মেদবহুলতা হৈছে শৰীৰৰ অতিৰিক্ত চর্বি, যিয়ে ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে দীৰ্ঘদিনীয়া অৱস্থাৰ সম্ভাৱনা বৃদ্ধি কৰে। প্ৰতিৰোধৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্য, নিয়মীয়া শাৰীৰিক কার্যকলাপ, পর্যাপ্ত টোপনি, মানসিক চাপ নিয়ন্ত্ৰণ আদিকে ধৰি সুস্থ জীৱনশৈলী গ্ৰহণ কৰাত গুৰুত্ব দিয়া ৷
ইয়াৰ উপৰি বজাৰৰ তৈয়াৰী খাদ্য, চেনিযুক্ত খাদ্য আৰু পানীয়, প্রক্রিয়াকৃত খাদ্য পৰিহাৰ কৰি অধিক আঁহযুক্ত খাদ্য বৃদ্ধি কৰা ।
মেদবহুলতা প্ৰতিৰোধৰ মূল দিশ
খাদ্যৰ সালসলনিঃ ফলমূল, শাক- পাচলি, মাহজাতীয় শস্য, বাদাম, যিকোনো গোটা শস্য, আদিৰ পৰিমাণ বেছিকৈ গ্ৰহণ কৰা উচিত। বেছি কেলৰিযুক্ত খাদ্য, চেনি সংপৃক্ত চৰ্বি আৰু প্ৰচেছড মাংস সীমিত কৰা উচিত।
শাৰীৰিক কাৰ্যকলাপঃ ওজন বৃদ্ধি ৰোধৰ বাবে নিয়মিত সামঞ্জস্যপূৰ্ণ শাৰীৰিক ব্যায়াম অতি গুৰুত্বপূৰ্ণ।
স্বাস্থ্যকৰ অভ্যাসঃ নিচাযুক্ত দ্ৰব্য সেৱন কৰা বন্ধ কৰা, পৰ্যাপ্ত টোপনি মৰা আৰু মানসিক চাপ কম কৰা। শিশু আৰু পৰিয়ালৰ বাবে মেদবহুলতাৰ কাৰণ— মেদবহুলতা প্ৰায়ে খোৱা কেলৰি আৰু ব্যয় কৰা কেলৰিৰ মাজত শক্তিৰ ভাৰসমতাৰ পৰাই উদ্ভৱ হয়, যিটো উচ্চ কেলৰিযুক্ত, কম পুষ্টিকৰ খাদ্য আৰু বহি থকা জীৱনশৈলীক প্ৰসাৰিত কৰা পৰিৱেশৰ দ্বাৰা ভয়াৱহ কৰি তোলে। আন আন কাৰকসমূহৰ ভিতৰত জিনীয় কিছুমান ঔষধ আৰু হাইপোথাইৰয়ডিজমৰ দৰে অন্তর্নিহিত চিকিৎসাজনিত অৱস্থা আদি ।
প্ৰতিৰোধৰ কৌশল
আচৰণৰ পৰিৱৰ্তনঃ খাদ্যৰ ডায়েৰী প্ৰস্তুত কৰা আৰু মাজে মাজে ওজন পৰীক্ষা কৰি থকা। বেছি চেনিযুক্ত খাদ্য আৰু পানীয় খোৱা বৰ্জন কৰা আৰু ময়দাৰে প্ৰস্তুত কৰা খাদ্য খোৱা একেবাৰে কমাই দিয়া।
পুষ্টিৰ উৎসঃ মেদবহুলতাৰ বাবে এটা ফলপ্রসূ খাদ্য পৰিকল্পনাত কেল’ৰি বাৰ্ণ গুৰুত্ব দিয়া হয় আৰু লগতে খাদ্যৰ সোৱাদ বজাই ৰাখিবলৈ পুষ্টিকৰ, ঘন, উচ্চআঁহযুক্ত আৰু উচ্চ প্রটিনযুক্ত খাদ্যক অগ্রাধিকাৰ দিয়া উচিত। গৱেষণাৰ পৰা দেখা গৈছে যে ৫০০- ৭৫০ কিলো কেল’ৰিৰ বাৰ্ণ কৰিবলৈ এটা নিৰ্দিষ্ট লক্ষ্য মজুত কৰি ল’ব লাগে ৷ ফলত সাধাৰণতে প্রতিসপ্তাহত ০.৫ -১ কিলোগ্রাম ওজন কমি যাব।
খাদ্যঃ খাদ্য বুলি ক’লে জধেমধে এসোপা খোৱাকে নুবুজায়। প্ৰথমতে চাব লাগিব কেনেধৰণৰ খাদ্যই শৰীৰৰ স্বাভাৱিক শক্তি বজাই ৰাখিব পাৰে।
শক্তি ঘনত্বঃ কম শক্তি ঘনত্বৰ খাদ্য যেনে- ফলমূল, শাক-পাচলি আৰু নানান চুপ খোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত, যাতে দীর্ঘসময়লৈ পেট ভৰি থাকে ।
