ৰেচিপিঃ ৰেষ্টুৰেণ্ট ষ্টাইল নৱাবি চিকেন আৰু পনীৰ লাবাবদাৰ

26

জুতি জীৱনৰ এইবাৰ শিতানত আমি আগবঢ়াইছোঁ গুৱাহাটাৰ এখন প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট চিক এণ্ড চিলিৰ কেইটামান শ্ৰেষ্ঠ ৰেচিপি। চিক এণ্ড চিলি এখন উন্নতমানৰ তথা অপেন কিটচেন কনচেপ্ট ত প্রচলিত এখন ৰেষ্টুৰেণ্ট।

নৱাবি চিকেন

কি কি লাগিব :
২৫০ গ্রাম চিকেন
১০০ গ্রাম দৈ
১/২ চামুচ আদাৰ পেষ্ট
এক চামুচ নহৰু পেষ্ট আৰু নিমখ
১৫০ গ্রাম সিজোৱা পিঁয়াজৰ পেষ্ট
১/২ চামুচ কেঁচা জলকীয়াৰ পেষ্ট
২ চামুচ নাৰিকল পেষ্ট
৫০ গ্রাম কাজু আৰু ৰঙালাউ গুটিৰ পেষ্ট
৫০ গ্রাম সতেজ ধনিয়া পেষ্ট
১/২ চামুচকৈ হালধি, জীৰা আৰু ধনিয়া গুড়ি
১/২ চামুচ গৰম মছলা কাচুৰী মেথি
৫০ মিলিলিটাৰ ৰিফাইন অইল
২ চামুচ ঘিউ
এটা কণী
সোৱাদ অনুসৰি নিমখ
গৰম পানী (১০০ মিলিলিটাৰ)
সতেজ ধনিয়াৰ পাত, কেঁচা জলকীয়া

তৈয়াৰ কৰা প্ৰণালীঃ মেৰিনেচনঃ এটা বাটিত মাংসৰ লগত নিমখ, আদাৰ পেষ্ট, হালধিৰ পেষ্ট আৰু দৈ মিহলাই লওক । অন্ততঃ এঘণ্টা মেৰিনেট কৰিবলৈ দিব। কেৰাহীত কম জুইত অলপ তেল গৰম কৰক। সিজোৱা পিঁয়াজৰ পেষ্টখিনি দিব। ৩-৪ মিনিটমান লৰাই থাকিব যেতিয়ালৈকে অলপ ব্রাউন নহয়। কেৰাহীত মেৰিনেট কৰা চিকেনখিনি দিব। জুইখিনি মধ্যমীয়া-উচ্চলৈ ঘূৰাই ২ মিনিট লৰাই ভাজিব যাতে শুকান হৈ পৰে। ঢাকনিৰে ঢাকি জুইৰ শিখা কমলৈ ঘূৰাই নিজৰ ৰসত ৭-৮ মিনিট ৰান্ধিব ঢাকনিখন আঁতৰাই ভালদৰে লৰাই দিব ।

মছলা প্ৰস্তুত কৰকঃ সৰু বাটি এটাত হালধি, জিৰা, ধনিয়া গুড়িখিনি অলপ পানীৰ লগত মিহলাই লওক । এই মছলাৰ মিশ্ৰণটো কেৰাহীত নাৰিকল পেষ্ট, কাজু/ৰঙালাউৰ গুটিৰ পেষ্ট, কেঁচা জলকীয়া পেষ্ট আৰু ধনিয়া পেষ্টৰ সৈতে দিব। ৰুচি অনুসৰি নিমখ দিব। লৰাই লৰাই কম জুইত ৫ মিনিটমান ৰান্ধিব যেতিয়ালৈকে পেষ্টৰ কেঁচা গোন্ধ নাইকিয়া নহয়। উতলি থকা ১০০ মিলিলিটাৰ গৰম পানী ঢালি দিব। পানী অলপ গৰম হোৱালৈকে ৩-৪ মিনিট জুইত ৰাখিব লাগে, ফলত আপোনাৰ ওচৰত ডাঠ, ৰয়েল গ্রেভী থাকি যাব। গৰম মছলা, ঘিউ আৰু কাছুৰী মেঠি দিব। ভালদৰে লৰাই দিব । জুইৰ শিখা বন্ধ কৰি তৰকাৰীখিনি এফালে থৈ দিব । এটা বেলেগ সৰু কেৰাহীত কণীখিনি হুইস্কিং কৰি এটা সাধাৰণ অমলেট বনাওক। বাটিটোত থকা অমলেটটোৰ ওপৰত চিকেন কাৰী ঢালি দিব। সতেজ ধনিয়া পাত আৰু কেঁচা জলকীয়াৰে সজাই লওক ।

