মেঘৰ সিপাৰে সৰগৰ দুৱাৰ…

31

মনোজ কুমাৰ ডেকা
জ্যেষ্ঠ চিত্র সাংবাদিক

কেতিয়াবা ভাবোঁ, মই নজনা কথা কিমান যে আছে! আনৰ কথা ক’ব নোৱাৰো, কিন্তু মই জানো- মই বহু কথাই নাজানো। ই বহুবাৰ প্রমাণিতও হৈছে। সেয়ে, বেছিভাগ সময়তে কিবা এটা জনাৰ, শুনাৰ বা শিকাৰ চেষ্টা কৰোঁ। পঢ়িব চেষ্টা কৰোঁ। তাতেই সময় যায় বহুত । অঁকৰাৰ দৰে এইবোৰত লাগি থাকোঁতে কেতিয়াবা এনে লাগে, পৃথিৱী বহু আগবাঢ়ি গ’ল। মই এঠাইতেই ৰৈ গ’লোঁ!

এদিন কিবা এটি কৰি থাকোঁতে হঠাৎ মনলৈ আহিল- মেঘৰো ঘৰ থাকে।

….ৱাহ। মজা লাগি গ’ল! মই মনতে আকৌ এবাৰ ক’লোঁ, মেঘৰো ঘৰ থাকে! হয় হয়…. হয়। মেঘৰো ঘৰ থাকে । কিন্তু ক’ত?

কিয়… নাজানে? মেঘালয়। মেঘৰ আলয়। মেঘম… আলয়ম…! মেঘৰ ঘৰ, মেঘালয়ত…!

কলকাতা বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ পণ্ডিত ব্যক্তি এছ পি চেটার্জীয়ে কম হেঁপাহেৰে দিছিলনে এই নামটো! মেঘালয়। মেঘৰ আলয়। মেঘৰ ঘৰ…!

মেঘ বুলিলে আপোনাৰ মনে আপোনাক কি কয় নাজানো! কিন্তু মোৰ অনুভৱত, মেঘে মোক লৈ যাব পাৰে কোনো গেৰুৱা নদীৰ পাৰলৈ। লৈ যাব পাৰে অকলশৰীয়া কোনো গাভৰু পাহাৰৰ ওচৰলৈ। সেউজীয়া আঁচল আঁতৰাই সম্ভাৱনাৰ বুকুখনি জুমি চাবলৈ।

মেঘে আপোনাকো নিব পাৰে দূৰৈৰ পথাৰত জিৰ জিৰকৈ সৰি পৰিবলৈ। সেউজীয়া পাতত চুমা দিবলৈ। নৈৰ বুকুত পৰি উচ্ছল ঢৌ তুলিবলৈ। ব্যস্ত জীৱনৰ মুখা আঁতৰাই নিজক এবাৰ চাবলৈ। বা, পৰীৰ পাখি গাত গুঁজি উৰিবলৈ মেঘে আপোনাকো লৈ যাব পাৰে। মেঘৰ সিমান শকতি আছে।—সেয়া মোৰ মনে কয়।

মেঘৰ মালিতা মনলৈ আহিলে অগণন উমাল চিন্তাই মন বা মগজু ভাই তোলে৷ মনটোৱে কুনকুনাই সোধে, মেঘালয়ত মাথোঁ মেঘেই থাকেনে? অযুত নিযুত পানীৰ টোপাল সাবটি বাৰু মেঘ থাকে তাত ৷ বুজিলোঁ । আৰু? আৰু কোনো নাথাকে ?

থাকে। মেঘালয়ত সৰগৰ পৰা সোণালী দলংখন পাৰ হৈ অহা মানুহবোৰ থাকে। মেঘালয়ত তেওঁলোকৰ হাঁহি থাকে ৷ মাত থাকে। সুৰ থাকে। সুহুৰি থাকে । থাকে কা-বুমৰ শব্দ——

দুম দুম দুম দুম
দুম দুম দুম দুম
দুম দুম দুম দুম
দুম দুম দুম দুম দুম দুম দুম দুম
দুম দুম দুম দুম দুম দুম দুম দুম

…আৰু থাকে হেঁপাহত কলিজাৰ পৰা
ছিটিকি অহা চিঞৰ —
হু হু হু হু হু হু হু হু হু হু হু হু……… কিও!

