জ্যোতিষৰত্ন
ড° নয়নজ্যোতি দেৱ শৰ্মা
মানুহৰ মৌলিক প্রয়োজনীয় বস্তু তিনিটা হ’ল অন্ন, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল অন্ন, মানুহে জীয়াই থাকিব লাগিলে অন্ন বা আহাৰ গ্ৰহণ কৰিবই লাগিব । আদিম কালত মানুহে হাবি-বননিত, নদ-নদীত চিকাৰ কৰি নিজৰ আহাৰ যোগাৰ কৰিছিল আৰু এই আহাৰসমূহ জুইত পুৰি বা সিদ্ধ কৰি গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত মানুহে সমাজ পাতি প্ৰণালীবদ্ধভাৱে জীৱন-নিৰ্বাহ কৰি খেতিৰ জৰিয়তে আমাৰ দৈনন্দিন প্রয়োজনীয় আহাৰ যোগাৰ কৰি ল’বলৈ ধৰে। এই আহাৰসমূহ জুইৰ জৰিয়তে ৰান্ধি সিদ্ধ কৰি গ্ৰহণ কৰা হয়৷
এই ৰন্ধা-বঢ়া কৰা স্থানটোকে ৰান্ধনিঘৰ বা ৰন্ধা স্থান বুলি কোৱা হয়, প্রাচীন কালৰ পৰাই ঘৰখনত ৰান্ধনিঘৰ বা ৰন্ধা স্থানৰ ভূমিকা অধিক। বৈদিক শাস্ত্ৰ মতে ৰান্ধনিঘৰক অন্নপূর্ণা দেৱীৰ স্থান বুলি কোৱা হয়, সেইবাবে সদায় অন্নপূর্ণা দেৱীক স্মৰণ কৰি ৰন্ধা কাৰ্য কৰিব লাগে । অন্নপূর্ণা দেৱীক স্মৰণ কৰি আমাৰ খোৱা খাদ্য ৰান্ধিলে এই খাদ্য অমৃত সমান হয়। লগতে আমাৰ ভড়ালত থকা খাদ্যৰ অপচয় নহয় আৰু ঘৰখনত খাদ্যৰ অভাৱ অনুভৱ নহয়। যদি আমি খং মনে বা ঘৰখনৰ আন সদস্যসকলৰ লগত কাজিয়া কৰি বা আনক সমালোচনা কৰি খাদ্য ৰান্ধো এই খাদ্য বিষৰ তুল্য হয়।
আমাৰ ঘৰৰ বা বাস্তু ভূমিৰ এটি উল্লেখযোগ্য স্থান হৈছে অগ্নি কোণ, এই কোণৰ অধিপতি হৈছে শুক্ৰ, লগতে এই স্থানক অগ্নিৰ স্থান বুলি কোৱা হয়। এই দিশত বাস্তুশাস্ত্র মতে অগ্নি সম্বন্ধীয় কর্ম যেনে ৰন্ধা-বঢ়া বা ৰান্ধনিঘৰ, হিটাৰ, গ্রিজাৰ, ইনভাৰ্টাৰ ইত্যাদি ৰাখিব লাগে । বিশেষকৈ বাস্তুভূমি বা ঘৰখনৰ অগ্নি কোণটো হৈছে ৰান্ধনিঘৰৰ বাবে অতি উপযুক্ত স্থান। যদি আমাৰ অগ্নি কোণত ৰান্ধনিঘৰ বনোৱাত অসুবিধা হয় তেতিয়া হ’লে ইয়াৰ বিকল্প হিচাপে অগ্নি কোণৰ ঠিক বিপৰীত দিশত বাস্তু ভূমিৰ বা ঘৰখনৰ বায়ু কোণত (উত্তৰ-পশ্চিম দিশত ) ৰান্ধনিঘৰ বনাব পাৰে, কিন্তু এই দিশত ৰান্ধনিঘৰ নিৰ্মাণ কৰিলে ঘৰখনৰ ব্যয় বৃদ্ধি হয়। এই বিষয়ে ডাকৰ বচনত বা বিহু-হুঁচৰি গীতত পোৱা যায়— ‘বোলে উত্তৰে চৰু দক্ষিণে গৰু’। উত্তৰে চৰু হ’লেও উত্তৰ-পশ্চিম দিশটোহে ৰান্ধনিঘৰ বনাবৰ বাবে বিকল্প স্থান।
- ৰান্ধনিঘৰ বাস্তুশাস্ত্ৰ মতে ঘৰখনৰ সদায় অগ্নি কোণত বনাব লাগে।
- ৰন্ধা কাৰ্য কৰোঁতে ৰান্ধনিজনে সদায় পূব দিশলৈ মুখ কৰি ৰন্ধা কাৰ্য কৰিব লাগে।
- বাস্তুশাস্ত্ৰৰ মতে ৰান্ধনিঘৰত খোৱা পানী বা বেচিন ঈশান কোণত (উত্তৰ-পূব দিশত) ৰাখিব লাগে। কিন্তু বাচন-বৰ্তন ধোৱাৰ ব্যৱস্থা নৈঋত কোণত (দক্ষিণ-পশ্চিম) দিশত কৰিব পাৰি ৷
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰৰ ৰন্ধা আৰু খোৱা বাচন-বৰ্তনবোৰ দক্ষিণ দিশত বা দক্ষিণ- পশ্চিম দিশত ৰাখিব পাৰে ।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰৰ খোৱা বস্তুবোৰ যেনে- চাউল, দাইল, শাক-পাচলিবোৰ নৈঋত কোণ (দক্ষিণ-পশ্চিম) বা পশ্চিম দিশত ৰাখিব লাগে ।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰত আলমিৰা সদায় নৈঋত (দক্ষিণ-পশ্চিম) কোণত ৰাখিব লাগে।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰত ফ্ৰীজটো বায়ু কোণত (উত্তৰ-পশ্চিম) দিশত ৰাখিব লাগে।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰত আমি আহাৰ গ্ৰহণ কৰোঁতে বায়ু কোণ বা পশ্চিম দিশত কৰিব লাগে।
