পৰিৱেশ সংৰক্ষণত অসমৰ কেইগৰাকীমান নাৰী

6

প্রকৃতি পূজা বা পৰিৱেশ বন্দনা প্রাচীন কালৰে পৰা ভাৰতীয় সমাজ সভ্যতাৰ অবিচ্ছেদ্য অংগ। ভাৰতীয় সভ্যতা-সংস্কৃতিত প্ৰকৃতি, ধৰিত্ৰী আদিক নাৰীৰ ৰূপত বন্দনা কৰি অহা হৈছে। আধুনিক প্রকৃতি সংৰক্ষণ বা সজাগতাৰ সংগ্ৰামখনত পুৰুষৰ সমানে সমানে নাৰীয়েও অৰিহণা যোগাই আহিছে। অসমীয়া সমাজখনতো শিশুক পৰিৱেশ-প্ৰকৃতিৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত মাতৃগৰাকীয়ে তাহানিৰে পৰা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। অসমৰ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহত জড়িত হৈ অথবা ব্যক্তিগত ভূমিকাৰে বহুসংখ্যক ছাত্ৰী, কিশোৰী, যুৱতী, মহিলাই পৰিৱেশ সংৰক্ষণত অৰিহণা যোগাই আহিছে। কেইগৰাকীমান নাৰীৰ বিষয়ে চমু আলোকপাত কৰিব বিচাৰিছোঁ ৷

ফুলেশ্বৰী দত্ত

শগুন সংৰক্ষণৰ ক্ষেত্ৰত অনবদ্য ভূমিকা লোৱা ঢকুৱাখনাৰ ফুলেশ্বৰী দত্ত নামৰ এগৰাকী ষাঠি বছৰীয়া প্ৰকৃতিপ্ৰেমী মহিলাই শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে। প্ৰচাৰৰ পৰা আঁতৰি থাকি বিগত বিশ-বাইশ বছৰ ধৰি একাণপতীয়াভাৱে শগুন সংৰক্ষণত ব্ৰতী ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চলৰ বাসিন্দা শিক্ষয়িত্ৰী ফুলেশ্বৰী দত্তক ৰাজ্য চৰকাৰে বিগত বৰ্ষত ‘অসম গৌৰৱ’ বঁটাৰে সন্মানিত কৰিছে। একাংশ লোকৰ হকাবাধা, অন্ধবিশ্বাস, সামাজিক প্রতিকূলতাকে নেওচি ঘৰৰ গছত আশ্রয় লোৱা শগুনৰ জাকক সুৰক্ষা দিয়া ফুলেশ্বৰী দত্তৰ বাৰীত বর্তমান তিনিটা প্ৰজাতিৰ পঞ্চাশটামান শগুন আছে। শেহতীয়াকৈ বন বিভাগে ফুলেশ্বৰী দত্তৰ ঘৰৰ বাৰীখন সংৰক্ষিত এলেকা বুলি ঘোষণা কৰিছে।

………………………………………………………………………………………………………………………………………

পূর্ণিমা দেৱী বৰ্মন

‘হাড়গিলা বাইদেউ’ হিচাপে জনপ্ৰিয় পূৰ্ণিমা দেৱী বৰ্মন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰিচিত এটি নাম। গ্রীন অস্কাৰ ৰূপে অভিহিত Whitley Gold Award বিজয়ী পূর্ণিমা দেৱী বৰ্মন এগৰাকী জীৱবিজ্ঞানী আৰু স্বেচ্ছাসেৱী সংগঠন ‘হাড়গিলা আৰ্মী’ৰ প্ৰতিষ্ঠাপক। সংকটৰ গৰাহত পৰা হাড়গিলা সংৰক্ষণৰ বাবে মূলতঃ কাম কৰা এই সংগঠনটোৱে নাৰীসমাজক প্ৰকৃতি সংৰক্ষণ আন্দোলনত অন্যতম প্রধান শক্তি ৰূপে জড়িত কৰি দৃষ্টান্ত স্থাপন কৰিছে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ‘নাৰী শক্তি পুৰষ্কাৰ’ লাভ কৰাৰ উপৰি বিভিন্ন সন্মানীয় স্বীকৃতি লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মন দেশ-বিদেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ মঞ্চত পৰিৱেশ সংৰক্ষণৰ এগৰাকী অগ্ৰণী বক্তা। পৰিৱেশ আন্দোলনত প্ৰভাৱী ভূমিকাৰ বাবে প্রখ্যাত টাইম আলোচনীয়ে পূর্ণিমা দেৱী বৰ্মনৰ নাম বিগত বৰ্ষৰ ‘ৱ’মেন অৱ দ্য ইয়েৰ’ৰ তালিকাত স্থান দিছে।