********

আমি সুৰ বুটলিব এৰিলো। অথচ, সেউজীয়া উত্তৰ-পূবৰ কেউফালে সুৰ উপচি আছে। এই সুৰবোৰ সতেজ। সেউজীয়া । জেতুকা পাতৰ দৰে। থেতেলিয়াই মনত ঘঁহিলে সি হৈ পৰে কলিজাৰ পৰা বৈ অহা এসোঁতা তেজৰ দৰে । ৰঙা । যি এদিন বৈ আহিছিল লিয়েং মাকাউৰ বুকুৰ পৰা। বৈ আহিছিল মাণিক ৰাইটাঙৰ স্বৰাতিৰ পৰা…! ভূপেন ককাইদেৱে সেই তেজৰঙা সুৰ বুটলিছিল কোনো খাচী ভাই বা ভনীৰ মনৰ পৰা। সেই সুৰ আজিও কেঁচা হৈয়েই আছে খাচী লোকসমাজৰ মনৰ নিভৃত কোণত । বুকুৰ মাজত। তেওঁলোকে আজিও কঢ়িয়াইছে লিয়েং মাকাউক। বা, মাণিক ৰাইটাঙক….!

লিয়েং মাকাও বা মাণিক ৰাইটাঙক আপুনি চিনি পায়নে ?

লিয়েং মাকাও আছিল দিপলিপ খাচী গাভৰু। যৌৱনে চেলেকি চিকমিকাই তোলা লিয়েঙে ভাল পাইছিল মাণিক ৰাইটাঙক। বাঁহী বলিয়া মাণিকক এৰি তেওঁৰ পিতৃয়ে কেতিয়াবাই সৰগৰ দুৱাৰত টোকৰ মাৰিছিল। জীৱনৰ জ্বলা জুইত পুৰি চটফটাই থকা মাণিকৰ স্বৰাতিৰে ওলাইছিল দুখৰ সাতৰঙী ৰামধেনু। লিয়েঙে তাত গা ধুইছিল। সপোন দেখিছিল মাণিকৰ সৈতে ঘৰ গঢ়াৰ।

এদিন তাই আকাশৰ তৰা গলি গলি শেষ নোহোৱালৈ মাণিক ৰাইটাঙৰ স্বৰাতিৰ সুৰত নাচিছিল। সেয়া আছিল উৎসৱৰ সময়। তৰাবোৰ শেঁতা পৰাৰ সময়তো লিয়েঙৰ মনৰ জুই নুমোৱা নাছিল । তাই মাথো নাচিছিল…! আৰু সেই নাচেই হৈ পৰিছিল মাণিক ৰাইটাং আৰু লিয়েং মাকাউ জীৱন জ্বলোৱা কেঁচা জুইকুৰা ।

ৰজাৰ চকুত পৰিছিল লিয়েং। ৰজাই প্ৰস্তাৱ পঠিয়ালে। বিয়া পাতিব লিয়েঙক। দুখীয়া লিয়েঙৰ পিতৃ-মাতৃৰ সাহস ক’ত ৰজাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ! তাতে, এয়া দেখোন তেওঁলোকৰ বাবে এক বিৰাট সন্মান।

বিয়া ঠিক হ’ল…!

কিন্তু লিয়েঙে কিয় স্বীকাৰ কৰিব আন এজনক। কিয় বহুৱাব মনৰ আঠ খলপীয়া আসনত আন কাৰোবাক! নাই। নহ’ব। তাই তাত ইতিমধ্যে বহুৱাই পূজিছে মাণিকক…! বলিয়া বতাহৰ দৰে লিয়েং বৈ গ’ল মাণিকৰ ওচৰলৈ । মাণিকে সকলো জানে। সি তাইক মনৰ পৰা বিদায় দিছে। কাৰণ সি দুখীয়া ৷

