জীৱনৰ বাবে মনোৰঞ্জনঃ কিছু ইতিবাচক, কিছু নেতিবাচক

6

ব্যস্ততাময় জীৱনৰ পৰা কিছু সময় মানসিক আৰু শাৰীৰিক অৱসাদ দূৰ কৰিবলৈ মানুহক মনোৰঞ্জন লাগে। মনোৰঞ্জনৰ অভিবনে যেন আমাৰ জীৱনটোৱে নীস। মনোৰঞ্জন মানৱ জীৱনৰ মৌলিক প্রয়োজনীয়তাসমূহৰ ভিতৰত এটা। ব্যক্তিগতভাৱে মানুহে মনোৰঞ্জন লাভ কৰিলেহে সৃষ্টিশীল হোৱাৰ লগতে অধিক কামত নিজকে নিয়োগ কৰিব পাৰে। মনোৰঞ্জনে মানুহৰ জ্ঞান বৃদ্ধি, মানসিক অৱসাদ দূৰ কৰাতো সহায় কৰে। সেয়ে আধুনিক মানুহে কামৰ সমান্তৰালকৈ মনোৰঞ্জনৰ বাবেও সময় উলিয়াই লয়। পূর্বতে মানুহে মনোৰঞ্জনৰ বাবে ভিন্ন খেল-ধেমালি খেলিছিল, গীত-নৃত্যত অংশগ্রহণ কৰিছিল, নাটক-থিয়েটাৰ চাবলৈ গৈছিল। কিন্তু সময়ৰ লগে লগে এই সকলোবোৰৰ উপৰি বনভোজ খাবলৈ যোৱা, পাৰ্টী কৰা, সামাজিক মাধ্যমত অধিক সময় অতিবাহিত কৰি মনোৰঞ্জন লাভ কৰা হ’ল। সম্প্ৰতি মুকলি ঠাইৰ অভাৱত ল’ৰা-ছোৱালীয়ে ঘৰৰ বাহিৰত খেলা পৰিৱেশ নোপোৱা হ’ল, পঢ়া- শুনাকে গুৰুত্ব দি আগবঢ়া পৰিৱেশ এটা সৃষ্টি হ’ল। অভিভাৱকেও সন্তানক বাহিৰত খেলা-ধূলা কৰাতকৈ ঘৰতে থকাটোত ভাল পোৱা হ’ল। ঘৰতে থাকিলেও সাধু শুনি মনোৰঞ্জন লাভ কৰা পৰিৱেশবোৰো নোহোৱা হ’ল। পূর্বতে এজন শিশুৱে সাধু শুনি কাল্পনিক পৃথিৱীত ভ্ৰমি যি আনন্দ লাভ কৰিছিল, সেই আনন্দ আজিৰ বহু কম শিশুৱেহে লাভ কৰে। লুকাভাকু, কাবাদী, দৌৰা-দৌৰি খেলবোৰে মনোৰঞ্জন দিয়াৰ উপৰি শাৰীৰিক-মানসিকভাৱেও যথেষ্ট উপকৃত কৰিছিল।

কিন্তু আজি এনে পৰিৱেশ দুর্লভ। সময়ৰ লগে লগে মনোৰঞ্জনৰ মাধ্যমসমূহো সলনি হৈছে। খেল-ধেমালিৰ পৰিৱৰ্তে ম’বাইলতেই সকলো মনোৰঞ্জন ল’ব পৰা হ’ল। মন গ’লেই মন পছন্দৰ গীত শুনা, চিনেমা চোৱা, বাতৰি চোৱা, ৱেব ছিৰিজ, ভিন্ন এপ, ফোনকল, অনলাইন বজাৰ আদিৰেও মানুহে আনন্দ লাভ কৰিব পৰা পৰিৱেশ সৃষ্টি হ’ল। ক্ষণিকতে সকলো চাব পাৰে, শুনিব পাৰে। প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে হাতৰ মুঠিতেই যেন মনোৰঞ্জনৰ পৃথিৱীখন মানুহক দিছে। মানুহে ম’বাইলটো হাতত লৈয়ে আজৰি সময়বোৰ অতিবাহিত কৰিছে। হাতত ম’বাইলটো আছে বাবেই পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ মানুহৰ হাতত থাকে, প্ৰয়োজনত গেমো খেলে, চিনেমা, ভিডিঅ’, গীত শুনিও মনোৰঞ্জন লাভ কৰে ।