প্রটিন গ্রহণঃ পেশীৰ ভৰ সংৰক্ষণ আৰু বিপাকীয় ক্রিয়া বৃদ্ধি কৰিবলৈ প্ৰতিটো আহাৰত পাতলীয়া ধৰণৰ প্ৰটিন যেনে- কণী, ৰোষ্ট কৰা মুৰ্গীৰ আগমঙহ, মাছ, মচুৰ দাইল বা চর্বিযুক্ত পনীৰ বা টফু অন্তর্ভুক্ত কৰিব লাগে ।
ফাইবাৰসমৃদ্ধ খাদ্যঃ তেজত চেনিৰ বৃদ্ধি ৰোধ কৰিবলৈ হ’লে পৰিশোধন কৰা শস্য, বগা আটাৰ ৰুটী, বগা চাউলৰ পৰিৱৰ্তে গোটা শস্য, অটচ্, ব্রাউন ৰাইচ, বাজৰা, ডালিয়া, কুইনোৱা খাব লাগে।
হাইড্ৰেচনঃ দৈনিক ৮-১০ গিলাচ পানী খাব লাগে। বজাৰৰ চেনিযুক্ত পানীয় বা ছ’ডাৰ সলনি ডাবৰ পানী, নেমু পানী খাব লাগে । সঘনাই গৰম পানী খালে চৰ্বি আৰু অতিৰিক্ত কেল’ৰি বাৰ্ণ হোৱাত সহায় হয় ।
দৈনিক খাদ্য তালিকাৰ এটা সামান্য আভাস দিবলৈ চেষ্টা কৰা হ’ল—
ব্রেকফাষ্টঃ ভেজিটেবল অটচ্ বা উপমা, মগু দাইলৰ চিলা বা যিকোনো গোটা শস্যৰ খিচিৰীৰ সৈতে এটা সিজোৱা কণী।
দুপৰীয়াৰ আহাৰঃ এখন ৰঙা আটাৰ ৰুটী, এবাটি দাইল, মিহলি পাচলিৰ তৰকাৰী, এবাটি চালাড আৰু দৈ।
সন্ধিয়াৰ জলপানঃ এমুঠি মান ৰোষ্টেড মাখানা, ৰোষ্ট কৰা বুট নাইবা যিকোনো এটা ফল। অৱশ্যে ফল দুপৰীয়াৰ ভাগত খালে বেছি ভাল । একাপ সেউজীয়া চাহ খাব লাগে। বিস্কুট বা প্রচেছড খাদ্য একেবাৰে পৰিহাৰ কৰা উচিত।
ৰাতিৰ আহাৰঃ এটুকুৰা মজলীয়া আকাৰৰ গ্ৰীল কৰা পনীৰ বা মুৰ্গীৰ মাংস আৰু soutet কৰা এবাটি ব্রকলি, এবাটি সিজোৱা পাচলি নাইবা মচুৰ দাইলৰ চুপ।
ৰাতিৰ আহাৰ ৭.৩০ ভিতৰত শেষ কৰিব লাগে ৷ আহাৰ গ্ৰহণ কৰাৰ অন্তত ১৫/২০ মিনিট খোজ কাঢ়িব লাগে।
কিছু অতিৰিক্ত
- খাদ্য সদায় লাহে লাহে আৰু সম্পূৰ্ণ চোবাই খাব লাগে । ফোন বা টিভি চাই খাদ্য গ্রহণ কৰা উচিত নহয় ।
- প্রতিদিনে সমপৰিমাণৰ খাদ্য গ্ৰহণ কৰিব পৰাকৈ এটা জোখৰ বাটি ল’ব পাৰিলে ভাল ।
- চেনিযুক্ত, বেছি ভজা, প্ৰচেছড আৰু ব্ৰেডজাতীয় খাদ্য পৰাপক্ষত খোৱা উচিত নহয় । এনেবোৰ খাদ্য বিধি দীর্ঘদিন মানি চলিলেহে ফলপ্রসূ হ’ব।
- শাৰীৰিক পৰিশ্ৰমৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। জীম, এৰ’বিকছ, যোগা, খোজকঢ়া, চাইক্লিং, ব্যায়াম আদি দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা হ’ব লাগিব। প্রতিদিনে এঘণ্টা বা ডেৰ ঘণ্টা শৰীৰ চৰ্চাৰ বাবে আছুতীয়াকৈ ৰাখিলেহে মেদবহুলতাৰ পৰা হাত সাৰিব পৰা যাব।
- যিকোনো মানসিক চাপ কমাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আজৰি সময়ত নিজৰ ভাল লগা কাম কৰি মন প্রফুল্লিত ৰাখিব লাগে।
অজন্তা উপমন্যু
Comments are closed, but trackbacks and pingbacks are open.