লিয়েঙৰ বিয়া হ’ল। কিন্তু তাই দেহ মন একো নিদিলে ৰজাক। নীৰৱ তাই। জঠৰ। যন্ত্ৰ।…অশেষ চেষ্টা কৰিও ৰজাই তাইক সৈমান কৰিব নোৱাৰিলে। শেষত ৰজাই তাইক কিছুদিনৰ বাবে তাইৰ গাঁৱলৈ, এৰি অহা ঘৰখনলৈ পঠিয়ালে ।… কিন্তু লিয়েং তেতিয়া লিয়েং হৈ থকা নাছিল। লিয়েং হৈ পৰিছিল তেতিয়া এটি জীৱন্ত মৃতদেহ। শূন্য তাই। তাইৰ জীৱনৰ মাণিক তাইৰ ওচৰত নাই ।

..প্রতিদিনেই লিয়েঙে কাণ পাতি শুনে মাণিক ৰাইটাঙৰ চিনাকি স্বৰাতিৰ সুৰ। চটফটাই থাকে তাই শোৱাপাটীত। পুৱা তৰাবোৰ শুই যায়। প্ৰতিটো দিনৰ শেষলৈ লিয়েঙে হেঁপাহেৰে বাট চায়। দিন শেষ হওক। এন্ধাৰে আনক মাণিকৰ স্বৰাতিৰ সুৰ । সেই সুৰে তাইক নিচুকায়। কন্দুৱায় ।

কিন্তু এদিন তাই মাণিকৰ স্বৰাতিৰ মাত বতাহত বিচাৰি নাপালে। সিদিনা লিয়েঙৰ শোকত ভাগি পৰিছিল আকাশ। এন্ধাৰ নিশা। ধুমুহা বতাহ। মেঘৰ মন কঁপোৱা গাজনি। …মাণিক স্বৰাতিৰ মাত নাই। লিয়েং অশান্ত হৈ পৰিল । আৰু শেষবাৰৰ বাবে তাই বৰষুণত তিতি তিতি দৌৰিলে মাণিকৰ পঁজালৈ। ধুমুহা, বতাহ বৰষুণ- একোলৈ তাই ভয় নকৰিলে ।

পঁজাৰ ভিতৰত মৌন মাণিক। লিয়েং মাণিকৰ জুপুৰিত। বাহিৰত বৰষুণ। বৰষুণত তিতিছে মাণিকৰ পঁজা। বুকুৰ ভিতৰত তিতিছে মন। বৰষুণে জ্বলোৱা নিশা লিয়েঙে শুলে মাণিকৰ সৈতে। হেঁপাহেৰে… !

এদিন লিয়েং উভতি গ’ল। লগত লৈ গল মাণিকৰ তেজ। আৰু এদিন সেই তেজ গোট মাৰিলে। ৰাজহাউলি কঁপি উঠিল। হাহাকাৰ লাগিল। কোন এই সন্তানৰ পিতৃ? ইয়াৰ বিচাৰ হ’ব।

মাণিক ৰাইটাঙে ৰজাৰ প্রাসাদলৈ খোজ দিলে। স্বীকাৰ কৰিলে, লিয়েঙৰ পেটত থকা সন্তানৰ দেউতাক সি। শাস্তি হিচাপে মাণিকে জুইত জাঁপ দিলে। কিন্তু লিয়েঙে মাণিকক অকলে যাবলৈ মুঠেই নিদিলে। লিয়েঙেও জুইত জঁপিয়াই আত্মজাহ দিলে। দুয়ো সৰগৰ দুৱাৰত একেলগে টোকৰ মাৰিলে…!

…১৯৬৪ চনত ভূপেন ককাইদেৱে বুটলিছিল খাচী লোক সমাজত প্ৰচলিত এই প্রাণস্পর্শী লোকগাথা। নিৰ্মাণ কৰিছিল ‘প্রতিধ্বনি’! তাত তেওঁ লিয়েঙ মাকাউক বিচাৰিছিল তালাত মেহমুডৰ সৈতে—

“লিয়েং মাকাও
কোন পাহাৰ শিখৰতে
বাট চাইছা…..
সুৰৰ পঁজা কিয় উদং ৰাখিম
অকলশৰে মই কিমান কান্দিম
তাক একমনে ভাবিছা-
চুলিটাৰি তাতে
দিয়েঙচি এপাটৰ ৰং সানিছা
সেই ৰং লাগি হাঁহা মোৰ স্বৰাতি বাঁহীৰ সুৰধ্বনি তুমি শুনিছা…..

