চুমালী গোস্বামী
“Love is more than a noun –
It is a verb, it is more than a feeling-
it is caring, sharing, helping, sacrificing.”-
(William Arthur Ward)
ক্লিঅ’পেট্ৰাৰ নাকটো যদি অলপ ভোটা হ’লহেঁতেন, সলনি হ’লহেঁতেন গ্ৰীচৰ ইতিহাস… এয়াই শক্তি প্ৰেমৰ… সৰ্বকালৰ…. সোণালী ইতিহাসৰ উত্থান-পতনৰ.. ভাৰতৰ বুৰঞ্জীও প্ৰেমৰ সৌধৰে মহীয়ান… পৃথিৱীৰ অন্যতম স্মৃতিসৌধ তাজমহলৰ সৃষ্টিৰ আঁৰত আছিল প্রেমিক শ্বাহজাহানৰ নিজৰ পত্নীৰ প্ৰতি থকা প্ৰেমৰ দুৰ্দান্ত নিদৰ্শন। ৰোমিঅ’- জুলিয়েটৰ পৰা হীৰ ৰাঞ্জালৈ অসীমৰ সীমনাত পৱিত্ৰ প্রেমে এতিয়াও ইতিহাসৰ পাতৰ পৰা বৰ্তমানৰ বুৰঞ্জীৰ পাতত আঁকিয়াই প্ৰেমৰেই ৰঙীন এপিটাফ ।
প্ৰেম হৈছে মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। প্ৰেম হৈছে আমাৰ ধনাত্মক আৱেগসমূহৰ অন্যতম। এই প্রেম বিভিন্ন ধৰণৰ হ’ব পাৰে— জীৱ-জন্তুৰ প্ৰতি, মানুহৰ প্ৰতি, নিজৰ প্ৰতি তথা অন্যান্য বস্তুসমূহৰ প্ৰতি, ই হ’ল এটা পৱিত্ৰ শক্তি। মানৱ জীৱনৰ লক্ষ্যসমূহ পূৰ্ণ কৰাত এই প্রেমে ঔষধৰ দৰে কাম কৰে। প্ৰেমবিহীন জীৱন উদাস, নিথৰ মৰুভূমিসদৃশ। আনক ভাল পাব পৰাটো ঈশ্বৰৰ আৰাধনাৰ নিচিনা। জন্মৰ কালৰ পৰাই মানুহ প্রেমপিপাসু। স্বর্গীয় প্ৰেমেৰে বান্ধ খোৱা শিশু আৰু মাতৃৰ সম্পৰ্ক পৃথিৱীৰ সকলো সম্পৰ্কতকৈ ওপৰত ৷ শিশুৰ প্ৰতি থকা মাতৃৰ মৰম সকলোতকৈ অকৃত্রিম তথা পৱিত্ৰ ৷
প্ৰেমৰ গুৰুত্বঃ প্রেমে আমাক এইটো অনুভৱ কৰায় যে আমি এই পৃথিৱীত অকলশৰীয়া নহয়। প্রেম অবিহনে আমাৰ জীৱন একাকিত্ব বা অকলশৰীয়া। বহল অৰ্থত ক’বলৈ গ’লে সমস্ত পৃথিৱীখনৰ মূল চালিকাশক্তি হ’ল এই প্রেম। সূক্ষ্ম দৃষ্টিৰে চাবলৈ হ’লে আমি শিশু হিচাপে এই পৃথিৱীত টিকি থাকিব পাৰোঁ। কাৰণ পিতৃ-মাতৃয়ে আমাৰ যত্ন লয় বা প্ৰেম কৰে। যেতিয়া আমি কোনো এজন ব্যক্তিক ভাল পাওঁ, আমি সেই ব্যক্তিজনক গুণ-দোষেৰে আঁকোৱালি লওঁ। তেওঁলোকৰ সৰু-ডাঙৰ সকলো ভুলকে ক্ষমাৰ চকুৰে চাওঁ, তেওঁলোকৰ কথাবোৰ মন দি শুনো। মুঠতে প্ৰেমৰ অনুভৱে আমাক জীয়াই ৰাখে। আমি আমাৰ জীৱনটো উপভোগ কৰোঁ । আমি সকলো সময়তে কৰ্ম তথা জীৱনৰ প্ৰতি অনুপ্ৰাণিত যেন অনুভৱ কৰোঁ। ফলত আমি জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হওঁ, তথা সর্বশ্রেষ্ঠ ফলাফল পাওঁ। ই জীৱনৰ প্ৰতি সাকাৰাত্মক দৃষ্টিভংগী ৰখাত সহায় কৰে। তদুপৰি প্ৰেমে আমাক অতীতৰ দুখ- যন্ত্ৰণা পাহৰি বৰ্তমানত জীয়াই থকাৰ প্ৰেৰণা প্ৰদান কৰে। প্ৰেমে আমাৰ দেহ-মনত ধনাত্মক হৰমনৰ সৃষ্টি কৰাৰ লগতে এইখন পাৰ্থিৱ পৃথিৱীত আমি জীৱনত যি লাভ কৰিছো, সেইখিনিৰ প্ৰতি কৃতজ্ঞ হ’বলৈ প্ৰেৰণা দিয়ে।
সমাজ আৰু প্ৰেমঃ যেতিয়া এখম সমাজত ঐক্যবদ্ধতা আৰু প্ৰেম থাকে সেইখন সমাজেই সুন্দৰ আৰু সুস্থিৰভাৱে পৰিচালিত হয়। যিখন সমাজত ইজনে সিজনক ভাল নাপাই তথা এজনে আনজনৰ উন্নতিটো সহ্য নকৰে তেনে সমাজ নিজেই আগুৱাই নাযায়। গতিকে এখন সমাজ বা ৰাষ্ট্ৰই উন্নতি কৰিবলৈ হ’লে ইজনে সিজনৰ প্ৰতি মৰম তথা সন্মান থকাটো বাঞ্ছনীয়। বিভিন্ন জাতি, লিংগ, সম্প্রদায়, ধর্ম, ভৌগোলিক পৰিৱেশৰ লোকক একমাত্র প্রেমেহে একতাৰ ডোলেৰে বান্ধিব পাৰে। আমাৰ সকলো আৱেগৰ ভিতৰত সেয়েহে প্ৰেমক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়।
প্ৰেমৰ উপাদানঃ প্ৰেমৰ উপাদান তিনিটা। প্ৰথমটো হৈছে ইজনে সিজনক বুজি পোৱাটো। যেতিয়া সম্বন্ধত সকলো অনুকূল নহয়, তেনে সম্বন্ধ টিকি থাকিবলৈ প্ৰয়োজন হয় ত্যাগৰ। দ্বিতীয় উপাদানটো হ’ল বিশ্বাস। ই প্ৰেমৰ এটা অন্যতম শক্তিশালী উপাদান। তৃতীয় উপাদনটো হ’ল সহযোগিতা। তেওঁলোকৰ জীৱনৰ লক্ষ্যসমূহ প্রাপ্তিৰ কাৰণে তেওঁলোকৰ জীৱনত প্ৰেম থকাটো বাঞ্ছনীয়।
মানুহ সমাজপ্রিয় প্রাণী। এটা নির্জন দ্বীপত ৰবীন হুডেও চিঞৰি চিঞৰি কৈছিল— প্রেম আৰু বন্ধুত্ব তথা সমাজেই হ’ল মানৱ জীৱনৰ শ্রেষ্ঠতম উপহাৰ।
সময় সলনি হ’ল। কালক্ৰমত সলনি হ’ল প্ৰেমৰ সংজ্ঞাও। পৱিত্ৰ প্ৰেমৰ সলনি ইণ্টাৰনেট, টুইটাৰ, ইনষ্টাগ্রাম, ফেচবুকৰ দিনত প্রেমে নতুন ৰূপ ল’লে। প্ৰেম পাৰ্ক-ৰেষ্টুৰেণ্টৰ এটা পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত হ’ল। প্ৰেমত বিশ্বাসৰ অভাৱ ঘটিল। ঠগ, প্ৰৱঞ্চনা ইত্যাদিয়ে ঠাই লাভ কৰিলে। আজিকালি ল’ৰা-ছোৱালীয়ে সম্বন্ধত বান্ধ খায় যদিও এই