বাছখনে পৰীমিতাক চাৰিআলিটোত নমাই থৈ গুচি গ’ল। হাতত বেগটো লৈ তাই গাঁৱলৈ যোৱা কেঁচা পথটোলৈ চালে। নিজমভাৱে শুই আছে পথটো। সন্ধিয়া নামি আহিছে। এজাক ফিৰফিৰীয়া বতাহে কঁপাই তুলিলে পৰিমিতাক । তাই চৌপাশে চালে। ঠাইখিনি নিজান পৰি আছে। ক’তো কোনো মানুহ নাই । গাঁৱত সন্ধিয়া নামিলেই মানুহবোৰ সোনকালে ঘৰ সোমাবলৈ লয়।
অকলে অকলে এই দীঘল বাটছোৱা ঘৰলৈ যাবলৈ পৰীমিতাৰ অলপ ভয় লাগিল। ব’হাগ বিহুৰ বাবে তাইৰ কলেজ বন্ধ। হোষ্টেলৰ পৰা সকলো ছোৱালী ঘৰলৈ গৈছে তাইও গুৱাহাটীৰ পৰা গোলাঘাটৰ ঘৰলৈ আহিছে। আজিয়ে এনেকুৱা হ’ল। অন্যবাৰ তাইক নিবলৈ দেউতাকে চাৰিআলিলৈ আহে। এইবাৰ দেউতাকৰ ভৰিৰ বিষ। সেয়ে তাই নিজেই কৈছিল—
“মই পাৰিম দিয়া দেউতা, তুমি কষ্ট কৰি আহিব নালাগে। গুৱাহাটী মহানগৰীৰ পৰা অকলে আহিব পৰা ছোৱালীজনীয়ে চাৰিআলিৰ পৰা ঘৰলৈ এইকণ বাট অকলে যাব নোৱাৰিম নে?’
কিন্তু তাই অহা বাছখনৰ বাটত কিবা বিজুতি ঘটাত তাই পাঁচটা বজাত পাব লগাৰ সলনি এতিয়া আঠটা বাজিল। আৰু এতিয়া তাইৰ সঁচাকৈয়ে ভয় লাগিছে। গাঁৱত আঠটা বজাতেই বহুত ৰাতি । ইয়াত ৰৈ থকাটো উচিত নহ’ব বুলি ভাবি মনত সাহস গোটাই তাই খোজ দিলে। দুয়োফালে শস্যহীন পথাৰ। জোনাক নামিছে লাহে লাহে । কিমান দিনৰ মূৰত যে মাক-দেউতাক আৰু আইতাকক দেখা পাব! সেই কথা ভাবি মনটো অলপ ভাল লাগিল তাইৰ ।
আৰু পৰাণ! কিমান দিনৰ পিছত যে তাক দেখা পাব । তাৰ সেই গভীৰ আৰু মায়ালগা চকুহাল! শৈশৱৰ পৰা একেলগে উমলি-জামলি ধূলি-বালি ধেমালিৰে শৈশৱ কটোৱা পৰাণ আৰু তাইৰ বন্ধুত্ব গভীৰ আছিল। প্ৰতিবছৰে গাঁৱৰ বিহুতলীত একেলগে বিহু নাচে। বিহুৰ সাজ পিন্ধি তাৰ পেঁপাৰ মাতত তাই প্রাণঢালি নাচে।
সেয়া শৈশৱ পাৰ হৈ যৌৱনত ভৰি দিয়া সময়ৰ কথা ।
হাইস্কুলত পঢ়ি থকাৰ পৰাই পৰাণৰ প্ৰতি তাইৰ মনত এক অজানা অনুভৱৰ সৃষ্টি হৈছিল। অল্পভাষী আৰু লাজকুৰীয়া পৰাণৰ চকুত তাই সদায় মৰমৰ আভাস পাইছিল, কিন্তু সি কোনোদিনে মনৰ কথা খুলি ক’ব পৰা নাছিল। তাই মনে মনে সদায় আশা কৰে- এদিন সঁচাকৈয়ে পৰাণে তাইক প্ৰেমৰ প্ৰস্তাৱ দিব। সিদিনাই যেন পৃথিৱীৰ ভিতৰতে সুখী নাৰী হৈ পৰিব তাই। কিন্তু পৰাণে তাইক একোৱেই নক’লে।