অ’ আকাশ! মোৰ লগৰীক তুমি জানো দেখিছা

তেওঁৰ জেইনচেমখনি বিজুলীৰে বোৱা
ৰঙা ওঁঠযুৰি মৌৰে বুলোৱা
তুমি জানো মন কৰিছা…

ও নিয়ৰ, সুহুৰি মাৰিছা
খুবলেই স্বীবুন, স্বীবুন তোমাকে
মোৰ মানসীৰ দেহৰ ভাঁজত
কোমলতা তুমি সানিছা…!’

উত্তৰ-পূবৰ বাকী ৰাজ্যবোৰৰ দৰেই মেঘালয়ৰ মানুহৰ মনটো সুৰ উতলি থাকে। সেয়া শুনিবলৈ বা বুজিবলৈ আপুনি আগবাঢ়ি যাব লাগিব। কেতিয়াবা নিজৰাত পিছলি পৰিব লাগিব।…

মেঘালয়ৰ মানুহৰ মনত কেনেকৈ সুৰ বা সংগীত জীয়াই থাকে, তাকে বিশ্বক জনাবলৈ এবাৰ শ্বিলঙত এটি অনুষ্ঠানৰ আয়োজন কৰিছিল মেঘালয় পর্যটন বিভাগে। বিশ্বক জনাবলৈ, বিশ্বৰেকৰ্ড স্থাপন কৰিবলৈ হেজাৰ মানুহ জমা হৈছিল জৱাহৰলাল নেহৰু ষ্টেডিয়ামত । ডেকা-বুঢ়া সকলোৱে গীটাৰ বজাইছিল। বজাইছিল বিদ্রোহী বব ডিলানৰ “knock in the heavens door…” এহেজাৰ সাতশ ত্ৰিশগৰাকী মানুহৰ মনে সিদিনা আঙুলিৰ ফাঁকে ফাঁকে নিগৰাইছিল কোনো সৈনিকৰ শেষ কথাবোৰ…

‘…আই মোৰ তেজেধোৱা
বেজটো আঁতৰাই দে
মই আৰু ইয়াৰ ভাৰ সহিব নোৱাৰো
এন্ধাৰ নামিছে আই… বৰ ক’লা এন্ধাৰ
আই মই, সৰগৰ দুৱাৰত
টোকৰ মাৰিছোঁ….

মই সৰগৰ দুৱাৰত টোকৰ মাৰিছোঁ

আই, মোৰ বন্দুকটো আঁতৰাই থ
মই আৰু কাকো হত্যা কৰিব নোৱাৰোঁ
আই অ’… আকাশখন ক’লা হৈ
নামি আহিছে আই

আই মই সৰগৰ
দুৱাৰত টোকৰ মাৰিছোঁ!

**********

অনুভৱহীন পাতল মনটোৱে দৌৰি ফুৰা উদং মনৰ ক’ৰবাত এনে কথাবোৰে এক বিৰাট বিষৰ সৃষ্টি কৰে। ফাটমেলা পথৰুৱা মনত জোকাৰণি তোলে । কেতিয়াবা ভাবোঁ, যদি ইয়াত বিষ তেন্তে ক’ৰবাত অমৃত নিগৰি নোলাব জানো! অসম্ভৱ নে!

না… নহয়।

মোৰ নহ’লেও মোৰ বিশ্বাস আপোনাৰ মনত গজিব পাৰে সুৰ বা অনুভৱৰ ফুল। সেই আশাৰে দুই হেজাৰ সাত চনৰ ৰৌদ্রোজ্জ্বল দিন এটিত মই তুলিছিলো এই ফটোখন । য’ত অনেক লোকে সৰগৰ দুৱাৰত টোকৰ মাৰিছিল…!

ফটোখন এতিয়া আপোনাৰ ৷

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.