দৈনিক ৰাশিফল ২৩ জুলাই ২০২৬

3

৬ শাওন, বৃহস্পতিবাৰ, ইং ২৩ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব , ভাল খৱৰ লাভ কৰিব, লগতে আজি আপোনাৰ সৌভাগ্যৰ উদয় হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ যাত্ৰাত সামান্য বিঘিনৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য লাভ কৰিব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, সন্মান লাভ কৰিব, ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ’ব, ৰোগ আৰোগ্য হ’ব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে, লগতে আজি আপোনাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শাৰীৰিক কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন বস্ত্ৰ লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.