সংগীত, চিত্ৰকলা আৰু শিল্পৰ এক ত্রিবেণী সংগম। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। এই মাজুলী ‘মনগীত’ৰ দৰে আধুনিক সাংস্কৃতিক চিন্তাৰো এক কেন্দ্ৰবিন্দু হৈ পৰিছে।
মনগীতৰ এই যাত্ৰা আৰম্ভ হৈছিল এগৰাকী যুৱ শিল্পী ৰাউল কৌশিক নাথৰ বিয়োগৰ পাছত। এজন উদীয়মান শিল্পীক অকালতে হেৰুওৱাৰ যি বেদনা, সেই বেদনাক শক্তিলৈ ৰূপান্তৰ কৰি পিতৃ কৌশিক নাথ আৰু অভিনেতা আদিল হুছেইনে জন্ম দিছিল ‘মনগীত’ৰ। কৌশিক নাথ, আদিল হুছেইনৰ এক সপোন আছিল এই ‘মনগীত’। তেওঁলোকৰ মতে, পৃথিৱীক এতিয়া গুণী আৰু সৃষ্টিশীল ব্যক্তিৰ প্ৰয়োজন । সেইবাবেই এজন শিল্পীৰ স্মৃতি জীয়াই ৰাখিবলৈ তেওঁলোকে নতুন প্ৰজন্মৰ বাবে এক মঞ্চ গঢ়াৰ সংকল্প ল’লে।
২০২০ চনৰ পৰা ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত মাজুলীত গুৰু শিষ্যৰ পৰম্পৰা উদযাপন হৈ আহিছে। পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণত নতুন প্ৰজন্মৰ প্ৰতিভাৰ বিকাশ ঘটে এই অনুষ্ঠানত। ইয়াত কেৱল গান গোৱাই নহয়, অভিজ্ঞ গুৰুৰ তত্ত্বাৱধানত নতুন শিল্পীক প্রশিক্ষণ দি যুৱ শিল্পীসকলক অনুপ্রাণিত কৰা হয়। পূৰ্বৰ দৰে এইবাৰো মাজুলীত অনুষ্ঠিত হয় মনগীত। প্ৰতিবছৰে ডেকা শিল্পীসকলক তেওঁলোকৰ মৌলিক সৃষ্টিৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হয়। বৈষ্ণৱ ধৰ্মৰ মূল কেন্দ্ৰস্থল মাজুলীত গুৰু-শিষ্য পৰম্পৰাৰ আধাৰত এটি আৱাসিক কাৰ্যসূচী আয়োজন কৰা হয়। কেইবাদিনো ধৰি চলা এই আৱাসত ফাউণ্ডেচনটোৱে কেৱল সংগীতশিল্পী, কণ্ঠশিল্পী আৰু গীতিকাৰৰ লগতে চিত্রশিল্পী, ভাস্কর্যশিল্পী আৰু অ-সংগীতজ্ঞসকলৰ সৈতেও বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য যে মনগীত অনুষ্ঠানৰ লগত সংগতি ৰাখি মনমৃতিক্কা, মনতুলিকা আৰু মনকবিতা শীর্ষক অনুষ্ঠানৰো আয়োজন কৰি আহিছে এই ফাউণ্ডেচনে। তদুপৰি থলুৱা খাদ্যক জনপ্ৰিয় কৰাৰ এক পদক্ষেপ ‘আহাৰৰ আখল’-এ এই আৱাসিক কাৰ্যসূচীত বিশেষ স্থান লাভ কৰিছে, যাৰ নেতৃত্ব দিছে বিশিষ্ট চেফ অতুল লহকৰে।
মাজুলীৰ এই শিল্প আৱাসত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেতা আদিল হুছেইন, ৰূপম ভূঞা, অনিন্দিতা পাল, ধ্ৰুৱজ্যোতি ফুকন, শাশ্বতী ফুকন, অৰূপজ্যোতি বৰুৱা, তৰুণ কলিতা, মনীষা মজুমদাৰ, কল্যাণ বৰুৱা, জয় বৰুৱা, শংকুৰাজ কোঁৱৰ ইত্যাদিৰ লগতে আন কেইবাগৰাকীও শিল্পীয়ে। উল্লেখ্য যে মনতুলিকা অনুষ্ঠানৰ আগভাগ লয় বিশিষ্ট চিত্রশিল্পী ননী বৰপূজাৰীয়ে।