মেট্ৰিক পৰীক্ষা পাছ কৰি চহৰলৈ পঢ়িবলৈ যোৱা দিনা দেউতাকৰ সৈতে সিও আহিছিল তাইক বাছত উঠাই দিবলৈ। তাৰ স’তে আসন্ন বিচ্ছেদৰ কথা ভাবি বাৰে বাৰে তাইৰ চকুহাল সেমেকি উঠিছিল। আকুল চকুৰে পৰাণৰ চকুলৈ চাইছিল- কিজানিবা আজি সি কৈ পেলায়, “মই ভাল পাওঁ তোমাক পৰী! তোমাৰ পৰা আঁতৰি থাকি কষ্ট হ’ব মোৰ ।’
সিদিনাও সি একো নক’লে, মাথোঁ ক’লে- ‘ভালকৈ পঢ়িবা দেই। গাঁৱলৈ সুনাম কঢ়িয়াই আনিব লাগিব তুমি।’
অভিমানেৰে বুকুখন গধুৰ কৰি তাই চহৰলৈ গুচি আহিছিল। তাতো পৰাণক পাহৰিব নোৱাৰিছিল তাই। দিন মাহ গৈ থাকিল তেনেকৈয়ে ।
চহৰত বহুত ল’ৰাই তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও তাই কাৰোৰে প্ৰস্তাৱত সঁহাৰি জনাব নোৱাৰে । তাইৰ হৃদয়ৰ মণিকূটত কেৱল পৰাণৰ বাবেহে আসন আছিল। বহুত ভাল পায় তাই তাক । তাই জানে সিও তাইক ভাল পায়।
তাই বিচাৰে সি এবাৰ কৈ পেলাওক তাৰ মনৰ কথা। তেতিয়া তায়ো হৃদয় উজাৰি কৈ পেলাব শৈশৱৰ পৰা তালৈ সাঁচি ৰখা ভালপোৱাৰ কথাবোৰ।
বিহুলৈ আৰু দুদিনো নাই। গাঁৱৰ বিহুতলীত প্রতিবছৰে বৰ উলহ-মালহেৰে বিহু পাতে । সেয়েহে বহুত হেঁপাহেৰে তাই বিহুলৈ অপেক্ষা কৰে। এইবাৰো তাই পৰাণৰ সৈতে বিহু নাচিব। আকৌ এবাৰ ৰঙীন হৈ পৰিব তাইৰ ব’হাগ ।
হঠাতে কোনোবা নাম নজনা চৰাইৰ মাতত চক্ খাই উঠিল পৰীমিতা। তাই ইফালে সিফালে চালে। জোনাকৰ পোহৰে পথটো ফটফটীয়া কৰি ৰাখিছে। অলপ দূৰত থকা বাঁহনিজোপা দেখি আকৌ ভয়টোৱে উক্ দি উঠিল তাইৰ মনত। দিনতে জয়াল হৈ থাকে এই ঠাইখিনি।
“হে ভগৱান, ভালকৈ ঘৰ পোৱাই দিবা দেই।‘
তাই খৰকৈ খোজ দিলে। হঠাতে পিছফালৰ পৰা কোনোবাই নাম ধৰি মাতিলে তাইক।
‘পৰীমিতা!”
তাই ৰৈ দিলে । ঘূৰি চাই দেখিলে চাইকেল এখন লৈ কোনোবা এজন খৰকৈ আগুৱাই আহিছে তাইৰ ফালে। ওচৰ পোৱাত দেখিলে- সেইজন পৰাণ ।
পৰাণ তুমি!