এনে এক সময়ত ছ’চিয়েল মিডিয়া, ইণ্টাৰনেট নোহোৱা হ’লে কিধৰণৰ এক পৰিৱেশ সৃষ্টি হ’ব কল্পনা কৰকচোন, যেন আমাৰ জীৱনেই অচল। বহু সময়ত মনতে ভাবো, মানুহে ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিছে নে, ছ’চিয়েল মিডিয়াই মানুহক নিয়ন্ত্ৰণ কৰিছে। এই সামাজিক মাধ্যমসমূহত মানুহে যথেষ্ট সময় ব্যয় কৰে। ইয়াৰ মূলতেই হ’ল-সীমাহীন বিষয়বস্তু উপভোগ কৰিবলৈ সুবিধা লাভ। যিকোনো স্থানত থাকি নিজৰ পছন্দ অনুযায়ী সকলো চাবলৈ সুবিধা লাভ কৰে। পছন্দৰ বস্তুটো ডাউনলোড বা শ্বেয়াৰ কৰিবলৈও সক্ষম হয়। সেয়ে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে
ম’বাইল/কম্পিউটাৰ/লেপটপেৰে ভিন্ন ছ’চিয়েল ছাইটতহে অধিক মনোৰঞ্জন লাভ কৰিবলৈ সক্ষম হৈছে। এই মাধ্যমবোৰত মানুহ অধিক ব্যস্ত হৈ পৰাৰ লগে লগে ইয়াৰ চাহিদাও বাঢ়িছে। বহু অ’টিটি প্লেটফৰ্মত নতুন নতুন ৱেব ছিৰিজৰ নিৰ্মাণ হৈছে, অন্য ভিডিঅ’ নিৰ্মাণ কৰা লোকৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। এক মিনিটৰ সৰু সৰু ভিডিঅ’ নিৰ্মাণ কৰিও মানুহে উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে মানুহক ক্ষন্তেকীয়া মনোৰঞ্জন দিবলৈ সক্ষম হৈছে।

আজিকালি ফেচবুক-ইউটিউবৰ বাবে ভিডিঅ’ প্ৰস্তুত কৰিও কেৰিয়াৰ গঢ়িছে। বহুতে ঘৰতে থাকি দৈনন্দিন জীৱনৰ ভিন্ন কামবোৰ সামাজিক মাধ্যমৰ জৰিয়তে দেখুৱাই জনপ্ৰিয় হোৱাৰ উপৰি কিছু টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছে। সেই ভিডিঅ’ প্ৰস্তুত কৰি আৰু ভিডিঅ’ চায়ো দর্শকে মনোৰঞ্জন লাভ কৰে। এজন শিশুৱে সামাজিক মাধ্যমৰ পৰাও বহুখিনি জ্ঞান লাভ কৰিব পাৰে, যদিহে ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰে। এই দিশটোত অভিভাৱকেও গুৰুত্ব দিয়াৰ প্ৰয়োজন। সামাজিক মাধ্যমে মানুহক মানসিক তৃপ্তি দিলেও অলপ সাৱধান নহ’লে শাৰীৰিক/মানসিকভাৱেও যথেষ্ট ক্ষতি কৰে। সেই ক্ষতি কৰিব পৰা বিষয়বোৰক গুৰুত্ব দি চলিবলৈ আমি শিকা উচিত।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বহুতেই ছ’চিয়েল মিডিয়াত কিধৰণৰ ভিডিঅ’ দিলে সমাজত ইতিবাচক প্ৰভাৱ পৰিব, তাক লৈ চিন্তিত নহয় । বহুতে অশ্রাব্য গালি-গালাজ পাৰি ভিডিঅ’ প্রস্তুত কৰে। তেনে ভিডিঅ’ চাই বহুতে তৃপ্তি লাভ কৰে যদিও ই সমাজত নেতিবাচক প্ৰভাৱ পেলায়। সম্প্রতি এই কথাবোৰত অধিক গুৰুত্ব দিয়া উচিত। বয়োজ্যেষ্ঠসকল যিদৰে সামাজিক মাধ্যমত ব্যস্ত হৈ পৰে, তাৰ সমান্তৰালকৈ শিশু- কিশোৰেও ম’বাইলতেই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অলপতে অষ্ট্ৰেলিয়াত ১৬ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ বাবে নিষিদ্ধ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফর্মসমূহ।