………………………………………………………………………………………………………………………………………

অলকা শৰ্মা (অক্ষৰ ফাউণ্ডেচন)

অসমৰ এখন বিশেষ বিদ্যালয়ে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অনন্য উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রশংসাসূচক মন্তব্য কৰিছিল গুৱাহাটীৰ পামহীত অৱস্থিত এই বিদ্যালয়খনৰ বিষয়ে । ‘অক্ষৰ ফাউণ্ডেচন’ৰ দ্বাৰা পৰিচালিত এই বিদ্যালয়খনৰ বিশেষত্ব হল, ইয়াৰ শিক্ষাৰ্থীসকলে মাচুলৰ পৰিৱৰ্তে বিদ্যালয়ত জমা দিব লাগে ঘৰুৱা প্লাষ্টিক আৱৰ্জনা । প্লাষ্টিকসমূহৰ পুনৰ ব্যৱহাৰ কৰি আকৰ্ষণীয় বা ব্যৱহাৰযোগ্য নানা সামগ্ৰী প্ৰস্তুত কৰা হয় । শিক্ষার্থীসকলক হাতে-কামে দিয়া হয় প্রকৃতি সংৰক্ষণৰ পাঠ। অসমৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ অলকা শৰ্মাৰ চিন্তাপ্রসূত এই ব্যতিক্রমী বিদ্যালয়খন পৰিচালনা কৰে তেওঁৰ পুত্ৰীসহ একাংশ সমৰ্পিত পৰিৱেশকর্মীয়ে।

………………………………………………………………………………………………………………………………………

নিশা বৰা (এল ৰাইনো)

পৰিৱেশ সংৰক্ষণ তেতিয়াহে অধিক তাৎপর্যপূর্ণ হয়, যেতিয়া ইয়াক প্রযুক্তি বা বাণিজ্যই সহযোগ কৰে। মুম্বাই নিৱাসী নিশা বৰা নামৰ এগৰাকী মহিলাই নেতৃত্ব দিয়া ‘এল ৰাইনো’ হৈছে পৰিৱেশ সংৰক্ষণৰ বাবে প্রায়োগিক দিশত কাম কৰা এটা কাগজ উৎপাদনকাৰী প্ৰতিষ্ঠান। ‘এল ৰাইনো’ শব্দটোৰ অৰ্থ হৈছে এলিফেণ্ট ৰাইনো। হাতী আৰু গঁড়ৰ বিষ্ঠাৰ পৰা পৰিৱেশ অনুকূল কাগজ উৎপাদন কৰা এই প্রতিষ্ঠানটো দুহেজাৰ এঘাৰ চনত জন্ম দিছিল নিশা বৰাৰ পিতৃ মহেশ বৰাই। তেতিয়াৰ পৰা ‘এল ৰাইনো’ৰ কাগজ উৎপাদনক পৰিৱেশ সংৰক্ষণৰ এক মিছন হিচাপে হৈ কাম কৰি আছে নিশা বৰাই । পবিতৰা অঞ্চলকে ধৰি বিভিন্ন অঞ্চলৰ পৰা গঁড়, হাতীৰ গোবৰ সংগ্ৰহ কৰি কাগজ উৎপাদন কৰা হয়। অসমতে হস্তনির্মিত কাগজ উৎপাদন কৰে ‘এল ৰাইনো’ৱে। বেলজিয়াম, মার্কিন যুক্তৰাষ্ট্ৰ, থাইলেণ্ডকে ধৰি বিভিন্ন দেশলৈ কাগজ আৰু কাগজ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা আন সামগ্ৰী ৰপ্তানি কৰা ‘এল ৰাইনো’ৱে বিভিন্ন সময়ত লাভ কৰিছে পৰিৱেশ প্রকৃতি সম্পর্কীয় বিভিন্ন উল্লেখনীয় বঁটা ৷