‘অঁ, তেতিয়াৰে পৰা চিঞৰি আছোঁ মই, তুমি শুনাই নাই! ইমান বেগেৰে গৈ আছা যে!
মানে মই অকলে যে….
ভয় খাইছিলা নেকি?”
‘নাই, কিয় ভয় খাম? মই সৰু ছোৱালী নেকি?”
সি হাঁহিলে, সেই একেই মিঠা হাঁহি। সি ক’লে- ‘উম, বৰ্তাই দুদিনৰ আগতে বাৰীত কাম কৰি থাকোঁতে ভৰিত দুখ পালে। বিষাই আছে এতিয়াও, নহ’লে তোমাক আগবঢ়াই নিবলৈ তেখেতেই আহিলহেঁতেন ।
পৰীমিতাৰ মনটো ভাল লাগি গ’ল। যাৰ কথা ভাবি ভাবি তাই আহি আছিল, সেই পৰাণ এতিয়া তাইৰ একেবাৰে কাষত ।
‘পৰাণ তুমি ক’ৰ পৰা আহিছিলা ?”
‘অঁ, আমাৰ পিংকীক চাবলৈ কাইলৈ যোৰহাটৰ পৰা মানুহ এঘৰ আহিব। তাৰ বাবেই অলপ মিঠাই ল’বলৈ টাউনলৈ গৈছিলোঁ। ৰ’বা, তোমালৈও কিবা এটা আনিছোঁ।’
সি চাইকেলত ওলমি থকা মোনাটোৰ পৰা ডাঙৰ কেডবেৰী চকলেট এটা উলিয়াই তাইক দিলে। চকলেটটো সযতনে বেগত ভৰাই থ’লে তাই।
‘কিন্তু তুমি কেনেকৈ জানিলা আজি মই আহিম বুলি ? ”
‘বৰ্মাই পুৱাতেই কৈছে আজি তুমি ঘৰলৈ আহিবা বুলি ।”
পৰাণ আৰু পৰীমিতা নীৰৱে আগুৱাই গৈ থাকিল। দূৰত জিলিৰ মাত আৰু শিয়ালৰ হোঁৱা-ৰাউচিৰ বাহিৰে ক’তো কোনো শব্দ নাই । ফ্ৰিফিৰীয়া বতাহজাকে কঁপাই গৈছে গছ- বনবোৰ। বাঁহনিডৰা ভয় লগা ধৰণে জয়াল হৈ আছিল। তাই অলপ ওচৰ চাপি গ’ল পৰাণৰ।
হঠাতে পৰাণে মাত লগালে- ‘পৰী, কথা এটা ক’বলগীয়া আছিল তোমাক। বহুদিন ধৰি ভাবি আছোঁ তোমাক ক’বলৈ, কিন্তু ভয় লাগে তুমি বা কি ভাবা! আমাৰ বন্ধুত্বৰ সম্পৰ্কটোৰ পৰা আঁতৰি যাবা নেকি? কিন্তু মনে নামানিলে, ভাবিলোঁ আজিয়েই কৈ দিম তোমাক। পৰী, মই তোমাক বহুত ভাল পাওঁ।’ পৰী নীৰৱ হৈ পৰিল । বহুবছৰ ধৰি শুনিব খোজা কথাবোৰ শুনি তাই স্তব্ধ হৈ পৰিল।
সি কৈ গ’ল-‘সেই যে সৰুতে আমি ৰজা- ৰাণী খেলিছিলোঁ, সেইদিনৰে পৰা… ভাল পাওঁ তোমাক। সেই যে মুগাৰ সাজযোৰ পিন্ধি তুমি মোৰ সৈতে বিহু নাচিছিলা, মন যায় একেবাৰেই তোমাক নিজৰ কৰি লৈ যাবলৈ। ক’ব নোৱাৰোঁ কিমান যে ভাল পাওঁ তোমাক । কোৱা পৰী, তুমিও ভাল পোৱানে মোক ?’