ফেচবুক, ইনষ্টাগ্রাম, টিকটক, ইউটিউব, এক্স, স্নেপচ্যাটকে ধৰি প্ৰায় ১০টা জনপ্রিয় প্লেটফৰ্ম বন্ধ কৰি দিবলৈ নিৰ্দেশ দিছিল। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এণ্টনি আলবানিজে কৈছিল-‘কোম্পানীসমূহে যুৱ ব্যৱহাৰকাৰীসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে আমি এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি লোৱা এই সিদ্ধান্ত পিতৃ-মাতৃৰ বাবে। কাৰণ ছ’চিয়েল মিডিয়াই শিশুক যথেষ্ট পৰিমাণে ক্ষতি কৰিছে। যাৰ বাবে আমি এই সিদ্ধান্ত ল’বলৈ বাধ্য। দেশখনত ১৬ বছৰ তলৰ শিশুৱে যাতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে তাৰ দায়িত্ব কোম্পানীসমূহে ল’ব লাগিব । এই দায়িত্ব অভিভাৱসকলৰ ওপৰত ন্যস্ত কৰা নহ’ব। ইয়াৰ বাবে অভিভাৱকসকলক কোনোধৰণৰ শাস্তি প্ৰদান কৰা নহ’ব। ইতিমধ্যে অষ্ট্ৰেলিয়াৰ ষ্টাৰ কিডছে অনুগামীক একাউণ্ট নিষিদ্ধ হোৱাৰ পূর্বেই বিদায় জনায়। এই পদক্ষেপক বহুকেইখন দেশেও সমর্থন জনাইছে। ময়ো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে ভাৰততো এনে এখন আইন প্রণয়ন হোৱাটো অতিকৈ প্ৰয়োজন।

আজিকালি ছ’চিয়েল মিডিয়াত স্ক্ৰ’ল কৰিলে বহুধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত বহুখিনি নেতিবাচক প্ৰভাৱ পৰে। ছ’চিয়েল মিডিয়া শিশুৰ বিকাশশীল মগজুৰ বাবে অত্যধিক ক্ষতিকাৰক । গৱেষকসকলে ধাৰাবাহিকভাৱে সকীয়াই আহিছে যে ছ’চিয়েল মিডিয়াৰ নিচাই শিশুৰ উদ্বেগ, হতাশা, আত্মবিশ্বাসৰ অভাৱ, টোপনি সমস্যাৰ বৃদ্ধি কৰে। ছ’চিয়েল মিডিয়াত দেখি থকা নিখুঁত জীৱনৰ ভিডিঅ’বোৰে বহু শিশুক হতাশ আৰু নিৰাশ কৰে। কাৰণ তেওঁলোকে আনক দেখি নিজলৈ বিচাৰে। সেইখিনি পৰিয়ালৰ লোকে দিব নোৱাৰিলেই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ উপৰি অন্তহীন স্ক্রু’লিং কৰিলে শিশুৰ মনোযোগ ক্ষমতা হ্রাস হয়। এই সমস্যাবোৰৰ পৰা শিশুক উদ্ধাৰ কৰাৰ বাবেই অষ্ট্ৰেলিয়াত কঠোৰ সিদ্ধান্ত লোৱা দেখা গৈছে। ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ কৰিলে শিশুৰ টোপনি, একাগ্রতা, সৃষ্টিশীলতা হ্ৰাস পাব পাৰে। সেয়ে ছ’চিয়ল মিডিয়াৰ পৰা শিশুসকলক আঁতৰাই ৰখা উচিত। ম’বাইলতকৈ অধিক বাস্তৱত বন্ধু বান্ধৱ, পৰিয়ালৰ সৈতে অধিক সময় অতিবাহিত কৰিবলৈ সুযোগ সুবিধা দিব লাগে।