আনহাতে এই অনুষ্ঠানটোৰ শোভাবর্ধন কৰে লিথুনিয়ান শিল্পী Gerda Liudvinaviciute-এ। সোণাপুৰস্থিত ডেকাচাঙত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা এটি বিয়লিৰ অনুষ্ঠানেৰে এই মনগীত অনুষ্ঠানটোৰ সামৰণি মাৰে ৷ আনহাতে এই মনগীত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কবিতা অনুৰাগীসকলৰ বাবে মনকবিতা শীৰ্ষক এক অনুষ্ঠানৰো আয়োজন কৰা হয় ।
মনকবিতা হ’ল ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ মনগীত আৰ্ট ৰেচিডেন্সী কাৰ্যসূচীৰ এক অংশ। ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ এক বিশেষ পদক্ষেপ হিচাপে ২০২১ চনৰ পৰা প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহত মনকবিতা অনুষ্ঠিত হৈ আহিছে।
এইবাৰ মনকবিতাৰ ষষ্ঠ সংস্কৰণ শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’য়। এই বৰ্ষৰ মনকবিতাই নৱকান্ত বৰুৱা আৰু ড° ভূপেন হাজৰিকাৰ তেওঁলোকৰ বিশাল সাংস্কৃতিক অৱদানৰ উদযাপন কৰাৰ উপৰি এইবাৰৰ অনুষ্ঠানে এক বিশেষ তাৎপর্য বহন কৰিছে- সেয়া হ’ল এই দুয়োগৰাকী মহান শিল্পীৰ জন্ম শতবার্ষিকী উদযাপন।
বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনৰ অসমীয়া বিভাগ আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত এই বৰ্ষৰ মনকবিতা আয়োজন কৰা হৈছে। অসমীয়া আধুনিক সাহিত্যৰ এজন বিশিষ্ট স্তম্ভ, কবি, ঔপন্যাসিক তথা শিশু সাহিত্যিক নৱকান্ত বৰুৱা- যাক আমি সকলোৱে মৰমতে ‘এখুদ ককাইদেউ’ বুলি জানো। তেওঁৰ সাহিত্যিক কৃতিসমূহৰ ভিতৰত কবিতা, উপন্যাস, প্রবন্ধ আৰু অনুবাদ সাহিত্য অন্যতম। তেওঁ অসমৰ এগৰাকী অন্যতম সন্মানীয় ৰবীন্দ্ৰ-বিশেষজ্ঞ আছিল। ১৯৪৩ চনত নৱকান্ত বৰুৱাই শান্তিনিকেতনৰ বিশ্বভাৰতীতে নিজৰ শৈক্ষিক যাত্ৰা আৰম্ভ কৰিছিল আৰু ১৯৪৭ চনত ইংৰাজী বিভাগত স্নাতক (সন্মানীয়) ডিগ্ৰী লাভ কৰিছিল। বিশ্বভাৰতীৰ এই কালছোৱাই তেওঁৰ বৌদ্ধিক দিগন্ত প্ৰসাৰিত কৰাৰ লগতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আগবঢ়োৱা সাংস্কৃতিক চেতনা আৰু সাহিত্যিক পৰম্পৰাৰ সৈতে তেওঁক একাত্ম কৰি তুলিছিল। এই পৰিৱেশেই পৰৱৰ্তী সময়ত এজন কবি আৰু মানৱতাবাদী হিচাপে তেওঁৰ দৃষ্টিভংগী গঢ়ি তুলিছিল। বিশ্বভাৰতীতে তেওঁ বিভিন্ন সাহিত্য দৰ্শনৰ মুখামুখি হৈছিল ।