একো ক’ব পৰা নাই তাই। চিৰপ্ৰত্যাশিত কথাখিনি শুনি তাই যেন বাকৰুদ্ধ হৈ পৰিল। পৰাণে পুনৰ ক’লে- ‘পৰী, মনে মনে আছা যে? কিবা এটাতো কোৱা। চোৱা, তোমাৰ ঘৰ পালাহি।’
পৰীমিতাই দেখিলে জোনাকৰ পোহৰত সিহঁতৰ দীঘল পদূলিটো উজলি আছে। গছভৰি বগা হৈ ফুলি থকা পদূলিৰ তগৰজোপাই যেন জোনাকত হাঁহিছে। তাই দীঘলকৈ উশাহ এটা ল’লে। তগৰৰ মিঠা সুবাসেৰে বুকুখন ভৰি পৰিল ।
‘পৰী, একো নক’লা যে ?
বাৰু হ’ব দিয়া, ভাগৰি আহিছা তুমি। এতিয়া ঘৰলৈ গৈ জিৰণি লোৱা। শুনা, তোমাৰ উত্তৰ নোপোৱালৈকে শান্তি নাপাম মই। তুমি যি উত্তৰ দিয়া, সেয়াই মানি ল’ম। কাইলৈ আবেলি মই গাঁৱৰ মূৰৰ আঁহতজোপাৰ তলত তোমালৈ বাট চাম । তুমি আহিবানে ?
পৰীমিতাই মূৰ দুপিয়ালে। এক মিঠা হাঁহি মাৰি চাইকেলখন ঠেলি ঠেলি পৰাণ আঁতৰি গ’ল৷
তাহাঁতৰ ঘৰৰ পৰা তিনিঘৰমান এৰিয়েই পৰাণহঁতৰ ঘৰ। সি নেদেখা হোৱালৈকে তাই চাই থাকিল তালৈ। আৰু বিৰবিৰাই ক’লে, ‘বহুদিন অপেক্ষা কৰাইছা মোক তুমি পৰাণ! মোৰ উত্তৰ শুনিবলৈ আজিৰ ৰাতিটো তুমিও অপেক্ষা কৰা, তেতিয়া বুজিবা প্ৰেমৰ অপেক্ষাৰ মধুৰ যন্ত্ৰণা ।’ এক মিঠা অনুভৱেৰে দীঘল পদূলিটোৰে তাই ঘৰ সোমাল। বহুদিনৰ পিছত মাকৰ হাতৰ ৰন্ধা খাই তৃপ্তি পালে তাই। তাইৰ আগমনত গোটেই ঘৰখন মুখৰ হৈ পৰিল। ৰাতি তাইৰ টোপনি ও আহিল ভালকৈ ।
পুৱা উঠি তাই বাহিৰলৈ ওলাই আহিল। মাকে ঢেঁকীশালত পিঠাগুড়ি খুন্দি আছে। কাষতে আইতাকে খুন্দনাটোত তামোল খুন্দি আছে। কাইলৈ বিহু, আজি বিহুৰ উৰুকা । তাই আইতাকৰ কাষতে বহিল। কাম কৰা ছোৱালী ৰমলাই পিঠা দুটাৰে তাইক চাহ একাপ দি গ’ল। চাহ খোৱাৰ পিছত আইতাকে তাইৰ হাতত ৰঙাকৈ খুন্দা তামোল অকণ দিলে। বৰ প্ৰিয় তাইৰ আইতাকৰ হাতৰ সেই তামোলৰ ৰঙা গুৰিখিনি। মাক আহি কাষতে বহিল আৰু তাইৰ মূৰত নাৰিকল তেল অকণ সানি দিলে। ‘মা, গাঁৱৰ সকলোৰে ভালনে?’- সুধিলে তাই। ‘ভালে মাজনী, মাত্র এটা বেয়া খবৰৰ বাহিৰে…’ ‘কি বেয়া খবৰ মা?’ তাই ঘূৰি মাকৰ মুখলৈ চালে। দেখিলে মাকৰ মুখখন সেমেকি আছে। ছোৱালীজনী শুই উঠিছেহে এইমাত্র, তাইৰ আগত এইবোৰ কি কথা উলিয়াইছ! আইতাকে মাকক ধমক দি উঠিল।
