!

তোক মই আগতেই কৈছিলোঁ, এদিন নহয় এদিন লগ এটাৰ অভাৱ অনুভৱ কৰিবিয়েই তই।

তোক ক’বলৈ মন যোৱাত কৈ আছোঁ যা-তা। মোৰ বাবে দুখ নকৰিবি পূজা ৷

একো নাই, কৈ যা। মই বুজি পাওঁ কথাবোৰ।

ঘৰৰ সকলোৱে ভাবে- নিজকে এডজাষ্ট কৰিলোঁ মই। আত্মনিৰ্ভৰশীল মই। মোৰ একো প্রয়োজন নাই। দেখে যে, মই বহুত বিজি ৰাখোঁ নিজকে, বহুত কাম কৰোঁ। ঘৰৰ সকলো ডিচিচনত ময়েই মাথা মাৰিব লাগে। যিহেতু ম‍ই ফ্ৰী মানুহ এজনী।

চকুপানী বাগৰি আহিল পূজাৰ ।

তই নিজকে লুকুৱাই ৰাখি একো ভাল কৰা নাই দ্যুতিভা। নক’বি আৰু একো । কান্দি দিম মই এতিয়া। এতিয়াও ভাব নিজৰ কথা প্লীজ।

কি ভাবিম? শেষত নিজেই ভুল কৰি পেলাইছিলোঁ। তোক কন্দুৱাবলৈ কোৱা নাই কথাবোৰ। এতিয়া মই বহুত কঠোৰ হ’লোঁ পূজা। মোৰ অনুভৱক ফাৰ্ষ্ট প্রিফাৰেন্স দিয়াৰ টাইম নাই এতিয়া। সঁচাই কৈছোঁ— ৰিয়’ৰ ফিউচাৰ, ফাইনেঞ্চিয়েল ছিকুৰিটী, ইনভেষ্টমেন্ট, এক্সপেন্সিভ, ছেভিংছ… এইবোৰত মাথা মাৰোঁতেই যায় দেখোন দিনবোৰ। প্রাইভেট জব, জব ছিকুৰিটী, জব প্ৰেছাৰ… এইবোৰেই প্ৰায়’ৰিটি এতিয়া। মান্থলি ই.এম.আইবোৰ মিলাওঁতেই বছৰবোৰ পাৰ হৈ গৈ আছে। কেতিয়াবা ভাবোঁ, ইক’নমিক্স পঢ়িবই নালাগিছিল।

ৰিয়’ই কিবা কয় নে কেতিয়াবা ?

নকয়, একোৱেই নকয়। মাথোঁ যিমান পাৰে সোনকালে জব কৰাৰ ইচ্ছা তাৰ। ভাবি আচৰিত লাগে পূজা, সমাজৰ চকুত নিজকে ভাল দেখুওৱাৰ চেষ্টাতে কিমানে যে কিমান কষ্ট কৰি জীৱনটো আগুৱাই নিছে।

বহুত উদাহৰণ আছে দ্যুতিভা। বাহিৰত কোনেও গম নাপায়। খোলা এটাৰ ভিতৰত নিজকে সুমুৱাই ৰাখে মানুহবোৰে ৷

এৰা…! হ’ব দে। বহুত কথা পাতিলোঁ। তোক আজি ষ্ট’ৰীলাইন এটাই দি দিলোঁ। এইবাৰ তোৰ গল্পৰ প্রটাগ’নিষ্ট ম‍ই হ’ম। আৰু এটা কথা কওঁ পূজা- য’ত প্ৰেম নাথাকে তাত সকলো কথাই মূল্যহীন। নীলাভৰ প্ৰতি মই মনতে পুহি ৰখা প্রেম সদায় সজীৱ হৈ থাকিব। অভয়ে মোক বিয়াৰ প্ৰস্তাৱ দিয়াৰ পিছতেই অনুভৱ কৰিছিলোঁ মই- মোৰ বাবে শৰীৰৰ ভোক ইমান বেছি প্রয়োজনীয় নহয়, যিমান নীলাভৰ লগত কটোৱা মধুৰ সময়বোৰৰ স্মৃতি। তেতিয়াই অভয়ৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ। নীলাভৰ স্মৃতিবোৰকে ধৰি ৰাখি জীৱনটো কটাই দিব বিচাৰোঁ ম‍ই পূজা। পাৰিম মই। ৰিয়’ আছে নহয় মোৰ লগত ৷

ডেটচ কলড দ্য স্পিৰিট। গড ব্লেচ ইউ। আৰু শুন, লিখিম মই তোৰ কথাবোৰ। এদিন পঢ়িবি তই। বায়। টেক কেয়াৰ।

ফোনটো সংযোগ বিচ্ছিন্ন হোৱাত, দীঘলকৈ নিশাহটো এৰি দিলে দ্যুতিভাই। ইমান বছৰে অবিদিত হৈ ৰোৱা কথাবোৰ অন্তৰংগ বান্ধৱীজনীৰ আগত প্ৰকাশ কৰি নিৰ্ভাৰ হ’ল যেন মানুহজনী!

বছৰবোৰ যে কেনেকৈ পাৰ হৈ গ’ল! দুবছৰ বয়সতে দেউতাকক হেৰুৱা ৰিয়’ আজি বাইশ বছৰীয়া চফল ডেকা। নিজৰ কাম নিজেই কৰিব পৰা হ’ল সি। সিদ্ধান্ত কিছুমানো নিজেই ল’ব জনা হল। সুখী হ’বলৈ ইয়াতকৈ বেছি একো নালাগে তাইক। নীলাভৰ মুখখন ভাহি আহি দুচকু সেমেকাই পেলালে দ্যুতিভাৰ । তৰাফুলেৰে ভৰি পৰা আকাশলৈ চাই জোৰেৰে চিঞৰি উঠিল তাই…

নীলাভ ইউ আৰ টেৰিবলি মিছড়। যাওঁ বুলিয়েই এনেকৈ গুচি যায়নে কোনোবা! আই হেট ইউ নীলাভ। আই হেট ইউ।

ফোনঃ ৯১০১২-০৩৫৫৪

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.