দৈনিক ৰাশিফল ৬ মাৰ্চ ২০২৬

33

২১ ফাগুন, শুক্ৰবাৰ , ইং ৬ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব,ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনৰ দ্বাৰা ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব বা কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, সন্মান বাঢ়িব, হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, লগতে আজি আপোনাৰ ধন- সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব যদিও আজি আপোনাৰ কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ ধন- সম্পত্তি হানি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব , স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপোনাৰ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত যান বাহনৰ পৰা সুখ শান্তি লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ হঠাতে হাতলৈ ধন- সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.