‘নহয় মা, কোৱা কি বেয়া খবৰৰ কথা কৈছা ? মই আৰু ধৈর্য ধৰিব নোৱাৰোঁ, উচপিচাই উঠিল তাই।
মাকে অলপ সময় নীৰৱ হৈ থাকি ক’লে- ভাবিছো কওঁ নে নকওঁ। তোৰ লগৰ যে পৰাণ……
মাকৰ কথা শেষ হোৱাৰ আগতেই পৰীমিতাৰ বুকুখন কঁপিবলৈ ধৰিলে।
আজি তিনি দিন হ’ল। হঠাতে কি হৈ গ’ল কোনেও বুজিব নোৱাৰিলে। সিহঁতৰ ঘৰলৈ ভনীয়েকক চাবলৈ যোৰহাটৰ পৰা আলহী অহাৰ কথা আছিল, সেয়ে আগদিনা সন্ধিয়া মিঠাই আনিবলৈ সি চহৰলৈ গৈছিল। কিন্তু… ঘৰলৈ আৰু ঘূৰি নাহিল সি। চাইকেলেৰে সৈতে সেই কাল ট্রাকখনেই শেষ কৰি দিলে ফুল কোমল ল’ৰাটোৰ জীৱন ৷ হাস্পতাললৈ নিয়াৰ আগতেই মাজ ৰাস্তাতে সি শেষ নিশ্বাস ত্যাগ কৰিলে….. ঠাইতে প্ৰাণ হেৰুৱালে ল’ৰাটোৱে ।
কান্দোনত যেন ফাটি পৰিব খুজিলে পৰীমিতাৰ বুকুখন। তাই চিঞৰি উঠিল—
‘নাই… নাই… এইটো সঁচা হ’ব নোৱাৰে ! মা, কি কৈছা তুমি এইবোৰ ? মই বিশ্বাস নকৰোঁ…..
মাকে দুখভৰা মাতেৰে ক’লে—
‘সঁচাই কৈছোঁ মা। জানিছিলোঁ তই বৰ দুখ পাবি। একেলগে খেলি-ধূলি ডাঙৰ হৈছিলি দুয়ো। সৰুৰে পৰা বৰ মৰম কৰিছিল সি তোক । বৰ ভাল ল’ৰা আছিল পৰাণ। বৰ্মা, বৰ্মা বুলি আমাৰ ঘৰলৈ প্ৰায়ে আহি ইটো-সিটো কামত সহায় কৰি দিছিল। গোটেই গাঁৱৰ মৰমৰ আছিল সি। মাক উচুপি উঠিল।
পৰীয়ে কন্দা নাই। চকুলোবোৰ শিল হৈ পৰিল চাগে। প্রস্তৰ মূৰ্তিৰ দৰে উঠি তাই ভিতৰলৈ গ’ল । তাই বেগটোত পৰাণে তাইক দিয়া কেডবেৰী চকলেটটো বিচাৰিলে। নাই, বেগত চকলেটটো নাছিল ।
বিদ্যুৎস্পৃষ্ট মানুহৰ দৰে ধপকৈ মজিয়াত বহি পৰিল তাই।
বুকুখন জোৰকৈ সাবটি ধৰি ফেকুৰি উঠিল তাই। তাৰ মানে যোৱাৰাতি তাইৰ লগে লগে আহি থকা সেইজন পৰাণ নাছিল-আছিল পৰাণৰ অতৃপ্ত আত্মা । তাইক লগ পাবলৈ সি তেনেকৈয়ে ৰৈ আছিল। তাইক তাৰ মনৰ কথাখিনি নকলে তাৰ আত্মাই চাগে শান্তি নাপালেহেঁতেন। কিন্তু তাই কিয় কৈ নিদিলে তাক নিজৰ মনৰ কথাখিনি ?
তাইৰ অন্তৰৰ কথাখিনি নজনাকৈয়ে সি গুচি গ’ল সিপাৰৰ পৃথিৱীলৈ। তাৰ মানে তাই তাক আৰু কেতিয়াও দেখা নাপাব, লগ নাপাব । কেতিয়াও ক’বলৈ নাপাব তাইৰ বুকুৰ কথা ?? পৰাণ… পৰাণ… কিয় মোক অকলে এৰি থৈ গুচি গ’লা?’-এইবাৰ হুকহুকাই সশব্দ কান্দোনত ভাগি পৰিল তাই।
আবেলি পৰীমিতাই গাঁৱৰ শেষৰ মূৰত থকা আঁহতগছজোপাৰ তললৈ গ’ল। আবেলি পৰত তালৈ কোনো নাহে। সেইখিনিৰ পৰা আৰম্ভ হয় এখন ঘন হাবি। ওচৰতে কলকল শব্দেৰে বৈ গৈছে নৈখন ৷ পৰাণে কেতিয়াও আৰু তাইক লগ কৰিবলৈ নাহে বুলি জানিও তাই তাৰ বাবে
বাট চালে। তাই যে কথা দিছিল তাক যোৱাৰাতি – আজি তাক লগ কৰাৰ। তেন্তে আহিবনে সি? বিশাল গছজোপাৰ তলত থকা পুৰণি বাঁহৰ বেঞ্চখনত বহি আকুলতাৰে তাৰ বাবে অপেক্ষা কৰিলে তাই।
সময়বোৰ গৈ থাকিল, আবেলি গুচি গধূলি হ’ল। হাবিৰ পৰা ভাহি আহিল চৰাইৰ চিৰিকটিৰ মাত। এজাক শীতল বতাহে কঁপাই তুলিলে তাইক। নাই, পৰাণ নাহিল। কি কৰিব এতিয়া তাই? গোটেই ৰাতি ইয়াতে বহি বাট চাব নেকি? দুখ আৰু শোকত ম্রিয়মাণ হৈ কাতৰ কণ্ঠেৰে তাই
মাতিলে- ‘পৰাণ… পৰাণ… ক’ত আছা তুমি ?’ চোৱা মই আহিছোঁ।
পৰী…
পৰি উচাপ খাই উঠিল। এয়া দেখোন পৰাণৰ মাত! খুব কৰুণ সুৰেৰে সি যেন মাতিছে তাইক। বহু দূৰৰ পৰা বতাহত ৰিণি ৰিণি ভাহি আহিছে তাৰ মাতটো। সঁচাকৈ তাইৰ এনে লাগিল গছজোপাৰ ওপৰৰ পৰা যেন সি মাতিছে তাইক। ভয়ে ভয়ে তাই ওপৰলৈ চালে, নাই তাত কোনো নাই। কেৱল বতাহত গছৰ পাতবোৰ লৰি আছিল । তাই বুজি উঠিল এই মুহূৰ্তত পৰাণ তাইৰ আশেপাশে আছে। মাত্র তাই দেখা নাই তাক ।
তাই ইফালে-সিফালে চালে আৰু ক’লে- ‘পৰাণ, মই জানো তুমি মোৰ কাষতেই আছা, কিন্তু মোৰ দুৰ্ভাগ্য চোৱা মই দেখা পোৱা নাই তোমাক ৷ তুমি জানা পৰাণ, কিমান হেঁপাহ বুকুত লৈ এইবাৰ হোষ্টেলৰ পৰা মই ঘৰলৈ আহিছিলোঁ ? কিমান আশা কৰিছিলোঁ তোমাক দেখা পাম, লগ পাম, তোমাৰ সৈতে বিহু নাচিম । তুমি নক’লেও এইবাৰ মই কৈ পেলাম- তোমাক মই কিমান ভাল পাওঁ। তোমাৰ বাহিৰে মই কাৰো হ’ব নোৱাৰোঁ কেতিয়াও। বহুত ভাল পাওঁ তোমাক পৰাণ… বহুত ভাল পাওঁ তোমাক । কিন্তু এয়া কি হৈ গ’ল ? নিয়তিয়ে মোৰ স’তে কিয় এনেকুৱা কৰিলে ? কিয় আঁতৰাই নিলে তোমাক মোৰ পৰা।
মোৰ বাবে ব’হাগ ৰংহীন হৈ পৰিল। কেতিয়াও আৰু মই বিহু নানাচোঁ। ব’হাগ মোৰ বাবে সদায় হৈ ৰ’ব এক বিষাদৰ সুৰ। নিয়তিৰ নিষ্ঠুৰ পৰিহাসত এইটো জনমত আমি একেলগ হ’ব নোৱাৰিলোঁ। কিন্তু তুমি অপেক্ষা কৰিবা দেই… মোৰ সোণ ৷ মোৰ বিশ্বাস, অহাটো জনমত আমাৰ আধৰুৱা প্ৰেমে পূর্ণতা লাভ কৰিব। য’তে থাকা ভালকৈ থাকিবা দেই মোৰ সোণ। তোমাৰ পৰী সদায়েই তোমাৰেই হৈ থাকিব। পৰাণ… পৰাণ… মোৰ সোণটো, তুমি শুনি আছানে মোৰ কথা?-উচুপি উচুপি কান্দি কান্দি এইবাৰ মাটিত বহি পৰিল পৰীমিতা।
হঠাতে তাই নিজৰ কান্ধত এখন অদৃশ্য হাতৰ স্পৰ্শ অনুভৱ কৰিলে। যেন কোনোবাই অতি আলফুলে ধৰি তাইক মাটিৰ পৰা উঠাই দিলে আৰু তাইক লৈ আগুৱাই গ’ল গাঁৱৰ ফালে ৷ মন্ত্রমুগ্ধ মানুহৰ দৰে নীৰৱে খোজ দি আহি থাকিল তাই। গোটেই পথছোৱা তাই অনুভৱ কৰি থাকিল তাইৰ কান্ধত এখন অদৃশ্য হাতৰ পৰশ- অতি মৰমেৰে যেন কোনোবাই ধৰি আছে তাইক। তাই বুজি উঠিল- এয়া পৰাণ, তাইৰ আপোন পৰাণ।
খোজ কাঢ়ি কাঢ়ি তাই আহি নামঘৰৰ ওচৰ পালেহি। নামঘৰত তেতিয়া জ্বলি আছিল সন্ধিয়াৰ চাকি । তাই অনুভৱ কৰিলে তাইক সাবটি ধৰি থকা হাতখন হঠাতে এৰ খাই গ’ল । তাই ঘূৰি পিছলৈ চালে আৰু ক’লে- যোৱা, যোৱাগৈ পৰাণ ভালকৈ থাকিবা দেই তুমি। মই সোনকালে গৈ আছোঁ তোমাৰ কাষলৈ।
বিদায় মোৰ সোণ! বিদায়!!
আন্ধাৰত হাত জোকাৰি জোকাৰি পৰীমিতাই বিদায় জনালে তাইৰ প্ৰথম আৰু শেষ প্রেমিকক ।
প্ৰীতিৰেখা দাস
Comments are closed, but trackbacks and pingbacks are open.