১১ ফাগুন, মঙ্গল বাৰ , ইং ২৪ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, ধৰ্মীয় স্থান দৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি বিবাহিত ব্যক্তি সকলৰ মনত সন্তানৰ প্ৰতি চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি সাধন হব, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, পুৰণি সমস্যাৰ সমাধান হ’ব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপোনাৰ কৰ্মত সামান্য মনযোগ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত নি: সংগ অনুভৱ হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত সঞ্চিত ধন সম্পত্তি ক্ষতি হব পাৰে, লগতে আজি আপোনাৰ যান বাহনৰ পৰা কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব বা ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ ৰাজনৈতিক ভাৱে আগুৱাই যাবলৈ সক্ষম হব যদিও আজি আন আন ব্যক্তি সকলৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক চিন্তা মনলৈ আহিব পাৰে।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.