দৈনিক ৰাশিফল ১ এপ্ৰিল ২০২৬

49

১৭ চ’ত, বুধবাৰ , ইং ১ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা কৰ্মত সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায় বাণিজ্যত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জটিলতা আহিব, লগতে আজি আপোনাৰ ভাতৃ ভগ্নীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত মৰম- চেনেহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ আগমন হ’ব ঘৰলৈ, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপোনাৰ আয় উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, মনৰ কল্পনা শক্তি বাঢ়িব, লগতে আজি আপোনাৰ ধন- সম্পত্তি হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব লগতে আজি আপোনাৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য):বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ সন্মান হানি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি আহিব হাতলৈ, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা দিশত সামান্য মনোমালিন্য সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ বন্ধুৰ লগত সামান্য মনোমালিন্য সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি আহিব হাতলৈ, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.