পনীৰ লাবাবদাৰ

কি কি লাগিবঃ
২০০ গ্রাম পনীৰ (কিউবড)
১০০ গ্রাম সিজোৱা পিঁয়াজৰ পেষ্ট,
২০০ গ্রাম টমেটো পিউৰি
২ চামুচ আদা আৰু হালধিৰ পেষ্ট
৫০ মিলিলিটাৰ তেল
৫০ গ্রাম মাখন
১০০ মিলিলিটাৰ ক্ৰীম
১ কাপ গাখীৰ, ৫০ গ্রাম মাৱা, ৫০ গ্রাম দৈ
জলকীয়া গুড়ি কাশ্মীৰী গুড়ি, জিৰা ধনিয়া, হালধি
গৰম মছলা কাছুৰী মেথি, নিমখ আৰু চেনি
অতিৰিক্ত ক্ৰীম
পদিনা পাত (ঐচ্ছিক)

তৈয়াৰ কৰা প্ৰণালীঃ কেৰাহীত কম জুইত তেল গৰম কৰক। পনীৰ কিউববোৰ এচিকুট নিমখ দি ২ মিনিট লৰাই থাকিব। পনীৰ উলিয়াই এটা বাটিত এফালে থৈ দিব। মছলা তৈয়াৰ কৰক। একেখন কেৰাহীতে আদা আৰু নহৰুৰ পেষ্ট দিব, কম জুইত ভালদৰে ভাজিব। সকলো শুকান মছলা (কচুৰী মেথি আৰু গৰম মছলাৰ বাহিৰে) অলপ পানীত মিহলাই ডাঠ পেষ্ট বনাব এই মছলাৰ পেষ্টটো কেৰাহীত দি ২ মিনিট ভালদৰে লৰাই থাকিব। বেচটো উতলি থকা সময়ত টমেটো পিউৰি আৰু সিজোৱা পিঁয়াজৰ পেষ্ট দিব। জুই মধ্যমীয়া আৰু উচ্চত বেলেঞ্চ কৰি এক মিনিট লৰাই থাকিব। ঢাকনিৰে ঢাকি কম জুইত ৩-৪ মিনিট ৰান্ধিব। ঢাকনিখন আঁতৰাই ৰুচি অনুসৰি নিমখ আৰু চেনি দিব। দৈ আৰু মাৱাখিনি অলপ পানীৰে একেলগে হুইস্কিং কৰি লওক যেতিয়ালৈকে ই মসৃণ পেষ্ট নহয়। এই মিশ্ৰণটো কেৰাহীত দি গ্রেভী ডাঠ হোৱালৈকে লৰাই থাকিব । ডাঠ গ্রেভীত ভজা পনীৰ কিউবখিনি দি ভালদৰে লৰাই দিব। প্রয়োজন অনুসৰি গাখীৰ আৰু গৰম পানী দিব, যাতে আপুনি বিচৰা মতে গ্রেভী পোৱা যায়। ৩ মিনিট তেনেদৰে লৰাই থাকিব। আধা ক্রীম, মাখন, এচিকুট গৰম মছলা আৰু কচুৰী মেথি দিব । লৰাই শেষত আৰু এক মিনিট ৰান্ধিব । এটা বাটিত উলিয়াই ৰাখক । বাকী থকা ক্ৰীম আৰু পদিনা পাত দি সজাই লওক ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.