১.মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সৰু সৰু কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি (উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দৈহিক কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি (ক,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, কৰ্মৰ প্ৰতি আগ্ৰহী হ’ব লগতে আজি আপোনাৰ মনটো সামাজিক হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি (ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ধন- সম্পত্তি সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হ’ব।
৬.কন্যা ৰাশি (প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে চিকিৎসাৰ ক্ষেত্ৰত সামান্য খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে,আত্মীয় পৰিয়ালৰ পৰা সামান্য ক্ষতিৰ সন্মূখীন হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সজাগ নহ’লে সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলিৰ সৃষ্টি হ’ব পাৰে, আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনৰ নিন্দনীয় হ’ব পাৰে যদিও আজি আপুনি উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি (খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি (গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি (দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.