বৰ্তমান ভাৰতত শিশুক ম’বাইল ফোন হাতত নিদিলে কোনো কামেই শান্তভাৱে অভিভাৱকে কৰিব নোৱাৰে। ম’বাইল অবিহনে তেওঁলোকে সন্তানক খুৱাবও নোৱাৰে। এনে এক পৰিস্থিতি উদ্ভৱ হোৱাৰ মূলতেই হ’ল-দায়বদ্ধ- হীনতা। ভাৰতবৰ্ষত প্রায় ৪৯১ মিলিয়ন লোকে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। ২০২৯ বৰ্ষত ব্যৱহাৰকাৰীৰ সংখ্যা ১.৩ বিলিয়ন হোৱাৰ সম্ভাৱনা আছে। ভাৰতবৰ্ষত হোৱাটছএপত ৮০.৮ শতাংশ, ইনষ্টাগ্ৰামত ৭৭.৯ শতাংশ, ফেচবুকৰ দৰে এপত ৬৭.৪ শতাংশ লোকে ব্যৱহাৰ কৰে। এই ব্য ৱহাৰকাৰীৰ বয়স ১৮ বছৰতকৈ অধিক বুলি উল্লেখ থাকিলেও, ১৮ বছৰ তলৰ শিশুৱেও এই ছ’চিয়েল মিডিয়া এপসমূহ ব্যৱহাৰ কৰা বহুসময়ত দেখা যায়। যিহেতু ছ’চিয়েল মিডিয়া এপ ব্যৱহাৰ কৰিবলৈ বয়সৰ কোনোধৰণৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাথাকে, সেয়ে ভাৰতত ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে যাতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবেও এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ বহু শিশুৱে ১৮ বছৰ নোহোৱাকৈ ১৮ বছৰ বুলি উল্লেখ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে ৷

লগতে ভিন্ন গেম খেলি মানসিক আনন্দ লভে যদিও ই মানসিক স্বাস্থ্যত বহুখিনি নেতিবাচক প্ৰভাৱ পেলায়। সেয়ে ক্ষন্তেকীয়া মনোৰঞ্জনে যাতে ব্যক্তিৰ জীৱনত নেতিবাচক প্ৰভাৱ নেপেলায়, তাৰ ওপৰতো গুৰুত্ব দিয়া উচিত।

স্নেপশ্বট-২

আজিকালি বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ শিক্ষার্থীসকলক শিক্ষকসকলে প্ৰায়ে এছাইনমেণ্ট লিখিবলৈ দিয়ে। পূর্বতেও দিছিল, আজিকালিও দিয়ে। অলপতে এজন শিক্ষার্থীয়ে মহাবিদ্যালয়ৰ পৰা দিয়া এছাইনমেণ্ট ঘৰত লিখি আছিল আৰু সকলো লিখিছিল কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ। এটা সময়ত এটা এছাইনমেণ্ট লিখিবলৈ সময় লাগিছিল প্রায় ৭ দিন, কিন্তু আজিকালি যিকোনো বিষয়ত এছাইনমেণ্ট দিলেই প্রায় ১/২ দিনতেই সম্পূৰ্ণ কৰি লিখে। এছাইনমেণ্টবোৰত ভুল- ত্রুটিও প্রায়ে নাথাকে। এইদৰেই বিশ্ববিদ্যালয়- মহাবিদ্যালয়-বিদ্যালয়ৰ সকলো শিক্ষার্থীয়ে যিকোনো গৃহ কর্ম কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা তৈয়াৰ কৰে। এই কথা শিক্ষকসকলে নজনা নহয়, কিন্তু ইয়াক ৰোধ কৰিব নোৱাৰে বা অসম্ভৱ।