ড° ভূপেন হাজৰিকাৰ শৈল্পিক যাত্ৰাই পশ্চিমবংগ আৰু ইয়াৰ সাংস্কৃতিক পৰিৱেশৰ সৈতে এক গুৰুত্বপূৰ্ণ আৰু স্থায়ী সম্পৰ্ক গঢ়ি তুলিছিল। ১৯৫০ চনৰ পৰাই কলকাতা তেওঁৰ বাবে এক গুৰুত্বপূৰ্ণ শৈল্পিক কেন্দ্ৰ হৈ পৰিছিল, তেওঁ তাত বহু বছৰ ধৰি বসবাস তথা কাম কৰিছিল আৰু বঙালী শিল্পীসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি অঞ্চলটোৰ সজীৱ সংগীত জগতখনক সমৃদ্ধ কৰিছিল। বংগৰ সৈতে তেওঁৰ এই সংযোগ কেৱল ভৌগোলিক নাছিল, ই আছিল এক সাংস্কৃতিক দৃষ্টিভংগীৰ মিলন যিয়ে তেওঁৰ শৈল্পিক প্রকাশক সমৃদ্ধ কৰিছিল আৰু তেওঁৰ বিশ্বজনীন একতাৰ বাৰ্তাক অসমৰ বাহিৰলৈও বিয়পাই দিয়াত সহায় কৰিছিল।
এই বৰ্ষৰ মনকবিতাৰ দুটা শিতান ক্রমে এটা শৈক্ষিক অনুষ্ঠান আৰু এটা সাংস্কৃতিক অনুষ্ঠান। শৈক্ষিক অধিৱেশনখন বিশ্বভাৰতীৰ ভাষা ভৱনত অনুষ্ঠিত হ’য়, য’ত উপস্থিত থাকে বিশ্বভাৰতীৰ শংকৰদেৱ আসনৰ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামী, বিশ্বভাৰতীৰ বঙালী বিভাগৰ অধ্যাপক মৃণালকান্তি মণ্ডল আৰু অধ্যাপিকা শ্ৰীলা বসুৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক বিভাস চৌধুৰী আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অৰিন্দম বৰকটকী। আনহাতে, বিশ্বভাৰতীৰ লিপিকা প্রেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কবিতা আবৃত্তি, গীত আৰু নৃত্যৰ বিভিন্ন কাৰ্যসূচী ৰূপায়িত হয় ।
এই অনুষ্ঠানত মনীষা হাজৰিকা, তপন দাস, কল্যাণ বৰুৱা, শুভপ্রসাদ নন্দী মজুমদাৰ, জয় বৰুৱা, ৰূপম ভূঞা, অৰূপজ্যোতি বৰুৱা, অনিতা শর্মা, উপাসনা মহন্ত গগৈ, মনীষা মজুমদাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
পশ্চিমবংগৰ তিনিজন প্রখ্যাত কবি অংশুমান কৰ, মিতুল দত্ত আৰু কুন্তল চট্টোপাধ্যায়েও এই অনুষ্ঠানটোত শোভাবর্ধন কৰে। বিপুলজ্যোতি শইকীয়া আৰু নয়ন প্ৰসাদৰ পৰিচালনাত অনুষ্ঠিত এই মনকবিতাৰ সহযোগীসকল হৈছে ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ ট্ৰাষ্টী আদিল হুছেইন, উৎপল বৰপূজাৰী, কৌশিক নাথ, ৰিণিকি ভূঞা শৰ্মা, কৃষ্ণা বৰুৱা আৰু নন্দিল বিশ্ব শর্মা।
Comments are closed, but trackbacks and pingbacks are open.