………………………………………………………………………………………………………………………………………

পাৰ্বতী বৰুৱা

“Queen of the Elephants’ শিৰোনামৰ বিবিচিৰ এখন বিখ্যাত তথ্যচিত্রই সৌ তাহানিতে ব্যাপক পৰিচিতি দিয়া পাৰ্বতী বৰুৱাৰ জীৱন কাহিনী এক বিৰল ব্যতিক্ৰমী কাহিনী । গৌৰীপুৰৰ বিখ্যাত ৰাজ পৰিয়ালৰ সন্তান পাৰ্বতী বৰুৱাৰ জীৱন শৈশৱৰে পৰা অতিবাহিত হৈছিল হাতীৰ সংস্পৰ্শত। চৈধ্য বছৰ বয়সতে বনৰীয়া হাতী ধৰি অসামান্য দক্ষতাৰ পৰিচয় দিয়া পাৰ্বতী বৰুৱা পাছলৈ হাতী মাউত হিচাপে আৰু জীৱ-জন্তু সংৰক্ষণৰ কৰ্মী
হিচাপে প্রসিদ্ধ হৈ পৰে । সামাজিক কৰ্মৰ বাবে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰা পাৰ্বতী বৰুৱাৰ হাতী বিষয়ক জ্ঞান তেওঁৰ হস্তী স্নেহ আৰু গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ঐতিহ্যৰ পৰা আৰ্জিত। নতুন প্ৰজন্মক পৰিৱেশ, প্রকৃতি সংৰক্ষণৰ বাবে আগ্ৰহী কৰাৰ ক্ষেত্ৰত বিশেষকৈ হাতী সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা আছে পাৰ্বতী বৰুৱাৰ ৷

………………………………………………………………………………………………………………………………………

পপীসান্ত্বনা ভৰালী

প্রয়াত পপী সান্ত্বনা ভৰালী। অৰ্কিড বিষয়ক গৱেষণা, পৰিৱেশ সংৰক্ষণ সম্পর্কীয় সাংগঠনিক কাম-কাজ আৰু অসমৰ বিভিন্ন সংবাদ মাধ্যমত পৰিৱেশ প্রকৃতি বিষয়ক ভিন্নধর্মী লিখা-মেলা কৰা পপী সান্ত্বনা ভৰালী আছিল অসমৰ প্ৰকৃতি সুৰক্ষা আন্দোলনৰ এটা পৰিচিত নাম। অসমৰ আপুৰুগীয়া বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনকে ধৰি পৰিৱেশ বিষয়ক বিভিন্ন কার্যকলাপত ‘নেচাৰ্ছ বেকন’ৰ এগৰাকী সমন্বয়ৰক্ষী হিচাপে নেতৃত্ব দিছিল পপী সান্ত্বনা ভৰালীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণাকর্ম চলাই থকা অৱস্থাতে তেওঁৰ অকাল বিয়োগ ঘটে।

………………………………………………………………………………………………………………………………………

মুবিনা আখতাৰ

বিশিষ্ট পৰিৱেশ কর্মী, সুলেখিকা মুবিনা আখতাৰ অসমত পৰিৱেশ-প্রকৃতি বিষয়ক সাংবাদিকতাৰ প্ৰথমকালৰ এগৰাকী অন্যতম হোতা। অৰণ্য, জীৱজন্তু, চৰাই-চিৰিকটি, নদ-নদী বিষয়ক প্রতিবেদনধর্মী লেখাৰ বাবে বিশেষভাৱে পৰিচিত মুবিনা আখতাৰৰ জনপ্রিয় শিতান ‘গ্রীন ৰিপ’ৰ্টিং’ শব্দটো এই বিষয়ক সাংবাদিকতাৰ ধাৰাৰ বাহক। কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটীৰ সম্পাদক হিচাপে পৰিৱেশ বিষয়ক বিভিন্ন ধৰণৰ সজাগতা সভা বা সাংগঠনিক কাম-কাজৰ সৈতে দীর্ঘকাল ধৰি জড়িত মুবিনা আখতাৰ পৰিৱেশ প্রকৃতি বিষয়ৰ এগৰাকী সবল বক্তা আৰু কঠোৰ সমালোচক।

পংকজ দত্ত

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.