প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে শিক্ষার্থীসকলে প্রযুক্তি ব্যৱহাৰ কৰিছে, কিন্তু ই কিদৰে আমাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে সেই দিশবোৰো মন কৰিবলগীয়া। শিক্ষাৰ্থীসকলে এই কাৰ্য কৰি মানসিক তৃপ্তি লাভ কৰে। কাৰণ সকলোবোৰ সহজেই পাই যায় ৷ পূৰ্বতে গৃহ কর্ম বা এছাইনমেণ্ট দিলে শিক্ষার্থীসকলে বিষয়বস্তু চাই কিতাপ অধ্যয়ন কৰিব লাগে বা নিৰ্দিষ্ট বিষয়ৰ পাঠটো অধ্যয়ন কৰি লিখিবলৈ চেষ্টা কৰিব লাগে, যাৰ বাবে সময়ৰ প্ৰয়োজন হৈছিল। সময়ৰ লগে লগে পঢ়ি যোৱাৰ বাবে বিষয়বস্তুৰ ওপৰত এটা ধাৰণাও গঢ় লৈ উঠিছিল, কিন্তু কৃত্রিম বুদ্ধিমত্তা অহাৰ পিছত আজিকালি পঢ়িবলৈ সময় নাই, নির্দিষ্ট বিষয়টো লিখি দিলেই বিষয়টো সম্পর্কে বৰ্ণনা কৰি দিয়ে। যিটো চাই তাৎক্ষণিকভাৱে শিক্ষার্থীজনে লিখিব পাৰে। এইদৰে লিখি শিক্ষার্থীও যথেষ্ট মানসিক তৃপ্তি লাভ কৰে ৷

কিন্তু কথা হ’ল- এই ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ মনস্তাত্ত্বিক দিশত যে বহুখিনি নেতিবাচক প্ৰভাৱ পেলাইছে, সেই কথাক বহুতে গুৰুত্বই নিদিয়ে। কেৱল শিক্ষাৰ্থীসকলৰ ক্ষেত্রতেই যে নেতিবাচক প্ৰভাৱ পৰিছে তেনে নহয়- সাহিত্য, গীত, ছবি, নিয়োগৰ ক্ষেত্ৰখনতো নেতিবাচক প্ৰভাৱ পৰা দেখা গৈছে। পূর্বতে এজন লেখকে মাহত বা সপ্তাহত তিনিটামান লেখা লিখিব পাৰিছিল, কিন্তু প্ৰযুক্তিৰ যুগত এজন লেখকে দৈনিক এটাকৈ লেখা লিখে । এই কথাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। এজন লেখকে ভিন্ন বিষয় লৈ দৈনিক লিখিবলৈ হ’লে, অধ্যয়নৰ সময়, অন্যান্য কামবোৰ কিদৰে সম্পন্ন হয়, এই কথাবোৰো চিন্তানীয় বিষয়। বহুসময়ত লেখাবোৰ পঢ়িলেই অনুমান কৰিব পৰা যায় যে লেখাটো কৃত্রিম বুদ্ধি- মত্তাৰ সহায়ত লিখা হৈছে। সাহিত্যৰ ক্ষেত্ৰখনতো কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ সাহিত্য সৃষ্টি কৰিব পৰা এক পৰিৱেশ সৃষ্টি হৈছে।

মাউছৰ ক্লিকত আজিকালি যে সহজতে সকলো উপলব্ধ, সকলো কৰিব পাৰি। কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত মডেল সৃষ্টি কৰিব পাৰি, কবিতা লিখিব পাৰি, সংগীত, ছবিৰ বহুতো কাম কৰিব পাৰি। বাস্তৱ পৃথিৱীখনত যদি সঁচাকৈ সৃষ্টিশীল মন এটা নোহোৱাকৈ সাহিত্য সৃষ্টি কৰিব পাৰি, নপঢ়াকৈ লেখক হ’ব পাৰি, মডেল, ফটোগ্ৰাফাৰ নোহোৱাকৈ যদি সকলো সম্ভৱ হয় তেনেহ’লে ভৱিষ্যৎ এই পৃথিৱীখন কিধৰণৰ হ’ব, চিন্তনীয় নহয় নে? 2025 চনৰ জুন মাহৰ কথা। দ্য ভেলভেট ছানডাউন নামৰ এটা বেণ্ড স্পটিফাইত হঠাৎ জনপ্ৰিয় হৈ পৰিছিল ৷ তেওঁলোকৰ ‘ডাষ্ট অন দ্য উইণ্ড’ গীতটো শুনি সকলো আচৰিত হৈছিল। সকলো অনুসন্ধান কৰিবলৈ লাগি গৈছিল যে এই গীতটোৰ সৈতে কোন জড়িত, কোনে গাইছে? কিন্তু আচৰিত কথা যে এই বেণ্ডটোৰ কোনো অস্তিত্ব নাই। কোনো গায়ক, সুৰকাৰ নাই। গীতৰ কথা, সুৰ, কণ্ঠ, আনকি বেণ্ডৰ সদস্যসকলৰ ছবিও কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত নির্মিত ।

এই বেণ্ডৰ শ্ৰোতাৰ সংখ্যা এতিয়া মাহত ৯ লাখ অতিক্ৰম কৰিছে। এই বেণ্ডটোৰ বায়’ত লিখা আছে- ভেলভেট ছানডাউন হৈছে মানুহে পৰিচালনা কৰা এক কৃত্রিম সংগীত প্রকল্প । সৃষ্টিশীল পৰিচালনা, ৰচনা, কণ্ঠ, ভিডিঅ’ত দেখুওৱা সকলো দৃশ্যপটত আছে মানৱীয় স্পর্শ। কৃত্রিম বুদ্ধিমত্তা এই উত্তৰণত প্ৰথমে আতংকিত হৈ পৰিছিল আইটি খণ্ড। আইটি খণ্ডত কাম কৰা বহু লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰো বাতৰি পোৱা গৈছিল। আইটি কোম্পানীবোৰত এআয়ে সকলো ক্ষেত্ৰতে বহু দ্ৰুত আৰু কম খৰচতে কাম কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে নিয়োগৰ সম্ভাৱনা হ্ৰাস পাইছে। ফিউচাৰ অৱ জবছ ৰিপ’ৰ্টছ অনুযায়ী- প্ৰযুক্তিৰ বাবে ২০৩০ চনৰ ভিতৰত ৯.২ কোটি চাকৰিৰ সুযোগ হ্রাস পাব। বর্তমান সময়ত এআইক অস্বীকাৰ কৰাটো সম্ভৱ নহয়। প্ৰযুক্তিৰ এই নতুন অধ্যায়টো কামৰ প্রয়োজন অনুসৰি ব্যৱহাৰ কৰিবই লাগিব । লেখকসকলেও তথ্য সংগ্ৰহ কৰিব লাগিব কিন্তু লিখনিবোৰ সম্পূৰ্ণ নিজেই লিখিব লাগিব। তথ্যৰ সত্যতা নিজেই বিচাৰিব লাগিব ।

মুঠতে সময়ৰ লগে লগে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব, কিন্তু মনত ৰাখিব লাগিব, যাতে কোনো কাৰণতে সৃষ্টি-চিন্তাৰ গভীৰতা নোহোৱা হৈ নাযায়। মুঠতে প্ৰযুক্তিৰ যুগত ভিন্ন মাধ্যমৰ জৰিয়তে ভিন্ন কাম কৰি মনোৰঞ্জন লাভ কৰিলেও ই ভৱিষ্যতে আমাক ক্ষতি কৰাৰ সম্ভাৱনাই বেছি। সেয়ে সময় থাকোঁতেই মনোৰঞ্জনৰ সমান্তৰালৈ আগন্তুক সময়ত যাতে আমাৰ কোনো কাৰণতে ক্ষতি নহয়, তাত গুৰুত্ব দিয়া অতী প্রয়োজন ।

প্ৰদীপ গগৈ

You might also like

Comments are closed, but trackbacks and pingbacks are open.