- বাস্তুশাস্ত্র মতে যদি আমি ভোজনৰ বাবে সুকীয়াকৈ কক্ষ নিৰ্মাণ কৰিব বিচাৰোঁ তেতিয়াহ’লে এই সুকীয়া ভোজন কক্ষ পূব দিশত বা পশ্চিম দিশত কৰিব পাৰি ।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰত মিক্সাৰ মেচিন, ইলেকট্রনিক ৰন্ধা সঁজুলিসমূহ অগ্নি কোণত (পূব-দক্ষিণ দিশত) ৰাখিব লাগে ৷
আমাৰ ঘৰখনত বা বাস্ত ভূমিৰ ভুল দিশত ৰান্ধনিঘৰ নিৰ্মাণ কৰিলে ঘৰখনত অমংগল সৃষ্টি হয় ৷ লগতে ৰান্ধনিঘৰৰ ভিতৰভাগ বাস্তুশাস্ত্র মতে সজাগ-পৰাই ল’ব নোৱাৰিলেও ৰান্ধনিঘৰৰ বাস্তুৰ দোষ সৃষ্টি হয় ।
- বাস্তু ভূমিৰ ব্ৰহ্ম স্থানত (মধ্যভাগত) ৰান্ধনিঘৰ নিৰ্মাণ কৰিব নালাগে ।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰৰ ভিতৰত কেতিয়াও মন্দিৰ বা পূজা ঘৰ কৰিব নালাগে।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰৰ ওচৰত মুখামুখিকৈ শৌচাগাৰ নিৰ্মাণ কৰিব নালাগে, এনে কৰিলে ঘৰখনৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহে।
- বাস্তুশাস্ত্র মতে কোনো কাৰণতে ৰান্ধনিঘৰ ঈশান কোণত (উত্তৰ-পূব) দিশত নিৰ্মাণ কৰিব নালাগে, এই স্থানত ৰান্ধনিঘৰ নিৰ্মাণ কৰিলে ঘৰখনলৈ অমংগল নামি আহে। লগতে ঘৰখনৰ অপব্যয় হয়। ধন-সম্পত্তি হানি হয়। লগতে ঘৰখনত বাস কৰা পৰিয়ালৰ মানসিক অশান্তি বৃদ্ধি পায়।
- বাস্তুশাস্ত্র মতে বাস্তুভূমি বা ঘৰখনৰ পূব দিশৰ ৰান্ধনিঘৰত যদি ৰন্ধা কাৰ্য পূব দিশৰ সোঁমাজত কৰা হয় তেতিয়াহ’লে ঘৰৰ গৃহিণীজনী ৰুগীয়া হয় লগতে মানসিক চিন্তা বৃদ্ধি পায় । সেইবাবে পূব দিশৰ ৰান্ধনি ঘৰৰ ৰন্ধা কাৰ্য অগ্নি কোণত (পূব-দক্ষিণ) কৰিব লাগে আৰু ৰান্ধনিজন পূব দিশলৈ মুখ কৰি ৰন্ধা কাৰ্য কৰিব ।
- বাস্তুশাস্ত্র মতে পশ্চিম দিশত ৰান্ধনিঘৰ নিৰ্মাণ কৰিলে ঘৰখনৰ পৰিয়ালৰ মাজত গৃহকন্দলৰ সৃষ্টি হয়।
- বাস্তুশাস্ত্র মতে উত্তৰ দিশৰ মধ্যভাগত যদি ৰান্ধনিঘৰ নিৰ্মাণ কৰা হয় তেতিয়াহ’লে ঘৰখন ঋণগ্রস্ত হয়, পৰিয়ালৰ সদস্যসকলৰ মনত মাটি-সম্পত্তি বিক্ৰী কৰাৰ মানসিকতা বৃদ্ধি পায় বা মাটি-সম্পত্তি বিক্ৰী হয় ।
- বাস্তুশাস্ত্ৰ মতে যদি ৰান্ধনিঘৰৰ নৈঋত কোণ (দক্ষিণ-পশ্চিম) দিশত নিৰ্মাণ কৰা হয়, তেতিয়াহ’লে ঘৰখনৰ পৰিয়ালৰ মাজত হতাশাৰ সৃষ্টি হয় ৷
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰৰ ঈশান কোণত (উত্তৰ-পূব) গধুৰ বস্তু ৰাখিব নালাগে ।
- বাস্তুশাস্ত্ৰ মতে ৰান্ধনিঘৰৰ শ্লেপত ক’লা গ্রেনাইট বা টাইলছ ব্যৱহাৰ কৰিব নালাগে। এইদৰে বাস্তুশাস্ত্ৰ মতে আপোনাৰ ঘৰৰ ৰান্ধনিঘৰখন সজাই-পৰাই ল’লে ৰান্ধনিঘৰৰ বাস্তুৰ দোষ নাইকিয়া হয়। লগতে ঘৰখনত বাস কৰা পৰিয়ালৰ মনত সুখ-শান্তি বিৰাজ কৰে৷
Comments are closed, but trackbacks and pingbacks are open.