সম্বন্ধৰ দায়িত্বসমূহ পালন কৰিবলৈ মানসিকভাৱে প্ৰস্তুত নহয়। ‘বিবাহ’ৰ দৰে এটা সামাজিক অনুষ্ঠানত বান্ধ খাবলৈ দায়বদ্ধ নহয়। ফলত কাঠফুলাৰ দৰে আমাৰ সমাজত বিবাহ-বিচ্ছেদ বাঢ়িছে তথা সম্বন্ধসমূহৰ দীর্ঘস্থায়িতাৰ ওপৰতো প্ৰশ্নবোধক চিহ্ন আহি পৰিছে। এইক্ষেত্ৰত অভিভাৱক অলপ সচেতন হোৱাৰ প্ৰয়োজন। প্ৰকৃততে প্ৰেম হৈছে আমাৰ সুপ্ত মনৰ সুকোমল ভাবৰ বহিঃপ্রকাশ। প্ৰেমক তেনেদৰেই পৱিত্ৰ আৰু সূক্ষ্ম অনুভূতিৰে জুখিব পৰাটোৱে আমাৰ জীৱনৰ মূল সার্থকতা। ফেব্ৰুৱাৰী মাহ প্ৰেমৰ মাহ। এই মাহৰ ১৪ তাৰিখ দিনটোক বিশ্বজুৰি ভেলেণ্টাইন ডে’ হিচাপে উদ্যাপন কৰা হয়। ৰোমান সাম্ৰাজ্যৰ এগৰাকী খ্ৰীষ্টিয়ান শ্বহীদৰ স্মৃতিত এই দিনটো ‘প্ৰেমৰ দিন’হিচাপে উদ্যাপন কৰা হয়। এই দিনটোত প্রেমিক- প্রেমিকাসকলে ইজনে সিজনক, পৰিয়ালৰ ব্যক্তিসকলে তথা বন্ধুবর্গই উপহাৰ, ফুল, কার্ড আদি ইজনে সিজনক প্ৰদান কৰে তথা নিজৰ প্ৰেম, যত্ন আৰু মৰম প্ৰকাশ কৰে। অতীতকালৰ পৰা বৰ্তমানলৈকে এই ভেলেণ্টাইন ডে’ই আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। কিন্তু এই দিনটো উদযাপনৰ নামত ‘নৈশ পাৰ্টী’, ‘সুৰাৰ আড্ডা’ ইত্যাদি অপসংস্কৃতিক কেতিয়াও স্বীকাৰ কৰিব নোৱাৰি।
কেৱল ৰোমাণ্টিক সম্বন্ধতে প্রেম নিহিত হৈ নাথাকে। ই পৰিয়াল তথা বন্ধুবৰ্গৰ প্ৰতি থকা প্রেমকো বহল অর্থত সামৰি লয়। শিশুৰ মাতৃৰ প্ৰতি থকা প্ৰেম তথা মাতৃৰ শিশুৰ প্ৰতি থকা প্ৰেম স্বৰ্গীয় তথা পৱিত্ৰ আৰু স্বাৰ্থবিহীন।
“Love does not begin and End the way we seem
to think it does. Love is a battle love is a war.
Love is a growing up.” James Baldwin
এয়াতো প্রেমেই আছিল, সৃষ্টিৰ আদি- অনাদি সকলোখিনি নিৰূপণ কৰিছিল, যাৰ সূক্ষ্ম অনুভূতিত গদগদ হৈ কবি-সাহিত্যিকসকলে ৰচনা কৰিছিল অমূল্য সাহিত্য সম্ভাৰ। আহকচোন বৰ্তমান সমাজৰ অযথা অসূয়া-অপ্রীতি, হিংসাক দূৰ কৰি সকলোৰে অন্তৰত বহ্নিমান কৰোঁ প্ৰেমৰ নব্য ফল্গুধাৰা। সমস্বৰে কৈ উঠো… প্ৰেমত ঘূৰিছে ভূমণ্ডল… প্ৰেমত ঘূৰিছে ভূমণ্ডল..।
Comments are closed, but trackbacks and pingbacks are open.